Thursday, 1 December 2022

NDTV, ৰবীশ কুমাৰৰ পদত্যাগ etc.



ৰবীশ কুমাৰৰ NDTVৰ পৰা পদত্যাগ

          তি শেহতীয়াভাৱে কালি নিশা খবৰটোৱে সম্পূৰ্ণতা পালে যে, ৰবীশ কুমাৰে NDTV নামৰ বাতৰি সংস্থাটোৰপৰা পদত্যাগ কৰিলে। এনডিটিভিৰ প্ৰতিষ্ঠাপকে লোৱা ঋণ সময় মতে পৰিশোধ কৰিব নেৱাৰাৰ বাবেই ভাৰতবৰ্ষৰ আটাইতকৈ ধনাঢ্য ব্যক্তি গৌতম আদানী নামৰ ব্যক্তিজনে সংস্থাটোৰ গৰিষ্ঠসংখ্যক ছেয়াৰ কিনাৰ প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ দিনাই বু বু বা বা আৰম্ভ হৈছিল যে দেশৰ অন্যতম চৰ্চিত সাংবাদিক ৰবীশ কুমাৰৰ এনডিটিভিৰপৰা বিদায় লোৱাৰ সময় সমাগত আৰু সেয়াই শেষত কালি ৰাতি বাস্তবায়িত হ'ল।

৯ বজাৰ প্ৰাইম টাইমত ৰাজনীতি বা ধৰ্ম বিষয়ক অযথা বিতৰ্ক আৰু চৰকাৰ বন্দনাৰ সলনি চৰকাৰ তথা শাসন-যন্ত্ৰৰ ভুল আৰু আসোঁৱাহবোৰ যুক্তিনিষ্ঠতাৰে বিশ্লেষণ কৰি বলিষ্ঠভাৱে জনসাধাৰণৰ সন্মুখত তুলি ধৰাৰ উপৰিও কেৱল সমাজ জীৱনৰ সমস্যাবোৰৰ সমাধান সূত্ৰৰ সন্ধান কৰি থকা ৰবীশ কুমাৰ নামৰ এই ব্যক্তিজন জানো আজিৰ সময়ৰ ভাৰতবৰ্ষৰ প্ৰকৃত সাংবাদিক হ'ব পাৰে। তাতে তেখেত আটাইতকৈ বেছি চৰ্চিত সাংবাদিক হোৱাটোও বহুতৰ বাবে মূৰৰ কামোৰণি সদৃশ হৈ পৰিছিল। 

নিজৰ প্ৰাইম টাইম বাতৰিৰ উপৰিও যিকোনো ৰাজহুৱা বক্তৃতানুষ্ঠানতো দেশৰ সাধাৰণ জনতাক টিভি চোৱা বন্ধ কৰিবলৈ কোৱা সাংবাদিক হয়তো ভাৰতবৰ্ষত ৰবীশ কুমাৰৰ বাহিৰে দ্বিতীয় এজন নোলাব ভৱিষ্যতেও। যি সময়ত দুটামান বাতৰি সংস্থাত বাতৰিৰ প্ৰচাৰৰ নামত নিৰ্দিষ্ট কাৰোবাৰ আঙুলিৰ নিৰ্দেশত অভিনয়ৰ দৰে চং-বাজিৰ যি এক উচ্চস্তৰীয় পৰিক্ৰমা আৰম্ভ হৈছিল, তেনে সময়তে ৰাতি ৯ বজাত একেই শান্ত সমাহিত গহীন গম্ভীৰ কন্ঠস্বৰেৰে ৰবীশ কুমাৰে তেখেৰ শ্ৰোতা দৰ্শকক দেশৰ চৌপাশে সংঘটিত হৈ থকা সমস্যাৰাজিৰ প্ৰকৃত কাৰণবোৰ বিশ্লেষণ কৰি বুজোৱাৰ চেষ্টা কৰিছিল।


কেৱল টিআৰপি নামৰ বিশেষ ব্যাধিটোৰ বাবেই দেশৰ গৰিষ্ঠসংখ্যক বাতৰি সম্প্ৰচাৰ সংস্থাই যি সময়ত সাংবাদিকতাৰ সকলো নিয়ম-কানুন ধোঁৱা চাঙত তুলিছিল, সেই সময়তো ৰবীশ কুমাৰ আছিল নিজৰ আদৰ্শত অটল। যাৰ বাবে নিজকে 'জিৰ টিআৰপি সাংবাদিক' বুলিও নিজেই ব্যঙ্গ কৰিছিল।

যি সময়ত দেশৰ বহুকেইজন নবীন-প্ৰবীণ সাংবাদিকে ইতিমধ্যেই কাৰোবাৰ আঙুলিৰ ঠাঁৰত কাম কৰাৰ সলনি নিজাববীয়াকৈ ইউটিউব চেনেল আৰম্ভ কৰি আৰু সামাজিক যোগাযোগ মাধ্যমৰ জৰিয়তে স্বাধীনভাৱে সাংবাদিকতা চলাই নিছে, সেই সময়ত মূল সুঁতিৰ সংবাদ মাধ্যমত NDTVৰ জৰিয়তে তেওঁলোকক ইমানদিনে যেন প্ৰতিনিধিত্ব কৰিছিল ৰবীশ কুমাৰে। 

কিন্তু  নিজৰ ভৱিষ্যতৰ বিষয়ে পূৰ্বানুমান কৰিয়েই হয়তো ইতিমধ্যে সমাজিক যোগাযোগ মাধ্যমত সক্ৰিয় ৰবীশ কুমাৰে যোৱা ৪ অক্টোবৰ ২০২২ তাৰিখে নিজৰ ইউটিউব চেনেল এটাও আৰম্ভ কৰিছিল। কাৰিকৰী দিশত যে তেখেত ইমান পাৰদৰ্শী নহয় সেয়া তেখেতৰ ইউটিউব চেনেল প্ৰত্যক্ষ কৰা দৰ্শকসকলে নিশ্চয় ইতিমধ্যে গম পাইছে। সময়ৰ লগে লগে তেখেত এই দিশতো পাৰ্গত হৈ উঠাৰ লগতে আগতকৈ অধিক সৱল আৰু শক্তিশালী ৰূপত সাধাৰণ দৰ্শকৰ সন্মুখত উপস্থিত হ'ব বুলি আজি আমি আশা কৰিব পাৰোঁ।


(১ ডিচেম্বৰ ২০২২/সৰভোগ)

No comments:

Post a Comment