ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ
ভাৱনা
পুৱাই ৰেডিঅ'ত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ৭ বাজি ১৫ মিনিটৰ আজিৰ দিনটো
শীৰ্ষক অনুষ্ঠানত শুনিলোঁ
যে আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস। দিৱসৰ স্বাভাৱিকতা অনুযায়ী ৰাজ্য প্ৰশাসনে আয়োজন
কৰা অনুষ্ঠানৰ বিষয়েও জানিব পাৰিলোঁ।
ৰেডিঅ'ত কথাতো শুনি থাকোতে গান্ধীজীয়ে দূৰ অতীতে অসম ভ্ৰমণ কালত
কোৱা "অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে" বোলা উক্তিটোলৈ মনত পৰিছিল।
গান্ধীজীৰ উক্তিৰ সত্যতা প্ৰমাণৰ বাবে আমি অতীতলৈ ঘূৰি যোৱাৰ সলনি বৰ্তমান সময়তো
অসমৰ শিপিনীৰ পাৰদৰ্শিতা তথা সৃষ্টিশীলতাক কাষৰ পৰা দেখি আছো। বিশেষকৈ বৰ্তমান
সময়ত অসমীয়া চাদৰ-মেখেলাৰ নতুন নতুন আৰ্হিৰ সমান্তৰালভাৱে অসমৰে বিভিন্ন জনজাতীয়
সাজ-পাৰৰ ব্যাপক চাহিদা ৰাজ্যখনৰ লগতে দেশৰ ভিন ভিন প্ৰান্ততো বৃদ্ধি পোৱা আমি
বিভিন্ন উৎসৰ খবৰবোৰৰ পৰা গম পাওঁ। একেদৰে অসমৰ পাট-মুগা কাপোৰৰ চাহিদা আৰু আকৰ্ষণও
কেতিয়াবাই দেশৰ সীমা অতিক্ৰমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায় পাইছেগৈ। বৰ্তমান বিভিন্ন
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ফেছন প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীসমূহতো অসমীয়া পাট-মুগাৰ
সাজ-পাৰ আৰু জনজাতীয়া সাজ পৰিধান কৰা দেশ-বিদেশৰ চেলিব্ৰিটী তাৰকাক আমি সততে দেখা
পাওঁ।
এই বিশেষ দিৱসটোৰ
প্ৰাসংগিকতা বুজিয়েই যেন মনটোৱে সংগোপনে মোক কৈ গ'ল বৰ্তমান অসমীয়া থলুৱা শিপিনীসকলৰ অৱস্থাটোৰ বিষয়ে। স্বাভাৱিকভাৱেই মনলৈ
আহিছে অসমীয়া বিভিন্ন সাজ-পাৰৰ ক্ৰমবৰ্দ্ধমান চাহিদা আৰু সমাদৰ অনুপাতে
গ্ৰামাঞ্চলৰ থলুৱা শিপিনীসকলে ইয়াৰ পৰা কিমান দূৰ আৰ্থিকভাৱে লাভান্বিত হৈছে!! শিপিনীসকলৰ
প্ৰকৃতাৰ্থতে লাভান্বিত কৰিব পৰাকৈ চৰকাৰ আৰু হস্ততাঁতৰ সৈতে জড়িত চৰকাৰী
বিভাগটোৱে কিবা ব্যৱস্থা লৈছেনে বাৰু!!
থলুৱা
শিপিনীৰ আৰ্থিক অৱস্থা তথা সামগ্ৰিকভাৱে ৰাজ্যৰ হস্ততাঁত খণ্ডৰ চৰম হতাশজনক
পৰিস্থিতিক একাষৰীয়াকৈ থৈও আজিৰ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱৰ প্ৰাক্ ক্ষণতে আকৌ এবাৰ
মনলৈ আহিছে প্ৰায়ে মনত লৈ ফুৰা তলৰ প্ৰশ্নকেইটা -
Ø কিয় দুটামান টকা বেছি হোৱা বাবেই আমি অসমৰ থলুৱা শিপিনীয়ে শালত
বোৱা গামোচাখনৰ সলনি বহিঃৰাজ্যৰ পৰা অহা গামোচা নামৰ কাপোৰবিধকে এতিয়াও ৰাজ্যৰ সভা-সমিতিত
ব্যাপকভাৱে ব্যৱহাৰ কৰি আছো!!
Ø আকৌ উৎসৱৰ সময়ত থলুৱা গামোচাৰ বিক্ৰী বৃদ্ধি কৰাৰ উদ্দেশ্যে
বহিঃৰাজ্যৰ পৰা অহা গামোচা বিচাৰি উলিওৱাৰ নামত ৰাজ্যৰ দুখনমান চহৰৰ দোকান কেইখনমানলৈ
গৈ কেমেৰা আৰু সাংবাদিক লগত লৈ গৈ বাতৰি কাকতৰ সংবাদ শীৰ্ষ হোৱাৰ বাহিৰে প্ৰশাসনৰ ফালৰ
পৰা সম্যাটোৰ পূৰ্ণ সমাধানৰ বাবে বিশেষ সদিচ্ছা থকা যেন নালাগে!!
Ø আনহাতে
বাকী সাজ-পাৰক নিলগাই থৈও জিআই টেগ
থকা ৰাজ্যখনৰ স্বকীয়তাৰ পৰিচয় বহনকাৰী বিশেষ সামগ্ৰী গামোচাখনৰে
স্বকীয়তা কিয় আমি বৰ্তমান অটুট ৰাখিব পৰা নাই??
সেয়েহে
নিজকে নিজে প্ৰশ্ন কৰিছো যে এনে এক পৰিস্থিতিত অসম নামৰ ৰাজ্যখনত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনৰ প্ৰাসংগিকতা কিমানদূৰ যুক্তিসংগত!!
(৭ জুলাই, ২০২৫/সৰভোগ)
*****************


