অসমত বসবাস
কৰা মুখ্য জনগোষ্ঠীসমূহৰ বসতিস্থল – জিলা অনুসৰি
অসমৰ বিভিন্ন প্ৰান্তত ভিন ভিন জনগোষ্ঠীৰ লোকসকল বিস্তৃত হৈ থকা দেখা পোৱা যায়। তাৰে ভিতৰত কিছু সংখ্যক জনগোষ্ঠীৰ পৰিসংখ্যাই ৰাজ্যখনৰ মূল জনবসতিত এক বিশেষ প্ৰভাৱ পেলাইছে। ৰাজ্যখনৰ শিক্ষা, সাহিত্য-সংস্কৃতি তথা অৰ্থনৈতিক ক্ষেত্ৰখনৰ সকলো দিশতে এই সকলো জনগোষ্ঠীৰ উল্লেখযোগ্য প্ৰভাৱ বিদ্যমান। ৰাজ্যখনৰ ভিন ভিন জিলাত বাস কৰা মুখ্য জনগোষ্ঠীসমূহৰ এখন তালিকা তলত প্ৰস্তুত কৰি দেখুওৱা হল –
- আইতন – কাৰবি আংলং, গোলাঘাট
- কাৰবি – কাৰবি আংলং, উত্তৰ কাছাৰ, কামৰূপ, শোণিতপুৰ, নগাও, মৰিগাও, গোলাঘাট
- কুকি – কাৰবি আংলং, উত্তৰ কাছাৰ
- খামতি – লখিমপুৰ, তিনিচুকীয়া
- খাময়াং – শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া
- গাৰো – কাৰবি আংলং, উত্তৰ কাছাৰ
- চাকমা - কাৰবি আংলং, উত্তৰ কাছাৰ
- চংলৈ - উত্তৰ কাছাৰ
- চাংচান - উত্তৰ কাছাৰ
- চিনটেং (জয়ন্তীয়া) - কাৰবি আংলং, উত্তৰ কাছাৰ, কাছাৰ
- চিংফৌ – চিনিচুকীয়া, শিৱসাগৰ
- ছেমা – তিনিচুকীয়া
- জেমি – উত্তৰ কাছাৰ
- টাংচা – তিনিচুকীয়া
- তিৱা – মৰিগাও, কাৰবি আংলং, নগাও
- ঠেঙাল কছাৰী – যোৰহাট, গোলাঘাট
- ডিমাছা - উত্তৰ কাছাৰ, কাৰবি আংলং
- ডুংগল - উত্তৰ কাছাৰ
- তুৰুং – কাৰবি আংলং, গোলাঘাট, যোৰহাট
- দেউৰী – লখিমপুৰ, ধেমাজী, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়
- পাৱি – কাৰবি আংলং, উত্তৰ কাছাৰ
- নাৰ - উত্তৰ কাছাৰ
- ফাকে – ডিব্ৰুগড়, তিনিচুকীয়া
- বড়ো – কোকৰাঝাৰ, নলবাৰী, বৰপেটা, বাক্সা, ওদালগুৰি, চিৰাং, শোণিতপুৰ, বঙাইগাও, কামৰূপ, ধেমাজি, গোলাঘাট, গোৱালপাৰা, দৰং, ধুবুৰী
- বেইটে - উত্তৰ কাছাৰ
- বৰ্মন – কাছাৰ
- বিষ্ণুপ্ৰিয়া মণিপুৰী – বৰাক উপত্যাকা
- ভাইফে - উত্তৰ কাছাৰ
- ভল - উত্তৰ কাছাৰ
- মটক – ডিব্ৰুগড়
- মৰাণ – তিনিচুকীয়া
- মাৰ - উত্তৰ কাছাৰ, কাৰবি আংলং
- মেচ – ডিব্ৰুগড়, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া
- মিচিং – ধেমাজি, লখিমপুৰ, যোৰহাট, গোলাঘাট, শোণিতপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়
- ৰংমাই - উত্তৰ কাছাৰ, বৰাক উপত্যকা
- ৰাংখল - উত্তৰ কাছাৰ, কাছাৰ
- ৰেংমা – কাৰবি আংলং
- ৰাভা – গোৱালপাৰা, কামৰূপ, দৰং, নলবাৰী, কোকৰাঝাৰ, ধুবুৰী, বঙাইগাও, শোণিতপুৰ, ধেমাজি
- লিনজেম - উত্তৰ কাছাৰ
- ৱাৰ - উত্তৰ কাছাৰ
- শৰণীয়া কছাৰী – নলবাৰী, কামৰূপ
- সোণোৱাল কছাৰী – ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, যোৰহাট, গোলাঘাট, লখিমপুৰ, শিৱসাগৰ
- হাজং - উত্তৰ কাছাৰ, কাৰবি আংলং, তিনিচুকীয়া, ধেমাজি
- হানেং - উত্তৰ কাছাৰ
- হাকিপ - উত্তৰ কাছাৰ
- হাওলাল - উত্তৰ কাছাৰ
- হাংচাং - উত্তৰ কাছাৰ
- হোজাই – কৰিমগঞ্জ, নগাও
*******
No comments:
Post a Comment