অতি সম্প্ৰতি ভাৰত-বৰিষত এসময়ৰ ব্ৰিটিছ শাসনৰ প্ৰতি থকা ভাৰতীয়ৰ গোলামী মানসিকতাক সম্পূৰ্ণৰূপে উছন কৰাৰ মানসেৰে ব্ৰিটিছ আমোলত নিৰ্মাণ কৰা সংসদ ভৱনটোৰ কাষতে নতুন সংসদ ভৱন এটাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলা হ'ল যুদ্ধ সদৃশ তৎপৰতাৰে। আনকি নতুন সংসদ ভৱনটো বিৰোধী দলসমূহৰ বিৰোধিতাৰ পাছতো নিৰ্দিষ্ট কৰা বিশেষ দিন এটাতে উদ্বোধন কৰা হ'ল। দিনটোৰ বিশেষত্বলৈ বাৰু ইয়াত নাযাওঁ। কাৰণ দেশৰ সাধাৰণ জনতাই মানি লৈছেই যেতিয়া যি হ'ল ভালেই হ'ল, আমিবোৰেনো কিয় ইয়াত মূৰ সোমোৱাৰ প্ৰয়োজন!!
নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানলৈ দেশৰ সাংবিধানিক মুৰব্বীকে নিমন্ত্ৰণ কৰা নহ'ল যেতিয়া বিৰোধী দলৰ প্ৰতিবাদনো আৰু কিবা চিন্তাৰ বিষয় হ'লনে!! বৰ্তমান দেশৰ শাসনাধিষ্ঠ কেন্দ্ৰ চৰকাৰখনে ভাৰতীয় সংবিধানে নিৰ্দিষ্ট কৰা নিয়ম-কানুনবোৰক এক প্ৰকাৰৰ বুঢ়া আঙুলি দেখুৱাই নতুন নিয়ম প্ৰৱৰ্তন কৰিলেও আমাৰ আৰু এতিয়া কবলগীয়া একো নাই। প্ৰয়োজন হলে নতুন সংসদতে জনতাৰ ওজৰ-আপত্তিলৈ কৰ্ণপাত নকৰাকৈ কেৱল চৰকাৰখনৰ সুবিধা অনুযায়ী সংবিধান সংশোধন কৰাৰ ব্যৱস্থা কৰা হ'ব, যাতে সাধাৰণ জনতাই ভৱিষ্যতে সংবিধানৰ দোহাই দি মিছাতে সৰু সৰু বিষয়বোৰত আস্ফালন কৰিব থাকিব লগা নহয়!আনহাতে আইন-কানুনৰ যুক্তি-যুক্ততা আৰু প্ৰয়োজনীয়তাৰ বিষয়ত প্ৰশ্ন কৰিবলৈ এসময়ত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ধৰি ৰখাসকলৰ ৯৯ শতাংশই কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশত উঠা বহা কৰা চাকৰিয়াললৈ পৰ্যবসিত হৈছে যোৱা এটা দশকত। ইয়াৰ পাছতো আপুনি কেনেকৈ কল্পনা কৰিব পাৰে ভাৰতবৰ্ষৰ সাধাৰণ জনতাৰ ভাত-কাপোৰৰ সমস্যাৰ বিষয়ে সংবাদ পৰিৱেশন কৰাৰ দৰে কষ্টকৰ তথা অপ্ৰয়োজনীয় কামবোৰ ভাৰতীয় সংবাদ মাধ্যমে কৰিব!!!
(৩০ মে' ২০২৩/ সৰভোগ)
*********


