Thursday, 1 December 2022

NDTV, ৰবীশ কুমাৰৰ পদত্যাগ etc.



ৰবীশ কুমাৰৰ NDTVৰ পৰা পদত্যাগ

          তি শেহতীয়াভাৱে কালি নিশা খবৰটোৱে সম্পূৰ্ণতা পালে যে, ৰবীশ কুমাৰে NDTV নামৰ বাতৰি সংস্থাটোৰপৰা পদত্যাগ কৰিলে। এনডিটিভিৰ প্ৰতিষ্ঠাপকে লোৱা ঋণ সময় মতে পৰিশোধ কৰিব নেৱাৰাৰ বাবেই ভাৰতবৰ্ষৰ আটাইতকৈ ধনাঢ্য ব্যক্তি গৌতম আদানী নামৰ ব্যক্তিজনে সংস্থাটোৰ গৰিষ্ঠসংখ্যক ছেয়াৰ কিনাৰ প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ দিনাই বু বু বা বা আৰম্ভ হৈছিল যে দেশৰ অন্যতম চৰ্চিত সাংবাদিক ৰবীশ কুমাৰৰ এনডিটিভিৰপৰা বিদায় লোৱাৰ সময় সমাগত আৰু সেয়াই শেষত কালি ৰাতি বাস্তবায়িত হ'ল।

৯ বজাৰ প্ৰাইম টাইমত ৰাজনীতি বা ধৰ্ম বিষয়ক অযথা বিতৰ্ক আৰু চৰকাৰ বন্দনাৰ সলনি চৰকাৰ তথা শাসন-যন্ত্ৰৰ ভুল আৰু আসোঁৱাহবোৰ যুক্তিনিষ্ঠতাৰে বিশ্লেষণ কৰি বলিষ্ঠভাৱে জনসাধাৰণৰ সন্মুখত তুলি ধৰাৰ উপৰিও কেৱল সমাজ জীৱনৰ সমস্যাবোৰৰ সমাধান সূত্ৰৰ সন্ধান কৰি থকা ৰবীশ কুমাৰ নামৰ এই ব্যক্তিজন জানো আজিৰ সময়ৰ ভাৰতবৰ্ষৰ প্ৰকৃত সাংবাদিক হ'ব পাৰে। তাতে তেখেত আটাইতকৈ বেছি চৰ্চিত সাংবাদিক হোৱাটোও বহুতৰ বাবে মূৰৰ কামোৰণি সদৃশ হৈ পৰিছিল। 

নিজৰ প্ৰাইম টাইম বাতৰিৰ উপৰিও যিকোনো ৰাজহুৱা বক্তৃতানুষ্ঠানতো দেশৰ সাধাৰণ জনতাক টিভি চোৱা বন্ধ কৰিবলৈ কোৱা সাংবাদিক হয়তো ভাৰতবৰ্ষত ৰবীশ কুমাৰৰ বাহিৰে দ্বিতীয় এজন নোলাব ভৱিষ্যতেও। যি সময়ত দুটামান বাতৰি সংস্থাত বাতৰিৰ প্ৰচাৰৰ নামত নিৰ্দিষ্ট কাৰোবাৰ আঙুলিৰ নিৰ্দেশত অভিনয়ৰ দৰে চং-বাজিৰ যি এক উচ্চস্তৰীয় পৰিক্ৰমা আৰম্ভ হৈছিল, তেনে সময়তে ৰাতি ৯ বজাত একেই শান্ত সমাহিত গহীন গম্ভীৰ কন্ঠস্বৰেৰে ৰবীশ কুমাৰে তেখেৰ শ্ৰোতা দৰ্শকক দেশৰ চৌপাশে সংঘটিত হৈ থকা সমস্যাৰাজিৰ প্ৰকৃত কাৰণবোৰ বিশ্লেষণ কৰি বুজোৱাৰ চেষ্টা কৰিছিল।


কেৱল টিআৰপি নামৰ বিশেষ ব্যাধিটোৰ বাবেই দেশৰ গৰিষ্ঠসংখ্যক বাতৰি সম্প্ৰচাৰ সংস্থাই যি সময়ত সাংবাদিকতাৰ সকলো নিয়ম-কানুন ধোঁৱা চাঙত তুলিছিল, সেই সময়তো ৰবীশ কুমাৰ আছিল নিজৰ আদৰ্শত অটল। যাৰ বাবে নিজকে 'জিৰ টিআৰপি সাংবাদিক' বুলিও নিজেই ব্যঙ্গ কৰিছিল।

যি সময়ত দেশৰ বহুকেইজন নবীন-প্ৰবীণ সাংবাদিকে ইতিমধ্যেই কাৰোবাৰ আঙুলিৰ ঠাঁৰত কাম কৰাৰ সলনি নিজাববীয়াকৈ ইউটিউব চেনেল আৰম্ভ কৰি আৰু সামাজিক যোগাযোগ মাধ্যমৰ জৰিয়তে স্বাধীনভাৱে সাংবাদিকতা চলাই নিছে, সেই সময়ত মূল সুঁতিৰ সংবাদ মাধ্যমত NDTVৰ জৰিয়তে তেওঁলোকক ইমানদিনে যেন প্ৰতিনিধিত্ব কৰিছিল ৰবীশ কুমাৰে। 

কিন্তু  নিজৰ ভৱিষ্যতৰ বিষয়ে পূৰ্বানুমান কৰিয়েই হয়তো ইতিমধ্যে সমাজিক যোগাযোগ মাধ্যমত সক্ৰিয় ৰবীশ কুমাৰে যোৱা ৪ অক্টোবৰ ২০২২ তাৰিখে নিজৰ ইউটিউব চেনেল এটাও আৰম্ভ কৰিছিল। কাৰিকৰী দিশত যে তেখেত ইমান পাৰদৰ্শী নহয় সেয়া তেখেতৰ ইউটিউব চেনেল প্ৰত্যক্ষ কৰা দৰ্শকসকলে নিশ্চয় ইতিমধ্যে গম পাইছে। সময়ৰ লগে লগে তেখেত এই দিশতো পাৰ্গত হৈ উঠাৰ লগতে আগতকৈ অধিক সৱল আৰু শক্তিশালী ৰূপত সাধাৰণ দৰ্শকৰ সন্মুখত উপস্থিত হ'ব বুলি আজি আমি আশা কৰিব পাৰোঁ।


(১ ডিচেম্বৰ ২০২২/সৰভোগ)

Monday, 17 October 2022

জীৱনৰ বাৰে-বাংকৰা

চৌপাশৰ তৰ্ক-বিতৰ্কবোৰৰপৰা আঁতৰি কেতিয়াবা নিজৰ মাজতো বিচৰণ কৰিবলৈ কাৰনো মন নাযায়!!

ৰাতিপুৱাৰ চাহকাপৰ আড্ডাৰপৰা ৰাতি বিছনাত পৰি সামাজিক মাধ্যম নতুবা দূৰদৰ্শন, ইউটিউবৰ বাতৰিলৈকে সকলোবোৰচোন আমাৰ দেশত ৰাজনীতিৰ সৈতে সংপৃক্ত হৈ পৰিছে ক্ৰমান্বয়ে!

নিৰপেক্ষতা আৰু যুক্তিনিষ্ঠতাৰ স্থান যেন পাৰিপাৰ্শ্বিকতাৰপৰা ক্ৰমে লুপ্তপ্ৰায় হোৱাৰ উপক্ৰম ঘটিছে।

দেশৰ চৰকাৰী কাম-কাজক লৈ কিবা এটা ইতিবাচক ব্যক্তিগত মন্তব্য দিলেই আপুনি চৰকাৰৰ মানুহ হৈ পৰে। আকৌ নেতিবাচক সত্যটো প্ৰকাশ কৰিলেই আপুনি বিৰোধী পক্ষৰ মানুহ হোৱাতো খাটাং।

তাৰ মাজতে সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনতো বৰ্তমান চলিছে লবীৰ খেল। শিল্প-সাহিত্যই সমাজৰ কথা নক'লেও আপোনাৰ মোৰ একো অনিষ্ট নহয়। মাত্ৰ মোৰ মতৰ সৈতে মিলা কথা ক'লেও তেখেতৰ ৰচনা উৎকৃষ্ট। মোৰ আদৰ্শ বা মতৰ লগত নিমিলা শিল্প-সাহিত্যৰ স্ৰষ্টাজনৰ ৰচনা কোনোপধ্যেই ভাল হ'ব নোৱাৰে, তাত কোনো দ্বিমত থাকিব নোৱাৰে আজিৰ সময়ত।

মুঠতে কি ৰাজনীতি, কি সমাজনীতি, কি সাহিত্য-সংস্কৃতি সকলোতে নিজৰ সমৰ্থক বা গুণমুগ্ধ সৃষ্টিৰ এক অবিৰত আৰু দৃষ্টিনন্দন প্ৰতিযোগিতা!! 

সমাজ জীৱনৰপৰা সত্যতাৰপৰা পলায়নৰ বাবে ইয়াতকৈ ভাল কিবা কাৰকৰ প্ৰয়োজন আছে নে বাৰু আমাক!!

য়ুভাল নোৱা হাৰাৰিৰ ভাষাৰে ক'বলৈ গ'লে - আমি নিজে সৃষ্টি কৰা আখ্যানৰ পকনীয়াত পৰি থাউনি নোপোৱা হৈ আহিছো ক্ৰমান্বয়ে।

(সৰভোগ, ১৭ অক্টোবৰ ২০২২)

Thursday, 21 July 2022

Tea-Tribes of Assam, মইনা নায়ক আৰু কিছু বিক্ষিপ্ত চিন্তা

মাকান্ত শৰ্মাৰ উপন্যাস এজাক মানুহ এখন অৰণ্যত চাহ বাগিচাত কাম কৰি নিজৰ জীৱন-যাপনৰ স্তৰ উন্নত কৰাৰ সপোন দুচকুত আঁকি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা এচাম শোষিত নিষ্পেষিত মানুহে অসমলৈ আহি কিদৰে ব্ৰিটিছ শাসন যন্ত্ৰৰ কেকোঁৰা চেপাত জীৱন পাত কৰিছিল.. অসমৰ জাতীয় জীৱনৰ সৈতে তেওঁলোক লাহে লাহে কিদৰে একাত্ম হৈ পৰিছিল.. ইত্যাদি চাহ বাগিচাৰ জনজীৱনৰ এক জীৱন্ত বৰ্ণনা পোৱা যায়।

আনহাতে চাহ বাগিচাৰ জীৱনৰে আধাৰত ৰচনা কৰা বিৰিঞ্চি কুমাৰ বৰুৱাৰ উপন্যাস সেউজী পাতৰ কাহিনী নপঢ়া ব্যক্তি হয়তো অসম মুলুকত খুব কমেই আছে। 

হয়, বহু পানী লুইতৰ বুকুৱেদি বৈ গ'ল।পৰিৱৰ্তনৰ বতাহে সকলোকে নতুনত্বৰ সোৱাদ দি থৈ গ' ল দেশৰ স্বাধীনতাৰ পৰৱৰ্তী সময়ৰে পৰা। কিন্তু অসমৰ চাহ বাগিচাৰ ভিতৰ চ'ৰাৰ খবৰ ৰখা সকলে জানে বাগানৰ বস্তিবোৰ তথা কুলী লাইনবোৰৰ অৱস্থাৰ পৰিৱৰ্তন বৰ বিশেষ হোৱা নাই.. ব্ৰিটিছ ঔপনিৱেশিক কালৰপৰা একবিংশ শতিকালৈকে হোৱা পৰিৱৰ্তনৰ প্ৰেক্ষাপটত চাহবাগিচাৰ বনুৱাসকলৰ অনুন্নত আৰ্থ-সামাজিক দিশ, শিক্ষা-খোৱাপানীৰ সমস্যা ইত্যাদিৰ প্ৰসংগবোৰে মাজে-মধ্যে মূৰ দাঙি উঠে। কিন্তু সমস্যাৰ সমাধান সূত্ৰৰ সম্ভাৱনীয়তা কিন্তু বাতৰি-কাকত, আলোচনী, বক্তৃতানুষ্ঠান কিম্বা নিৰ্বাচনী ঘোষণাপত্ৰতে সীমাবদ্ধ হৈ থাকে সদায়..

স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱ তথা দেশৰ অমৃত কাল চলি আছে বৰ্তমান। কিন্তু অসমৰ চাহ বনুৱাসকলৰ জীৱন পৰিক্ৰমালৈ সেই অমৃত কাল কিমানখিনি আহিছে সেয়া অসমৰ চাহবাগিচাৰ কুলী লাইনবোৰত এবাৰ চকু ফুৰালেই স্পষ্ট হৈ পৰিব।

এনে এক ধাৰাবাহিকতাৰে পৰিণতি মইনা নায়কৰ বৰ্তমান অৱস্থা। আজিৰ দ্ৰুত অনলাইন যোগাযোগ ব্যৱস্থা আৰু সামাজিক মাধ্যমৰ দ্ৰুততাৰ বাবে মইনা নায়কৰ খবৰটো সকলোৱে পাইছে প্ৰায় লগে লগেই। কিন্তু চাহবাগিচাবোৰত এনে বহু মইনা নায়কৰ মৃত্যু হৈ আছে অতীজৰেপৰা। বিভিন্ন ধৰণেৰে এনে বাতৰিবোৰ লোকচক্ষুৰ পৰা আঁতৰাই ৰখা হয়। তদুপৰি বাতৰি কাকতৰ কোনোবা এটা চুকত প্ৰকাশিত কোনোবা বাগানৰ বনুৱা তথা কুলীৰ মৃত্যুৰ বাতৰিয়ে তথাকথিত পঢ়ুৱৈ সমাজৰ কেইজনকনো চিন্তিত বা সচেতন কৰি তুলিবলৈ সক্ষম!! কাৰণ চাহবাগিচাৰ বনুৱা তথা আদিবাসী সম্প্ৰদায়ৰ লোকসকলক অসমীয়া সমাজৰে এজন বুলি ভাবিব পৰাকৈ আমাৰ মাজৰ কিমানজন এতিয়াও মানসিকভাৱে সক্ষম হৈছো সেইটোও এটা দৰকাৰী প্ৰশ্ন হ'ব পাৰে আজিৰ প্ৰেক্ষাপটত!!

মইনা নায়কৰ বৰ্তমান ঘটনাটোত সমস্বৰে মাত মতা আৰু চাহবাগিচাত কাম কৰা আদিবাসীসকলক সচাঁ অন্তৰেৰে আমাৰে আপোন সহোদৰ বুলি আকোঁৱালি লোৱাৰ মাজত আছে এক বিস্তৰ ব্যৱধান।

কাৰণ আজিও অসমৰ বিভিন্ন স্থানত কাৰোবাৰ ঘৰলৈ কাম কৰাৰ বাবে অন্য অজুহাত চাহবাগিচাৰ বনুৱা এজন আহিলে পিৰালিত নতুবা বাহিৰৰ পিছচোতাল কিম্বা বাৰাণ্ডাতে বহি খাবলৈ দিয়া পাত্ৰ কেইটা সততে সুকীয়া হোৱাৰ লগতে সেইকেইটা নিৰ্দিষ্ট বনুৱাজনে বা জনীয়ে ধুই থৈ যোৱাৰ দস্তুৰ নিজৰ চকুৰে প্ৰত্যক্ষ কৰাৰ উপৰিও বন্ধু-বান্ধৱৰ মুখৰ পৰাও শুনা পাওঁ। গতিকে এনেধৰণৰ মানসিকতা সমুলঞ্চে শেষ নোহোৱালৈকে মইনা নায়কৰ দৰে ঘটনাই খন্তেকীয়া আৱেগ সৃষ্টি কৰাৰ পৰিৱৰ্তে আদিবাসী সমাজলৈ বিশেষ পৰিৱৰ্তন নানে যে সেয়া খাটাং।

(২১ জুলাই ২০২২/ধেমাজি, মাছখোৱা)