***জীৱনৰ বিচিত্ৰতা...
জীৱনটো কেৱল স্থবিৰতাৰেই যেন সমাহাৰ এনে ভাৱনাই ক্ৰিয়া কৰে মনত... বিপৰীতে সময়বোৰৰ গতি যেন মনতকৈও দূৰন্ত... আজি থাকক, কাইলৈ কৰিম বুলি এৰা মানেই সেই সময়কখিনিক আৰু ঢুকি নাপাও বুলি আমি জানো... কিন্তু তাৰ পিছতো বাৰে বাৰে একেই ঘটনাৰে পুনৰাবৃত্তি.. আমি ৰৈ থাকো কিবা এটা হব বুলি অকল্পনীয়, নিজে নিজে... আমাক লাগে, কম সময়ত বিনা পৰিশ্ৰমেৰে আনতকৈ বেছি কিবা এটা... কি বিচাৰো প্ৰকৃততে আমি জীৱনৰ পৰা সঠিককৈ জানোনে বাৰু ???
তাৰ মাজতে নিজাকৈ সময়ৰ সদ ব্যৱহাৰেৰে জীৱনক বুজি-জানি উঠা সকলৰ সাফল্য দেখি আমিও কিবা এটা কৰাৰ সপোন দেখো... খন্তেকতে উৎসাহ - উদ্দীপনাৰে উজ্জ্বীৱীত হৈ উঠে আমাৰ দেহ-মন... নিজৰ বাবে নহলেও দেশ আৰু দহৰ ভালৰ কাৰণে কাম কৰি যাবলৈ মনে মনে সংকল্পবদ্ধ হৈ উঠো আমিয়েই... পিছে সময়ৰ পাখি লগা গতিত সকলোবোৰ ফুটুকাৰ ফেনত পৰিনত হয়...
সপোনৰ পিছত দৌৰোতে জীৱেনেই যেন লগ এৰা দিছে আমাক... মৰিছীকা খেদিবলৈতো মৰুভূমিৰ ওচৰ চপা নাই মই কেতিয়াও... জীৱনৰ দৌৰতো নিজক ফাঁকি দিয়াৰ চেষ্টা কৰা নাই... তেও যেন কিবা এটাৰ অভাৱ খেদি ফুৰিছে মোক চৌপাশৰ পৰা... সকলো দেখি চকু মুদা কুলিৰ ভাও দিবলৈ যে মই নাৰাজ... হাতত কিবা তুলি লবলৈ কোনো সু-নিশ্চিত পৰিকল্পনা নাই... মাৰ্ক্স, লেনিন বা মাওৰ পথ লবলৈকোচোন পথ নিৰ্দেশনাৰ অভাৱ... নিজ নিজ ভাৱে আদৰ্শত বিশ্বাসী সকলো নিজৰ মাজতে খোৱা-কামোৰাত ব্যস্ত... তেওলোকৰ আদৰ্শবাদৰ নায়ক সমাজ, ৰাইজ আৰু সাধাৰণ জনতালৈ চকু দিবলৈ কিন্তু আহৰি কাৰোৰে নাই - আনকি তেওলোকৰো...
***ঋতু পৰিৱৰ্তনৰ কথাৰে...
ঋতু পৰিৱৰ্তনৰ সমান্তৰালভাৱে মনবোৰেও যে এক নতুন পৰিকল্পনাত মচগুল হৈ পৰে... প্ৰকৃতিৰ বুকুত উঠা বিচিত্ৰ ভাৱনাৰ হাঁহি আৰু আনন্দৰ ভাগ লবলৈ উচপিচ কৰি উঠে আমাৰ মনে... গ্ৰীষ্মৰ এজাক বৰষুণত তিতাৰ মাদকতা লবলৈ আমাৰ সকলোৰে হাবিয়াহ জাগে... কুলি-কেতেকীৰ সুললিত ধ্বনিত গছৰ কুঁহিপাতত দৃষ্টি নিৱন্ধ কৰি আপোন পাহৰা হোৱা অসমীয়া মনবোৰে বসন্তৰ বতৰতে যেন নিজৰ ঐতিহ্যক বিচাৰি হাবাথুৰি খাই ফুৰে...
কিন্তু সেই একেটা মন লৈয়ে আমি দিনে দিনে ধ্বংস কৰি গৈ আছো আমাৰ বিনন্দীয়া প্ৰকৃতিক... এবাৰলৈ ঘূৰি চাবলৈ সময় নাই আমাৰ ভৱিষ্যতৰ কথা ভাবি... আৰু এই গতিৰে ধাৱমান হলে ঋতু পৰিৱৰ্তনৰ বিবিধতা, আমাৰ মাজৰ পৰা নোহোৱা হবলৈ বৰ বেছি দিনলৈ আমি বাট চাই ৰব লগীয়া নহব...
ঋতু আহিছে যিদৰে সেইদৰে গৈছেও... দুই এজনে ঋতু পৰিৱৰ্তনে অনা প্ৰকৃতিৰ আমেজ লৈছে... কোনোৱে সাহিত্য ৰচনাত ব্যস্ত হৈ পৰিছে... পৰিৱেশৰ সৈতে খাপ খোৱাই চৰাইবোৰে দেশ-বিদেশ পৰিভ্ৰমণেৰে নিজা কৰ্মত লাগি পৰিছে... ভ্ৰমকাৰীসকলে ভ্ৰমণৰ আনন্দ লৈছে, দেশ-বিদেশৰ সংস্কৃতিৰ সংস্পৰ্শত জীপাল হৈ উঠিছে বিশ্ব... কিন্তু এইবোৰৰ মাদকত আৰু কিমান দিনলৈ বৰ্তি থাকিবগৈ ???
(২২ ছেপ্টেম্বৰ ২০১৫, নিশা ১১ বাজি ২০ মিনিট, তেজপুৰ বিশ্বিদ্যালয়)