Monday, 4 November 2019

অপ্ৰাসংগিক

#ক+
'অসম' নামৰ ভূ-খণ্ডত বসবাস কৰা বৈচিত্ৰ্যপূৰ্ণ জনগাঁথনিৰ ভিতৰৰে ছটা বিশেষ ফৈদ (মৰাণ, মটক, চুতীয়া, টাই-আহোম, চাহ-জনজাতি আৰু কোঁছ ৰাজবংশী) ৰ লোকক এইবাৰ জনজাতিৰ মৰ্যাদা লাগে.. এই ভূ-খণ্ডৰ প্ৰাচীনতম অধিবাসী হিচাপে নিজৰ স্বকীয়তা ৰক্ষাৰ প্ৰাথমিক চৰ্ত হিচাপে এই দাবী.. ৰাজ্যৰ আকাশ-বতাহ মুখৰ কৰা এই প্ৰতিবাদৰ নেতৃত্ব দিয়াসকলে দেশৰ ৰাজধানীটো আন্দোলন কৰি আহিলগৈ.. আন্দোলনকাৰী আৰু চৰকাৰ তথা প্ৰশাসনৰ মাজত আলোচনা চলিল, চলি আছে আৰু হয়তো ভৱিষ্যতেও চলিব.. মাজে মাজে খবৰ কাগজতো খবৰবোৰ উলাই থাকে.. সাধাৰণ জনতাক এইবোৰে আকৌ উত্তেজিত কৰি তোলে.. পিছে সমাধান সূত্ৰহে সৰ্বদা অদৃশ্য..

#খ+
বিশেষভাৱে অসম নামৰ ৰাজ্যখনৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নিত কৰিব লাগে আজিৰপৰা ৩৩ বছৰৰ আগতে হোৱা এখন চুক্তিৰ আধাৰত.. পাৰ হৈ যোৱা সময়খিনিত কেৱল ব্যক্তিগত মুনাফা লাভৰ ৰাজনীতিত নিমজ্জিত ৰাজ্যৰ চৰকাৰকেইখনে বিষয়টো বৰপেৰাত ভৰাই থলে.. আনিক ৭ বছৰীয়া আন্দোলনটোৰ নেতৃত্ব দিয়াসকলৰ ২টা কাৰ্যকালৰ চৰকাৰো এই বিষয়টোত সম্পূৰ্ণ নিমাতে থাকিল.. কিয় এই উদাসীনতা.. কাৰোবাৰ শ্ৰুতলিপি.. ৰাজনৈতিক অপৰিপক্কতা নে.. এনে এশ এবুৰি প্ৰশ্নৰ ভীৰ সজাগ অসমবাসী মাত্ৰৰে মন-মগজুত..

#গ
ৰাষ্ট্ৰযন্ত্ৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত এটা সময়ত ৰাজ্যত আৰম্ভ হ'ল সেনা সন্ত্ৰাসৰ.. আওঁতালৈ আহিল ৰাজ্যখন "সেনাবাহিনী বিশেষ ক্ষমতা আইন"ৰ.. ফলাফল সন্ত্ৰাসবাদী সন্ধানৰ নামত ৰাজ্যৰ চৌদিশে চলিল মানৱ অধিকাৰ ভংগৰ আটাতকৈ ঘৃণনীয় তথা বিভৎস কৰ্ম-কাণ্ডৰ.. সকলো দেখি-শুনিও ৰাজ্য চৰকাৰ-প্ৰশাসনৰ চকুত ক'লা কাপোৰ বন্ধা থাকিল.. ঠিক ভাৰতীয় ন্যায়পালিকাৰ বিচাৰকৰ সন্মুখৰ মূৰ্তিটোৰ চকুত বান্ধি থোৱা ক'লা কাপোৰখনৰ অনুৰূপে.. বিভিন্ন কাকত-আলোচনীত সেনা সন্ত্ৰাসৰ বিষয়ে তথ্য-প্ৰমাণভিত্তিক বাতৰিয়েও কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ চকুৰ ক'লা কাপোৰ খুলিব নোৱাৰিলে.. বৰঞ্চ সময়ৰ লগে লগে কাপোৰ আঁতৰি চকুত স্থায়ী চামনি পৰিল..

#ঘ
ৰাজ্যৰ প্ৰেক্ষাপটত নিজ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত ৰখাৰ স্বাৰ্থত ৰাজনৈতিক ক্ষমতা আৰু দক্ষতাৰ বলত এইবাৰ আৰম্ভ হ'ল নিৰীহৰ ওপৰত চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত মৃত্যুৰ তাণ্ডৱ.. কোনোবাজন সন্ধিয়া বজাৰ কৰিবলৈ গৈ ঘূৰি নাহিল ঘৰলৈ.. কোনোবাজনক শুৱাপাটিৰপৰা বিশেষ কামত উঠাই নি ঘূৰাই নপঠালে আজিলৈকে.. ৰাজ্যৰ খাল-ডোং, নদী-বিল, হাবিৰ মাজত ক্ৰমে উদ্ধাৰ হ'ল চিনাক্ত-অচিনাক্ত অৰ্ধগলিত মৃতদেহ.. চৰকাৰী কাম-কাজৰ সমালোচনা কৰাতো সেই সময়ত হৈ উঠিল অক্ষমনীয় অপৰাধ.. তাৰ মাজৰে সাহসীসকল হেৰাই গ'ল আমাৰ মাজৰপৰা..

নিজৰ পুত্ৰক বিদ্যালয়ৰপৰা ঘৰলৈ লৈ আহোতে, কাৰোৰে সৈতে আপোচ নকৰা সৎ আৰু সাহসী সাংবাদিক 'পৰাগ কুমাৰ দাস'ৰ দৰে লোকক আমাৰ সকলোৰে চকুৰ সন্মুখতে শূণ্য দুৰত্বৰপৰা গুলিয়াই হত্যা কৰি আজিও হত্যাকাৰী নিৰ্বিঘ্নে আমাৰ মাজৰে এজন হৈ আছে.. ভোগ কৰি আছে সংবিধানে দিয়া নাগৰিকৰ সকলোখিনি অধিকাৰ.. সেই সময়ছোৱাত সৰ্বসাধাৰণৰ পেটতে হাত-ভৰি লুকোৱা অৱস্থা এটা সৃষ্টি হোৱাটোত অস্বাভাৱিকতা একো নাছিল..

আছিল মাথো অস্বাভাৱিকতা - এচাম সুবিধাবাদী মানুহে নিজৰ বিবেক চৰকাৰ তথা প্ৰশাসনৰ হাতত বন্ধকীত দি কোনো বাচ-বিচাৰ নোহোৱাকৈ আপোন আত্মীয়জনৰ তেজৰে নিজৰ হাত ৰাঙলী কৰাত..

#ঙ
নিজৰ অধিকাৰ প্ৰতিষ্ঠা.. অবৈধ বিদেশী প্ৰব্ৰজন ৰোধ কৰা.. নিজৰ মাতৃভাষা ৰক্ষাকে আদি কৰি বিভিন্ন উপলক্ষ্যত দেশৰ স্বাধীনতাৰ পৰৱৰ্তী সময়ত আন্দোলন আৰু প্ৰতিবাদৰ নামত অসমৰ মানুহবোৰ পকি উঠিল.. "আহ ঐ আহ! উলাই আহ" আপ্ত বাক্যশাৰী ষাঠিৰ দশকৰ পিছৰ কিশোৰ-যুৱক-বৃদ্ধ সকলোৰে মগজুৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই পৰিল.. পিছে ৰাজ্যত আৰম্ভ হোৱা সেই আন্দোলন, প্ৰতিবাদৰ সমাপ্তি নঘটিল আজিও.. সমাপ্তি ঘটাটো আমাৰ কাম্যও নহয়.. কিন্তু আন্দোলন, প্ৰতিবাদবোৰৰ ফলাফলবোৰহে সাধাৰণ জনতাৰ বোধগম্য নহ'ল আজিকোপতি.. আজিৰ দৰে থাকিলে অদূৰ ভৱিষ্যতেও সুফল পোৱাৰ সম্ভাৱনা একেবাৰে শূণ্যৰ ঘৰত বুলিব পাৰি..

আন্দোলন-প্ৰতিবাদৰ গইনা লৈ চামে চামে নেতা গঢ় লৈ উঠিছে ৰাজ্যখনত.. এই নেতাসকলে চৰকাৰো গঠন কৰিলে.. কিন্তু ৰাজ্যৰ সমস্যাবোৰহে আজিও একেবোৰেই আছে.. সময়ৰ সৈতে সংগতি ৰাখি নতুন সমস্যা সৃষ্টিহে হৈছে.. ৰাইজৰ সপোন সাৰ্থক কৰাৰ প্ৰতিশ্ৰুতি দি, ৰাইজৰ সৈতে একেলগে কাম কৰাক পণ লৈ, ৰাইজৰ সকলো সমস্যা সমাধান যেন একে ৰাতিৰ ভিতৰতে কৰিব এনে মনোভাৱ তথা সংকল্প লৈও অসমৰ ডেকা শক্তিয়ে বাৰে বাৰে ৰাইজখনকে ভৰিৰে মোহাৰি গৈছে.. আৰু ফলশ্ৰুতিত জাতীয়তাবাদৰ নামত দেখা দিয়া সুবিধাবাদৰ অভ্যুদয়ত বাৰে বাৰে আমিবোৰেই অৰিহণা যোগাইছো..

#চ
অসমৰ স্বাধীনতাৰ সপোন দেখো আমাৰ মাজৰে এটা প্ৰজন্মই.. কিন্তু কি অধিকাৰ আছে আমাৰ এই সপোন দেখাৰ..

বৰ্তমান কেৱল আন্দোলন-প্ৰতিবাদৰ ভাষা বুজা এই ভূ-খণ্ডৰ জনগাঁথনিৰ 'বৈচিত্ৰ্যৰ মাজত ঐক্য' বিৰাজ কৰা বুলি এসময়ত সদনাম থকা আমাৰ নিজৰ মাজতে আজি একতাৰ অভাৱ.. ডিঙিৰ সিৰ ফুলাই ঘোষণা কৰিছোঁ, আমাক লাগে খিলঞ্জীয়াৰ সুৰক্ষা কৱচ.. কিন্তু নিজৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ বাবে তথা সুকীয়া ৰাজ্য বিচাৰি আমাৰ মাজৰে বড়ো, ৰাভা, মিচিং, মৰাণ আদি আপোন সুহৃদসকলে কিয় ৰাজপথলৈ উলাই আহিব লগা হৈছে.. আমি নিৰপেক্ষভাৱে অনুধাৱন কৰিছোনে কোনোবা দিনা.. এই বিষয়ত নীৰৱে চিন্তা-চৰ্চা কৰাকেইজনক আঙুলিৰ মূৰত গণিব পৰা হ'ব নিশ্চয়..

ইমানৰ পিছতো ৰাজনৈতিক নেতাৰ ভণ্ডামি, চতুৰালি আৰু কথাৰ মায়াজালত ভুল গৈ আকৌ এবাৰ অসমখন ৰক্তাক্ত আৰু অশান্ত হ'বলৈ নিদিয়াকৈ ৰাখিব পৰাকৈ আমি সাধাৰণ জনতা সজাগ আৰু সতৰ্ক হোৱাৰ সময় এয়া.. আমাৰ ভৱিষ্যত এতিয়া আমাৰ হাতৰ মুঠিত.. সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ যি কুচকাৱাজ বৰ্তমান আমাৰ চৌপাশে চলিছে, তাক মষিমূৰ কৰিবলৈ অসমত স্থায়ীভাৱে বসবাস কৰা প্ৰতিজন লোকেই সমাজৰ একো একোজন অতন্দ্ৰ প্ৰহৰী হোৱাতো সময়ৰ দাবী..

নহ'লে যে ভূপেন হাজৰিকাই সোঁৱৰাই থৈ যোৱা কথাষাৰেই অতি সোনকালে বাস্তৱ হ'বগৈ - "#আজিৰ_অসমীয়াই_নিজক_নিচিনিলে_অসমতে_ভগনীয়া_হব"

(৪ নবেম্বৰ ২০১৮) 

Thursday, 17 October 2019

শাৰদীয় ভাৱনা

শাৰদীয় চিন্তা :

বলি-বিধান, পূজা-পাৰ্বণৰ প্ৰসংগ..
গুৰুজনাই সুদূৰ ষোড়শ শতিকাতে ৰাজ্যৰ সৰ্বত্ৰতে সংঘটিত বলি-বিধান আদিৰপৰা সৰ্বসাধাৰণ ৰাইজক আঁতৰাই আনি হৰিনামৰ জৰিয়তে সমগ্ৰ ৰাজ্যখনৰ সমাজ-সংস্কৃতিলৈ পৰিৱৰ্তনৰ নতুন জোৱাৰ আনিছিল.. সেই ৰাজ্যখনতে আজি পুনৰাই পূজা-পাৰ্বণৰ নামত বলি-বিধানৰ ব্যাপকতাই নতুন ৰূপ লৈছে..


সৰ্বসাধাৰণৰ নৈমিত্তিক কৰ্মৰ সৈতে সংপৃক্ত হৈ পৰিছে উৎসৱ-অনুষ্ঠানৰ নিত্য নতুন ৰূপবোৰ.. ১২ মাহত ১৩ উৎসৱ পালন কৰাৰ সদনাম থকা ৰাজ্যবাসীয়ে বৰ্তমান উৎসৱ পালনৰ ক্ষেত্ৰত গীনিজ বুক অৱ বৰ্ল্ড ৰেকৰ্ডচত নাম লিখাবলৈ অলপো কৃপণালি কৰা নাই.. এইক্ষেত্ৰত অতি সোনকালে কৰ্তৃপক্ষৰ ফালৰপৰা কামফেৰা সমাপন কৰিলে আকৌ এটা উৎসৱৰ বাট মুকলি হয় আমাৰ.. আমিবোৰেও হাতে-কামে লাগি সাজু হোৱাৰহে সময় এয়া..

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ভাষাপ্ৰেম..
উৎসৱ বুলিলেই সংবাদ মাধ্যম আৰু সংবাদাতাসকলৰ আকৌ গাত তত্ নেহোৱা হয়.. হাতত কলম লোৱাসকলৰ বিষয়টো একাষৰীয়া কৰিও.. মাত্ৰ কেমেৰা আৰু মাইক লৈ মৃত ব্যক্তিৰ পৰিয়াল-পৰিজনৰ মনৰ অনুভৱ সুধিবলৈ যোৱা বৈদ্যুতিন মাধ্যমৰ তথাকথিত সমাজ প্ৰহৰীসকলৰ কাৰণে উৎসৱ মানেই 'গা সাতখন আঠখন কৰে‘.. টি.আৰ.পি.ৰ লগতে সাজি পাৰি ৰাইজৰ আগত নিজৰ সুশ্ৰী চেহেৰা দেখুৱাৰ সুযোগকণতো এৰিব নোৱাৰি সহজতে.. সেয়েহে উৎসৱ আহি পোৱা মাত্ৰেই এখেকসকলৰ ব্যস্ততা বাঢ়ে..


তাৰ লগতে দুজনমানে মাতৃভাষাটোৰ শ্ৰাদ্ধ পাতি দেশী-বিদেশী ভাষাৰে ৰাইজৰ মন ভুলোৱাত লাগি যায়.. সৰ্বসাধাৰণ ৰাইজো আকৌ পৰি মৰা বিধৰ ভকত নহয়.. সমানে সমানে দেশীক বাদ দি বিদেশী ভাষাৰ বাৰ্তালাপত মগন হয়.. মাতৃভাষাতনো আজিৰ সময়ত কোনোবাই নিজৰ চিনাকী দিব পাৰেনে.. বিদেশী ভাষা নজনা মানেইটো সময়ৰ সৈতে খোজ মিলাব নোৱাৰা মনোভাৱতো বৰ্তমান গৰিষ্ঠ সংখ্যক জনতাৰে..

এইদৰেই জানো আৰম্ভ নহয় এটা ভাষা তথা এটা জাতিৰ শ্মশান যাত্ৰা!!!

(১৭ অক্টোবৰ ২০১৮)

Tuesday, 8 October 2019

দূৰ্গা পূজাৰ বেবেৰিবাং চিন্তা

পূজা মণ্ডপৰ নামত ৰাজ্যৰ সকলোতে এতিয়া অঘোষিত প্ৰতিযোগিতা.. পিছে এই প্ৰতিযোগিতা কাৰ লগত আৰু কিয়!!

সমাজক কিবা এটা আদৰ্শ দেখুৱাব পৰাকৈ কৰিব পৰা তথা সমাজলৈ প্ৰয়োজনীয় বাৰ্তা প্ৰেৰণ কৰিবলৈ বহু পথ আমাৰ বাবে খোলা থকাৰ পিছতো আমি পূজা বা অন্যান্য উৎসৱসমূহলৈ অপেক্ষা কৰি থাকো কিয়!!

পূজাৰ বতৰত যোৱা কিছু বছৰৰ পৰা দেখিবলৈ পোৱা কিছুমান কৰ্ম-কাণ্ডই সততে মনলৈ বিভিন্ন চিন্তাৰ ধল বোৱাই আনে। বিশেষকৈ পূজাৰ এমাহ মান আগৰে পৰা ৰাজ্যৰ বৈদ্যুতিন সংবাদ মাধ্যমৰ কৃপাত পুৱাৰ পৰা গধূলিলৈকে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ পূজাবোৰৰ ইতিহাসৰ আঁতি-গুৰি মাৰি কৰা বৰ্ণনা তথা পূজাৰ কেইদিন বিভিন্ন পূজা মণ্ডপবোৰৰ চকু চাট মাৰি ধৰা কাৰু-কাৰ্য দেখি আমাৰ দৰে গঞাঁবোৰ অবাকটেড হৈ পৰোঁ।

পৰিবৰে কথা, কিয়নো যিখন ৰাজ্যত প্ৰতি বছৰে বান-গৰাখহনীয়াৰ নামত হোৱা প্ৰাকৃতিক ধ্বংসলীলাকে প্ৰতিৰোধ কৰাৰ বাবে আজিকোপতি কোনো ব্যৱস্থা না প্ৰশাসন তথা চৰকাৰৰ পৰা নোলাল না ৰাইজৰ ফালৰ পৰা কোনো ফলপ্ৰসূ ব্যৱস্থা লোৱা পৰিলক্ষিত হৈছে!! কেৱল কপাল চপৰিয়াই চৰকাৰক গালি পৰাতেই কাম শেষ আমাৰ!! গাঁৱৰ বাট-পথবোৰ উন্নত হৈছে আগৰ তুলনাত বহু বেছিকৈয়ে। কিন্তু তাতো এটা কিন্তু নিহিত হৈ আছে। ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথক বাদ দিলে গ্ৰামাঞ্চলৰ প্ৰায় ভাগ পথ স্থানীয় ঠিকাদাসকলৰ দ্বাৰাই নিৰ্মিত হয়। পিছে পথ নিৰ্মাণত যি অনিয়ম আগতে সংঘটিত হৈছিল সেয়া কিন্তু বৰ্তমান ৰাজ্য চৰকাৰখনৰ "দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতা" নীতিৰ জয় জয় ময় ময় অৱস্থাটো বৰ এটা বিশেষ পৰিবৰ্তন ঘটা নাই। আৰু আজিও এইদৰে কাম কৰি সম্পদশীল আৰু প্ৰতিপত্তিশীল হোৱা ব্যক্তিসকলৰে একছেটীয়া সম্পত্তি হৈ আছে গ্ৰামাঞ্চলৰ পূজাবোৰ!!

গ্ৰামাঞ্চল এৰি আহো এইবাৰ ৰাজ্যৰ সৰু ডাঙৰ নগৰবোৰৰ চোকে কোণে চকু চাট মাৰি ধৰা পূজাৰ আড়ম্বৰপূৰ্ণ আয়োজনলৈ। অৱশ্যে এনে আয়োজনে বৰ্তমান গ্ৰামাঞ্চলৰ মফচলীয়া ঠাইবোৰকো চুইছেহি। এইবোৰত মোৰ দৰে গঞাঁবোৰে ইচ্ ইচাই পিছে একো লাভো নাই। তথাপি মনে নসহে। পূজাৰ নামত চহৰৰ চকু চাট মাৰি ধৰা আয়োজনবোৰে জানো ৰাজ্যবাসীৰ নামমাত্ৰও দুখ-দুৰ্দশাৰ অৱসান ঘটাব পাৰিছে! নে ব্যক্তিগত পৰ্যায়তে কাৰোবাৰ কিবা অভাৱ দূৰ কৰিবলৈ সক্ষম হৈছে?? মাত্ৰ চাৰিটা দিনৰ বাবে কেইটামান মৃন্ময় মূৰ্তিৰ কাৰু-কাৰ্য আৰু সেই কেইটাক মানুহৰ দৰ্শনৰ বাবে ৰাখিবলৈ বনোৱা মণ্ডপৰ নামত ৰাজ্যখনত কোটি কোটি টকা পানীৰ দৰে বৈ যায়। কিন্তু সেইখন ৰাজ্যতে অন্ন-বস্ত্ৰহীন কিমান মানুহে ৰাতিৰ মুকলি আকাশৰ তলত তৰা গণি জীৱন নিয়াইছে সেয়া ভাবিবলৈ আহৰি নাই আমাৰ। সচাঁই আহৰি নাইনে ভাবিব পৰাকৈ আমাৰ মগজুৰ প্ৰসাৰ হবলৈ দিয়া নাই আমাৰ সমাজে!!

পূজা-পাৰ্বণবোৰৰ যদি ইমানেই মহিমা তেন্তে কিয় দৰিদ্ৰসকলৰ দুখবোৰ কুলাই পাচিয়ে নধৰা হয় আৰু ধনীক শ্ৰেণীৰ সম্পদবোৰ থবলৈ ঠাই নোহোৱা হৈ চুইজাৰলেণ্ড পাবগৈ লগা হয়।

সমস্যাবোৰ সমস্যা হৈয়ে ৰৈছে কেৱল আমিবোৰ উৎসৱৰ ধামখুমীয়াত উটি-ভাঁহি গৈ নিজৰ স্বকীয়তাকে পাহৰি পেলাইছো। পূজা-পাৰ্বণবোৰৰ নামত চৌপাশৰ গঢ় লৈ উঠা অতিমাত্ৰা জাকজমকতাত হেৰাই গ'ল পূজা-পাৰ্বণবোৰৰ প্ৰকৃত আধ্যাত্মিক দিশটো..

পূজাৰ মৃন্ময় মূৰ্তি কেইটাৰ পৰা আৰম্ভ কৰি মণ্ডপৰ বিচিত্ৰ কাৰু-কাৰ্যলৈকে সকলোতে প্ৰয়োজন হোৱা অৰ্থৰ গৰিষ্ঠ ভাগেই ৰাজ্যৰ বাহিৰলৈ উলাই গৈছে। কেৱল প্ৰতিযোগিতাৰ নামত একেখন চহৰতে হোৱা ২০ ৰ পৰা ৪০ খন পূজাৰ বিভিন্ন কৰ্মত নিয়োজিত হোৱা কলিকতীয়া বঙালী শিল্পী তথা কাৰিকৰে কামৰ বিনিময়ত আমাৰ পৰা লৈ গৈছে এক বৃহৎ পৰিমাণৰ অৰ্থ। পিছে এই ধৰণৰ কাৰ্যবোৰে ৰাজ্যৰ অৰ্থনীতিত পেলোৱা নেতিবাচক প্ৰভাৱৰ বিষয়ে চিন্তা কৰিবলৈ আমাৰ সময় ক'ত!! কাৰণ আমিবোৰ সোৰুপা হোৱাৰ সুযোগ বেলেগেতো গ্ৰহণ কৰিবই। সেয়েহে এতিয়াও 'জুৰ পুৰি হাত পোৱাৰ' আগতেই যিখিনি হাতত সময় আছে আমি হাতে কামে লাগিবৰ হ'ল নিজক উদ্ধাৰৰ কাৰণে, লগতে সমাজক জাগ্ৰত কৰাৰ বাবেও।

(ব্যক্তিগত অনুভৱ : নিৰ্জীৱ মৃন্ময় মূৰ্তিক পূজা কৰাৰ সলনি জীৱন্ত মানুহক সহায়ৰ হাত আগবঢ়োৱাতেহে আজিৰ সময়ৰ দাবী) @

(মাছখোৱা, ধেমাজি/৭ অক্টোবৰ ২০১৯)