অসম মুলুকৰ সৰু-বৰ চহৰবোৰৰ ব্যস্ত পদপথবোৰ গাতে লাগি থকা
অৱস্থাত নাইবা গলিবোৰত
নতুবা তিনিআলি-চাৰিআলিবোৰত
নাইবা দুই-চাৰিঘৰ মানুহৰ মাজত থকা পেলনীয়া জাবৰ-জোঁথৰ পেলোৱা ডাষ্টবিনবোৰ দেখা পোৱাৰ সৌভাগ্য নিশ্চয় আপোনাৰ
হৈছে!! আপুনি বাৰু দেখা পাইনে ৰাজহুৱা স্থানবোৰৰ চাফ-চিকুণতাৰ বাবে থকা এই
ডাষ্টবিনৰ কৰুণ দৃশ্যবোৰ!! নাকত
ৰুমাল বা দোপাট্টাখন দি নাইবা উশাহটো বন্ধ
কৰি চকু-কাণ মুদি দৈনিক যেতিয়া ডাষ্টবিনটোৰ কাষেৰে বা ডাষ্টবিন হিচাপে
ব্যৱহৃত ঠাইখিনি পাৰ হৈ যায় তেতিয়া
আপোনাক বাৰু চিন্তিত কৰি তোলেনে আমাৰ সামাজিক ব্যৱস্থাৰ ফোঁপোলা স্বৰূপটোৱে!!
আপুনি বাৰু নিজৰ ঘৰখন দিনটোত কেইবাৰ পৰিষ্কাৰ কৰে বা ঘৰৰ
চৌহদটো নিয়মীয়াকৈ পৰিষ্কাৰ কৰে নে বুলি প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে জানো!! নিশ্চয়
গৰিষ্ঠসংখকৰে মনলৈ আহিব যে নিজৰ ঘৰখন এবাৰো দিনটোত পৰিষ্কাৰ নকৰা সকল বা নিয়মীয়াকৈ
ঘৰৰ চৌহদ পৰিষ্কাৰ নকৰা সকল নিশ্চয় লেতেৰা বা এলেহুৱা মানসিকতাৰ ব্যক্তিয়েই হব
লাগিব!
কিন্তু অনুৰূপে আমাৰ ঘৰখন অৱস্থিত চুবুৰীটো, গাঁওখন বা চহৰৰ ৱাৰ্ডটো নতুবা ওচৰৰ গলিটো পৰিষ্কাৰ কৰি ৰখাত আপোনাৰ কৰণীয়খিনি আপুনি ঠিকমতে কৰে নে বুলি প্ৰশ্ন কৰিলেই নিশ্চয় আপুনি-মই সাত জাঁপ মাৰি উঠোঁ!! কাৰণ ইয়াৰ সপক্ষে এটাই যুক্তি সকলোৰে যে দেশ তথা ৰাজ্যৰ গাঁও, চহৰৰ পাৰিপাৰ্শ্বিকতাক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে এখন নিৰ্বাচিত চৰকাৰ আৰু চৰকাৰৰ নিৰ্দিষ্ট বিভাগবোৰ থকাৰ পিছতো আপুনি-মই কিয় নিজৰ মন-মগজুক কষ্ট দিব লাগে!!
কথাতো নোহোৱাও নহয় একেবাৰে। কিন্তু নিৰ্বাচিত চৰকাৰ আৰু
চৰকাৰৰ নিৰ্দিষ্ট বিভাগবোৰো আপোনাৰ মোৰ মাজৰপৰা যোৱা ব্যক্তিৰ সমষ্টিয়েই নহয় জানো!
ধৰি লোৱা হওঁক তেওঁলোকে নিজৰ দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰি আছে। কিন্তু আপোনাৰ-মোৰ
মাজৰ কিমানে এইক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা কৰিছোঁ!! হয়তো আপোনাৰ বুজাত অসুবিধা হব
পাৰে কাৰণ আপুনি-মইচোন সম্পূৰ্ণ সহযোগিতা কৰি আছো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত।
হয়তো যোৱা বছৰৰ ১৫ আগষ্ট আৰু বহাগী বিদায় আদিত আয়োজিত সামূহিক চাফাই অভিযানত ঝাড়ু
মাৰোঁতে হাতত পানী জ্বলা ফুটা নাচিল জানো!!
ইয়াৰোপৰি কেন্দ্ৰীয় চৰকাৰৰ অতি জনপ্ৰিয় স্বচ্ছ ভাৰত অভিযানত
পৰিষ্কাৰ ৰাজহুৱা স্থানতে গছৰ পাত কেইখিলামান নতুবা পলিথিন-কাগজৰ টুকুৰা কেইটামান
দলিয়াই দি কিমান ঠাইত যে ঝাড়ু মাৰিলে তাৰ জানো হিচাপ আছে আপোনাৰ বা মোৰ হাতত!!
হয়তো বাতৰি-কাকতত পিছদিনাখন প্ৰকাশ পোৱা ফটোখনৰ নামত বন্ধুবৰ্গক চাহ খোৱাবলগীয়াও
হৈছিল আপুনি!!
*******
(সৰভোগ, ২৫ ফেব্ৰুৱাৰী ২০২৩)

