পোহৰৰ উৎসৱ, জুবিনদাৰ মৃত্যু, ৰেলযাত্ৰাৰ অনুভৱ ইত্যাদি+
ক)
নামনিমুৱা ৰেলত কৰ্মস্থলীলৈ ৰাওনা হৈছো আজি পোহৰৰ উৎসৱ দীপাৱলীৰ দিনটোত। আগৰ বছৰবোৰৰ দৰে এই বছৰৰো মাটিৰ চাকিৰে পোহৰৰ উৎসৱৰ আয়োজন ঘৰত। আতচবাজীৰ শব্দ মই ব্যক্তিগতভাৱে আগৰে পৰা ভাল নাপাওঁ। আতচবাজী বুলিলেই শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণে ক'ব নোৱাৰাকৈয়ে মোৰ মনত জুমুৰি দি ধৰেহি। যদিওবা 'এপাচি শাকত এটা জলকীয়া'ৰ দৰে ইয়াৰ ফলাফল শূণ্যৰ ঘৰত, তথাপিওচোন মনটোৱে এই সময়খিনিত বাৰে বাৰে সকিয়াই দিয়ে মোৰ পাৰিপাৰ্শ্বিকতাত সমিল মিলেৰে বাস কৰা জীৱ-জন্তু আৰু বাৰীত থকা চৰাই-চিৰিকটিবোৰৰ অসুবিধাখিনি..
ল'ৰা-ছোৱালী দুটা সৰু হৈ থকা বুলি যোৱা দুবছৰমান অলপ অচৰ চাকি-বন্তিৰ লগতে জিলমিল পোহৰ দিয়া লাইটবোৰ ঘৰৰ বাৰান্দাত লগোৱাৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ উপৰিও বিকট শব্দ কৰা ফটকাৰ সলনি পোহৰ দিয়া সামগ্ৰী দুই এবিধ জ্বলাই সিহঁতক অলপমান ফূৰ্তি কৰিবলৈ দিছিলোঁ। সেয়েহে এইবাৰো ডাঙৰ ল'ৰাটোৱে তেনে সামগ্ৰী আনি দিয়াৰ বাবে মোক অনুৰোধ কৰিছিল। কিন্তু তাক জুবিনদাৰ মৃত্যুৰ বাবে এইবাৰ জ্বলাব নালাগে বুলি কোৱাত একেষাৰতে সি মানি ল'লে। কিবা এটা লাগে বুলিলে কেতিয়াবা বৰকৈ আব্দাৰ কৰা শিশু মন এটাইও কিয় হঠাতে এনেকৈ মানি ললে সেয়া মোৰ বোধগম্যতাৰ বাহিৰত!! হয়তো জুবিন গাৰ্গৰ আত্মীয়তা আমাৰ বাবে সেইখিনিতে।
খ)
কৰ্মস্থলীলৈ অহাৰ উদ্দেশ্যে কানুগাঁৱৰ ঘৰৰপৰা ৰাতিৰ ৰেলত উঠিবলৈ গোলাঘাট ৰেলষ্টেচনলৈ অহা ১২ কিলোমিটাৰৰ সমগ্ৰ পথছোৱাত মাটিৰ চাকি আৰু জিলমিল পোহৰ বিলোৱা ৰঙ-বিৰঙী লাইটবোৰৰ বাহিৰে ফটকা-আতচবাজীৰ শব্দ কেৱল দুটা-তিনিটা মানহে শুনিবলৈ পালোঁ। আনকি গোলাঘাট চহৰতো আতচবাজীৰ শব্দ সন্ধিয়া ৭ বজালৈকে প্ৰায় শূণ্যৰ ঘৰত। পিছে ৰেলষ্টেচনৰ কাষৰীয়া ঠাইখিনিত শব্দৰ আধিক্য কিছু শুনিবলৈ পালোঁ। ৰৈ ৰৈ মাজে মাজে হ'লেও দুই এটা সৰু ফটকা আৰু কাণ তাল মাৰি ধৰা ফটকাৰ শব্দও কাণত পৰিল। লাহে লাহে ৰেলখন গন্তব্যস্থল অভিমুখে অগ্ৰসৰ হোৱাৰ লগে লগে দৃষ্টিগোচৰ হৈছে যে ৰেলপথৰ কাষৰীয়া ঠাইবোৰত চাকি আৰু লাইটবোৰ ঠিকেই জ্বলিছে। কিন্তু আতচবাজীৰ শব্দ ক'ৰবাত এটা বা দুটা মাজে মাজেহে শুনিবলৈ পাইছোঁ। পিছে কিয় ক'ব নোৱাৰো এতিয়ালৈকে পাৰ হৈ অহা সৰু বৰ ৰেল ষ্টেছনত কিন্তু আতচবাজীৰ পয়োভৰ তুলনামূলকভাৱে কিছু বেছি। কিয় সেয়া মই ক'ব নোৱাৰিম! কিন্তু ৰেলত যাত্ৰা কৰা আন যাত্ৰীসকলেও মন কৰিলে কথাটো ধৰিব পাৰিব।
গ)
পোহৰৰ উৎসৱৰ নামত চাকি আৰু ৰঙীন লাইট জ্বলোৱাৰ মই সমৰ্থক। কিন্তু আতচবাজীৰ নামত এদিনতে অতিমাত্ৰা শব্দ আৰু বায়ু প্ৰদূষণেৰে প্ৰকৃতি বিনষ্ট কৰাত আমিবোৰেই আগভাগ লোৱা বিষয়টোৰ মই বিৰোধী। সেয়েহে বৰ্তমান সময়ছোৱাত জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো মোৰ স্থিতি সেই আগৰ দৰে একেই আছে।
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ ১ মাহ পূৰণ হোৱাৰ পৰৱৰ্তী দিনটোত এইবাৰ পোহৰৰ উৎসৱ দীপাৱলীৰ আয়োজন। আমি তেখেতৰ গুণমুগ্ধ হিচাপেই নহয় তেখেত জন্মভূমিৰ বাসিন্দা হিচাপেও এইবাৰৰ পোহৰৰ উৎসৱতে আতচবাজীৰ দৰে প্ৰকৃতিৰ বাবে হানিকাৰক পৰম্পৰাটো সম্পূৰ্ণ বন্ধ কৰি আন এক নজিৰ সৃষ্টি কৰিব পাৰিলোঁহেঁতেন!! পিছে সময় আৰু পৰিস্থিতিয়ে দিয়া এই সুবিধাখিনি গ্ৰহণ কৰাৰ পৰা আমি বিৰত থাকিলোঁ।
কাৰণ আমি নিজক কিয় সলনি কৰিম প্ৰকৃতিৰ ভালৰ বাবে!!! আমাৰ ব্যক্তিগত সুখ-আনন্দখিনি জলাঞ্জলি দি প্ৰকৃতি তথা আমাৰ উত্তৰ পুৰুষৰ ভৱিষ্যত সুৰক্ষিত কৰাতো যুক্তিপূৰ্ণ কেনেকৈ হ'ব পাৰে!!!
*********
(২০ অক্টোবৰ ২০২৫/ফৰকাটিঙৰ পৰা সৰভোগলৈ #আলিপুৰ_দুৱাৰ_ইন্টাৰচিটি ৰেলত কৰা যাত্ৰা কালত)
No comments:
Post a Comment