Wednesday, 27 April 2022

অপ্ৰাসংগিক

ক) 

বিশ্বৰ সংবাদ মাধ্যমৰ বিভিন্ন তৰ্ক বিতৰ্কৰ মাজতে ৪৪ বিলিয়ন ডলাৰ ধনৰ বিনিময়ত, মানে ভাৰতীয়া টকাৰ হিচাপত ৩৩৭৩৪৯,৩৬,০০,০০০ কোটি টকাত বৰ্তমান বিশ্বৰ অন্যতম জনপ্ৰিয় সামাজিক যোগাযোগ মাধ্যম টুইটাৰইলন মাস্কে ক্ৰয় কৰাৰ চৰ্চা সৰ্বত্ৰে.. যিজন মাস্কৰ চিন্তা চৰ্চা বৰ্তমান পৃথিৱীতকৈ সদায় দুখোজ আগুৱাই থকা বুলি সকলোৱে একেমুকে স্বীকাৰ কৰে.. সেইজন ব্যক্তিৰ এই ক্ৰয়ৰ অন্তৰালতো নিশ্চয় কিবা এটা নিৰ্দিষ্ট কাৰণ আছে। সকলো জল্পনা কল্পনাৰ ওৰ পেলাই সময়ত সেয়া সকলোৰে দৃষ্টিগোচৰ হ'ব। 

কিন্তু হিন্দু মুছলমানৰ নামত ভাৰতবৰ্ষত বৰ্তমান যি এক ভয়ানক পৰিৱেশৰ সৃষ্টি হৈছে তাত মূল কাৰক হিচাপে ক্ৰিয়া কৰাৰ অন্তৰালত যে ধৰ্ম আৰু ৰাজনীতিয়েই মূল সেয়া বহলাই কাকো নিশ্চয় কোৱাৰ প্ৰয়োজন নাই.. কিন্তু এই ৰাজনৈতিকভাৱে প্ৰৰোচিত ধৰ্মীয় উন্মাদনাত মত্ত ভাৰতীয় ধৰ্মগুৰু আৰু ৰাজনীতিবিদসকলৰ মাজৰ কেইজনে টুইটাৰৰ স্বত্তাধিকাৰী তেওঁলোকৰ বিপৰীত পন্থাৰ বা ধৰি ল'লো বিপক্ষৰ হ'ল তেতিয়া টুইটাৰ ব্যৱহাৰ নকৰাকৈ থাকিব পাৰিব সেয়াও এটা বিচাৰ্যৰ বিষয় হ'ব পাৰে!!! 

খ)

ভাতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ আৰু এসময়ত মুক্ত চিন্তা-চৰ্চাৰ বাবে চিনাকী, দেশৰ ৰাজধানীত স্থাপিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত যুঁজ হয় বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ খাদ্য তালিকাত কি খাদ্য থাকিব কি নাথাকিব তাকে লৈ.. কিবা হাঁহি উঠা বিষয় হ'লেও ইয়েই মোৰ দেশৰ প্ৰকৃত সত্য। কাৰণ মুক্ত চিন্তা চৰ্চাৰ পৰিৱেশটো সম্পূৰ্ণভাৱে নোহোৱা কৰি তোলা। তাৰ লগতে সংপৃক্ত হৈ আছে ৰাজনৈতিক উদ্দেশ্যে প্ৰণোদিতভাৱে দেশৰ জনসাধাৰণক নানাটা আভুৱা ভৰা কথাৰে মূল সমস্যা তথা চিন্তনীয় বিষয়বোৰৰপৰা আঁতৰাই ৰখা।

(২৬ এপ্ৰিল ২০২২/বৰপেটা)

Tuesday, 8 February 2022

অপ্ৰাসংগিক :অসমীয়া ভাষা বিষয়ক কিছু ব্যক্তিগত ভাৱনা


ব্ৰিটিছ কাহানিবাতে আমাৰ ইয়াৰপৰা গ'ল বুলি আমি বিষয় প্ৰসংগত সততে ক'লেও ব্ৰিটিছে অসম এৰি যোৱাৰ নিৰ্দিষ্ট ইতিহাসসন্মত তাৰিখ এটা বুৰঞ্জীত আছে আমাৰ বাবে।

কিন্তু 'আংকল' আৰু 'আন্টি' ৰ আগমন অসম মুলুকলৈ কেতিয়া হ'ল আৰু অসমৰ সামাজিক জীৱনত ইয়াৰ প্ৰয়োগ আৰু ফলাফলৰ বিষয়ে গৱেষণাৰ এটা হ' ব পাৰে নিশ্চয়!! 

একেবাৰে সাধাৰণ দৃষ্টিত সততে দৃষ্টিগোচৰ হোৱা এটা কাৰক হ'ল - এই #আংকল আৰু #আন্টিৰ আগমনে অসমৰ নগৰাঞ্চলক বাদ দিলেও গ্ৰামাঞ্চলতো ক্ৰমান্বয়ে "বৰদেউতা-বৰমা, মামা-মামী, পেহা-পেহী, খুড়া-খুড়ী, মহা-মাহী" ৰ দৰে আমাৰ আপোন আৰু একমাত্ৰ অসমীয়া ভাষাৰ একচেতীয়া অধিকাৰ থকা শব্দবোৰৰ গুৰুত্ব নতুন প্ৰজন্ম (নবৈ দশকত জন্মলাভ কৰা সকলক ধৰিব পাৰি)ৰ গৰিষ্ঠসংখ্যকৰ বাবে গুৰুত্বহীন কৰি পেলাইছে।

আজি যদি আপুনি বা মই "আমৈ আৰু তাৱৈ" শব্দ দুটাৰ ব্যৱহাৰ কৰোঁ, তেন্তে ৮০ শতাংশ নতুন প্ৰজন্মৰ বাবে যে,  
#তাৱৈ আৰু #আমৈ 
প্ৰকৃততে ভাতৰ লগত খোৱা বস্তু নে পিন্ধা বস্তু তাক লৈ প্ৰশ্ন উঠিব!! সেয়া নোকোৱাই ভাল হ'ব নিশ্চয়!!

ইমানৰ পিছতো মোৰ  #মাতৃভাষাটো হেৰাই যাব বুলি ভয় নালাগে। কাৰণ মাতৃৰ মুখৰপৰা শিকা অসমীয়া ভাষাটোক অন্তঃকৰণেৰে ভালপোৱা মানুহখিনিয়ে সদায় প্ৰয়োজনীয় সংশোধন আৰু সংবৰ্ধনেৰে ভাষাটোৰ প্ৰাসংগিকতা আৰু ঐতিহ্য বিশ্ববাসীৰ সন্মুখলৈ নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

দুখ লাগে এইবাবেই যে নতুন প্ৰজন্মক আপোন মাতৃভাষাটোৰ শুদ্ধকৈ শিক্ষা দিয়াত আমি কিয় বিফল হৈছো নিজৰ ৰাজ্যতে, সেই বিষয়ে সময়োপযোগী আলোচনা কৰি সময়োচিত পদক্ষেপ ল'বলৈ আমাৰ হাতত যে সময়ৰ বৰ অভাৱ।

আনহাতে চৰকাৰ আৰু প্ৰশাসনৰো কৰণীয়খিনি ৰাজনৈতিক লাভ-লোকচানতে আৱদ্ধ হৈ থকাত ভাষাৰ বিলৈ নহৈ পাৰেনে আৰু অসমত মুলুকত!!



(৭ ফেব্ৰুৱাৰী ২০২২/নৈশবাছ যাত্ৰাৰ সময়ত)

Saturday, 18 December 2021

বিষ্ণুপ্ৰসাদ ৰাভাৰ গদ্যৰ এক চমু আভাস

কেধাৰে গায়ক, চিত্ৰশিল্পী, অভিনেতা, বিপ্লৱী, সু-বক্তা, খেলুৱৈ, ব্যৱসায়ী ৰাজনীতিক আৰু সাহিত্যিক আছিল বিষ্ণুপ্ৰসাদ ৰাভা। এনে বহুধা বিভক্ত প্ৰতিভা অসমৰ সমাজ জীৱনত বিষ্ণপ্ৰসাদ ৰাভাৰ পৰৱৰ্তী সময়ত কোনো এজন ব্যক্তিৰ মাজত আমি আজি পৰ্যন্ত বিচাৰি পোৱা নাই। এইজন বিষ্ণুপ্ৰসাদ ৰাভাৰৰ ৰচনাৰাজিৰ ভাষাৰ বিষয়ে যোগেশ দাসে সঠিকভাৱেই মন্তব্য কৰিছে –

তেওঁ (বিষ্ণুপ্ৰসাদ ৰাভা) ৰ অসমীয়া লিখাৰ এটা বিশেষ শৈলী আছিল, কঠিন সংস্কৃতীয়া ভাষা যেনেকৈ প্ৰয়োগ কৰিছিল তেনেকৈ ঘৰুৱা মাত-কথা প্ৰয়োগ কৰিও ভাল পাইছিল, অসমীয়া গাঁৱলীয়া মানুহৰ মুখৰ ভাষা তেওঁ দক্ষতাৰে ব্যৱহাৰ কৰিছিল। শব্দ লৈ খেলা কৰিবলৈ তেওঁ বৰ ভাল পাইছিল, বহু সময়ত শব্দৰ ময়াজালত তেওঁ বন্দী হৈ ক'ৰবালৈ গৈ থাকিবলৈ ভাল পাইছিল। ভাষাৰ যাদুকৰী শক্তিৰে একোটা গ্ৰাম্য বা পৌৰাণিক পৰিৱেশ ফুটাই তোলাৰ দক্ষতা  তেওঁৰ আছিল। (বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ –প্ৰথম খণ্ড)

ৰাভাৰ ৰচনাৰ মাজেৰে প্ৰকাশ পোৱা গদ্যত আছিল ভাব আৰু অনুভূতিৰ স্পষ্টতা। যাৰ বাবে তেখেতে ৰচনাত বিভিন্ন অলংকাৰ, যোজনা, পটন্তৰ, খণ্ডবাক্য, জতুৱা ঠাঁচ, প্ৰতীক, চিত্ৰকলাৰ আদিৰ সফল প্ৰয়োগ কৰিছিল। ইয়াৰোপৰি তেখেতে গদ্যৰ বিষয়বস্তু বিভিন্ন যুক্তিৰ জৰিয়তে আৰু তথ্যসমূহৰ বিশ্লেষণ কৰিহে প্ৰতিষ্ঠা কৰাত গুৰুত্ব দিছিল। বিষ্ণপ্ৰসাদ ৰাভাৰ গদ্যৰ নিদৰ্শন হিচাপে তেখেতে তেজপুৰ সাহিত্য সভাত দিয়া ভাষণৰপৰা এটা অংশ তলত উদ্ধৃ কৰা হ'ল –

মানুহে মোক শিল্পী বুলি কয়। যদি মই শিল্পী হওঁ বিধাতাৰ আৰ্শীবাদত মই শিল্পী হোৱা নাই –ৰাইজৰ আশিসতহে মই শিল্পী হৈছোঁ। ৰাইজৰ হিয়া-কোঁহৰপৰা এটুপি এটুপি সুন্দৰৰ ৰহ বুটলি আনি মই মোৰ মন কোঁহত ভৰাই লওঁ। সেই মন-কোঁহকে ৰহ-ঘৰা মউ-কোঁহ ৰচি ভৰাই তাৰপৰা টোপাল টোপাল ৰহ নিভাৰি নিগৰি নিগৰি উলিয়াই ৰাইজক বিলাই দিওঁ। (বিষ্ণুপ্ৰসাদ ৰভা ৰচনা সম্ভাৰ - ২য় খণ্ড)

তেখেতৰ ব্যক্তিত্বত নিহিত হৈ থকা বিপ্লৱী সত্তাৰ আভাস থকা গদ্যৰ উদাহৰণ –

ধনন্ত্ৰবাদ –আইনৰ সহায় লৈ হাজাৰজনৰ ল'ৰা-ছোৱালীৰ মুখৰ ভাত কাঢ়ি আনি এজনৰ ল'ৰা-ছোৱালীৰ মুখৰ ভাত ভৰোৱা, হাজাৰজনৰ ল'ৰা-ছোৱালীৰ গাৰ কাপোৰ-কানি খহাই এজনৰ ল'ৰা-ছোৱালীক পিন্ধোৱা, হাজাৰজনৰ ঘৰ-বাৰী ভাঙি আনি এজনৰ ঘৰ-বাৰী সজোৱা, হাজাৰজনৰ আলিৰ সীমা ঠেলি নিজৰ সম্পত্তি বঢ়োৱা, হাজাৰজনক ফাকি দি (ঠগাই) নিজৰ ধন বেছি কৰা, বেছি ধনেৰে কাৰখানা পাতি কম দৰমহাত কুলি-কুলিয়নীক খটোৱা, কাৰখানাত বনোৱা বস্তু বেছি দামত বিক্ৰী কৰি বহু লাভ পোৱা এইবোৰ কৰা কয়দা-কৌশলৰ নীতিক ধনতন্ত্ৰবাদ বোলে। ধনীৰ হাততে চৰকাৰ, পুলিচ, মিলিটাৰী, আইন-আদালত, বজাৰ, কল-কাৰখানা আৰু সমাজ থাকে। (বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ –দ্বিতীয় খণ্ড)