Friday, 18 September 2015

কি বিচাৰো আমি ???

*** আমি কি বিচাৰো প্ৰকৃততে...

ৰাজ্যখনত ইমানবোৰ সমস্যাৰ মাজত কিয় আমি কেৱল বিদেশী প্ৰব্ৰজন - তাকো সকলোৰে ভাষাত অবৈধ বিদেশী প্ৰব্ৰজন... প্ৰব্ৰজন জানো কেতিয়াবা বৈধ হয়... আৰু বৃহ নদী বান্ধৰ সমস্যাটোকহে... যিটো সমস্যাৰ সৈতে আমাৰ কোনোধৰণৰ অভিজ্ঞতাই নাই আজিলৈকে... সততে চকুৰ আগত বেছিকৈ উপলদ্ধি কৰিবলৈ সুযোগ পাও... সময়ে সময়ে সুপ্ত হৈ থকা এই সমস্যা দুটাই প্ৰায়ে আমাৰ অসমীয়া জাতীয় আৱেগক এনেকৈ উৎসাহিত কৰি তোলে যে - আমি প্ৰত্যেকেই আজি এই মুহূৰ্ততে সমস্যাকেইটা সমাধান কৰি পেলোৱাৰ শক্তি গোটাই পেলাও মনতে...

***অসমীয়াৰ সংজ্ঞা লাগে নে... জাতি-জনগোষ্ঠীৰ সমিল-মিল লাগে আমাক...

খিলঞ্জীয়াৰ অধিকাৰৰ হকে বৰ বৰ মাত মতাসকলৰ কেইজনে হাতে-কামে লাগি নিজৰ মাটি কেইডৰাৰ খেতিখিনি চপাই পাইছে... খিলঞ্জীয়া-থলুৱা আদিৰ বিচাৰ কৰোতাসকলৰ বক্তৃতাৰ আঁৰৰ ৰহস্যৰ কিবা সাৰ-পানী আৰু থলুৱাৰ আধিকাৰৰ বাবে কৰা আন্দোলনৰ সুফল জানো সাধাৰণ জনতাই পাইছে কিবা... লাভৱান হৈছে ডিঙিৰ সিৰ ফুলাই বক্তৃতাৰ ফুলজাৰি মৰা আৰু অনশনৰ নামত একোখনকৈ নিত্য-নতুন নাটক কৰা সুবিধাবাদীসকল..

খিলঞ্জীয়াৰ অধিকাৰৰ হকে মাত মাতিবলৈকে ৰাজ্যখনত হিচাব নোহোৱাকৈ ছাত্ৰ সংগঠনকে আদি কৰি ভিন ভিন দল-সংগঠনৰ ভিৰ চৌপাশে... তথাপি কিন্তু ৰাজ্যখনৰ সকলোবোৰ খিলঞ্জীয়াৰে পৰিচিত জাতি-জনগোষ্ঠীকে (ভৌগোলিকভাৱে এতিয়া সম্ভৱপৰ নহলেও মানসিকভাৱে) একগোট কৰিবলৈ কোনোৱেই আগবাঢ়ি অহা নাই আজিকোপতি... ইয়াতেই জানো উলাই নপৰে এই দল-সংগঠনবোৰৰ ফোপোলা স্বৰূপটো... সকলোৰে চকু ব্যক্তিগত লাভা-লাভ আৰু নিজকে জাতীয় নায়ক সজোৱাৰ অপচেষ্টা...


***বিদেশী মুক্ত এখন ৰাজ্য বিচাৰো নে ...ৰাজনৈতিক নেতা-পালিনেতাৰ অবাধ লুন্ঠনৰ এখন বজাৰ লাগে আমাক...


আমাৰ বিভিন্নজনৰ আজৰিৰ সময়ৰ আলোচনাৰ অন্যতম প্ৰধান বিষয়েই হৈছে - বাংলাদেশৰপৰা অহা মুছলমান ধৰ্মাৱলম্বী লোকসকলৰে ভৰি পৰা অসমখন, সিহঁতবোৰক পুনৰাই বাংলাদেশলৈ ঘূৰাই পঠাই - বিদেশীমুক্ত কৰিব লাগে... আমাৰ কাৰোৰে হাতত কোনো ধৰণৰ পৰিকল্পিত কাৰ্যপন্থা নাথাকিলেও আলোচনাবোৰৰ লক্ষ্য আৰু উদ্দেশ্য হল যিকোনো প্ৰকাৰে অসম চুক্তিত বান্ধি দিয়া সীমাৰেখাৰ পিছত অহা বাংলাদেশী মুছলমান অৰ্থাৎ আমাৰ সাধাৰণ কথা-বতৰা পাতোতে কোৱা মিঞাবোৰক ইয়াৰ পৰা বাংলাদেশলৈ ঘূৰাই পঠাব লাগে... তাৰ পৰৱৰ্তি পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আমি সকলোৱেই সাজু আছো ধৰণৰ বক্তব্য প্ৰকাশ পাই আমাৰ সকলোৰো কথা-বতৰাত... আমি সকলোৱেই শংকিত হৈ পৰিছো এইসকল লোকৰ মাজত দ্ৰুত গতিত বৃদ্ধি পোৱা জনসংখ্যাৰ গাঁথনি আৰু তেওলোকৰ মাজত অন্য এক শ্ৰেণী লোকৰ দ্বাৰা জাপি দিয়াৰ ফলত বৃদ্ধি পোৱা ধৰ্মীয় মৌলবাদৰ অগ্ৰাসানত...

কাৰোৰে আহৰি নাই এওলোকৰ আগমনৰ প্ৰকৃত কাৰণ জানিবলৈ আৰু প্ৰয়োজনবোধো নকৰে কোনেও -  এওলোকে বসবাস কৰা অঞ্চলবোৰৰ অনগ্ৰসৰতা আৰু বিপদসংকুলতা জানিবলৈ... ৰাজনীতিকসকলৰ কাৰণে এওলোক নিৰ্বাচনৰ সময়ৰ ঈশ্বৰ, অল্লা, যীশু - বা তাতোতকৈ যদি বেছি মূল্যবান কিবা আছে সেয়া... বিভিন্ন প্ৰলোভনেৰে ৰাতিটোৰ ভিতৰতে এওলোকক আপোন কৰি লয় ৰাজনীতিকসকলে... সপোনৰ মায়াজালত বন্দী হৈ পৰা এইসকল লোকৰ নিৰ্বাচন হৈ যোৱাৰ পিছত গতানুগতিক জীৱন যাত্ৰালৈ নাহে কোনো পৰিৱৰ্তন...

বসবাসৰ নুন্যতম সুবিধাকণৰ বঞ্চিত এইসকল লোকৰ মাজত জনসংখ্যাৰ বৰ্ধিত হাৰত অন্যতম অৰিহনা যোগাইছে শিক্ষাৰ অভাৱে... যত জীয়াই থকাৰ বাবে কেৱল ভাত-কাপোৰৰ বাবে সংগ্ৰাম তাত শিক্ষাৰ কথা ভাবিবলৈ আহৰিয়েই বা কত... যিসকলে লিখা-পঢ়া শিকিবলৈ আৰ্থিকভাৱে সমৰ্থ এইক্ষেত্ৰত বা ইচ্ছা কৰে পঢ়িবলৈ - তাত হয়তো বিদ্যালয়ৰ অভাৱ, নাইবা শিক্ষকৰ উপস্থিতি শূণ্য... চৰকাৰ তথা প্ৰশাসনেও এই ক্ষেত্ৰত এই অঞ্চলবোৰত দৰকাৰী পদক্ষেপ লোৱা পৰিলক্ষিত নহয়... কিয় বাৰু এই অৱহেলা এইসকল লোকৰ প্ৰতি... জানি-বুজিয়েই, নিজা স্বাৰ্থ সিদ্ধিত ভৱিষ্যতে আহি পৰিব পৰা বিপদৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এওলোকক শিক্ষাৰ পৰা বঞ্চিত কৰি ৰখা হোৱা নাইটো...

আনহাতে শিক্ষাৰ অভাৱে এওলোকৰ মাজত ধৰ্মীয় গোঢ়ামি বৃদ্ধি কৰাত আগভাগ লৈছে... সমাজত থকা এচাম সুবিধাবাদী ধৰ্মীয় মোল্লা - মৌলবীৰ প্ৰৰোচনাত পৰি এওলোকে ধৰ্মীয় ক্ষেত্ৰত এক বৃত্তৰ ভিতৰতে অৱস্থান কৰি আছে... আৰু ইয়াৰ হাতে-হাত ধৰি ক্ৰমে ক্ৰমে এওলোকৰ মাজত প্ৰৱেশ কৰিছে ধৰ্মীয় মৌলবাদৰ অগ্ৰাসান... যাৰ পৰিণতিৰ বিষয়ে এইসকল পেটৰ তাড়ণাত নিজ দেশ এৰি অহা লোকৰ সামান্য ধাৰণাও নাই... পাকে প্ৰকান্তৰে বহু পৰিমানে ৰাজনীতিৰো এক গোপন সংযোগ এই ক্ষেত্ৰত দেখা পোৱা যায়.. প্ৰশাসন যন্ত্ৰও দায়ী ইয়াৰ বাবে...

*** সকলোৰে মনবোৰ দুদোল্যমানতাত নিমজ্জিত কিয়...


(১৮ ছেপ্টেম্বৰ ২০১৫)

No comments:

Post a Comment