Tuesday, 27 November 2018

মানসিক বিভ্ৰান্তি নে উত্তৰ আধুনিকতাৰ চৰম সত্যতা

মনে মিলা কাৰোবাৰ সৈতে পতা সংসাৰখনো আজিৰ সময়ত এক চুক্তিলৈ পৰ্যবসিত হৈছেনে কি... নে মইহে আধুনিক সময়ৰ সৈতে তাল মিলাব পৰা নাই... মোৰ মতে কথা-কামবোৰ নোহোৱাত মই দিক্ বিদিক্ হেৰুৱাই উন্মাদ হৈ পৰিছো নেকি বাৰু...

নিজে পতা সংসাৰখনত সদস্যৰ সংখ্যা বাঢ়িল যেন নামতহে... কতোৱেইচোন মোৰ বিশেষ প্ৰয়োজনীয়তা নাই... মোৰ মতে বা তোৰ-মোৰ বা আমাৰ মতে একোৱেই নহয়গৈচোন... সকলোতে বেলেগ কোনোবা এজনৰ মতেহে যেন সকলো হব...

মই মোৰ মাজতে থাকিও যেন তোৰ মাজত ব্যাপ্ত হবগৈ পৰা নাই... এনে লাগে মাজে মাজে যেন ইমানদিনৰ সম্পৰ্কবোৰে আমাক পৰস্পৰক চিনিবলৈ সুবিধাই নিদিলে... নে মইহে তোক চিনিব নোৱাৰিলো নে তইহে মোক তিনিবলৈ সক্ষম নহলি... এটা অত্যন্ত জটিল প্ৰশ্নৰ চাকনৈয়াত পৰি দিকভ্ৰান্ত হৈ পৰিছো... কেওদিশে যে মোৰ বাবে এতিয়া কেৱল সংশয় আৰু অনিশ্চয়তাৰ মেটমৰা বোজা...

বুজি বুজিও অবুজন মনৰ আব্দাৰত দিশহাৰা হৈ পৰোঁ মই... বুজন পৰিমাণৰ বিশ্বাস বুকুত বান্ধি আগুৱাইছো নতুন দিনৰ নতুন বতৰা লবলৈ বুলি...

Wednesday, 24 October 2018

বেবেৰিবাং চিন্তা

চুবুৰীয়া মাওৰ দেশ ৰঙা চীনৰ ভুল-ক্ৰটিৰ যিমানেই আমি আলোচনা নকৰোঁ কিয়!! তলৰ লিংকটোত দিয়া ধৰণৰ কাম-কাজৰ প্ৰতিও আমি সচেতনভাৱে চকু দিয়াটো নিশ্চয় প্ৰয়োজনীয়..
https://www.bbc.com/news/world-asia-china-45937924

১৯৮৫ চনৰ এখন বিশেষ চুক্তি অনুসৰি এখন কংক্ৰিটৰ ক্ষুদ্ৰ দলং ভাৰতবৰ্ষ নামৰ এই মুলুকৰ এখন ৰাজ্যৰ ৰাইজক উপহাৰ দিয়া হয়, তাকো এটা আন্দোলনৰ পৰিসমাপ্তিতহে.. সেয়াও ৰঙা ফিটাৰ মেৰপাকত পৰি আজি এজনে কাইলৈ এজনে কৰি গা এৰা দিয়া মনোভাৱেৰে পূৰ্ণৰূপত আৰম্ভ হবলৈ অপেক্ষা কৰিব লগা হয় ১৭টাকৈ বছৰ.. শেষ হয়গৈ মানে কিমান সময়ৰ প্ৰয়োজন হ'ব সেয়া সৰ্বসাধাৰণ জনতাৰো জ্ঞাত হৈ পৰে আৰম্ভণিতেই.. অৱশেষত সূদীৰ্ঘ অপেক্ষাৰ অন্তত এই বিশেষ দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হল ঠিকেই.. পিছে ১৬ বছৰৰ পিছতো কাম সমাপ্ত নহয়হে নহয়!! বৰ্তমানো দলংখনৰ অন্তিম পৰ্যায়ৰ নিৰ্মাণ কাৰ্য চলিয়েই আছে..

এয়াই বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ কৰ্ম-সংস্কৃতিৰ নমুনা!! বিশ্বৰ শক্তিশালী দেশসমূহৰ সৈতে ফেৰ মাৰিবলৈ কঁকালত টঙালি বন্ধা মোৰেই আপোন দেশখনে, এইদৰে ফোপোলা স্বৰূপ এটা লৈ আৰু কিমান দূৰ আগুৱাব সেয়া বৰ্তমান সময়ত এটা ডাঙৰ প্ৰশ্নবোধক..

কিন্তু ভাৰতবৰ্ষৰ উপৰোক্ত দলংখনতকৈ ১১ গুণ দীঘল দলং এখন মাত্ৰ ৯ বছৰৰ ব্যৱধানত নিৰ্মাণ শেষ কৰি ৰাইজৰ যাতায়তৰ বাবে মুকলি কৰি দিয়া হৈছে আমাৰে চুবুৰীয়া দেশ চীনত.. যিখন দেশত ৫ কিলোমিটাৰ দীঘল দলং এখন নিৰ্মাণত দুটাকৈ দশকৰ প্ৰয়োজন হয়, সেইখন দেশত আমি কি নতুনত্ব আশা কৰিব পাৰোঁ.. ভাৰতবৰ্ষৰ গণতন্ত্ৰ জানো আজি ৰাজতন্ত্ৰ-আমোলাতন্ত্ৰলৈ পৰ্যবসিত হোৱা নাই..

(# মাজে মধ্যে এনে ভাব হয়, ১৯৬২ চনত চীনা সৈন্যই বিজয় অভিযান সামৰি অৰুণাচলৰপৰা ঘূৰি যোৱাতকৈ দেশৰ প্ৰধানমন্ত্ৰীৰ অনাতাঁৰ বক্তব্যৰ আঁত ধৰি ইয়াতে নিগাজিকৈ থাকি যোৱা হলেও হয়তো আমাৰ যাতায়ত, যোগাযোগ আদি ব্যৱস্থাৰ আওপুৰণি  দিশবোৰত আমি ইমান পিছপৰি নাথাকিলো হয় আজিলৈকে)
(নগাঁও, ২৪ অক্টোবৰ ২০১৮)

Monday, 10 September 2018

নদী.. নাৱ.. ইত্যাদি

নদী আৰু নাৱৰ অবিচ্ছেদ্য সম্পৰ্কত উপঙি ৰয় বহু ইতিহাস...

সন্ধিয়াৰ ৰাঙলী বেলিয়ে নদীৰ বুকুত ডুব দিয়াৰ যো- যা চলোৱাৰ পৰতে যে ভাঁহি আহে জীৱন সংগ্ৰামৰ চিনাকী বিমূৰ্ত সুৰবোৰ নাৱৰীয়াৰ অন্তৰ ভেদি ...

প্ৰকৃতিৰ সমাহিত গতিত যেতিয়া আহি পৰে বাধা তেতিয়াই যেন প্ৰকৃতিয়ে ৰুদ্ৰ মূৰ্তি ধৰে...

সলনি হয় ইতিহাস - জীৱনৰ স্বাভাবিক গতিময়তাত আহি পৰে স্থবিৰতা ...

তথাপি আমি দেখো অযুত সপোন ...
অধীৰ অপেক্ষা আমাৰ অনাগত দিনৰ মধুময ক্ষণলৈ...

(১০ ছেপ্টেম্বৰ ২০১৪)