Thursday, 1 June 2023

দেশৰ নতুন সংসদ ভৱন আৰু অন্যান্য...

তি সম্প্ৰতি ভাৰত-বৰিষত এসময়ৰ ব্ৰিটিছ শাসনৰ প্ৰতি থকা ভাৰতীয়ৰ গোলামী মানসিকতাক সম্পূৰ্ণৰূপে উছন কৰাৰ মানসেৰে ব্ৰিটিছ আমোলত নিৰ্মাণ কৰা সংসদ ভৱনটোৰ কাষতে নতুন সংসদ ভৱন এটাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলা হ'ল যুদ্ধ সদৃশ তৎপৰতাৰে। আনকি নতুন সংসদ ভৱনটো বিৰোধী দলসমূহৰ বিৰোধিতাৰ পাছতো নিৰ্দিষ্ট কৰা বিশেষ দিন এটাতে উদ্বোধন কৰা হ'ল। দিনটোৰ বিশেষত্বলৈ বাৰু ইয়াত নাযাওঁ। কাৰণ দেশৰ সাধাৰণ জনতাই মানি লৈছেই যেতিয়া যি হ'ল ভালেই হ'ল, আমিবোৰেনো কিয় ইয়াত মূৰ সোমোৱাৰ প্ৰয়োজন!!

নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানলৈ দেশৰ সাংবিধানিক মুৰব্বীকে নিমন্ত্ৰণ কৰা নহ'ল যেতিয়া বিৰোধী দলৰ প্ৰতিবাদনো আৰু কিবা চিন্তাৰ বিষয় হ'লনে!! বৰ্তমান দেশৰ শাসনাধিষ্ঠ কেন্দ্ৰ চৰকাৰখনে ভাৰতীয় সংবিধানে নিৰ্দিষ্ট কৰা নিয়ম-কানুনবোৰক এক প্ৰকাৰৰ বুঢ়া আঙুলি দেখুৱাই নতুন নিয়ম প্ৰৱৰ্তন কৰিলেও আমাৰ আৰু এতিয়া কবলগীয়া একো নাই। প্ৰয়োজন হলে নতুন সংসদতে জনতাৰ ওজৰ-আপত্তিলৈ কৰ্ণপাত নকৰাকৈ কেৱল চৰকাৰখনৰ সুবিধা অনুযায়ী সংবিধান সংশোধন কৰাৰ ব্যৱস্থা কৰা হ'ব, যাতে সাধাৰণ জনতাই ভৱিষ্যতে সংবিধানৰ দোহাই দি মিছাতে সৰু সৰু বিষয়বোৰত আস্ফালন কৰিব থাকিব লগা নহয়!

আনহাতে আইন-কানুনৰ যুক্তি-যুক্ততা আৰু প্ৰয়োজনীয়তাৰ বিষয়ত প্ৰশ্ন কৰিবলৈ এসময়ত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ধৰি ৰখাসকলৰ ৯৯ শতাংশই কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশত উঠা বহা কৰা চাকৰিয়াললৈ পৰ্যবসিত হৈছে যোৱা এটা দশকত। ইয়াৰ পাছতো আপুনি কেনেকৈ কল্পনা কৰিব পাৰে ভাৰতবৰ্ষৰ সাধাৰণ জনতাৰ ভাত-কাপোৰৰ সমস্যাৰ বিষয়ে  সংবাদ পৰিৱেশন কৰাৰ দৰে কষ্টকৰ তথা অপ্ৰয়োজনীয় কামবোৰ ভাৰতীয় সংবাদ মাধ্যমে কৰিব!!!


(৩০ মে' ২০২৩/ সৰভোগ)

*********

Thursday, 25 May 2023

ব্ৰেকিং নিউজ, মেট্ৰিক পৰীক্ষাৰ ফলাফল ইত্যাদি

(ক)

সম মুলুকত ডাক্তৰ দম্পত্তিৰ শিশু নিৰ্যাতনৰ বিতৰ্ক ওৰ নৌপৰোতেই এইবাৰ মহিলা আৰক্ষী বিষয়া এগৰাকীৰ ৰহস্যজনক মৃত্যুৰ খবৰত চৌদিশ উখলমাখল। আৰক্ষী বিষয়াগৰাকী নিশা মটৰ দূৰ্ঘটনাত মৃত্যু হোৱা বুলি বাতৰি কাকতত ছবিসহ প্ৰকাশ পোৱাৰ পিছতো কোনেও মানি লবলৈ ৰাজি নহয় বৰ্তমান!! চৰকাৰী ভাষ্য অনুসৰি আৰক্ষী বিষয়াগৰাকীৰ মৃত্যু প্ৰকৃত কাৰণৰ অনুসন্ধান অব্যাহত আছে। সমান্তৰালভাৱে এই ঘটনাৰ গইনা লৈ অসম মুলুকৰ বহু অখ্যাত কিন্তু সাধাৰণ জনতাৰ বাবে অচিনাকী কুখ্যাত দিশো ছাঁ-পোহৰৰ মাজেৰে লোকচক্ষুৰ সন্মুখলৈ আহিবলৈ ধৰিছে।

সময়বোৰ ইমানেই বিচিত্ৰ আৰু অসংলগ্ন হৈ পৰিছে যে নিজৰ সমস্যাতকৈ আমি কোনোবা সংগীতা-জোনমণিহঁতৰ খবৰবোৰক লৈ বেছি উদ্বিগ্ন আৰু কৌতূহলী। আনহাতে সামাজিক মাধ্যম আৰু বৈদ্যুতিন মাধ্যমৰ অতিমাত্ৰা ভীৰৰ মাজত আমাৰ ব্যক্তিগত সমস্যা তথা খবৰবোৰ আজিকালি ব্যক্তিগত হৈ নথকা পৰ্যায়লৈ উত্তীৰ্ণ হৈছে।


(খ)

জিৰপৰা আকৌ কিছুদিন ধৰি অসমৰ ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যম ব্যস্ত থাকিব এটা বিশেষ পৰীক্ষাৰ ফলাফলক লৈ। যিটো পৰীক্ষাৰ ফলাফলে ছাত্ৰ জীৱনৰ পৰৱৰ্তী স্তৰৰ ধাৰাবাহিকতা আৰু জীৱনৰ সামগ্ৰিক সফলতাত প্ৰভাৱ পেলোৱাটো এক প্ৰকাৰৰ সাম্ভাব্যতাৰ ওপৰত নিৰ্ভৰশীল। কিন্তু এই ফলাফলক লৈয়ে অসম মুলুকত বৰ্তমান চলিব এক উৎসৱ মুখৰ পৰিৱেশ তথা অতিমাত্ৰা হৈ চৈৰ। হয় যোৱা ২২ মে'ত ঘোষণা কৰা মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ বিষয়েই ক'বলৈ বিচৰা হৈছে ইয়াত।

বিপৰীতে এই পৰীক্ষাটোত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি ফলাফল ঘোষণাৰ পৰৱৰ্তী সময়ত দায়বদ্ধতা প্ৰদৰ্শন কৰাৰ প্ৰতি কাৰো আগ্ৰহ নথকা দিশটো কিন্তু বৰ বিশেষ চৰ্চালৈ নাহে। অনুত্তীৰ্ণসকলৰ মাজৰ দুই চাৰিজনে আত্মহত্যা কৰাৰ বাতৰি আমি বাতৰি কাকত আৰু বৈদ্যুতিন মাধ্যমৰ জৰিয়তে সময়ৰ লগে লগে জানিবলৈ পাম। আমাৰ মাজৰে কোনো কোনোৱে হয়তো এনে খবৰবোৰ শুনি-পঢ়ি গভীৰ নিঃশ্বাস পেলাম। এনবোৰ ঘটনা প্ৰতি বছৰে সংঘটিত হৈ থকাৰ পাছতো আমি আজিকোপতি এনেবোৰ ঘটনা ৰোধ কৰাৰ বাবে কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা ল'ব নোৱাৰাতোও কিন্তু আমাৰ বাবে চিন্তনীয় বিষয় হৈ উঠা নাই ।


(গ) 
মিবোৰ অভাৱনীয়ভাৱে নিচাগ্ৰস্ত হৈ পৰিছোঁ সমাজৰ প্ৰকৃত সমস্যাবোৰৰ বিপৰীতে সামাজিক মাধ্যম তথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত পৰিৱেশিত তথা উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰচাৰিত চাঞ্চল্যকৰ, মুখৰোচক তথা বিতৰ্কিত খবৰবোৰৰ প্ৰতিহে!! আমাৰ চৌপাশৰ পাৰিপাৰ্শ্বিকতাত সংঘটিত যিবোৰ ঘটনা আৰু সমস্যাই ক্ৰমে আমাৰ জীৱন যাপন কষ্টকৰ কৰি তুলিছে সেইবোৰৰ সমাধানৰ প্ৰতি চকু দিয়াৰ সলনি আমি সামাজিক মাধ্যম আৰু ছপা তথা বৈদ্যুতিন মাধ্যমে আমাৰ কাষলৈ আনি দিয়া ব্ৰেকিং নিউজৰ খবৰত মচগুল হৈ পৰি ক্ৰমান্বয়ে নিজৰ ভৱিষ্যত নিজে ধ্বংসৰ মুখলৈ নি আছো।

আমাৰ বোধোদয় কেতিয়া হ'ব বাৰু!!
হ'বনে বাৰু সচাঁই কেতিয়াবা!!

(এদিন আমাৰ সকলোৰে সুমতি হ'ব বুলি ব্যক্তিগতভাৱে মই কিন্তু আশাবাদী)

(সৰভোগ, ২৩ মে' ২০২৩)

*******

Wednesday, 3 May 2023

গ্ৰীক ট্ৰেজেডি আৰু ডায়নিছাছ

 

গ্রীক ট্রেজেডি আৰু ডায়নিছাছ

Tragedy ৰ সূচনা হয় গ্ৰীচত। গ্রীক দেবতা ডায়নিছাছৰ কৰুণ কাহিনীক অৱলম্বন কৰি যি নাট ৰচনা আৰু উপস্থাপন কৰা হৈছিল সেয়ে হ'ল গ্রীক ট্রেজেডি। এই ট্রেজেডিৰ লগত জড়িত হৈ আছে ডায়নিছাছ নামৰ দেৱতাৰ পূজা। এই উৎসৱৰ আনুষ্ঠানিকতা অনুসৰি প্রথমে দেৱতাজনক উদ্দেশ্যি আয়োজিত কোনো বিশেষ অনুষ্ঠানত ভক্তসকলে কৰুণ গীত গাই তেওঁক শ্রদ্ধা নিবেদন কৰিছিল। এই গীতবোৰক কোৱা হৈছিল ছাগ গীত। ক্রমে এই গীতবোৰক নাটকীয় ৰূপ দিয়াত সিয়ে ট্রেজেডি নামেৰে অভিহিত হ'ল। এটা মত অনুসৰি এই ছাগ গীতৰ ছাগ অৰ্থত ব্যবহৃত 'Tragas' শব্দৰ পৰা Tragedyৰ উদ্ভৱ হ'ল।

    আনহাতে গ্রীক দার্শনিক আৰু সমালোচক এৰিষ্ট'টলৰ মতে ছাটী জাতীয় নাটৰ অভিনয়ত চৰিত্ৰবোৰে ছাগলীৰ ছাল পৰিধান কৰি অভিনয় কৰিছিল। সেই অনুসাৰে নাটসমূহ Tragedy নামেৰে জনাজাত হ'ল। আন কিছুমানে অনুমান কৰে ডায়নিছাছক ভক্তসকলে কল্পনা কৰিছিল ছাগলীৰ ৰূপত। এইবোৰৰ উপৰিও ট্রেজেডিৰ উৎপত্তি সম্বন্ধে গ্ৰীচত নানা অভিমত পোৱা যায়। এই অভিমতবোৰ যিয়েই নহওক ডায়নিছাছ দেৱতাৰ উদ্দেশ্যে গোৱা প্রশস্তি গীতৰ পৰাই যে tragedy ৰ উৎপত্তি হৈছে তাক স্বীকাৰ কৰিব পাৰি। এই গীতবোৰক নাটকীয় ৰূপ দিয়াত যিজন লোকে প্রথমে বিশেষভাবে সহায় কৰিছিল সেইজন হ'ল থেচপিচ নামৰ এজন প্রখ্যাত অভিনেতা। থেচপিচৰ পাছত নাট্যকাৰ এস্কিলাচৰ হাতত গ্ৰীক ট্রেজেডিয়ে এক নতুন ৰূপ পায় আৰু প্ৰকৃততে তেওঁৰ সময়ৰ পৰাহে গ্ৰীক ট্ৰেজেডিৰ ইতিহাস আৰম্ভ হয় ।

 (৩০ অক্টোবৰ ২০০৬/ সোমবাৰ, নিশা ১১ বজাত)

*******