Thursday, 9 July 2020

ক'ভিড ১৯ আৰু অসমৰ বানপানী প্ৰসংগ

কেলেণ্ডাৰত আৰু এটা নতুন মাহৰ আৰম্ভনি হ'ল কালিৰেপৰা। চকুৰ সন্মুখতে তিনিটাকৈ সম্পূৰ্ণ মাহ কেলেণ্ডাৰৰ পাত লুটিওৱাৰ দৰে হঠাতে পাৰ হৈ গ'ল। বহু ঘটনা পৰিঘটনাৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ বিশ্ব। এটা খালী চকুৰে নেদেখা ভাইৰাছে সমগ্ৰ মানৱ জাতিৰ দৈনন্দিন জীৱন যাত্ৰা স্থবিৰ কৰি তুলিলে। শ্ৰেষ্ঠত্বৰ দাবীৰে মানুহে জীৱ জগতৰ অন্য সকলো প্ৰাণীকে আওকাণ কৰি কেৱল নিজৰ সুখ সুবিধাৰ বিষয়টোতহে যে গুৰুত্ব দিয়ে কথাষাৰ পুনৰাই ক'ভিড_১৯ৰ বিশ্বব্যাপী সংক্ৰমণে প্ৰমাণ কৰিলে।

বিশ্ব প্ৰেক্ষাপটৰ সমান্তৰালভাৱে দেশৰ লগতে অসম মুলুকতো বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী ঘোষণা কৰা ক'ভিড_১৯ৰ সংক্ৰমণে বৰ্তমান ব্যাপক ৰূপ লৈছে। ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰত গণসংক্ৰমণ হোৱাত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীও উদ্বিগ্ন হোৱাৰ খবৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত প্ৰকাশ হৈছে।

এইখিনিতে মনলৈ অহা দুটামান প্ৰশ্নই বৰকৈ আমনি কৰিছে। ক'ভিড_১৯ৰ পৰিপ্ৰেক্ষিতত যোৱা ৯৯ টা দিনৰ তলাবন্ধত সমগ্ৰ দেশৰ লগতে ৰাজ্যখনৰ জনতাৰ দৈনন্দিন জীৱনলৈও বহু পৰিৱৰ্তন আহিল। দেশৰ সমান্তৰালভাৱে আমাৰ ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু স্বাস্থ্য মন্ত্ৰীয়ে নিজৰ সামৰ্থৰ ভিতৰত যিমানখিনি পাৰে সংক্ৰমণ ৰোধ কৰা বাবে ৰাইজক সজাগ সচেষ্ট কৰাৰ বাবে লোৱা প্ৰচেষ্টা তথা সংক্ৰমিত ৰোগীক চিকিৎসালয়ত চিকিৎসা কৰাৰ ক্ষেত্ৰত কৃপণালি নাই কৰা বুলিয়েই আমি সকলোৱে মানি লৈছো। স্বাস্থ্য বিভাগৰ প্ৰচেষ্টাতে হওক বা অন্য যি কাৰণতে হওক আমাৰ বাবে স্বস্তিৰ বিষয় এয়ে যে আক্ৰান্ত ৰোগীৰ তুলনাত মৃত্যুৰ হাৰ আমাৰ ৰাজ্যত দেশৰ অন্য ৰাজ্যৰ তুলনাত যথেষ্ঠ কম। ৰাজ্যত এই পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা ১২ জন।

কিন্তু এইখিনিতে মনলৈ অহা প্ৰশ্নটো হ'ল আমাৰ চকুৰ সন্মুখতে যোৱা ১টা মাহতকৈও কম সময়ত ৩০জনতকৈ অধিক লোকৰ প্ৰাণ কাঢ়ি লোৱা ঘটনাটোত কিমানজন সচাঁ অৰ্থত উদ্বিগ্ন হৈছে আজিলৈকে। প্ৰতি বছৰে ৰাজ্যৰ নতুন নতুন ঠাইত বানপানীৰ সংহাৰৰ খবৰবোৰ ঠিকেই প্ৰকাশ হয় কিন্তু ল'ব লগা ব্যৱস্থাসমূহহে কেতিয়াও বাস্তৱত হৈ নুঠেগৈ। মহামাৰী হোৱা বাবে ক'ভিড_১৯ক লৈ সীমাহীন ব্যস্ততা আৰু প্ৰতি বছৰে ৰাজ্যৰ হাজাৰ হাজাৰ লোকক গৃহহীন কৰা, বহুতৰে জীৱনৰ একমাত্ৰ সম্বল খেতিৰ মাটিখিনি নদীৰ বুকুত জাহ যোৱাৰ পিছতো বানপানীৰ প্ৰতি আওকণীয়া দৃষ্টি কিয়! প্ৰতি বছৰে নিৰ্দিষ্ট এটা সময়ত ৰাজ্যবাসীক জুৰুলা কৰা বানপানী সমস্যাটোক লৈ আজিকোপতি কোন এখন চৰকাৰ তথা প্ৰশাসনে যথোচিত গুৰুত্ব নিদিয়াৰ আঁৰৰ ৰহস্য কি! নে বানপানীয়ে চহৰতকৈ গ্ৰামাঞ্চতহে বেছি প্ৰভাৱ পেলোৱাৰ বাবেই প্ৰতি বছৰে হোৱা প্ৰাকৃতিক দুৰ্যোগটোত ৰাজ্যৰ নিৰ্দিষ্ট বিভাগটো তথা বিভাগীয় মন্ত্ৰীয়ে কাৰ্যকৰী পদক্ষেপ লোৱাৰ পৰা আঁতৰি থাকে!! নে বানপানীৰ আঁৰত লুকাই থাকে সততে শুনাৰ দৰে গোপন হৈও সকলোৰে জ্ঞাত বহু হিচাব-নিকাচৰ নিমিলা অংকটো!! সাধাৰণ জনতাৰ বাবে এনে বহু প্ৰশ্নই সদায় কিয় ৰঙা ফিটাৰ মেৰপাকত সোমাই নোহোৱা হৈ যায়!!
(মাছখোৱা,ধেমাজি/ ২ জুলাই ২০২০)

Monday, 11 May 2020

মহামাৰীৰ ভাৱনা

মহামাৰী ক'ভিড-১৯ৰ বিভীষিকাৰ সময়ত দেশৰ চিকিৎসাকৰ্মী আৰু জনতাৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় উপযুক্ত ব্যৱস্থাখিনি আজিলৈকে হোৱাগৈ নাই.. কৰ্তৃপক্ষক প্ৰশ্ন কৰিবলৈ ভয় আমাৰ!!

চিকিৎসাৰ সৈতে জড়িত ব্যক্তিসকলক শুভেচ্ছা জনাবলৈ সাধাৰণ ৰাইজক হাত চাপৰি, কাঁহী-বাটি, ঘন্টা বজাবলৈ বা মমবাতি জ্বলোৱাৰ পৰামৰ্শ দিছে আৰু আমি মানিছো.. লগতে আমাৰ মাজৰে দুজনমানে উৎসৱকে পালন কৰি দিছো অতিমাত্ৰা উৎসাহত!! 

পিছে চৰকাৰে চিকিৎসা সেৱাৰ কৰ্মীসকলক বায়ুসেনাৰ বিমানেৰে পুষ্পবৃষ্টি কৰা দেখি আমি যিসকলে সন্তুষ্ট হোৱা নাই সেয়া আমাৰেই দোষ!! কাৰণ চিকিৎসাকৰ্মীৰ সুৰক্ষা আৰু জনতাৰ সুৰক্ষাতকৈ ঢাক-ঢোল পিতি নিজকে আনৰ আগত জাহিৰ কৰাতোহে আচল কথা!!

দেশৰ বিভিন্ন স্থানত কপালৰ ঘাম মাটিত পেলাই দুবেলা দুমুঠি যোগাৰ কৰাৰ লগতে নিজৰ পৰিয়ালটোক পোহ-পাল দিয়া শ্ৰমিকসকল উপায়ন্তৰ ঘৰমুৱা হোৱা সময়ত কোনোবাই ৰেল, বাছৰ খুন্দাত আৰু কোনোবাই অনাহাৰে মৃত্যুক আকোঁৱালি লৈছে.. তালৈ আমাৰ ভ্ৰূক্ষেপ নাই.. সময় যেন নাই সহমৰ্মিতা প্ৰকাশ কৰিবলৈও.. কাৰণ আমাৰ নিজৰ জীৱন বচোৱাতোহে এতিয়া আচল লক্ষ্য!!

কিন্তু বিদেশত বন্দী হৈ থকা দেশবাসীসকলক দেশলৈ আকাশমাৰ্গেৰে বা সাগৰীয় পথেৰে অনাৰ ব্যৱস্থা কৰা হৈছে.. তাকে দহজনৰ আগত কৈ দেশৰ গুণ-গৰিমাই যদি নাগালোঁ আমাৰ দেশপ্ৰেম ক'ত!! শ্ৰমিক মৰিছে মৰক.. তাতে আপোনাৰ মোৰ কি আহে যায়..

আমি যে স্থিতপ্ৰজ্ঞ নিজৰ মতত..

#গান্ধী_পুতলাৰ দৰে আমি এই পৰিস্থিতিত মাত্ৰ

#বেয়া নাচাওঁ
#বেয়া নকওঁ
#বেয়া নুুুুুুুশুনোঁ

মনৰ মাজত অযুত প্ৰশ্ন.. কিন্তু প্ৰশ্ন কৰিম কাক আমি.. ভুল যে আমাৰেই..আপোন জন্মভূমিখনৰ প্ৰকৃত ছবি আমি দেখি-শুনি, জানি বুজিও যে বুজিবলৈ অক্ষম হৈ পৰো কাৰোবাৰ ভাষণৰ ফুলজাৰিত..

(ধেমাজি, মাছখোৱা/১১.০৫.২০২০) 


Saturday, 9 May 2020

সাময়িকী -১

তিহাসে এটা কথা আমাক সদায় কৈ আহিছে যে, আজিৰ অসমীয়া সমাজখন গঢ়ি উঠাত মূখ্য ভূমিকা লৈছিল এসময়ত অষ্ট্ৰিক, দ্ৰাবিড় আৰু মংগোলীয় জাতিৰ লোকসকলে। এইসকল লোক যাক আমি খিলঞ্জীয়া বাসিন্দা বুলি অভিহিত কৰি আহিছো, তেওঁলোকৰ সমন্বয় আৰু সংঘাতৰ মাজেৰেই গঢ় লৈ উঠিছিল এটা উমৈহতীয়া ভাষা আৰু এখন উমৈহতীয়া সমাজ। যাক আজি অসমীয়া নামেৰে জগতে জানিবলৈ সক্ষম হৈছে। কিন্তু সময় আগবঢ়াৰ লগে লগে ক্ৰমান্বয়ে প্ৰব্ৰজিত হোৱা কলিতা-ব্ৰাহ্মণ-মুছলমানসকলে নিজা নিজা ধৰ্মীয়-সাংস্কৃতিক-সামাজিক বিশ্বাসেৰে এই সমাজত মিলিবলৈ চেষ্টা কৰিছিল বা কৰিবলৈ বাধ্য হৈছিল। তাৰ মাজতে ‘আৰ্যসকল শ্ৰেষ্ঠ’ এই ধাৰণা প্ৰতিষ্ঠা কৰিবলৈ গৈয়েই ক্ৰমে ক্ৰমে গঢ় লৈ উঠা সমন্বয়ৰ সমাজখনত সংঘাত সৃষ্টি কৰা হল। এই সংঘাত সৃষ্টি কিন্তু নিজ স্বাৰ্থ সিদ্ধিৰ বাবে জানি-বুজিয়েই কৰা হৈছিল যে তাত বৰ্তমান কাৰো দ্বিমত নাই।

লাহে লাহে এই সমাজখনলৈ কৰ্ম-সংস্থাপন তথা ব্যৱসায়ীক সূত্ৰেও প্ৰব্ৰজিত হ'ল বিভিন্ন সময়ত বিভিন্ন জাতি, বৰ্ণ আৰু ধৰ্মৰ লোকৰ। যিসকলে এটা সময়ত সমাজখনৰ সৈতে সংপিক্ত হবলৈ আৰম্ভ কৰিও যেন এইখন সমাজৰ অভিন্ন অংগ হবলৈ অস্বীকাৰ কৰিলে। অসমীয়া সমাজতে লালিত-পালিত হৈও এইসকল লোকৰ যিসকলে কেইবাপুৰুষৰপৰা ইয়াতে স্থায়ীভাৱে বসবাস কৰি আহিছে – তেওঁলোকো কিন্তু সমাজখনৰ সৈতে এক হৈ যাব নোৱাৰিলে আজিকোপতি। এওঁলোকৰ মাজৰে আঙুলিৰ মূৰত গণিব পৰা দুই-চাৰিজনৰ বাদে বাকীসকলে অসমীয়া সমাজ-সংস্কৃতিক নিজৰ কৰি লবলৈ সন্মত নহ'ল। তেওঁলোকো যেন অসমীয়া সমাজৰ সমন্বয়ত ভাঙোন অনাৰ পৰোক্ষভাৱে সহায়ক হৈ উঠিল!!

সময় আগবাঢ়িল... কিন্তু এই সামাজিক সমন্বয় বাঢ়ক চাৰি সংঘাতহে বাঢ়িবলৈ ধৰিলে সকলোফালে। অসমীয়া সামাজিক-সাংস্কৃতিক জীৱনত আৰম্ভ হোৱা আন্দোলনমুখীতাই যেন এই সংঘাতক অন্যফালে গতি কৰালে.. আজিৰ সময়ত থিয় দি সমন্বয়ৰ অৰ্থ কেৱল যেন অভিধান, বিভিন্নজনৰ বক্তৃতা কিম্বা কিতাপৰ লেখনিৰ মাজতহে আমি বিচাৰি পাওঁ।

আমি আজিৰ প্ৰেক্ষাপটতে হওঁক বা চুকাফাৰ সময়ৰ খণ্ডিক অসমৰ প্ৰসংগলৈকে নাযাওঁ কিয়, এটা কথা দেখা পাওঁ যে সমাজ কাৰো ব্যক্তিগত অধিকাৰৰ অহিলা নহয়। এই সত্য অনুধাৱনেৰে আমি ‘আজিৰ অসমীয়া সমাজখন’ত বাচি থকাসকলে একগোট হৈ সমাজখনক সংঘাত নহয় সমন্বয়ৰ আদৰ্শেৰে ধৰি ৰখাৰ উপযুক্ত পথৰ সন্ধান কৰাহে সময়োপযোগী হিচাপে বিবেচিত হ’ব যেন মনে ধৰে।

(৯ মে' ২০১৯/নগাঁও)