Thursday, 14 September 2017

আড্ডাৰ মাজেৰে কিছু সময়ৰ আমেজ...

পুৱা বিশ্ববিদ্যালয়ত ১১ বজাৰ পৰা ১.৩০ বজালৈকে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী অনুষ্ঠান উদযাপন কৰি সহকৰ্মী বন্ধু কেইজনৰ সৈতে একেলগে এসাঁজ খোৱাৰ পৰিকল্পনা কৰিলো... কথা মতেই কাম... মোৰ কোঠাতে খোৱাৰ আয়োজন হল... জীৱন বৃত্তৰ ভিতৰুৱা ৰসাল আৰু ৰহস্যঘন বিভিন্ন কথাৰে জমি উঠিল আমাৰ আড্ডা... বিষয়ৰ পৰা বিষয়ান্তৰলৈ গতি কৰাইটো আড্ডাৰ আচল প্ৰকৃতি... সেই মতেই শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষ্যে স্বতঃস্ফূত ভাৱে আহি উলোৱা শ্ৰীকৃষ্ণৰ বাস্তৱিকতাৰ পৰা আৰম্ভ কৰি আধুনিক পৃথিৱীৰ ব্যস্ত মানুহৰ মাজত ধৰ্মৰ প্ৰাসংগিকতালৈ... ৰামায়ণ - মহাভাৰতৰ মহাকাব্যিকতাত নিহিত হৈ থকা জীৱন বাস্তৱতা আৰু অলৌকিকতা... ইলিয়াড - ওডিছি, বাইবেল - কোৰাণৰ সত্যতাৰ মাজৰ ছায়াময় বাস্তৱিকতাইও আহি স্বাভাৱিকভাৱেই ভুমুকি মাৰিলেহি আড্ডাৰ পৃষ্ঠভূমিত... দ্যা ভিন্সি কোডৰ জনপ্ৰিয়তাৰ আঁৰৰ নতুনত্ব সন্ধানী সম্পৰীক্ষাৰ প্ৰসংগইও আহি ভীৰ কৰিলেহি আড্ডাৰ চৰাঘৰ...


ধৰ্মীয় গোড়ামিৰ মাজেৰে আহি পৰা সমাজৰ বিচ্ছিন্নতাবাদ - সাম্প্ৰদায়িক বিভেদৰ নিত্য-নতুন সম্পৰীক্ষা... এই সকলোবোৰ জানো জীৱশ্ৰেষ্ঠ মানুহৰ নিজা সম্পদ নহয়.... বিভেদকামী শক্তিৰ সন্মুখত প্ৰতিক্ষণ শিৰ নত্ কৰা আধুনিক পৃথিৱীৰ জীৱ শ্ৰেষ্ঠৰ সন্মুখত আজি স্বয়ং সৃষ্টিকৰ্তা আহিলেও যেন অসহায় হৈ পৰিব, তেওঁলোকক সঠিক পথৰ সন্ধান দিয়াত... ইমান জটিলৰ পৰা জটিলতৰ হৈ পৰিছে নে বাৰু আমাৰ পাৰিপাৰ্শ্বিকতা... যত মুকলি মনেৰে এটা মিঠা পুৱাৰ আমেজ লোৱাটোও হৈ পৰিছে এক দুঃসাহসী কাৰ্য...

আধুনিক পৃথিৱীৰ সদা ব্যস্ত মানুহৰ সন্মুখত যেন কেৱল এতিয়া প্ৰতিযোগিতামুখৰ এক নিগনি দৌৰৰহে আয়োজন সকলোতে... কেৱল গতিৰ সমাহাৰ সকলো ফালে... কি জীৱনৰ দৈনন্দিন ব্যস্ততাতেই হওক বা জীৱনৰ স্বাভাৱিক গতি পথৰ বিভিন্ন খলা-বমাবোৰতে হওক...

(১৩ ছেপ্টেম্বৰ ২০১৭ - আমোলাপট্টি, নগাওঁ)

No comments:

Post a Comment