Tuesday, 30 September 2014

পূজাৰ সময়ৰ ভাৱনা...



আমাৰ চৌপাশে এতিয়া শৰতৰ আগমনিত পূজাক আদৰাৰ প্ৰস্তুতি... কি চহৰ কি গাও, সকলোতে এতিয়া পূজাৰ ব্যস্ততা... পূজাক লৈ যে ভিন্নজনৰ ভিন্ন পৰিকল্পনাৰ সময় এয়া... বেলুন – পেঁপা – পিষ্টল আৰু পুতলাৰ ৰাজ্যত বিচৰণৰো সময় এয়াই...

ভিন্ন ৰঙী বেলুন আৰু বিচিত্ৰ শব্দৰ কোলাহলৰে পৰিপূৰ্ণ এটা পৰিৱেশত চিনাকী-অচিনাকী মানুহৰ মাজেৰে পূজাৰ বজাৰত বিচৰণ কৰাৰ আমেজেই বেলেগ আছিল সেইবোৰ সময়ত... যেতিয়া আমিবোৰে শৈশৱ আৰু কৈশোৰত লৈছিলো পূজাৰ আমেজ, আমাৰ নিজস্ব ভাৱেৰে... পুৱাৰ নিয়ৰসিক্ত দূৱৰি গছকি পুৱাৰ কানি-মুনি পোহৰতে আমি সমনীয়া চাৰি পাচটা একলগ হৈ গৈছিলো পূজাৰ আৰম্ভণিৰ দিনা ৰাতিয়েই আনি থোৱা প্ৰতিমা চাবলৈ... কোচ ভৰাই বুটলা শেৱালিৰ সুবাসত আপোন পাহৰা হোৱাৰ সময় আছিল সেইবোৰ... কত লুকাল বাৰু সেই সময়বোৰ...

কলেজত ভৰি থৈ দীঘলীয়াকৈ পোৱা পূজা বন্ধৰ আমেজ লৈছিলো ঘৰতে... প্ৰায় এমাহ পৰ্যন্ত দিয়া এই বন্ধৰ সময়বোৰ কটাইছিলো নিজৰ ভাল লগা ধৰণেৰে... বন্ধু-বান্ধৱৰ ঘৰলৈ তথা সম্পৰ্কীয় জেঠাই-খুড়াহঁতৰ ঘৰলৈ ফুৰিবলৈ যোৱা আদিবোৰতো আছিলেই... লাহে লাহে সময়বোৰচোন সলনি হল...
বৰ্তমান সকলোফালে ব্যস্ততা... আগতকৈও যেন ব্যস্ততা বাঢ়িল যথেষ্ঠখিনি... কোনে কিমান জাকত জিলিকাকৈ পূজাৰ মণ্ডপ বনাব পাৰে তাৰে প্ৰতিযোগিতা এতিয়া সকলোতে... মণ্ডপত নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিব নে পুৰণি দিনলৈ উভতি গৈ মানুহক আকৰ্ষণ কৰিব তাৰে চিন্তা আয়োজক কমিটিবোৰৰ... পূজাৰ প্ৰতিমা কোনে কিমান ডাঙৰকৈ বনাইছে... কোনখন পূজাথলীত প্ৰতিমা ৰাজ্যৰ বাহিৰৰ খনিকৰৰ হতুৱাই বনাইছে তাৰে হিচাপ-নিকাচ লোৱাত ব্যস্ত সমাজৰ এচাম লোক... পূজাথলীত পতা বিচিত্ৰ প্ৰদৰ্শনীবোৰতো আছেই...

তাতে আজিকালি এইকেইটা দিনত অসমীয়া টিভি চেনেলকেইটাৰ পৰ্দাতো পূজাথলীৰ প্ৰতিমা, মণ্ডপৰ বিতং বিৱৰণী,সুন্দৰী যুৱতীৰ মাজত চেনেলসমূহে পতা প্ৰতিযোগিতা আদিৰ বাদে যেন একো খবৰেই নোহোৱা হয় ৰাজ্যখনত... উৎসৱৰ উলাহত ৰাজ্যখনৰ সকলোৱে বাউল গতিকে সংবাদ পৰিৱেশন কৰা সকলনো কিয় বাদ পৰিব পূজাৰ খবৰ যোগান ধৰাৰ পৰা... অৱশ্যে ব্ৰেকিং নিউজৰ কথাটো অলপ বেলেগ...

কিন্তু অসমৰ দৰে এখন সমস্যা বহুল ৰাজ্যত কেৱল দুটামান দিনৰ আনন্দৰ বাবেই লাখ লাখ টকাৰ শৰাধ পাতি পূজাৰ মণ্ডপ বনোৱা, বাহিৰ খনিকৰ আনি প্ৰতিমা বনোৱা, প্ৰদৰ্শনী পতা আদিবোৰ কৰাৰ কিবা জানো যুক্তি-যুক্ততা আছে... অনাহক জাক-জমকতা পৰিহাৰ কৰিওটো পূজা অনুষ্ঠিত কৰিব পাৰি... আনহাতে প্ৰদৰ্শনীবোৰত ৰাইজৰ দৃষ্টি আকৰ্ষণৰ বাবে কৰা কামবোৰ যদি বাস্তৱত কৰাৰ পদক্ষেপ পূজা কমিটিবোৰে ললে হয় নিশ্চয় কিবা অলপ সমাজৰ কামত আহিল হয়...

সৌ সিদিনা কৃত্ৰিম বানপানীত কক্ বকাই থকা ৰাজধানী মহানগৰীখনত যদি চকু ফুৰাও আমি দেখা পাম প্ৰায় প্ৰতি কিলোমিটাৰৰ অন্তৰতে একোখনকৈ পূজাথলী... যিখন মহানগৰীত এজাক ডাঙৰকৈ বৰষুণ আহিলেই মানুহ ঘৰৰপৰা ওলাব নোৱাৰা অৱস্থা হয় পানীৰ প্ৰকোপত... যত জনসাধাৰণৰ ব্যৱহৃত লেতেৰা পানীখিনি উলিয়াই নিবলৈ ভৰলু নদীখনৰ বাহিৰে কোনো উপযুক্ত ব্যৱস্থা নাই, জাৱৰ-জোথৰ পেলোৱা পৌৰনিগম কৰ্তৃপক্ষৰ ডাষ্টৱিনসমূহৰো যি তথৈবচ অৱস্থা... তাত আকৌ উৎসৱৰ সময়ত জনসাধাৰণৰ উল্লাস কি দেখিবা... চৰকাৰ আৰু প্ৰশাসনক গালি পৰাতেই যেন আমাৰ কাম শেষ...

গোৱালপাৰা আৰু কামৰূপ জিলাত কেইদিনমান আগতে হৈ যোৱা ভয়ানক বানপানীৰপৰা সেই অঞ্চলসমূহৰ ৰাইজে মূৰ তুলিবলৈকে আহৰি পোৱা নাই আমাৰ সকলোৰে গাত পূজাৰ বতাহ লাগিলেই... তেওলোকৰ বিষয়ে ভাবিবলৈ চৰকাৰখন এনেয়ে আছেনে... আমাৰ পইছাৰে আমি পূজা পাতিম বেলেগৰ কাৰণে কিয় খৰছ কৰিম... এয়াই যেন আমাৰ মানসিকতা...
 
(তেজপুৰ - ৩০.০৯.২০১৪)

Monday, 15 September 2014

মনৰ বতৰা...

ভাৱনাই বাট হেৰুৱাই... মনৰ আদিগন্ত বিয়পি মাজে মাজে শুকুলা মেঘৰ মাজেৰে উৰি যায় বহু সপোনৰ পানচৈ... নিঃসংগতাত বাট হেৰুৱাইও ভাল লাগে কেতিয়াবা কিছুমান মুহুৰ্তত... চিন্তাৰ পকনীয়াত পৰি বাৰে বাৰে অস্থিৰ হৈ পৰে মন... আৰু যেতিয়া পাৰত উঠো এক আশাতীত উলাহত মনৰ পৰা উলাই যায় দুৰ্ভাৱনাবোৰ কোনোবা ফালেদি... সেউজ সন্ধানী মনৰ হালধীয়াবোৰত বুলাই যায় ফাগুণৰ পছোৱাজাকে বৰদৈচিলাই মাতি অনা বসন্তৰ লহৰ... প্ৰকৃতিৰ লাৱনী পৰশত দেহ-মন সাতখন আঠখন কৰি উঠা পৰতে যেন বসন্তই দিয়ে তৃষ্ণাতুৰ প্ৰাণত মৃত সঞ্জীৱনী...


নিজান ৰাতি যেতিয়া জান-নিজানকৈ চিফুংৰ সুৰ এটা ভাঁহি আহে আচিনা-অজানা স্থানৰ পৰা... কব নোৱাৰাকৈয়ে ৰাভাদেৱৰ মুখখনে অগা-দেৱা কৰে মন চক্ষুৰ সন্মুখেদি... সুৰটোৰ পম খেদি গৈ যেন বিচাৰি উলামগৈ এখন কল্পলোকত... শান্ত-সমাহিত এখন অনন্য প্ৰদেশৰ পৰা ভাঁহি অহা এই সুৰতে মগন হৈ যেন আমি আগবাঢ়িছো অনাগত দিনৰ শুভ ক্ষণলৈ... যাক বিচাৰি হাবাথুৰি খাইছিল ৰাভা ককাইদেৱেও... বিপ্লৱৰ পথ আওৰাও জনগণৰ মুক্তিৰ গান পোৱা ৰাভা দেৱে খাতি-খোৱা জনসাধাৰণৰ মাজতে বিচাৰি পাইছিল এখন মনৰ পৃথিৱী... সেইখন পৃথিৱী... যিখন আমাৰ প্ৰত্যেকৰে মনৰ মাজত অঁকা আছে...


(১৫.০৯.২০১৪)

Friday, 22 August 2014

ব্যক্তিগত অনুভৱ...


ভাষা আন্দোলনৰ সময়তে আৰম্ভ হোৱা বন্ধ সংস্কৃতিৰ আজি অসমৰ বুকুত জয় জয় ময় ময় অৱস্থা... কথা নাই বতৰা নাই কেৱল বন্ধ... অসম বন্ধ - সৰুৰে পৰা দেখি অহা শুনি অহা এটা অতি চিনাকী শব্দ... বিদ্যালয়ত পঢ়ি থকা অৱস্থাত  শব্দটোৱে বৰ আনন্দ দিছিল... কাৰণ দেওবাৰটো নহাকৈয়ে আজি বিদ্যালয়লৈ নগলেও হব... কিমান যে মনত স্ফূৰ্তি... কিমান যে পৰিকল্পনা... সময়বোৰ বাগৰাৰ লগে অনুভৱ কৰিছিলো এই বন্ধবোৰৰ পিছত উদ্ভৱ হোৱা সমস্যাবোৰ... বন্ধবোৰৰ অন্তৰালত ক্ৰিয়া কৰা কাৰকবোৰক...

ৰাজ্যখনত সৌ সিদিনালৈকে - উচ্চ-ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়টো নিদিয়ালৈকে এনেকুৱা এটা অৱস্থা হৈছিলগৈ যে কাৰোবাৰ মুখত বন্ধ বুলি শুনিলেও মানুহে ঘৰৰ পৰা উলাবলৈ এৰিছিল... কোনে বা কিয় বন্ধ দিছে জানিবলৈ কাৰো আগ্ৰহো নাই আৰু প্ৰয়োজনো নাই... কাৰণ সকলোকে লাগে নিজৰ নিজৰ ভাগতকৈ বেছিকৈ পৰা আৰামকন... চৰকাৰী কৰ্মচাৰী সৰহসংখ্যকে লাগে দুদিন বেছিকৈ ঘৰতে শুই-বহি কটোৱাৰ আমেজ... দুই-এজন নিষ্ঠাৱানক আকৌ এনেবোৰ বন্ধৰ সময়ত সুবিধা বুজি দুষ্কাৰ্য কৰা এচামৰ সন্মুখত পৰাৰ অভিজ্ঞতাই বাৰুকৈয়ে জ্বলা-কলা খুৱাই থৈছে... ব্যৱসায়ীসকলৰ আকৌ বন্ধৰ সুযোগ চাই কেনেকৈ বেছিকৈ ঘটিব পাৰি দুপইচা তাৰ চিন্তা... মুঠতে বেষ-ভূষা ভেদে ভিন্ন জনৰ ভিন্ন চিন্তা এই বন্ধৰ সময়ছোৱাত... তথা-কথিত ৰাইজৰ ৰক্ষক দুই-চাৰিজনক তিনিআলি-চাৰিআলিয়ে বন্ধৰ সময়ত ঘটিব পৰা দুৰ্ঘটনাৰ খবৰ উৰ্ধতন কৰ্তৃপক্ষক দিবলৈহে অত তত সিচঁৰতি হৈ থকা দেখা পোৱা যায়... তেওলোকক দেখিলেই এই বন্ধৰ সময়ছোৱাত যিকোনো সৰ্বসাধাৰণ জনতাৰে পেটতে হাত-ভৰি লুকোৱা অৱস্থা হয়... কাৰণ কি ঠিক বন্ধৰ সমৰ্থক বুলি আপোনাক-মোকোতো নি থানাৰ লক-আপত ভৰাই থবগৈ পাৰে... কাৰণ তেনে উদাহৰণ যে আমাৰ চৌপাশে দেধাৰ আছে...

তাৰ মাজতে যে দিন-হাজিৰা আৰু দৈনিক ব্যৱসায় কৰি ঘৰ চলোৱা এচাম ব্যক্তিও এইখন সমাজতে আছে... সেয়া ভাবিবলৈ কাৰোৰে আহৰি নাই... ৰাতিটোৰ ভিতৰতে সংগঠনৰ জন্মদি পিছদিনা ১২ ঘন্টীয়া বা ২৪ ঘন্টীয়া অসম বন্ধৰ ঘোষণা কৰা এইখন ৰাজ্যত ইমানবোৰ ভাবিবলৈ কাৰোৰে যে গাত আজি হুঁচ নাই... কিমান যে জাতীয়তাবাদী সংগঠনে নতুনকৈ ৰাইজৰ কাম কৰাৰ পণ লৈ গা টঙাইছে তাৰো লেখ-জোখ আনকি সংবাদ মাধ্যমৰো নাম তালিকাত বিচাৰিলে পোৱাৰ সম্ভাৱনা প্ৰায় শূণ্য... ছাত্ৰ সংগঠনবোৰৰ প্ৰসংগলৈ নোযোৱাও শ্ৰেয়... কাৰণ আকৌ নাম-ধাম ভুল কৰা বুলিও বন্ধ ঘোষণা কৰিবলৈ কেতেপৰনো লাগিছে...

মাজতে উচ্চ-ন্যায়ালয়ৰ ৰায়ৰ পিছতে অলপ হলেও শাম কটা এই বন্ধ সংস্কৃতিৰ সংক্ৰমণ আকৌ আৰম্ভ হৈছে... এইবাৰটো কিমানদিনলৈ ইয়াৰ সংক্ৰমণ চলে তাৰ কোনো ঠিকনা নাই... কাৰণ এইবাৰ সমস্যা গভীৰ... ৰাজ্যৰ সীমাকলৈ চলিছে এক ভয়ংকৰ ষড়যন্ত্ৰ... ৰাজনীতিৰ মেৰ-পেচত পৰি দিক্-বিদিক- হেৰুৱাইছে সাধাৰণ জনতাই... নে কোনোবাই সাধাৰণ জনতাক পিছফালৰ বলিৰ পাঠা সজাই আগবঢ়াই দিছে... ৰাজ্যখনৰ এটা প্ৰধান জলন্ত সমস্যা বিদেশী প্ৰব্ৰজন ৰোধৰ ক্ষেত্ৰতে কোনো সমাধান সূত্ৰ নাই কাৰোৰে হাতত এচিয়ালৈকে... তাতে এইবাৰ আকৌ ঘৰৰে মানুহৰ মাজত আৰম্ভ হৈছে সংঘাত... ৰাজ্যৰ বৰ্তমানৰ শাসকবৃন্দ নিজৰ মাজতে ক্ষমতাৰ অৰিয়া-অৰিত ব্যস্ত... বিৰোধী পক্ষৰ ভূমিকা লবলৈও ৰাজ্যখনত উপযুক্ত দল তথা নেতাৰ অভাৱ...

বিদেশী প্ৰব্ৰজনৰ সমস্যাটো সমাধানৰ গইনা লৈ ৰাজ্যৰ শাসন ভাৰ লোৱা আঞ্চলিকতাবাদী দলটোৰো আজি অস্তিত্বৰ ঘোৰ সংকটৰ সময়... সেই সময়ত ছাত্ৰ ৰাজনীতিৰ জৰিয়তে পোনে পোনে ৰাজ্যৰ শাসনৰ ভাৰ লোৱা অভিজ্ঞতাহীন সেই আঞ্চলিকতাবাদত বিশ্বাসী জাতীয়তাবাদী শিবিৰটোৰ আজি ইমান বছৰৰ পিছতো কোনো ধৰণৰ পৰিৱৰ্তন নহল... নিজৰ মাজৰ ভুলবোৰ শোধৰোৱাৰ পৰিৱৰ্তে তেওলোক ব্যস্ত এতিয়াও দলৰ ভিতৰতে ক্ষমতাকেন্দ্ৰিক ৰাজনীতিক লৈ... ৰাজ্যৰ ইমানবোৰ জলন্ত সমস্যা আজি তেওলোকৰ চকুতে নপৰা হল... ক্ষমতা দখলৰ পিছত মূল সমস্যাটোকো তেওলোকে প্ৰয়োজনীয় গুৰুত্ব নিদিলে... আঞ্চলিকতাবাদকে বিকল্প হিচাপে আকোৱালি লোৱা ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক জনতাই লাহে লাহে আস্থা হেৰুৱাই পেলালে সকলোৰে ওপৰত...

এটা চিন্তাই প্ৰায়ে সংগোপনে মোক অস্থিৰ কৰে... এখন সুষ্ঠ-সৱল অসম গঢ়াৰ বাবে বিকল্প কিবা এটা শক্তি ওলাবনে ভৱিষ্যতে বাৰু....

(২২ আগষ্ট ২০১৪)