Monday, 27 April 2020

মহামাৰী আৰু বন্ধৰ অসংলগ্ন ভাৱনা

হঠাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰৰে হ'ম' চেপিয়েন্সৰ সদা ব্যস্ত কৰ্মসূচীলৈ এক অদ্ভুত পৰিৱৰ্তন আহিল.. ২০২০ চনত থিয় হৈ মানৱ জাতিয়ে কল্পনা কৰিব নিবিচৰা এক পৰিৱৰ্তনে জোকাৰি গ'ল সকলোৰে স্থিতিক.. দৈনন্দিন কৰ্মসূচীৰ পৰা খন্তেক বিশ্ৰাম আৰু দীঘলীয়া ছুটী বিচাৰি ফুৰা মানুহৰ গৰিষ্ঠ সংখ্যককে বিশ্ৰাম দিয়াই নহয়, কেৱল ঘৰৰ চাৰিবেৰৰ ভিতৰত বান্ধি ৰাখিব পৰাতো সময়ৰ কম পৰিৱৰ্তন নহয়!! তাতে ভাৰতবৰ্ষৰ দৰে দেশত ঘৰৰ আত্মীয়জনৰ কাষত ২১ দিনকৈ কোনো বিশেষ কামৰ ভাৰ নোহোৱাকৈ থাকিবলৈ পোৱাতো অসমীয়াত ক'বৰ দৰে একেবাৰে "গাখীৰতে ম'হৰ খুটি" বুলিব পাৰি!!

বিশ্বব্যাপী দেখা দিয়া কৰ'না ভাইৰাছ - ক'ভিড ১৯ (Coronavirous - COVID 19) ৰ সংহাৰী ৰূপে আমাক সংযত হ'বলৈ বাধ্য কৰাইছে.. বিশ্বৰ উন্নত দেশবোৰত ইয়াৰ সংহাৰী ৰূপে এই মুহূৰ্তলৈকে বিজ্ঞানৰ খন্তেকীয়া পৰাজয় নিশ্চিত কৰি তুলিছে.. সকলো দেখিও আমি একো কৰিব পৰা নাই এতিয়ালৈকে.. ভাইৰাছৰ উৎপত্তি বিষয়ক বিভিন্ন ৰাজনৈতিক বাক্-বিতণ্ডা চলিছে বিশ্বৰ সকলো প্ৰান্তত.. কিন্তু কোনেও ভাইৰাছটোৰ বিৰুদ্ধে সৱল প্ৰতিৰোধ গঢ়ি তুলিব পৰা নাই..

চিকিৎসা বিজ্ঞানৰ বাবে অচিনাকী এই নতুন ভাইৰাছটোৰ, শাৰীৰিক সংস্পৰ্শত মানুহৰ পৰা মানুহলৈ সোঁচৰা বিশেষ গুণৰ আৰ্শীবাদতে নিজকে সামাজিক প্ৰাণী হিচাপে স্বীকৃতি দিয়া মানুহৰ সামাজিক সম্পৰ্কলৈ আহিছে প্ৰত্যাহ্বান.. মানুহৰ মাজত আহি পৰিছে অৱশ্যাম্ভী সামাজিক ব্যৱধান সৃষ্টিৰ প্ৰয়োজনীয়তা.. কিন্তু বিশ্বৰ প্ৰেক্ষাপটৰ কথা বাদে দিলেও ভাৰতবৰ্ষৰে আমি কিমানজনে সামাজিক ব্যৱধানৰ গুৰুত্বতা বুজি তাক মানিবলৈ আগ্ৰহী!! 

কৰ'না ভাইৰাছক প্ৰতিহত কৰাৰ বাবে ভাৰতবৰ্ষত দেশৰ প্ৰধানমন্ত্ৰীয়ে হঠাতে যোৱা ২৪ মাৰ্চৰ নিশা ৮ বজাত ঘোষণা কৰা, সেইদিনা নিশা ১২ বজাৰ পৰা  ১৪ এপ্ৰিল ২০২০ৰ নিশা ১২ বজাবলৈ কাৰ্যকৰী হোৱাকৈ অহা ২১ দিনৰ দীঘলীয়া বিশ্ৰাম আন দেশবাসীৰ দৰে আমাৰ অসমবাসীৰ বাবেও আৰ্শীবাদ হিচাপে আহি নিজৰ ঘৰৰ ভিতৰতে থকাৰ পৰিৱেশ এটা গঢ়ি তুলিছে.. পিছে তাৰ সুযোগ আমি নিজা ধৰণেৰে ঘৰৰ চৌহদৰ ভিতৰত লোৱাৰ সলনি আমাৰ "আনৰ পদূলি শুঙি ফুৰাৰ' স্বভাৱটো এই দিনকেইটাত এৰিব লাগিব..

চুবুৰীয়া দেশ চীনক বাদ দিলেও এই মুহূর্তত বিশ্বৰ প্ৰতিজন ব্যক্তিৰে জ্ঞাত যে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালী, স্পেইন, ইংলেণ্ডৰ দৰে উন্নত দেশত এতিয়া মৃত্যুৰ কিৰীলি.. আনকি চিকিৎসালয়সমূহত ৰোগী ৰাখিবলৈ ঠাই নোহোৱা অৱস্থা ইটালী, স্পেইনত.. এই দেশসমূহৰ চিকিৎসা সেৱা বিশ্বৰ ভিতৰতে উন্নত হোৱাৰ পিছতো প্ৰতিখন দেশতে জনসাধাৰণৰ মৃত্যুৰ পৰিসংখ্যা দিনক দিনে বাঢ়ি গৈছে.. চিকিৎসা সেৱাৰ সৈতে জড়িত ব্যক্তিসকলে অসহায় হৈ মাত্ৰ দেশৰ জনতাক যথাসম্ভব সম্পূৰ্ণৰূপে ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনাইছে.. এইসমূহ দেশত চিকিৎসা সেৱাৰ উন্নত হোৱাৰ সুবাদতে জনসংখ্যা অনুপাতে চিকিৎসক আৰু চিকিৎসালয়ো পৰ্যাপ্ত পৰিমাণেৱথকাৰ পিছতো আজিৰ এই অৱস্থাৰ সৈতে তেওঁলোকে মোকাবিলা কৰিব পৰা নাই.. 

তাৰ তুলনাত আমাৰ দেশ ভাৰতবৰ্ষৰ অৱস্থা কৰ'নাৰ আক্ৰমণৰ পৰিসংখ্যাৰ দিশৰ পৰা এতিয়াও বহুখিনি ভাল.. তাৰ মানে এইটো নহয় যে সদায় ভাল হৈয়ে থাকিব.. দিন যোৱাৰ লগে লগে আমাৰ দেশৰ তথ্যবোৰো বেয়াৰ ফালে ঢাল খাইছে.. গতিকে আমাৰ দৰে উন্নয়নশীল দেশত ইটালী, স্পেইনৰ দৰে অৱস্থা হলে কি হ'বলৈ ভাবিবলৈকে ভয় লাগিছে মোৰ..

বৰ্তমান পৰিস্থিতিত দেশৰ তথা ৰাজ্যৰ প্ৰশাসনে নিজৰ ফালৰ পৰা কৰিব পৰাখিনি কৰাৰ চেষ্টাত ত্ৰুটি কৰা নাই.. পিছে সেইখিনি যে পৰ্যাপ্ত নহয় সেয়া প্ৰতিজন প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ পৰা নিম্ন পৰ্যায়ৰ বিষয়া তথা সজাগ জনতা মাত্ৰৰে জ্ঞাত.. গতিকে তেওঁলোকে জনতাক সজাগ আৰু সতৰ্ক হৈ থাকি মানিবলগা সাৱধানতাসমূৰ বিষয়ে ব্যাপক প্ৰচাৰ কৰিছে..

কিন্তু সাধাৰণ জনতাৰ গৰিষ্ঠ সংখ্যকৰে যেন এই বিশেষ সমস্যাটোলৈ কাণসাৰেই নাই.. সকলোৱে যেন ভাবি আছে আমাৰ ইয়াত এতিয়ালৈকে হোৱা নাই যেতিয়া নহয় আৰু.. প্লেগ, কলেৰাই যে এসময়ত অসমৰ একো একোখন গাঁও দিনটোৰ ভিতৰতে উছন কৰি পেলাইছিল, সেই কাহিনীবোৰ ককাক আইতাৰ পৰা শুনা মানুহ আমাৰ ৰাজ্যখনত এতিয়াও জীৱিত হৈ আছে.. সেই একেই দশা হ'ব আমাৰ, এবাৰ যদি কেনেবাকৈ আপোনাৰ মোৰ গাঁৱত সোঁচৰিবলৈ পাই কৰ'না ভাইৰাছ..

গতিকে জৰুৰীকালীন সেৱাত নিয়োজিতসকলক বাদ দি বাকী আমি সকলোৱে নিজৰ প্ৰাণৰ মমতাত হ'লেও সামাজিক যোগাযোগ নোহোৱাকৈ অলপ কষ্ট কৰি নিজৰ ঘৰৰ চৌহদতে থাকো আহকচোন অনাগত  দিনকেইটাত..

কি ঠিক জানোচা একমাত্ৰ আপোনাৰ বা মোৰ ঘৰখনেই বাচি থাকেগৈ আপোনাৰ বা মোৰ গাঁৱৰ ভিতৰতে!! 

(গোলাঘাট/২৮ মাৰ্চ ২০২০)

Sunday, 19 April 2020

গৰু বিহু আৰু ১০১ বিধ শাক..

অসমৰ মানুহে গৰু বিহু দিনা খোৱা ১০১ বিধ শাকৰ নাম -

১. সৰু মানিমুনি
২। বৰ মানিমুনি
৩। মাটিকাদুৰি
৪। লাইজাবৰী
৫। মচন্দৰী
৬। কেহেৰাজ
৭। পনৌনোৱা
৮। শুকলতি
৯। ঢেকীয়ালতি
১০। টংলতি
১১। ভোমলতি
১২। কেৰোলালতি
১৩। বৰ টেঙেচি
১৪। সৰু টেঙেচি
১৫। শিলকচু
১৬। ওলকচু
১৭। দহিকচু
১৮। তেলীকচু
১৯। পানীকচু
২০। ল-বৰুৱা
২১। টিকনি বৰুৱা
২২। বন জালুক
২৩। বন তিঁয়হ
২৪। বনখুতৰা
২৫। তিতাকেৰেলা
২৬। ভাত-কেৰেলা
২৭। টাটী কেৰেলা
২৮। বৰবেঙেনা
২৯। খৰুৱা-বেঙেনা
৩০। কোঁটাহি-বেঙেনা
৩১। মিঠামৰা
৩২। তিতামৰা
৩৩। টেঙামৰা
৩৪। চেং-মৰা
৩৫। নৰসিংহ
৩৬। ভেদাইলতা
৩৭। তিতা-ফুল
৩৮। লেহেতি
৩৯। জিলমিল
৪০। চুটিয়া লফা
৪১। পচলা
৪২। তৰা-গজালি
৪৩। দোৰোণ বন
৪৪। তিতাবাহক
৪৫। মেচাকী
৪৬। মেজেঙা
৪৭। নেফাফু
৪৮। মেটেকা লাচকচি
৪৯। তিতা-কচি
৫০। ভেকুৰি
৫১। হাতীভেকুৰ
৫২। উৰহী
৫৩। হাতী-উৰহী
৫৪। বৰপুৰৈ
৫৫। ৰঙাপুৰৈ
৫৬। সৰুপুৰৈ
৫৭। ঢেকীয়া
৫৮। কপৌ-ঢেকীয়া
৫৯। ভোটমলা
৬০। বেতগাজ
৬১। ঔ-টেঙা
৬২। নলটেঙা
৬৩। ৰঙালাউ
৬৪। জাতিলাউ
৬৫। মাঠুকঠুকা
৬৬। বাঘ-আঁচোৰা
৬৭। মধুসোলেং
৬৮। দুপৰীয়া টেঙা
৬৯। ভীমৰাজ বন
৭০। বিহলঙনি
৭১। খুতৰা
৭২। হাতীখুতৰা
৭৩। কলমৌ
৭৪। মনোৱা
৭৫। হাঁচিয়তী
৭৬। বনতুলসী
৭৭। লাই
৭৮। লফা
৭৯। পালেং
৮০। বাবৰি
৮১। চুকা
৮২। তুবুকী-লতা
৮৩। ভেবেলীলতা
৮৪। মূলা
৮৫। ঢেৰুৱা
৮৬। মেমেধু
৮৭। বালি-বাবৰি
৮৮। মালভোগ বন
৮৯। ধেপাইতিতা
৯০। মহানিম
৯১। বৰবিলাহী
৯২। সৰুবিলাহী
৯৩। পাতিসোন্দা
৯৪। উৰিয়াম
৯৫। মজ
৯৬। মদাৰ
৯৭। মধুৰি
৯৮। কটাৰীডবুৱা মাহ
৯৯। জেতুলীপকা
১০০। কাঠ-আলু
১০১। পদিনা

(লীলা গগৈ, 'নৈ বৈ যায়', ১৯৯৩, পৃ. ৯৬) 

Friday, 14 February 2020

ৰেল যাত্ৰাৰ অসংলগ্ন কথকতা

(ক)

জীৱনে আনি ক'ৰ পৰা ক'ত পোৱাইহি গমকে ধৰিব নোৱাৰি.. সংস্থাপনৰ তাগিদাই বহু কথা বুজিও যেন মোক বুজিবলৈ নিদিয়ে.. মোৰ ক্ষেত্ৰতে এনে হয়নে অন্য দহজনৰ ক্ষেত্ৰতো হয় হঠাতে কৈ দিব নোৱাৰিম.. তথাপি স্বচক্ষে দেখাৰ পৰা অনুভৱ হয় এনে সমস্যাত আধুনিক সভ্যতাৰ চাকৰিজীৱি শ্ৰেণীৰ মাজৰ সৰহ সংখ্যকেই আক্ৰান্ত..

(খ)

এজন ভাৰতীয় নাগৰিক হিচাপে ভাৰতীয়ৰ গড় আয়ুসৰ আধা বয়স পাৰ কৰিলোঁ এতিয়ালৈ.. পিছে জীৱনক উদযাপন কৰাতো দূৰৰে কথা আপোনজনৰ সৈতে শান্তিৰে ভালদৰে দুআষাৰ কথা পাতিবলৈকে সময়ৰ অভাৱ.. ঘৰখনত এসাঁজ লগে ভাগে খোৱাটোও লাহে লাহে বৰ কঠিন হৈ পৰিছে.. সমস্যাটা নিজে সৃষ্ট নে সৃষ্টি কৰি লৈছো, তাৰ উত্তৰো মোৰ হাতত নাই.. প্ৰশ্নটো নিজক কৰিলে বহু নতুন প্ৰশ্নই বেঢ়ি ধৰেহি মোক..

সখাই কোৱাৰ দৰে সচাঁই "উত্তৰ আধুনিক সমস্যাত আক্ৰান্ত" আমিবোৰ.. তথাপিও জীৱনৰ স্বাভাবিক গতি কেতিয়াও স্থবিৰ নহয় আমাৰ.. বাৰে বাৰে সমস্যাৰ মাজৰ পৰা মূৰ দাঙি উঠি জীৱনৰ নতুন লক্ষ্য উদ্দেশ্য ঠিক কৰি লৈছো আমি প্ৰত্যেকেই নিজা ধৰণেৰে.. যেন ফিনিক্স পক্ষীৰ বাটেৰে বাট বুলিছো আমি..

(গ)
আধুনিক পৃথিৱীৰ সুসভ্য মানুহ বুলি পৰিচয় দিওঁ ব্যক্তি স্বাৰ্থৰ মেটমৰা বোজা দাঙি আমি ক্ৰমে পাহৰি পেলাইছো সামাজিক দায়বদ্ধতা.. নিতৌ জলাঞ্জলি দিছো সমাজ পাতি বাস কৰাৰ ফলশ্ৰুতিত আমাৰ মাজত গঢ় লোৱা ইতিবাচক সমাজিক নিয়ম নীতিবোৰ.. পৰিৱৰ্তে ধ্বংসমুখী নিয়ম নীতিবোৰ আকোঁৱালি লৈছো নিৰ্বিবাদে.. আধুনিক পৃথিৱীৰ বাসিন্দা আমিবোৰে অৰ্থ আৰু ভোগ-ঐশ্বৰ্যৰ পিছত দৌৰি থাকোতে ক্ৰমে ক্ৰমে পৰ্যবসিত হৈছো তেজ-মঙহৰে গঢ়া একো একোটা ৰবটলৈ.. হাঁহি আৰু কান্দোনৰ সংজ্ঞা যেন আধুনিক পৃথিৱীৰ সভ্য মানুহৰ বাবে নতুনকৈ নিৰ্ধাৰণ কৰা হৈছে..


আজি লাখ লাখ উচ্চশিক্ষিত মানুহ ৰাজ্যখনত থকাৰ পিছতো বীৰুবালা ৰাভাৰ দৰে আমি প্ৰত্যেকেই কিয় সমাজৰ অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে জনমত গঠন কৰিবলৈ সক্ষম হোৱা নাই.. চহৰাঞ্চলৰ সমানুপাতিকভাৱে গ্ৰামাঞ্চলতো বৰ্তমান লাহে লাহে বিদ্যুত, ইন্টাৰনেট আদি সেৱা সুলভ হৈছে.. কিন্তু নিজৰ চৌপাশৰ পাৰিপাৰ্শ্বিকতালৈ চকু দিলে এনে লাগে ইয়াৰ সুফলবোৰৰ ভোগ কৰিবলৈ যেন এতিয়াও বহু আলোকবৰ্ষ অপেক্ষা কৰিব লাগিব আমি..


(#লাচিত এক্সপেছ ট্ৰেইনেৰে ৰঙিয়াৰ পৰা ধেমাজিলৈ কৰা ঘৰমুৱা যাত্ৰা/১৪ ফেব্ৰুৱাৰী ২০২০)