অসম সাহিত্য সভাৰ অধিৱেশন আৰু কিছু বিক্ষিপ্ত ভাৱনা
অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্য ১৯১৭
চনতে গঠন হোৱা অসম সাহিত্য সভাৰ যোৱা কিছু বছৰৰ কাৰ্য-কলাপে অসমৰ সাধাৰণ জনতাৰ চকু
কপালত উঠাইছে। সভাৰ প্ৰতি সাধাৰণ জনতাৰ আস্থা ক্ৰমে নোহোৱা হৈ আহি সম্প্ৰতি ই
বিলুপ্তিৰ গৰাহত বুলি কলেও ভুল কোৱা নহ’ব নিশ্চয়।
আগতে এবছৰৰ মূৰত অনুষ্ঠিত সভাৰ বছেৰেকীয়া অধিৱেশনখনি
সম্প্ৰতি ২০০৭ বৰ্ষৰ পৰা ২ বছৰৰ বিৰতিত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হল যদিও
বছেৰেকীয়া অধিৱেশন এভাগিও অনুষ্ঠিত হৈ আহিছে বিশেষ অধিৱেশনৰ নামত। পিছে ইয়াৰ পৰা
অসমীয়া সাহিত্য বা অসমৰ জনগণ কি লাভান্বিত হৈছে সেয়াহে আমাৰ দৰে সাধাৰণ নৰমনিচৰ
বাবে আজিও অজ্ঞাত হৈ ৰৈছে।
বিশেষকৈ এই বছৰৰ পাঠশালা চহৰত যোৱা ৩১ জানুৱাৰীৰ ২০২৫ পৰা ৪
ফেব্ৰুৱাৰী ২০২৫ তাৰিখলৈকে সদ্য অনুষ্ঠিত হৈ যোৱা অসম সাহিত্য সভাৰ ৭৭ সংখ্যক
দ্বিবাৰ্ষিক অধিৱেশনৰ বাজেট দেখিহে চকু কপালত উঠিছে। ইয়াৰ বাবে পৰম্পৰাগতভাৱেই
অসমৰ বিভিন্ন চৰকাৰী তথা বেচৰকাৰী সংস্থা, ব্যক্তি আদিৰ পৰা অধিৱেশনৰ নামত
দান-বৰঙণি উঠোৱাৰ উপৰি আশে-পাশে থকা শিক্ষানুষ্ঠানসমূহৰ পৰাও শকত পৰিমাণৰ
দান-বৰঙণি সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে। এইখিনিতে মনত প্ৰশ্ন জাগিছে যে - এটা
অনুষ্ঠানৰ বছেৰেকীয়া অধিৱেশন এখন আয়োজন কৰিবলৈ যদি চৰকাৰী শিক্ষানুষ্ঠানৰ পৰাও
দান-বৰঙণি তুলিব লগা হয় তেন্তে তেনে অধিৱেশন আয়োজন নকৰিলেনো কি ক্ষতি হ’ব সমাজ বা সেই বিশেষ অনুষ্ঠানটোৰ!!
আৰু যদি আয়োজন কৰিব লাগেই তেন্তে ইমান এটা বৃহৎ আৰু পুৰণি অনু্ষ্ঠানে নিজে ইয়াৰ বাবে পুঁজিৰ
ব্যৱস্থা কৰিব লোৱাৰ এক পন্থা গঢ়ি তোলাতো দৰকাৰী। যিহেতু সমগ্ৰ অসমৰ প্ৰতিখন
জিলাৰে প্ৰায় প্ৰতিটো প্ৰান্ততে সাহিত্য সভাৰ শাখাসমূহ আছেই। ইমানবোৰ শাখা আৰু
প্ৰতিটো শাখাৰ সৈতে জড়িত অসংখ্য সদস্য থকাৰ পাছতো সভাই কিয় বেলেগৰ ওচৰত অধিৱেশন
আয়োজনৰ বাবে হাত পাতিব লগা হৈছে। কিয় ৰজাঘৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত সভাৰ আযোজন
চলিছে এইবাৰ!!!
আন বাদ দিও যোৱাতো কাৰ্যকালত অসম সাহিত্য সভাই অসমীয়া
সাহিত্যৰ সমৃদ্ধি আৰু বিকাশৰ বাবে কি বিশেষ কাৰ্যপন্থা হাতত ললে!! লগতে ভৱিষ্যতৰ
বাবে সভাই কি কি পৰিকল্পনা কৰিছে সেই বিষয়ে কিবা তথ্য সাধাৰণ জনতাই হাততে পোৱাকৈ
যোগান ধৰিছেনে তেওঁলোকে আজিলৈকে!! সৰ্বোপৰি যোৱাটো কাৰ্যকালত সাহিত্য সভাই কিমান ন
-পুৰণি কিতাপ প্ৰকাশ কৰিলে আৰু অন্যান্য গ্ৰন্থ প্ৰকাশক উৎসাহিত কৰাৰ বাবে কি কি
কাৰ্যপন্থা সভাই ললে! - সেই বিষয়ে লিখিত নথি কিবা পোৱা যাবনে!!
বিপৰীতে কোটি কোটি টকাৰ বাজেটেৰে
দুবছৰৰ মূৰে মূৰে দ্বিবাৰ্ষিক অধিৱেশন পাতি মানুহৰ সমাগম ঘটোৱাই যদি সভাৰ লক্ষ্য
হয় তেন্তে আমাৰ ক’বলগীয়া বিশেষ একো নাই। সমান্তৰালভাৱে সভাৰ সভাপতি সম্পাদককে
প্ৰমুখ্য কৰি বিষয়ববীয়া আৰু সভা আয়োজন কৰা স্থানৰ আদৰণি সমিতিয়ে জাকত জিলিকাকৈ
অধিৱেশনখনিৰ আয়োজন কৰি বাহঃ বাহঃ লোৱাৰ যি এখন পুনঃপৌণিক নাটক অসমত
আৰম্ভ হৈছে, তাৰ পৰা অসমীয়া ভাষা-সাহিত্যৰ কিবা উপকাৰ হৈছে বুলি মোৰ মনে নধৰে।
ইয়াৰোপৰি দুটা বছৰৰ কাৰ্যকালত
সভাপতি-সম্পাদকৰ বিভিন্ন শিতানৰ খৰছবোৰ দেখিলেতো সাধাৰণ জনতাৰ চকু কপালত উঠিব।
হয়তো এনে এক উদ্দেশ্যতে সম্প্ৰতি যোৱা দুটামান বছৰৰ পৰা সাহিত্য সভাৰ সভাপতি আৰু
সম্পাদক পদৰ বাবে অনু্ষ্ঠিত নিৰ্বাচনত অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। এনে এক
লাভাজনক অৰ্থনৈতিক পৰিৱেশৰ উমান পায়েই অসমীয়া সাহিত্য চৰ্চাৰ সৈতে পোনপটীয়াকৈ
জড়িত নথকা আনকি ব্যৱসায়ীক ব্যক্তিও অসম সাহিত্য সভাৰ সভাপতি পদত নিৰ্বাচিত হৈছে,
তেখেতকৈ বহু গুণে যোগ্য ব্যক্তিক নিৰ্বাচনত পৰাজিত কৰি। কিন্তু এসময়ত অসম সাহিত্য
সভাৰ সভাপতি বুলি কলে যি এক সন্মান তথা বিশেষ দৃষ্টিৰে ব্যক্তি এজনক অসমৰ ৰাইজে
চাইছিল সেয়া যে চকুৰ আগতে ক্ৰমে নোহোৱা হৈ পৰিছে। আনকি বৰ্তমান সচেতন নগণ্য এচাম
ব্যক্তিৰ বাদে বাকী জনতাৰ উক্ত বিষয়টোৰ প্ৰতিয়েই কোনো গুৰুত্ব নোহোৱা হৈ পৰিছে।
এনেকুৱা হৈ পৰিছে যে আপোনাৰ মোৰ চুবুৰীৰ বিভিন্ন সংস্থা বা সমিতিবোৰৰ সভাপতি
পদবীটো যেনে, অসম সাহিত্য সভাৰ সভাপতিৰ পদটোও যেন ঠিক একেই পদবী হৈ পৰিছে।
পাৰ্থক্য আপোনাৰ মোৰ চুবুৰীৰ বা স্থানীয় অঞ্চলৰ সভাপতিজনে আপোনাৰ মোৰ কথাতো
গুৰুত্ব দিয়ে কিন্তু অসম সাহিত্য সভাৰ সভাপতিয়ে আপোনাৰ মোৰ কথাত গুৰুত্ব দিয়া
দূৰৰে কথা আনকি তেওঁলোকৰ আপোনাৰ মোৰ কথা শুনিবলৈ আহৰিয়েই নাই।
(সৰভোগ, ৭ ফেব্ৰুৱাৰী
২০২৫)
***************

No comments:
Post a Comment