অসম নামৰ ৰাজ্যখনৰ প্ৰায় কেইখন জিলাতে বৰ্তমান বানপানীৰ উৎসৱ চলি আছে..
কেৱল বানপানীৰ সময়তহে হিয়া ঢাকুৰা আমিবোৰে
ঘৰৰ কাষৰে নদীখনৰ মথাউৰিকেইটা ভালকৈ বন্ধোৱা হৈছে নে নাই? মথাউৰি নিৰ্মাণত বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰিছে নে কেৱল বালিৰ বস্তাৰে মথাউৰি নিৰ্মাণ সামৰিছে? মন্ত্ৰী, এমএলৰ ঘনিষ্ঠজনৰপৰা গাঁৱৰে চাব-কন্ট্ৰেক্ট পোৱা দদাইদেউ-খুৰাদেউ বা চিনাকী মানুহজনে মথাউৰিটো নিৰ্মাণ শেষ হোৱাৰ আগতেই কেনেকৈ নতুন গাড়ী এখন হঠাতে কিনিলে?
বানপানী নিৰ্মূলৰ কিবা বিজ্ঞানসন্মত পৰিকল্পনা ৰাজ্য চৰকাৰৰ বান নিয়ন্ত্ৰণ বিভাগৰ হাতত আছেনে? যদি নাই বিভাগটো কিয় আৰু কাৰ স্বাৰ্থত জীয়াই ৰখা হৈছে?
- ইত্যাদি ধৰণৰ প্ৰশ্নবোৰ মুখ খুলি দহজনৰ আগত ৰাজহুৱাকৈ কৰাৰ সাহস কৰিম গৈ নে কেতিয়াবা?? চৰকাৰ তথা প্ৰশাসনৰ মূৰব্বীসকলক কেতিয়াবা জবাবদিহি কৰিবলৈ শিকম নে বাৰু!!
বাকী বানপানীৰ অভিজ্ঞতাৰ কথা কিনো ক'ম!!!
৫ম শ্ৰেণীৰপৰা বানপানীৰ সৈতে সহাৱস্থান কৰাৰ অভিজ্ঞতাৰে অভিজ্ঞ হৈ একেবাৰে শিক্ষা লোৱাৰ অজুহাতত ঘৰৰপৰা উলাই অহাৰ দিনটোতো একাঠুঁ পানীৰ মাজেৰহে ঘৰৰপৰা উলাই আহিব লগা হৈছিল। দেউতাৰ সৈতে চাইকেলৰ হেণ্ডেলত বেগ এটাত দুটামান দৰকাৰী বয়বস্তু লৈ আহিব লগা হৈছিল বানপানীৰ মাজেৰে প্ৰায় ৫ কিলোমিটাৰমান। অলপ দূৰ নাৱেৰে আহি আকৌ অলপমান খোজকাঢ়িহে ৰাতিৰ নৈশবাছখন পাইছিলোহি।
সময় আগবঢ়াৰ লগে লগে বানপানীৰ প্ৰকোপ লাহে লাহে কমিল আমাৰ ঠাইবোৰত। তাৰ বিপৰীতে ৰাজ্যৰ নতুন নতুন ঠাইলৈ আনিক কেতিয়াও বানপানী নোহাৱা ঠাইখনলৈ কিন্তু বানপানীৰ প্ৰসাৰ বাঢ়িল।
কৃত্ৰিম হ'লেও বানপানীয়ে বৰ্তমান মোৰ ৰাজ্যৰ ৰাজধানীখনকো এৰা নিদিয়া হ'ল!!
কিন্তু ইমানৰ পিছতো আমি সাধাৰণ ৰাইজে বানপানীৰ সময়খিনিৰ বাহিৰে বাকী সময়ত নিৰ্লিপ্ত হৈ থকাতোৱে আমাৰ দায়িত্বহীনতাকে প্ৰতিপন্ন নকৰেনে বাৰু!!
(২০ জুন ২০২২/সৰভোগ,বৰপেটা)



