Sunday, 30 April 2023

মিচিং আৰু অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনিৰ এক তুলনামূলক আলোচনা

মিচিং আৰু অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনিৰ এক তুলনামূলক আলোচনা-

মিচিং আৰু অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনিসমূহৰ তুলনামূলক আলোচনা কৰিলে আমি তলত উল্লেখ কৰা ধৰণৰ বৈসাদৃশ্য আৰু সাদৃশ্য কিছুমান দেখা পাওঁ -

বৈসাদৃশ্যসমূহ -

ক. অসমীয়া ভাষাৰ ২৩ টা বিশিষ্ট ব্যঞ্জন ধ্বনিৰ বিপৰীতে মিচিং ভাষাত অ-বিতৰ্কিত ভাবে ১৫ টা ব্যঞ্জন ধ্বনিৰ ব্যৱহাৰ পোৱা যায়। ইয়াৰ লগত বৰ্তমান হ , শ, ঝ আৰু ৱ ধ্বনি ৪ টা মিচিং ভাষাত যোগ দিয়া দেখা যায়। ইয়াৰে হ ধ্বনিটো মিচিং ভাষাৰ কিছুমান স্থানীয় উপভাষাত চ ৰ সলনি ব্যৱহাৰ হোৱা দেখা যায়। অন্য তিনিটা ধ্বনি কিছুমান বিশেষ ধ্বনিতাত্ত্বিক পৰিবেশ আৰু ৰূপ-ধ্বনিতাত্ত্বিক পৰিবৰ্তনত শব্দৰ মধ্যৱৰ্তী স্থানত প্ৰয়োগ হোৱা বাবে মিচিং ব্যঞ্জন বৰ্ণৰ তালিকাত ইহঁতক স্থান দিয়া হৈছে। এইকেইটা যোগ দি মিচিং ভাষাৰ ব্যঞ্জন ধ্বনি মুঠতে ১৯ টা।

খ. অসমীয়া ভাষাত প্ৰয়োগ হোৱা মহাপ্ৰাণ ধ্বনিৰ উপস্থিতি মিচিং ভাষাত দেখা পোৱা নাযায়। অসমীয়া ভাষাত প্ৰয়োগ হোৱা সঘোষ মহাপ্ৰাণ ধ্বনি কেইটা মিচিং ভাষাত উচ্চাৰিত নহয়। এই ধ্বনিকেইটা ধ্বনি পৰিবৰ্তনৰ নিয়ম অনুসৰি অল্পপ্ৰাণীভৱন হৈ উচ্চাৰিত হয় –

                >ব, ফ>প, খ>ক, ঘ>গ, থ>ত, ধ>

গ. অসমীয়া ভাষাত উচ্চাৰিত ম,ন আৰু ঙ - এই ৩টা নাসিক্য ধ্বনিৰ পৰিবৰ্তে মিচিং ভাষাত ৪টা নাসিক্য ধ্বনিৰ উপস্থিতি দেখা যায়। সেয়া – ম, ন, ঙ আৰু ঞ।

ঘ. মিচিং ভাষাত ঞ ধ্বনিটো বিশিষ্ট ধ্বনি যিটো ধ্বনি আমি অসমীয়া ব্যঞ্জন ধ্বনিৰ তালিকাত নাপাওঁ।

ঙ. অসমীয়া ভাষাৰ তালব্য অৰ্দ্বস্বৰ য় ধ্বনিটো শব্দৰ আদ্য স্থানত প্ৰয়োগ নহয়, কিন্তু মিচং ভাষাত ইয়াৰ আদ্য স্থানত প্ৰয়োগ হয়।

চ. একেদৰেই অসমীয়া ভাষাৰ পশ্চতালব্য নাসিক্য ধ্বনি ঙ শব্দৰ আদি স্থানত প্ৰয়োগ নহয়। কিন্তু মিচিং ভাষাত এই ধ্বনিটোৰ প্ৰয়োগ শব্দৰ আদ্য স্থানত হোৱা দেখা যায়।

ছ. অসমীয়া ভাষাৰ তালব্য উষ্ম শ ধ্বনিটো মিচিং ভাষাত উচ্চাৰিত নহয়। ইয়াৰ সলনি মিচিং ভাষাত ই আৰু অ ধ্বনি দুটাহে উচ্চাৰিত হয় –

                শিয়াল – ইয়াল

জ. অসমীয়া ভাষাৰ দন্তমূলীয়া উষ্ম চ, জ ধ্বনি দুটা মিচিং ভাষাত তালব্য ঘৃষ্ট ধ্বনি হিচাপে উচ্চাৰিত হয়।

সাদৃশ্যসমূহ -

অসমীয়া আৰু মিচিং ভাষাৰ ব্যঞ্জন ধ্বনিসমূহৰ মাজত কিছুমান বৈসাদৃশ্য দেখা পোৱাৰ উপৰিও তলত উল্লেখ কৰা ধৰণৰ সাদৃশ্য কিছুমানো দেখা পোৱা যায় -

.অসমীয়া আৰু মিচিং উভয় ভাষাতে ব্যঞ্জন ধ্বনিৰ তালিকাত থকা  স ধ্বনিটোৰ শুদ্ধ উচ্চাৰণ নহয়। সংস্কৃত ভাষাত স ধ্বনিটো দন্ত্য উষ্ম অঘোষ হিচাপে উচ্চাৰণ হোৱাৰ বিপৰীতে অসমীয়া ভাষাত তালব্য উষ্ম ধ্বনি ৰূপে উচ্চাৰিত হয়। মিচিং ভাষাত স ধ্বনিটো উচ্চাৰণ নহয়।

খ. সংস্কৃত ভাষাক দন্ত্য আৰু মূৰ্ধন্য ধ্বনিকেইটা অসমীয়া ভাষাত দন্তমূলীয় ৰূপত উচ্চাৰিত হোৱাৰ দৰে মিচিং ভাষাতো দন্তমূলীয় হিচাপে উচ্চাৰিত হয়।

গ. অসমীয়া আৰু মিচিং উভয় ভাষাতে ৱ আৰু য় অৰ্দ্ধস্বৰৰ প্ৰয়োগ পোৱা যায়।

ঘ. অসমীয়া ভাষাৰ দন্তমূলীয় পাৰ্শ্চিক ল ধ্বনিটো মিচিং ভাষাতো একে ৰূপত উচ্চাৰিত হয়।

ঙ. অসমীয়া ভাষাৰ স্পৰ্শ অল্পপ্ৰাণ ধ্বনিকেইটা মিচিং ভাষাতো একে ধৰণেৰে উচ্চাৰিত হয়।

চ. একেদৰেই অসমীয়া ভাষাৰ দন্তমূলীয় কম্পিত ৰ ধ্বনিটো মিচিং ভাষাতো দন্তমূলীয় কম্পিত ধ্বনি ৰূপেই উচ্চাৰিত হয়।

******

No comments:

Post a Comment