Saturday, 23 November 2019

নষ্টালজিয়া

চমু কৰ্ম জীৱনৰ ২৯ মাহৰ কাৰ্যকালত বহু কথা শিকিলোঁ.. জীৱনক নতুন দৃষ্টিৰে কাষৰ পৰা দেখিলোঁ.. স্থায়ীত্বৰ সন্ধানত নতুন কৰ্মত যোগদান কৰাৰ প্ৰাক্ মুহূৰ্তত পুৰণি দিনবোৰৰ স্মৃতিয়ে জুমুৰি দি ধৰিছে..

সমস্যাই বেৰি থকা ঘৰখনৰপৰা উলাই গৈছিলোঁ সংস্থাপন বিচাৰি.. ৰোগীয়া দেউতাক এৰি যাবলৈ মনে কোৱা নাছিল.. তথাপি সংস্থাপনৰ স্বাৰ্থতে, মানসিক তাগিদাত জীৱনক চুই চাবলৈ যাত্ৰা কৰিছিলোঁ..

এই ২৯ মাহৰ চমু সময়ছোৱাত বহু পৰিৱৰ্তনে পৰশি গ'ল জীৱনক.. নিজে পিতৃত্ব লাভ কৰাৰ বিপৰীতে যাৰ অনুশাসনে মোক মই কৰি তুলিলে, সেই মোৰ দেউতাক হেৰুৱালোঁ.. বুজি উঠিলোঁ আধুনিক চিকিৎসা বিজ্ঞানৰ আজিও ভৰি-হাত বন্ধা বহু ক্ষেত্ৰত.. চিকিৎসা ভাৰতবৰ্ষত বৰ্তমান মাত্ৰ ব্যৱসায়ৰ নামান্তৰহে.. অৰ্থই যেন সকলোৰে মূল উপজীৱ্য.. 

এৰিবলৈ লোৱা নিজৰ আপোন কৰ্মস্থলীত মই নিজে কিমান সফল বা কিমান বিফল সেয়া সময়েহে ক'ব.. কিন্তু নিজে বহু কথা শিকিলোঁ, জানিলোঁ আৰু বুজিলোঁ.. নতুন নতুন মানুহ চিনিলোঁ.. মানুহৰ মনোবৃত্তিৰ সৈতে পৰিচিতি লভিলোঁ.. জীৱনবোৰ নদীৰ বুকুত উঠা বতাহৰ তৰংগবোৰৰ দৰে কেৱল মাত্ৰ দুলি থাকে সমাজৰ চৌপাশে.. 

আকৌ এবাৰ স্থায়ীত্বৰ সন্ধানত কৰিবলৈ লোৱা নতুন যাত্ৰাই বা জীৱনক কি দিয়ে.. সেয়া সময়ৰ বুকুতে এদিন ভাস্বৰ হৈ উঠিব..

(মাছখোৱা, ধেমাজী/২২ নবেম্বৰ ২০১৯) 

No comments:

Post a Comment