০ এফ. আৰ লিৱিছ (১৮৯৫-১৯৭৮)

এফ. আৰ. লিৱিছ অৰ্থাৎ ফ্ৰেংক ৰেমণ্ড লিৱিছে সমালোচনাৰ জগতত ভৰি দিছিল আই.এ. ৰিচার্ডছৰ ব্যবহাৰিক সমালোচনাৰ বক্তৃতাৰ দ্বাৰা অনুপ্রাণিত হৈ। তেওঁৰ সমালোচনাই পিছলে সংস্কৃতি সম্বন্ধীয় সমালোচনাবোৰত বেছি শুৰুত্ব লাভ কৰিছিল। তেওঁৰ Mass Civilization and Minority Culture (1930), For Continuity
(1933) আৰু Culture and Environment
(1937) নামৰ কিতাপ কেইখনে ইংৰাজী সাহিত্য অধ্যয়নত শুৰুত্ব আৰোপ কৰে। উদ্যোগীকৰণ (মুখ্যতঃ চলচিত্র উদ্যোগীকৰণ আৰু বিজ্ঞাপন) আৰু Mass Culture ৰ সম্প্রসাৰণে ভেটা দিয়া সংস্কৃতিৰ সোঁতক ৰক্ষা কৰিবলৈ
হলে এই সাহিত্যৰ ঐতিহাসিক অধ্যয়ন শুৰুত্বপূর্ণ। 'Scrutiny" নামৰ আলোচনীখনত ১৯৩২ চনৰ পৰা ১৯৫৩ চনলৈ ৰিচার্ডছে এনে ধাৰণা সম্বলিত বহু প্রবন্ধ লিখিছিল। তেওঁৰ "New Bearings
in English Poetry" (1932) নামৰ কিতাপখনে ইংৰাজী সাহিত্যৰ পৰম্পৰাত পুনৰ পাঠ আৰম্ভ কৰে। এই পুনৰ পাঠত তেওঁ Hopkins,
Eliot, Pound আকে য়েটছক এক আধুনিকতাবাদী পৰম্পৰাৰ ধ্বজাবাহী হিচাপে
চিহ্নিত কৰিছে। Eliot
আৰু আই.এ. ৰিচার্ডছৰ তত্ত্বৰ সহায়ত Revaluations (1931)
গ্রন্থত এই কাব্য পৰম্পৰাৰ সুন্দৰ বিশ্লেষণ আগবঢ়ায়। এই বিশ্লেষণত তেওঁ গীতিময়তা (Melody) আৰু বিশিষ্ঠ কাব্য ভাষাক গুৰুত্ব দিছিল।
কিতাপখনত তেওঁ গীতিময়তা আৰু কথ্য-ভাষাত মিল্টনৰ দিনৰ পৰা চুইনবার্ণৰ (Swinburne) দিনলৈকে ফঁহিয়াই চাইছে।
‘The Great
Tradition' (1948) নামৰ গ্রন্থত একে ধৰণে ঐতিহাসিক আৰু সমালোচনাৰ দৃষ্টিভংগীৰে সাহিত্যৰ সমালোচনা কৰি চাইছে। John Austin, জর্জ ইলিয়ট, হেনৰী জেমছ আৰু জোছেফ কনৰাডক তেওঁলোকৰ নৈতিকতামূলক বিচাৰ ক্ষমতাৰ বাবে লিৱিছে ভূয়সী প্রশংসা কৰিছে। ইয়াৰ বাহিৰেও তেওঁ 'Dickens the Novelist' (1970) আৰু '
D.H. Lawrence; Novelist' (1930) নামৰ কিতাপ দুখনত তেওঁৰ উপন্যাস
কেন্দ্রিক চিন্তা-চর্চাৰ বিষয়ে পোৱা যায়।
লিৱিছে তেওঁৰ সাহিত্য
বিচাৰত তাত্ত্বিক সংজ্ঞা
দিবলৈ অস্বীকাৰ কৰিছে। ঐতিহাসিকভাৱে কবলৈ গলে লিৱিছৰ স্থান মেথিউ আৰ্ণল্ড, ৰাস্কিন আদি নৈতিকতাবাদী সমালোচকৰ শাৰীতেই। ইংৰাজী সাহিত্য সম্পর্কে কৰা তেওঁৰব বিশ্লেষণে সমালোচনাৰ জগতখনক নতুন ধৰণে দৃষ্টি নিক্ষেপ কৰাৰ কৌশল শিকালে। যাৰ বাবে তেওঁ বিংশ শতিকাৰ এজন উল্লেখযোগ্য
সমালোচক হিচাপে স্বীকৃতি পাইছে।
***************
No comments:
Post a Comment