Thursday, 21 August 2014

২১.০৮.২০১৪


কি হৈছে বাৰু আমাৰ চৌপাশে এইবোৰ ... মানুহ বোলা প্ৰাণীটোৰ আজি বাৰু বিচাৰ-বুদ্ধিৰ বিলোপ ঘটিলনে কি... একেখন দেশৰে চাৰিসীমাত থাকি সীমাৰ কাৰণে ইমানখন মহাভাৰত... পথাৰৰ মাটিৰ সীমা ঠেলা-ঠেলিক লৈতো আগতেও গাৱৰ নদাই-ভদাইহতৰ মাজত আৰিয়া-অৰি লাগিছিল... তেতিয়া আজিৰ দৰে পিছে পুলিচ-কাচাৰীৰ লেঠাও নাছিল ইমান... গাৱৰে গাওবুঢ়াই সৰ্বে-সৰ্বা আছিল... তেওৰ দুষাৰমান বুজনিতে ইতি পৰিছিল সকলোবোৰ খেলি-মেলিৰ... বৰ বেছি নামঘৰত মেল বহিছিল... আৰু মেলৰ অন্তত সকলোৰে মাজৰ সংম্পৰ্কবোৰ আগতকৈ বেছি দৃঢ়হে হৈছিল... আজিৰ দৰে দিনে দিনে অৱনতি ঘটা নাছিল... নিজৰ ভুল স্বীকাৰ কৰি ৰাইজৰ আগত আঠু লৈছিল...

আমিবোৰ যিমানেই শিক্ষিত তথা আধুনিক হবলৈ ধৰিছো সিমানেই মানৱীয়তাৰ অৱনমনহে ঘটিছে... বিশ্বৰ সকলো প্ৰান্ততে আজি হত্যা-হিংসা, লুন্ঠন-ধৰ্ষণ, চুৰি-ডকাইতি আদিবোৰৰ প্ৰকোপ দিনক দিনে বাঢ়িছেহে... দেশবোৰৰ মাজৰ আন্তৰাষ্ট্ৰীয় সীমা বিবাদটো এক পুৰণিকলীয়া বেমাৰ... অন্য দেশৰ প্ৰসংগলৈ নগৈ নিজৰ দেশখনৰ প্ৰেক্ষাপটতে চকু ফুৰালে দেখা পাও যে... চুবুৰীয়া দেশ চীনৰ লগত দেশৰ স্বাধীনতাৰ পিছৰে পৰা থকা অৰুণাচলৰ কিছু অঞ্চলক লৈ থকা বিবাদৰ আজিকোপতি কোনো ধৰণৰ সমাধানৰ চেষ্টা কেন্দ্ৰীয় চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষসমূহে কৰা পৰিলক্ষিত হোৱা নাই... সামান্তৱৰ্তী পহৰা চকীসমূহত থকা সীমান্ত সুৰক্ষা বাহিনীৰ কিমানজন জোৱান যে সেই অজান্তি মুলুকত নিজৰ জীৱন আহুতি দিছে তাৰ হিচাপ ৰক্ষাৰ দায়িত্বটো আমাৰ নহয়... আনহাতে কাশ্মীৰ সমস্যাটো আমাৰ দেশৰ এক এৰাব নোৱাৰা ব্যাধিলৈ পৰিৱৰ্তন হৈছেই... কাশ্মীৰৰ সুৰক্ষা নামত যে কিমান হাজাৰ হাজাৰ কোটিৰ প্ৰতি বছৰে পৰিকল্পনা শিতানত ধাৰ্য কৰা হয় তাৰ পিছতো আজি পৰ্যন্ত কিবা এক সমাধানৰ পথ উলাইছে... নাই সকলো ফালে কেৱল ধোৱা আৰু বাৰুদৰ গন্ধৰ মাজতে আগবাঢ়িছে ভৱিষ্যতবোৰ... তাতে আকৌ কিছুদিনৰ আগতে বাংলাদেশৰ লগত থকা কিছু সীমাৰ সমস্যা সমাধানৰ নামত আমাৰ অসমৰে মাটি বদন্যতাৰ নামত দান কৰা হল সীমান্তৱৰ্তী দেশখনক... ৰাজ্যখনৰ ৰাজনীতিকসকলে যেন ইমান দিনে সেই মহান কামফেৰালৈকেহে বাট চাই আছিল... বাকী তথাকথিত বিৰোধী পক্ষ আৰু জাতীয়তাবাদী হিচাপ নোহোৱা সংগঠনবোৰৰো টোপনি সেইকেইটা দিনতে বেছি হোৱা যেন লাগিল... অৱশ্যে দুই-এটা সংগঠনে আলোচনা-বিলোচনা চলোৱা দেখা গল শাসক-প্ৰশাসকৰ লগত... পিছে সকলোবোৰ চোৰ গলে বুদ্ধি, বৰষুণ গলে জাপিৰ দৰেহে হল... কিবা যে ফল ধৰিব সেয়াও সুদূৰ পৰাহত....

Saturday, 28 June 2014

শৈশৱ বুটলি


শৈশৱৰ নামত এটা কবিতা বা কিছু টুকুৰা স্মৃতি বোটলাৰ হাবিয়াহ জাগে প্ৰায়ে... পিছে পিছমূহুৰ্ততে মই যে নিজৰ ওচৰতে মুক বধিৰ হৈ ৰও... স্মৃতিয়েও যেন মোক প্ৰতাৰণা কৰে... চোতালত বালিঘৰ সাজি পোৱা বিশ্ব জয় কৰাৰ সমান আনন্দ আৰু মূহুৰ্ততে ভাঙি পৰাৰ দুখবোধটোত বিচলিত হৈ পৰা মনটো বাৰু আজিও জীয়াই আছেনে সংগোপনে মোৰ একোণত...

হাঁহি-খিকিন্দালিৰে পূৰ্ণ ঘৰখনত মোৰ বাবেই খন্তেকতে সাধাৰণতে কান্দোনৰ ৰোল উঠা নাছিল... কাৰণ শৈশৱৰ প্ৰতিটো পলেই আছিল মোৰ বাবে নিত্য-নতুনত্বৰে ভৰা একোটা অধ্যায় জীৱনৰ... ভাতৰ পাতত বহি মাৰ কোলাৰ পৰা নামি নিৰ্দিষ্ট কাঁহীখনৰ সলনি মজিয়াৰ পৰাহে বুটলি খোৱাৰ আগ্ৰহ ক'ৰ পৰা জানো জন্মিছিল... কোনেওটো মোক শিকোৱা নাছিল সেয়া... হয়তো এয়াই শৈশৱৰ আমনি... জীৱনৰ প্ৰাচুৰ্য যে ইয়াতে লুকাই থাকে...

মুখ ওন্দোলাই বা ঠেহ-পেছ পাতি থাকি জিকিবলৈ নিশিকিলোঁ তেতিয়াও-এতিয়াও... সময়ৰ সৈতে ক'ব নোৱাৰাকৈয়ে বহু দূৰ আগুৱাই আহিলো... পাছত মাৰ মুখেৰে শুনিছিলো মোৰ জন্মৰ পিছৰ কথকতা... বিশ্বাস কৰিবলৈ মন নগৈছিল... পিছে বুজন হোৱাত এজন অচিনাকী ভদ্ৰলোকৰ মুখত শুনিহে আকৌ মাৰ পৰা শুনিছিলো কথাবোৰ... এইবাৰ মনোযোগেৰে... কেৱল চিকিৎসকৰ চেষ্টাতহে যে আজিৰ অৱস্থাত উপনীত হলোঁ বিশ্বাস হৈছিল... ঘৰৰ মানুহবোৰৰ বিশ্বাসেই হেৰাইছিল বোলে... তথাপি জীৱনৰ সতে যুঁজিয়ে যেন জয়ী হৈ আজিৰ মইটো হৈ উঠিলো...

(২৮ জুন ২০১৪ - দিনৰ ১২ বাজি ৩৮ মিনিট) 

Sunday, 8 June 2014

ভাৱ বিলাসিতা...



...সময়ৰ গতিশীলতাত কেতিয়াবা বাকৰুদ্ধ হৈ পৰো...সকলোতে যে গতিৰ কি এক তীব্ৰ প্ৰতিযোগিতা... কিছু অলীক কল্পনাত মচগুল হৈ যেন মই ৰৈ গৈছো একে ঠাইতে... বহু দূৰ আগুৱাই গৈছে সমাজখন... নতুন প্ৰজন্মৰটো কথা কোৱাই নিষ্প্ৰয়োজন... নিজৰ ওপৰত থকা সকলো বিশ্বাস যেন হেৰাই যায় খন্তেকৰ কাৰণে... পাৰ হৈ যায় তীব্ৰ গতিৰে ৰাস্তাৰ ধূলি উৰুৱাই কেতিয়াও নাম নুশুনা নতুন গাড়ীৰ সমদল এটা... সভ্যতাৰ জয়গান গাই যায় নে সমাজৰ গৰিষ্ঠ সংখ্যকৰ দৰিদ্ৰতাক উপহাস কৰি যায় বুজিব নোৱাৰো... 

কিবা এটা নতুন সৃষ্টিশীলতাৰ অপেক্ষাত থৌকি বাথৌ দেহ-মন... কিন্তু চৌপাশলৈ চকু দিলেই চোন হতাশাত মনটো কোছ খায় আহে... সমস্যা আৰু আশা-ভংগৰ সীমাহীন বিষাদ গাথাঁৰে পৰিপূৰ্ণ মোৰ পাৰিপাৰ্শ্বিকতা... এই সমস্যাবোৰ বাৰু কেৱল মোৰ মনে কোৱা সমস্যাহে নে... আনসকলৰ দৃষ্টিত এই সমস্যাবোৰৰ কোনো গুৰুত্বই নাইনে কি... কৰবাত বাৰু আৱদ্ধ হৈ পৰিছে নেকি বাৰু আমাৰ মানবীয়তাৰ সংজ্ঞা... আজিকালি যে আমি কিছুমান নিৰ্দিষ্ট নতুন এক কেন্দ্ৰিক বৃত্তৰ পাকচক্ৰত সোমাই পৰিছো নিজৰ অজানিতেই...

নিজৰে ৰাজ্যখনত বানপানীৰ সমস্যা... অনুপ্ৰৱেশৰ সমস্যা... নিবনুৱা সমস্যা... যাতায়াত-যোগাযোগ ব্যৱস্থাৰ দুখ লগা অৱস্থা... নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দিনক দিনে হৈ থকা চৰা দাম... চৰকাৰৰ নিৰুদ্বেগ মানসিকতা তথা ভৱিষ্যতৰ কাৰণে কোনো পৰিকল্পনা নোহোৱা আদি এশ-এবুৰি সমস্যাৰ মাজতো মানুহে যুজি গৈছে জীৱনৰ প্ৰতিটো পল... সপোনৰ বাটত খোজ পেলাইও দিঠকক মহীয়ান কৰি তুলিছে বিভিন্নজনে নিজা প্ৰতিভা আৰু অধ্যব্যৱসায়েৰে...

ইমানৰ পিছতো আমি আওৰাও অৰ্থনীতি -সমাজনীতিৰ নিত্য নতুন সংজ্ঞা... ব্যৱহাৰিক জীৱনত পুজিবাদৰ জয়গান গাই দহজনৰ ওচৰত সাম্যবাদৰ ওপৰত বক্তৃতা দি ভাল পাও আমিয়েই... ডাচ্ কেপিটেল খায় নে পিন্ধে নজনাকৈও আমি মাৰ্ক্সবাদৰ হৈ উকালতি কৰো বন্ধুৰ সতে হোৱা আড্ডাত... নাজোনো মাৰ্ক্স, লেনিন, মাও চে ডংৰ নিঃস্বাৰ্থ ত্যাগ আৰু সাধাৰণজনৰ কাৰণে দেখা সপোনবোৰৰ বাস্তৱিকতা আজিৰ বিশ্বায়নৰ যুগত কিমান দূৰ যুক্তি সংগত... 


(৮ জুন ২০১৪)