Thursday, 22 December 2022

শৈশৱৰ আঘোণক বিচাৰি যোৱাৰ হাবিয়াহ..

শৈশৱৰ আঘোণ তোক বিচাৰি পাম নে মই!

সমৰ বায়ু, পানী, মাটিৰ পৰা কৰ্তব্যৰ তাগিদাত আঁতৰি থকা বান্ধৱী এজনীয়ে হঠাৎ এদিন ফোন কৰি জনালে যে, তাইৰ বোলে আঘোণৰ পকা ধাননিডৰাত লুকা ভাকু খেলিবলৈ মন গৈছে। মইও পুলকিত হলোঁ অজানিতে। কৰ্তব্যৰ তাগিদাত আঘোণৰ ধাননিত ভৰি দিবলৈ ময়ো যে ঘৰৰ পৰা বহু আঁতৰত। বান্ধৱীলৈ মনৰ অনুভৱখিনি লগে লগেই মেচেজ এটা কৰি পঠিয়ালোঁ (প্ৰযুক্তিবিদ্যাৰ কৃপাত চিঠি এখন লিখাৰ প্ৰয়োজন নহল)

        আঘোণৰ ধাননিডৰাই মোক হাত বাউলি মাতিছে

        পথাৰত এৰি যোৱা নৰানিত বাগৰি আকৌ লুকা ভাকু খেলিবলৈ বৰ মন গৈছে।

সোঁৱৰণিৰ সতে অনুভৱী মনটো আন্দোলিত হৈ উঠিছে

ধানপাত আৰু নৰাই কটা ভৰি-হাতত গধূলি মাই গৰম পানীৰে ধুৱাই দিওঁতে

চেক্ চেক কৰে ধৰোতে মৰা চিঞৰটোৰে।

কুঁৱলী পৰা পুৱাটোৰ বগা চাদৰখনত লুকাই পৰি

অজানা দেশলৈ যাবলৈ যে মন গৈছিল সেই তেতিয়াই

জুহালৰ গুৰিত বহি আইতাৰ সতে পতা কথাবোৰ

আইতাৰ সোঁৱৰণিবোৰে ৰোমাঞ্চিত কৰি তোলা মনটো

আজি ক’ত পাৰা-পাৰ বিচাৰি ভ্ৰমিছে বাৰু নিজৰ অজানিতে

বাস্তৱৰ লগত যে কিয় মিতিৰালি পাতিব পৰা নাই

ব্যস্ত জীৱনতো মনে বিচাৰে যুক্তিৰ আচ্ছাদন..

মেচেজটো দি উঠিয়েই মনটোচোন কোনোবাখিনি পালেগৈ মনটোৱে মোক কৈ উঠিল, তাৰ স্মৃতিকাতৰতাক শব্দৰ জালেৰে মেৰিয়াই ধৰি আঘোণৰ পথাৰত স্মৃতিৰ সফুঁৰা মেলি ধৰিলে মনটোৱে তাৰ স্বচ্ছন্দতাৰে

আঘোণৰ পথাৰত মাহঁতে ধান দাই থাকোতে কৰা নিৰ্দোষ ধেমালিবোৰ আকৌ কৰিবলৈ মন গৈছেতেতিয়া মাক ধান দাওঁতে কৰা আমনিবোৰ যেন আকৌ এবাৰ কৰিম মাৰপৰা শুনা মৰমৰ গালিবোৰ আকৌ শুনিবলৈকে যে কাণ উনাই ৰৈছো মই। পথাৰৰ আলিয়েদি দৌৰি ফুৰোতে খোপনি হেৰুৱাই পকা ধাননিত পৰি গৈ দুটামান বাগৰ দোঁ খাই থকা সোণবৰণীয়া গুটি ধানবোৰৰ ওপৰতে বেছিকৈ মাৰিবলৈ মন গৈছে। সেইদৰে কৰি পোৱা আনন্দখিনিৰ ভাগ মই যে কাকো দিবলৈ ৰাজি নহয়। নৰা আৰু ধানৰ ওপৰত বাগৰোতে, তলে ওপৰে লুকা ভাকু খেলোতে ধান পাত আৰু নৰাই হাত ভৰি আৰু মুখত কাটি চিট্ চিটোৱাৰ মাদকতা এতিয়া জানো ঘূৰাই পাম। শৈশৱ অতিক্ৰমি কৈশোৰত ভৰি থলো আৰু ক'ব নোৱাৰাকৈয়ে যৌৱনৰ সোণালী সোঁৱৰণীতহে মাথোন ৰৈছেগৈ স্মৃতিৰে পৰিপূৰ্ণ ভঁৰালটি। যাক জীৱনজোৰা সাধনাৰেও মই ঘূৰাই নাপাওঁ, তেতিয়াৰ মইটোৱে পোৱাৰ অনুৰূপে। শিক্ষা তথা জীৱনৰ জটিলতাত ঘৰৰপৰা আঁতৰি থাকি হেৰুৱাইছো গাঁৱৰ মাটিৰে সাঙুৰ খাই পৰা আপোনজনৰ আদৰ, মৰম মিহলি মাটিৰ গোন্ধটো। যিটো গোন্ধ মোৰ মনৰ মাজত প্ৰতিপালিত হয় আলফুলে, খুব সযতনে। এইমাত্ৰ মই যেন নিভাঁজ গোন্ধটো বুকুত সামৰি পকা ধাননিডৰাত আঘোণৰ পথাৰত বাগৰ এটা মাৰিমগৈ।

মামাহঁতে কঢ়িয়াই অনা ডাঙৰিৰপৰা সৰি পৰা ধানবোৰ জানো বুটলি পেন্টৰ জেপত আকৌ ভৰাবলৈ পাম জানো কেতিয়াবা! মাক আব্দাৰ ধৰি জেওৰা এডালৰ আনটো মূৰ কেতিয়াবা জোঙালি লৈ কেতিয়াবা জোঙালি নোলোৱাকৈয়ে চাৰিটাৰ পৰা ছটা মুঠি কেকোজোকোকৈ কঢ়িয়াই আনি প্ৰদৰ্শন কৰা বীৰত্বপূৰ্ণ কাৰ্য অন্য যিকোনো দুঃসাহসিক কাৰ্যৰ তুলনাত আজিও গৌণ হৈ পৰে। ডাঙৰ হোৱাৰ যি চিৰন্তন গোপন হাবিয়াস (দেউতা, মামাহঁতৰ দৰে) সেই সময়ত মনৰ মাজত সংগোপনে ৰাখিছিলো, তেনে কোনো অনুভৱৰ সাৰ্থকতা আজি বিচাৰি চলাথ কৰিলেও মই নাপাওঁ। দিনটো পথাৰৰ আলিয়ে আলিয়ে দৌৰা দৌৰি, নৰানিৰ মাজত লুকা-ভাকু খেলি আৰু কান্ধত কঢ়িয়াই অনা চাৰি বা ছয় মুঠিৰ ডাঙৰিৰ ভৰে চকুলৈ টোপনি মাতি আনে মাই গৰম পানীৰে ভৰি-হাতকেইটা ধুৱাই দিয়াৰ সময়তে। নৰানি, ধাননিৰ মাজত লুকা-ভাকু খেলাৰ আচল আনন্দ পাওঁ এইকণ সময়তে। ধান পাতে কটা ঠাইবোৰত পানী লাগোতে চেক্ চেকাই উঠোতে চিঁঞৰটোও আপোনা আপোনি উলাই আহে ক’ব নোৱাৰাকৈয়ে। টোপনিৰ কোলাত আশ্ৰয় লওঁ কেতিয়াবা দুগৰাহমান ভাত মাৰ হাতেৰে খায়, কেতিয়াবা নোখোৱাকৈয়ে। টোপনিতে আকৌ দৌৰি ফুৰো অন্য এখন পথাৰত। পুৱা উঠিয়েই বিচনাতে লগা ভোকটোৰ বাবে কেতিয়াবা খাব লগা হয় আলু পিটিকাৰে ধোঁৱাই থকা ভাত। সেই সময়বোৰত ইমান নিজক লৈ ব্যস্ত থাকো যে মাৰ সময়ৰ প্ৰতি, কাম-কাজৰ প্ৰতি কাণসাৰেই নাথাকে। গধূলি ভৰি-হাত ধোঁৱাওতে পথাৰলৈ আৰু নাযাওঁ বুলি শপত খালেও মাই কাচিখনলৈ পথাৰলৈ যাবৰ কাৰণে সাজু হ’ল কি নহ’ল, মই গৈ পথাৰত হাজিৰ আগতীয়াকৈ। আইতাই সাধু শুনাবলৈ মাতিলেও গধূলি জুহালত বহি শুনাৰ বন্দোবস্তিৰে মাৰ পিছ লওঁ কোনোবাদিনা। প্ৰথমে চাদৰ এখনেৰে ছাঁ কৰি দিয়া নৰাৰ ওপৰতে শান্ত-শিষ্ট হৈ বহাৰ অভিনয় আৰু ইটো সিটো সুধি মাক ব্যতিব্যস্ত কৰি ক্ৰমে মইও ব্যস্ত হৈ পৰোঁ মোৰ নিজৰ দৈনন্দিন কৰ্মসূচীখনত।

কিন্তু আজি মই ক’ত বিচাৰি পাম তোক মোৰ শৈশৱৰ আঘোণ!

ক্ৰমান্বয়ে যেন আঘোণ হেৰাই গৈছে তথাকথিত আধুনিক ব্যস্ততাৰ মাজত!

সময়ৰ গতিত আধুনিক বেশ-ভূষাৰে আঘোণৰ ব্যস্ততাভৰা মাদকতাময় সময়বোৰ

হৈ পৰিছ নেকি গতানুগতিকতাৰ নামান্তৰ মাথোন!!

*********


Tuesday, 20 December 2022

অসমীয়া ভাষাৰ কালিকা

 


সমীয়া ভাষাত প্ৰায় একধৰণেৰে উচ্চাৰিত যেন লগা কিন্তু নামমাত্ৰ পাৰ্থক্যখিনি ভালদৰে লক্ষ্য নকৰিলে স্পষ্টকৈ দেখা নোপোৱা, ভিন্ন অৰ্থ প্ৰকাশ কৰা দুটামান শব্দ তলত উল্লেখ কৰা ধৰণৰ -

Ø প্রসাদ - বিতৰণ কৰা নৈবেদ্য; অনুগ্রহ।

Ø প্রাসাদ - অট্টালিকা

 

Ø সহচাৰী - লগত যোৱা লোক।

Ø সহচৰী - লগত যোৱা স্ত্রী; পত্নী।

 

Ø ৰাজপ্ৰসাদ - ৰজাঘৰৰ অনুগ্রহ।

Ø ৰাজপ্রাসাদ - ৰজা থকা অট্টালিকা।

 

Ø অনুদিত - যিহৰ উদয় হোৱা নাই ।

Ø অনূদিত - যিটো অনুবাদ কৰা

 

Ø পুৰা - চাৰি বিঘা (মাটি); প্ৰায় দহ কিঃ গ্ৰাঃ পৰিমাণ (ধান)।

Ø পূৰা - পূৰ্ণ কৰ।

 

Ø কুট - সৰু সৰুকৈ কাট।

Ø কূট - কপটতাযুক্ত।

 

Ø সূত - ৰথৰ সাৰথি; হিন্দু  সম্প্রদায় বিশেষ; জন্ম হোৱা

Ø সুত - পুত্ৰ; ঋণৰ বাবদ দিব লগা ওপৰঞ্চি ধন।

 

Ø কুল -বংশ।

Ø কুল - নৈৰ দাঁতি।

 

Ø পুৰ - নগৰ।

Ø পূৰ  - পূৰ্ণ ।

 

Ø চটা - চেপেটা বস্তু (যেনে - এচটা কামী)।

Ø ছটা - পোহৰৰ জিলিকনি।

 

Ø চন - বছৰ।

Ø ছন - খেতি নকৰাকৈ পৰি থকা (মাটি)।

 

Ø চল - সুযোগ-সুবিধা।

Ø ছল - প্ৰতাৰণা কৰ।

 

Ø চলি - কাঠৰ সৰু চেপেটা খণ্ড

Ø ছলি - ল'ৰা-ছোৱালী।

 

Ø চাট - আঘাত; গৰুবিহুত গৰুৰ গাত মাৰিবলৈ বেঙেনা, কেৰেলা আদিৰ টুকুৰা সী লোৱা বাঁহৰ শলা ।

Ø ছাট - ঢাকি ধৰ।

 

Ø চান্দ - কোনো কাৰ্য কৰিবলৈ সুবিধা বিচাৰ ।

Ø ছান্দ - মেৰিয়াই বান্ধ ৷

 

Ø চাপ - হেঁচা।

Ø ছাপ - সাঁচ; মোহৰ

 

Ø চাৰ - আগবঢ়া; বেছি।

Ø ছাৰ - ঊর্ধ্বতন বিষয়া বা শিক্ষকক কৰা সম্বোধন

 

Ø চাৰি - দুইৰ দুগুণ।

Ø ছাৰি - এৰি ; সলনি।

 

Ø চাল - ঘৰৰ ওপৰৰ আচ্ছাদন; কৌশল।

Ø ছাল - গাৰ বাকলি ৷

 

Ø চালি - এচলীয়া ঘৰ; ৰা চৰাইৰ মেলা পাখি।

Ø ছালি - তামোলৰ লগত খোৱা এবিধ লতাৰ ছাল।

 

Ø চিতা - শৱদাহ কৰিবলৈ সজা মেজি ৷

Ø ছিটা - গাত লগোৱা বসন্ত ৰোগৰ প্ৰতিষেধক।

 

Ø চিৰা - এবিধ জলপান।

Ø ছিৰা - মাহৰ ছেঁই; ঠেক আৰু দীঘলকৈ ফলা খণ্ড।

 

Ø চিৰি - 'শ্রী' শব্দৰ কোমল ৰূপ ।

Ø ছিৰি - তাঁতশালৰ সঁজুলি বিশেষ; খটখটি; ছিৰি - লো।

 

Ø চুটি - দীঘল নোহোৱা।

Ø ছুটী - কামৰপৰা অৱসৰ ।

 

 

Ø চেক - চেকা।

Ø ছেক - ছেকনীৰে সৰকাই পৰিষ্কাৰ কৰ।

 

Ø চেৰা - পনীয়া শৌচ কৰ; পাৰ হৈ যা ।

Ø ছেৰা - এৰি যোৱা (যেনেঃ ছেৰা বোটল)।

 

Ø চেকনি এছাৰি ৷

Ø ছেকনী -  জুলীয়া বস্তু ছেকা যতন।

 

Ø চেকা - দাগ; কলংক।

Ø ছেকা – আনৰ হতুৱাই ছেকনীৰে পৰিস্ৰাৱণ কৰা।

 

Ø চেলা - এবিধ বিষাক্ত কীট।

Ø ছেলা - ছাল গুচা।

 

Ø চৈ - পাণৰ নিচিনা এবিধ লতা।

Ø ছৈ - গৰু-গাড়ী, নাও আদিৰ ওপৰৰ ঢাকনী।

 

 

Ø নিচা - ৰাগি ।

Ø নিছা - ঘৰৰ খেৰ বখলিয়া ।

 

Ø বচা - ৰক্ষা কৰ; এবিধ মাছ।

Ø বছা - পেটু, বাকলি আদি গুচোৱা (মাছ); নির্বাচিত; আনৰদ্বাৰা বাছনি কৰা ৷

 

Ø বাচ - ৰক্ষা পৰ।

Ø বাছ - যাত্রী অনা-নিয়া কৰা যান বিশেষ।

 

Ø বেচন - বেচা কার্য ।

Ø বেছন - দাইলৰ মিহি গুড়ি।

 

Ø ৰছা - জৰী।

Ø ৰচা - ৰচনা কৰা।

 

Ø ৰেচন - পেট চলা ৰোগ।

Ø ৰেছন - ৰচদ-পাতি।

 

 

Ø লেছা - দীঘলীয়া বস্তুৰ কোছা

Ø লেচা - মাটিৰ এটা জোখ

 

Ø ইকান-সিকান - কান্ধ সলোৱা কার্য

Ø ইকাণ-সিকাণ - মুখ বাগৰি প্ৰচাৰ হোৱা কাৰ্য

 

Ø কাণ -  শ্ৰৱণেন্দ্ৰিয়; পাত্ৰৰ দাঁতি

Ø কান - খুঁটাৰ মূৰত কটা খোপ; কান্ধ

 

Ø কাণী - চকুৰে নেদেখা স্ত্রী

Ø কানি - এবিধ ৰাগিয়াল দ্রব্য

 

Ø কোণ - চুক

Ø কোন - পৰিচয় সোধা শব্দ

 

Ø পাণ - তামোলৰ লগত খোৱা এবিধ পাত

Ø পান - পি খোৱা কাৰ্য

 

Ø পাণি - হাত

Ø পানী - তৰল দ্ৰব্য বিশেষ

 

Ø পোণ - তামোল আদিৰ আশীটাৰ সমষ্টি

Ø পোন - সৰল; চিধা

 

Ø ফেণা - সাপৰ ফেঁট; আলু, আদা আদিৰ ঠেঙুলি

Ø ফেনা - মুখেৰে ফেন ওলা; ফেন উলিয়া

 

Ø বাণ - কাঁড়; মন্ত্ৰ; মাছ ধৰিবলৈ পতা কাঠীৰ বেৰ

Ø বান - বাঢ়নী পানী


(২০ ডিচেম্বৰ ২০২২ / সৰভোগ) 

************