Tuesday, 14 August 2018

ভাৱনাৰ পাক লগা নিচা

১ - অবুজন মন

সকলো বুজিওচোন একো নুবুজে মনটোৱে৷ উদযাপন কৰিবলৈ গৈও বাৰে বাৰে যাপন কৰিবলগীয়া হয় জীৱনটো৷
সপোনবোৰ বাস্তৱত বিচৰাটো ভুল নহয় বুলি জানিও ভুল কৰোঁ প্ৰতি ক্ষণে৷
কামৰ মাজত মানসিক পৰিতৃপ্তি বিচাৰি হাবাথুৰি খাওঁ আমি৷

২ - নৈশ যাত্ৰা

নিৰ্জন ৰাতিৰ নীৰৱতা ভাঙি লক্ষ্যভিমুখী যাত্ৰা৷ একা বেকাঁ সৰ্পিল পথত পোহৰৰ বন্যা৷ আন্ধাৰৰ মায়াজালৰ মাজে মাজে মাদকতাময় সময়ৰ সৰৱ গতিময়তা৷ জীৱনসন্ধানী গতি, কৰ্মব্যস্ত গতি, আৱেগ-উৎকন্ঠাৰ নিৰৱচ্ছিন্ন গতি৷ ক'ৰবাত জানো স্থৱিৰ হয় সময়ৰ নিছিনা ফল্গুধাৰাৰ গতিময় বিচিত্ৰতাৰ৷

৩ - সমাজিক অস্থিৰতা

পংকিল সময়
ব্যক্তিস্বাৰ্থৰ জয়গান
গোপন বুজাবুজিৰ ৰমৰমীয়া পৰিৱেশ
স্বাৰ্থান্বেষী মহলৰ দপদপনি
সংস্কৃতিৰ নামত ব্যৱসায়
বিশ্বাসভংগৰ নতুন বেমাৰ
পলায়নবাদী মানসিকতাৰ চৰম প্ৰকাশ
ৰাজনীতি যেতিয়া হৈ উঠে সমাজৰ মূল চালিকা শক্তি
অস্থিৰ, বিবৰ্ণ আৰু ধূসৰ বাতাৱৰণে গ্ৰাস কৰে সমাজ তথা ব্যক্তি মানসিকতাক৷

Sunday, 12 August 2018

ভাৱনাৰ বেবেৰিবাং

যাত্ৰাই সামৰি লয় জীৱনক নে জীৱনৰ মাজতে যাত্ৰাৰ অগা-দেৱা.. হিচাবৰ বাহিৰৰ যাত্ৰাবোৰটো নিহিত হৈ থাকে জীৱনৰ মাদকতা.. সপোন এটাই আহি ভুমুকি মাৰেহি ভুটুংকৈ..

প্ৰয়োজনীয়তাৰ তাগিদাত কৰা যাত্ৰাবোৰৰ থাকে একোটা লক্ষ্য বা উদ্দেশ্য.. প্ৰতিটো যাত্ৰাৰ শেষত জানো লক্ষ্য বা উদ্দেশ্য পূৰণৰ নিশ্চিতি থাকে.. তথাপি অনিশ্চিত জীৱনক লৈ কৰা যাত্ৰাৰ শেষৰ মাদকতা থাকে লক্ষ্য স্থানত উপনীত হোৱাতেই..

প্ৰকৃতিৰ মাজলৈ কৰা মানুহৰ যাত্ৰাবোৰৰ সকলোতে জানো নিহিত হৈ নাথাকে কিবা নহয় কিবা এটা স্বাৰ্থ.. কাৰোবাৰ যদি থাকে বিলাস ভ্ৰমণৰ তাগিদা.. কাৰোবাৰ থাকে চহকী প্ৰকৃতিৰ বুকুৰ পৰা প্ৰয়োজনীয় কিবা এটা আহৰণৰ স্বাৰ্থ..

একেটা পথেৰে কৰা প্ৰতিটো যাত্ৰাই আমালৈ লৈ আনে কৌতূহল আৰু নতুনত্বৰ বিচিত্ৰ সম্ভাৰ.. প্ৰয়োজনীয়তাৰ তাগিদাত কৰা পুনঃপৌনিক যাত্ৰাবোৰৰ শেষত থাকে অভিজ্ঞতাৰ ন ন মেতমৰা সম্ভাৰ.. যাৰ সংস্পৰ্শত আমি নকৈ হৈ উঠো জীপাল..

জীৱনৰ সংস্পৰ্শত গাঢ় হৈ উঠা এনে একোটা যাত্ৰাই হয়তো সলনি কৰি দিব পাৰে আমাৰ পথ নিৰ্দেশনা.. প্ৰতিটো কৰ্মতে প্ৰয়োজনীয়তাৰ খাতিৰত চমু পথৰ সন্ধানৰত আমাৰ তথাকথিত আধুনিক মনবোৰক দিব পাৰে এনে একোটা গতানুগতিক যাত্ৰা অভিজ্ঞতাই জীৱনৰ নতুন অৰ্থ..

(১২ আগষ্ট ২০১৮/ গোলাঘাটৰ পৰা নগাঁও অভিমুখী যাত্ৰা পথত)

Thursday, 5 July 2018

হীৰুদাৰ কবিতা "জন্মদিন"



মোক ৰাতিটোৰ বাবে ওভোতাই দিয়া মোৰ ল'ৰালি,
আইৰ কোলাত আকৌ এবেলি শুম:
                       লাই হালে জাল  আবেলি বতাহে ...

মোৰ সোঁৱৰণী গুমৰি উঠে
           নিৰন্ন-সময়ৰ সুগন্ধ তেজৰ প্ৰৱাহে-প্ৰৱাহে৷

#হীৰুদাৰকবিতা #ৰচনাকাল ১৯৭২