অনুৰাধাৰ দেশ পঢ়াৰ অনুভৱ
অসমীয়া উপন্যাস সাহিত্যৰ অভিলেখ সৃষ্টিকাৰী প্রেমৰ উপন্যাস
ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ 'অনুৰাধাৰ দেশ' পঢ়িলোঁ কিছু পলমকৈ হ'লেও। প্রেমক এক স্বকীয়তাৰে, নিজস্ব কলমেৰে গতানুগতিকাৰ পৰা
ফালৰি উপস্থাপন কৰাত ঔপন্যাসিক সচাঁই সফল হৈছে। অৰুণাভ চৌধুৰীয়ে সমুদ্র গৰ্ভত তেলৰ
সন্ধান কৰিবলৈ গৈ উৰিষ্যাৰ ভূবনেশ্বৰ, পাৰাদ্বীপ বন্দৰ আৰু বংগোপসাগৰৰ 'পেলিকান' ৰিগত সন্মুখীন হোৱা বিচিত্র অভিজ্ঞতাৰাজি তথা কলেজীয়া বান্ধৱী অনুৰাধাৰ সৈতে
থকা অকৃত্রিম বন্ধুত্ব আৰু শেষত পৰিস্থিতিৰ মেৰপাক তথা প্ৰেমৰ সন্ধানত সদা উন্মুখ
হৃদয়ৰ স্বতঃস্ফূট সহাঁৰিত অনুৰাধকে নিজৰ হিচাপে আকোঁৱালি লোৱাৰে সামৰণি পৰা
উপন্যাসখন সচাঁই এখন হৃদয় আলোড়িত কৰা তথা জীৱনৰ সন্ধান থকা উপন্যাস। কাহিনীৰ
গতিময়তাত আহি পৰা ডেনিছ, মেহৰা চাহাবকো আমি কোনো ক্ষেত্রতে এৰি চলিব নোৱাৰোঁ । তেওঁলোকৰ জীৱনৰ অতীত
স্মৃতিবোৰ সঁচাই বেদনা গধুৰ বিষণ্নতাৰ যেন একোখন আন্দোলিত মেঘৰ কলা আকাশ। তাতো যে
এচমকা ৰ’দৰ পোহৰে সাতোৰঙী
ৰামধেনুৰ বোলেৰে জীৱন মহীয়ান কৰাৰ কৌশল ভাৰতীয় সকলতকৈ বিদেশী লোক এজনৰ বেছি নিজৰ তথা আয়ত্বাধীন – তাৰ উজ্জ্বল
উদাহৰণ ডেনিছ। যি পূৰ্বৰ পত্নী জেৰিনৰ বিচ্ছেদৰ শোক ডালভিৰ ছায়াত পাহৰি এক পূর্ণ
জীৱন আৰম্ভ কৰিছে। মৃত স্বামীৰ শোকত এক নিঃসংগ একাকী জীৱন পাৰ কৰা ডালভিকো ডেনিছে
দিছে এক সজীৱ- সতেজ জীৱন চর্যা, নিজৰ পত্নী হিচাপে স্বীকৃতি দি।
ঔপন্যাসিক দেৱচৌধুৰীয়ে অনুৰাধাক যি এক উজ্জ্বল তথা মহীয়ান ৰূপত অথচ এজনী সর্বসাধাৰণ ছোৱালী হিচাপে উপন্যাসখনত অংকন কৰিছে সেয়া প্রশংসনীয়। সঁচা অর্থ তেনে এজনী ছোৱালী যদি লেখকে প্রত্যক্ষ কৰিছে তেনেহলে ক'বলগীয়া নাই – কিন্তু ভালদৰে অনুধাৱন কবি চাবলৈ গলে তেনে এগৰাকী বিশেষ নাৰীৰ অস্তিত্ব পৃথিৱীত নাই যেনেই বোধ হয়। সেই ফালৰ পৰা উপন্যাসখনৰ শেষৰ শাৰী বাক্য --
"অনুৰাধাৰ কোনো দেশ নাই; অনুৰাধা এই পৃথিবীৰ নাৰী” ৰ
অর্থ আমি ধৰি ল’ব পাৰোঁ যে অনুৰাধা এই পৃথিৱীৰ সমূহ নাৰীৰে এক
প্রতীকি প্রকাশ। মানি ললোঁ অনুৰাধা সচাঁই এই পৃথিৱীতে আছে, আপোনাৰ মেৰে ওচৰে-পাজৰেই বিচৰণ কৰিছে তাই - আপোনাৰ কথা নাজানো, মহ হ'লে তাইক একান্তই নিজৰ কৰিবলৈ বদ্ধপৰিকৰ...
উপন্যাসখন পঢ়ি সাগৰত তেল খনন কার্যৰ এক সম্যক আভাস, উৰিষ্যাৰ ভূবনেশ্বৰৰ মন্দিৰসমূহৰ
চমু আভাস তথা পাৰাদ্বীপ বন্দৰ অঞ্চলৰ জীৱন-যাত্রাৰ বিষয়ে বহুখিনি আমি ধাৰণা কৰিব
পাৰোঁ অৰুণাভৰ অনুভৱৰ মাজেৰে। অনুৰাধাৰ বাদামী চুলিৰ বতাহত উৰা বেণীৰ লয়লাসেৰে তথা নিষ্পাপ চঞ্চলতাৰে। খাৰ খোৱা অসমীয়াইও
সাগৰৰ ৰেহ-ৰূপ, জীৱন প্রণালীক
অনুধাৱন কৰিব পাৰোঁ। সাগৰৰ বিশালতা তথা সৌন্দর্যৰ কল্পনাত মছগুল হওঁ... বিদেশীসকলৰ
কর্তব্য পৰায়নতা, জীৱন উপভোগেৰ কৌশল, কর্মনিষ্ঠা তথা
সাহসৰ বিষয়ে জানিব পাৰোঁ - অনুভৱ হয় আমাৰ নিজৰ অৰ্কমণ্যতাৰ কাৰণেই কোটি কোটি টকা খৰচ কৰি বিদেশৰ মানুহ, সামগ্ৰী আনি আজি আমি ঘৰৰ কাম কৰিব
লগা হৈছে। ফলত দেশৰ টকা
বাহিৰলৈ যাব লাগিছে অবাধ গতিত। নিজেই নিঠৰুৱা হৈছো নিজৰ দায়িত্বশীলতা নোহোৱাৰ গুণতে
আমিবোৰে। আজিও আধুনিক প্রযুক্তিৰ দিশত যেন বহু পৰিমাণে আমি আজোককাৰ দিনতে কলমটিয়াই
আছো...
মোৰ ব্যক্তিগত অনুভৱে কৈছে - 'অনুৰাধাৰ দেশ’ উপন্যাসখনত অনুৰাধাৰ নিষ্পাপ সৰলতা, চঞ্চলতা আৰু মহানুভৱতাৰ কাষত যেন
অৰুণাভৰ অনুশোচনাৰে দগ্ধ মন তথা পৌৰষত্বৰ পৰাজয় হৈছে অৱশ্যাম্ভীভাৱেই।।
(প্রেমৰ ক্ষেত্ৰত থকা মোৰ নিজৰে বহুখিনি নিজক বুজাব নোৱাৰা
চঞ্চলতা আৰু অনুভৱ শান্ত
হৈছে অনুৰাধা দেশৰ মাজেৰে - কিয় বা কিমান সময়লৈ নাজানো)
(২০ ফেব্ৰুৱাৰী ২০০৮/গুৱাহাটী)
**********

No comments:
Post a Comment