Monday, 20 March 2023

ছেবা, অসমৰ শিক্ষা ব্যৱস্থা, কৃত্ৰিম বুদ্ধিমত্তা ইত্যাদি..

ছেবা, অসমৰ শিক্ষা ব্যৱস্থা, কৃত্ৰিম বুদ্ধিমত্তা ইত্যাদি

সমৰ বিদ্যালয় শিক্ষাৰ একেবাৰে শেষৰ গুৰুত্বপূৰ্ণ বুলি আজিও সমাজ জীৱনে গণ্য কৰা পৰীক্ষাটোৱেই হল হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ সকলোৰে চিনাকী মেট্ৰিক পৰীক্ষা। এই পৰীক্ষাটোৱেই ২০২৩ চনতো অসম মুলুকত সুকলমে অনুষ্ঠিত কৰিব পৰাৰ সক্ষমতা নাইজিৰ প্ৰযুক্তিবিদ্যাৰ ইমানখিনি সুবিধা থকাৰ পিছতো। যি সময়ত ইলন মাস্কৰ দৰে এজন ব্যক্তিয়ে নিজা প্ৰচেষ্টাৰে নিকট ভৱিষ্যতে মংগল গ্ৰহত মানুহৰ বসতি স্থাপনৰ বিষয়ে চিন্তা কৰিছে, সেই সময়ত অসম মুলুকত এটা সাধাৰণ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব পৰা নাই আমি!!

ইয়াৰ বাবে পৰীক্ষা আয়োজন কৰা ছেবা নামৰ পৰীক্ষা আয়োজন কৰা অনুষ্ঠানটো যিমানদূৰ জগৰীয়া, সিমানেই জগৰীয়া আমাৰ সমাজ ব্যৱস্থাও। এজন ব্যক্তিৰ ভুলৰ বাবেই কেৱল প্ৰশ্নকাকত ফাদিল যে নহয় সেয়া নিশ্চয় বহলাই ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। ছেবাৰ ভুলৰ বাবেই হওক বা বৰ্তমান আৰক্ষী, চিআইডিৰ অনুসন্ধানত ধৰা পৰা শিক্ষক-ছাত্ৰসকলেই প্ৰশ্নকাকত পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগতেই ফাদিল হোৱাৰ বাবে জগৰীয়া নহওক কিয়, সকলোৱেই এই ব্যৱস্থাটোৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত যে তাত সন্দেহ নাই!!

কিন্তু নিৰপেক্ষ দৃষ্টিভংগীৰে সূক্ষ্মভাৱে যদি আমি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ লগতে আমাৰ চৌপাশৰ ঘটন-পৰিঘটনাবোৰলৈ লক্ষ্য কৰোঁ তেন্তে দেখা পাওঁ যে বৰ্তমান সময়ত আমাৰ মন-মগজুত এনে কিছুমান কাৰকে ক্ৰিয়া কৰিবলৈ লৈছে যে আমি প্ৰতিমুহূৰ্ততে চৌপাশৰ পাৰিপাৰ্শ্বিকতাৰপৰা কেৱল নিজৰ সুবিধাখিনিহে আদায় কৰাৰ চেষ্টাতহে ব্ৰতী হওঁ। মোৰ নিজৰ বাবে চিন্তা কৰি কৰা কাৰ্যটোৱে যে সমাজত কিবা নেতিবাচক তৎমুহূৰ্ততে নহলেও ভৱিষ্যতে যে প্ৰভাৱ পেলাব পাৰে পাৰে তালৈ ঘূৰি চাবলৈ বৰ্তমান সময় নাই আমাৰ। ইমানেই ব্যক্তিকেন্দ্ৰিক আৰু চৰম সুবিধাবাদী হৈ পৰিছে আমাৰ সমাজ ব্যৱস্থাটো।

সৰ্বোপৰি পুঁজিবাদৰ আগ্ৰাসন আৰু অতিমাত্ৰা প্ৰযুক্তিবিদ্যা নিৰ্ভৰতাই আমাক দিনক দিনে অৰ্কমণ্য আৰু একোটা জীৱন্ত ৰবটলৈ পৰ্যবসিত কৰি তুলিছে। কিন্তু ভালকৈ বিচাৰ কৰিলে দেখা পাম যে ৰবটবোৰ আমাতকৈ যথেষ্ঠ বিশ্বাসী আৰু নিয়মানুৱৰ্তী। কাৰণ বৰট এটাক যি কামেই কৰিবলৈ দিয়া নহওকিয় সি নিয়াৰিকৈ আৰু নিখুঁতভাৱে সময়মতে কাম এটা সম্পন্ন কৰিব। কিন্তু মানুহ এজনে কাম এটা নিখুঁতভাৱে কৰিলেও হয়তো সময়মতে হৈ নুঠে নাইবা সময়মতে কামটো হৈ উঠিলেও কৰবাত খুঁ থাকি যায়। সেয়েহে বৰ্তমান প্ৰযুক্তিবিদ্যা নিৰ্মিত অত্যাধুনিক ৰবটৰ সৈতেও মানুহৰ তুলনা কৰাতো কঠিন হৈ পৰিছে।

আনহাতে বৰ্তমান কৃত্ৰিম বুদ্ধিমতাৰ ব্যৱহাৰেৰে প্ৰযুক্তিবিদ্যাৰ পৃথিৱীখন ইমানেই আগবাঢ়ি গৈছে যে সমাজৰ একেবাৰে সাধাৰণ স্তৰৰ জনসাধাৰণৰ বাবে সি কল্পনাৰো অগোচৰ। ChatGPT, Bard AI, Bing AIৰ দৰে বৰ্তমান আলোচনাৰ কেন্দ্ৰবিন্দুত থকা কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহৃত প্ৰযুক্তিবিদ্যাৰ বিষয়ে ভাৰতবৰ্ষৰ কেইজন চহা খেতিয়ক বা খাটি খোৱা মানুহে জানে!! সেয়েহে প্ৰযুক্তিবিদ্যাৰ নিজা জগতখনৰ উত্তৰণ অনুপাতে মানৱ সভ্যতাৰ সকলো স্তৰতে উন্নয়ন এতিয়াও সমানে হোৱা বুলি আমি কব পৰা হোৱাগৈ নাই। ইয়াৰোপৰি সভ্যতাৰ অগ্ৰগতিৰ লগে লগে বিভিন্ন পাৰিপাৰ্শ্বিক তথা সামাজিক কাৰকৰ বাবেও মানুহৰ কৰ্মস্পৃহা আৰু কাম এটা কৰোতে থাকিব লগা সততা আৰু নিষ্ঠাখিনি মানৱ সভ্যতাৰ সকলো স্তৰতে সমানে বঢ়াৰ সলনি বিশেষকৈ মধ্যবিত্ত শ্ৰেণীটোৰ মাজত কমিবলৈ আৰম্ভ কৰাটোও বৰ্তমান সময়ত এক লক্ষ্যণীয় দিশ হিচাপে পৰিগণিত হৈছে। ইয়াৰ বাবে দায়ী কোন প্ৰকৃততে!! নিশ্চয় সমগ্ৰ সমাজিক ব্যৱস্থাটো আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন প্ৰসংগ-অনুসংগবোৰ নহয় জানো!!

 

(২০.০৩.২০২২/সৰভোগ)

Tuesday, 14 March 2023

আজিৰ দিনটোতে+

আজিৰ দিনটোতে+

ক.

জি অনুষ্ঠিত হোৱা ৯৩ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনু্ষ্ঠানত ভাৰতবৰ্ষৰপৰা দুটাকৈ বঁটা লাভেৰে দেশবাসীক গৌৰৱান্বিত কৰিছে তেলেগু ভাষাৰ চিনেমা RRR আৰু তামিল Short Documentary Film The Elephant Whisperersএ। চিনেমা উদ্যোগৰ সৈতে জড়িতসকলৰ বাবে বিশ্বৰ আটাইতকৈ সন্মানীয় বঁটা হিচাপে পৰিগণিত যিটো বঁটা আজিলৈকে ভাৰতবৰ্ষৰ আটাইতকৈ চৰ্চিত আৰু মূল সুঁতিৰ বুলি এচামে প্ৰমাণ কৰিবলৈ অহৰহ চেষ্টা কৰি থকা হিন্দী চিনেমাই লাভ কৰিবলৈ সক্ষম হোৱা নাই, সেইটো বঁটা লাভ কৰি দক্ষিণ ভাৰতীয় চিনেমাই প্ৰমাণ কৰি দেখুৱালে যে দেশে তেওঁলোকৰ পৰা শিকিবলগীয়া এতিয়াও বহুত বাকী আছে। শিক্ষা-ক্ষেত্ৰখনৰ উপৰিও স্বাস্থ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰখনতো দেশৰ ভিতৰতে আগবঢ়া দক্ষিণ ভাৰতৰ ৰাজ্যকেইখন সততে বহু ক্ষেত্ৰত দেশৰ বাবে সদায় এক আদৰ্শ হৈ আহিছে। শিক্ষাৰ ক্ষেত্ৰত লোকপিয়লৰ তথ্যত সদায়েই দেশৰ ভিতৰতে আটাইতকৈ স্বাক্ষৰ ৰাজ্য হৈ অহা ৰাজ্য কেৰেলাৰ বিষয়ে নকলোৱেই বাৰু। ভাৰতবৰ্ষৰে অংগ যিখন কেৰেলাত ১৯৭৭ চনৰ অৰ্থনৈতিক পিয়লৰ মতে - ৯৯.৭ শতাংশ গাঁৱত প্ৰতি ২ কিলোমিটাৰ দূৰত্বত এখনকৈ প্ৰাথমিক বিদ্যালয়, ৯৮.৬ শতাংশ গাঁৱত প্ৰতি ২ কিলোমিটাৰ দূৰত্বত এখনকৈ মজলীয়া বিদ্যালয় আৰু ৯৬.৭ শতাংশ গাঁৱত প্ৰতি ৫ কিলোমিটাৰ দূৰত্বত এখনকৈ উচ্চমাধ্যমিক বা উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন হৈছিল সেইখন ভাৰতবৰ্ষতে বহু ৰাজ্যৰ গ্ৰামাঞ্চলত ২০-৩০ কিলোমিটাৰ দূৰত্বটো এখন প্ৰাথমিক, মজলীয়া, উচ্চমাধ্যমিক বা উচ্চতৰ মাধ্যমিক বিদ্যালয় আজিকোপতি স্থাপন হোৱা নাই। কিন্তু সেইখন দেশেই ভাষণৰ ফুলজাৰিত বিশ্বগুৰু হবলৈ গৈ আছে আৰু সমগ্ৰ দেশতে চলি আছে আকৌ অমৃত কাল!!

কিন্তু দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত সমাজিক-সাংস্কৃতিক দিশত বৰ্তমান একো সমস্যা নাই বুলিও আমি ডাঠি কব নোৱাৰোঁ। দক্ষিণ ভাৰতীয় সমাজখন সমগ্ৰিকভাৱে শিক্ষাৰ দিশেৰে দেশৰ ভিতৰতে আগবঢ়া হলেও মূলতঃ ইয়াৰ সমাজত গভীৰভাৱে প্ৰোথিত হৈ থকা জাতিভেদ আৰু বৰ্ণ ব্যৱস্থাইও বহুক্ষেত্ৰত এক প্ৰতিবন্ধকতাৰ সৃষ্টি কৰা দেখা যায়। কিন্তু ইমানৰ পিছতো ভাষিক আৰু সাংস্কৃতিক দিশত তেওঁলোকৰ অন্তৰত নিহিত হৈ থকা জাতীয়তাবাদী ভাৱনাই দক্ষিণ ভাৰতীয় স্বকীয়তাক প্ৰতিপন্ন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

 

খ.

নহাতে অসম মুলুকত আজিৰ দিনটোতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগদিনা ৰাতি ১২ বজাত আৰু পুৱা সেই পৰীক্ষা বাতিল হোৱাৰ বিষয়ে জাননী জাৰি কৰিবলগীয়া হৈছে অসম মাধ্যমিক শিক্ষা পৰিষদে। ৰাজ্যখনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ এইটোৱেই প্ৰথম ঘটনা নহয়। সেয়েহে প্ৰশ্নকাকত ফাদিলৰ দৰে বিপদজনক ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা কৰাৰ বাবে লবলগীয়া উপযুক্ত ব্যৱস্থা সময়মতে লোৱাৰ কাৰণে কৰণীয়খিনি তেওঁলোকে নকৰিলে কিয় বা কৰিছিল যদিও কিয় সফল নহল! বহু বছৰৰ অভিজ্ঞতাৰে সমৃদ্ধ অসমৰ শিক্ষা-ব্যৱস্থাৰ সৈতে জড়িত এটা চৰকাৰী প্ৰতিষ্ঠানে কিয় বছৰৰ মূৰত মাত্ৰ এবাৰ অনুষ্ঠিত কৰা পৰীক্ষা এটা কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ অনুষ্ঠিত কৰিব নোৱাৰে!! এইবোৰ প্ৰশ্নৰ মূল্য আছেনে বাৰু সচাঁই অসম মুলুকত! নে ৰাজ্যখনত প্ৰশ্নকাকত ফাদিলৰ ঘটনা প্ৰতি বছৰে সংঘটিত হৈ থাকিলেও তাক লৈ বিশেষ চিন্তিত নহয় ৰাজ্যৰ শিক্ষা বিভাগ, ৰাজ্য চৰকাৰখনৰ লগতে আপোনাৰ মোৰ দৰে ৰাজ্যৰ সাধাৰণ জনতাও!!

কিন্তু আজিৰ প্ৰযুক্তিবিদ্যা নিৰ্ভৰ যুগত পৰীক্ষাৰ প্ৰশ্নকাকত এখন পৰীক্ষা আৰম্ভ হোৱাৰ আগতেই যিকোনো উপায়েৰে ইন্টাৰনেটৰ জৰিয়তে সকলোৰে বাবে উপলব্ধ কৰা যিদৰে সহজ সেইদৰে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত ব্যক্তিসকলকো বিচাৰি উলিওৱাটো তেনেই সহজ। এইক্ষেত্ৰত প্ৰয়োজন প্ৰশাসন আৰু পৰীক্ষাৰ সৈতে জড়িত বিভাগটোৰ সদিচ্ছা আৰু সময়মতে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাতোহে। কিন্তু আমি পূৰ্বৰ অভিজ্ঞতাৰ পৰা দেখা পাইছোঁ যে এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰা ব্যক্তিজন বা ব্যক্তিসমষ্টি কিন্তু কোনোদিনেই প্ৰশাসনৰ দৃষ্টিত ধৰা নপৰে বা কৰবাত কেতিয়াবা দুই চাৰিজন ব্যক্তি ধৰা পৰিলেও আৰক্ষীয়ে আটক কৰাৰ আগতে ৰাজ্যৰপৰা অন্তৰ্ধান হৈ পৰে নতুবা আৰক্ষীয়ে আটক কৰিলেও তেনে ব্যক্তিক কি শাস্তি দিয়ে আদি বিষয়বোৰ বৰ বিশেষ চৰ্চা নহয় পৰৱৰ্তী সময়ত। পৰীক্ষা হোৱাৰ আগেয়েই প্ৰশ্নকাকতখন ফাদিল কৰাৰ দৰে এটা গুৰুতৰ অপৰাধ সংঘটিত কৰাসকলক কিয় বিচাৰি উলিয়াব নোৱাৰে শাসনত থকা চৰকাৰ এখনৰ এটা বৃহৎ প্ৰশাসন যন্ত্ৰই নতুবা ধৰা পৰা ব্যক্তিকেইজনক অপৰাধৰ বাবে শাস্তি দিয়াৰ বিষয়টোৱেই কিয় লোকচক্ষুৰ আঁৰত থাকি যায় সদায়!!

পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষাৰ আগতেই এচামৰ বাবে উপলব্ধ হোৱাৰ অন্তৰালতো সাধাৰণ জনতাৰ মুখে মুখে চলি থকাৰ দৰে প্ৰশাসন আৰু চৰকাৰৰ বৰমূৰীয়াসকলৰ মাজৰে এচাম প্ৰত্যক্ষভাৱে জড়িত থকাৰ প্ৰসংগটোও একেষাৰতে দলিয়াই পেলাব নোৱাৰি অসম মুলুকত।

(১৩ মাৰ্চ ২০২৩/সৰভোগ)

******

Monday, 6 March 2023

বিক্ষিপ্ত চিন্তা

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬
পেট্ৰল, ডিজেলৰ বৰ্ধিত মূল্যবৃদ্ধি
PNRD ৰ পৰীক্ষাত বিসংগতি
ভগৱানৰ নামত বলি-বিধানৰ যুক্তি যুক্ততা ইত্যাদি বৰ্তমানৰ চিন্তনীয়া সমস্যাসমূহেৰে ভাৰাক্ৰান্ত হৈ থকা অসমবাসীয়ে বাৰু নিজক চিনিবলৈকে পাহৰিছে নেকি!! পাহৰিছে বুলিনো কেনেকৈ ভাবিম!! 

নহ'লেনো জেঠ মাহলৈকে ৰঙালী বিহু নামৰ জাতীয় উৎসৱৰ নামত অনুষ্ঠিত হৈ থকা বাণ্যিজিক বহুৱালিবোৰটো অন্ত পৰাই নাই কিয় এতিয়াও! আন্দোলন, প্ৰতীবাদৰ নামত আমাৰ টেটুফলা চিঞৰবোৰটো কমক চাৰি বাঢ়িছেহে। প্ৰতীবাদ, আন্দোলন হোৱাতো আমি বিচাৰো কিন্তু এই আন্দোলন, প্ৰতীবাদসমূহ ইতিবাচক তথা জনতাৰ হিতৰ উদ্দেশ্যে হোৱাটোৱেই আমাৰ কাম্য। কিন্তু কাৰ্যক্ষেত্ৰত ৰাজ্যখনৰ কৰ্ম সংস্কৃতিক ধ্বংস কৰি, এইবোৰৰ ফলাফল শূণ্যৰ ঘৰত হোৱাটোহে বৰ্তমানৰ বিচাৰ্য বিষয় হ'ব লাগে!! 

সামাজিক যোগাযোগৰ মাধ্যমত এই কেইদিন আমি সকলো ব্যস্ত আমাৰ ৰাজ্যখনৰ সকলোৰে প্ৰিয় শিল্পী এজনৰ মুখৰ দুষাৰিমান বাক্যৰ আঁত ধৰি। পিছে আমি এইক্ষেত্ৰত পাহৰি গ'লো, আজিৰ দিনটোত এবাৰলৈ হলেও মনত পেলাবলৈ - এই বিশেষ শিল্পীজনে কোৱা প্ৰসংটোৰেই ৰাজ্যখনৰ জন-জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন অনাৰ মূল হোঁতা জাতীয় জীৱনৰ গুৰু শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱৰ জন্মদিনটোৰ প্ৰসংগ। যদিওবা নিৰ্দিষ্ট জন্মদিনটোক লৈ বিতৰ্কৰ অৱকাশ নথকা নহয় তথাপি আমি আজিৰ দিনটোতে ৫৩০ বছৰৰ আগতে তেখেতৰ জন্ম হোৱা বুলি আমি মানি আহিছো আজিকোপতি। 

এতিয়ালৈকে এজনো বন্ধুৰ ৱালত দৃষ্টিগোচৰ হোৱা নাই এই বিষয়টোৰ প্ৰসংগত এষাৰি বাক্য। সামাজিক যোগাযোগৰ মাধ্যম বাৰু অন্য প্ৰসংগ। কিন্তু আজিৰ তাৰিখৰ এখনো দৈনিক অসমীয়া বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত মাধৱদেৱৰ জন্মদিনটোৰ উল্লেখ নথকাৰ অৰ্ন্তনিহিত ৰহস্য কি বাৰু!! একমাত্ৰ 'অসমীয়া প্ৰতিদিন' কাকতৰ ৫ম পৃষ্ঠাত মাধৱদেৱৰ জন্মস্থানত জন্মজয়ন্তী পালনৰ বাতৰি এটা মোৰ দৃষ্টিত পৰিছে। 

সমস্যাৰ বোজা, ৰাজনৈতিক বাতৰিৰ গুৰুত্ব তথা ব্যৱসায়ীক দৃষ্টিভংগীয়ে বাৰু জাতীয় জীৱনত গুৰুজনৰ স্থান আমাৰ মাজৰ পৰা নোহোৱা কৰি পেলালে নেকি!! নে আধুনিকতাৰ ধামখুমীয়াত আমি পাহৰি পেলাইছো আমাৰ স্বকীয়তাক!! নে আমি নতুন ধৰ্মীয় দৃষ্টিকোণৰ বাবেই শংকৰদেৱ-মাধৱদেৱক আমাৰ মাজৰ পৰা বিদায় দিবলৈ প্ৰস্তুত হৈছো!!

(৩০ মে' ২০২২)
****