ৰাজ্যৰ চৌদিশে এতিয়া ৰাজনীতিৰ বতাহ বলিছে... কিশোৰৰ পৰা বৃদ্ধলৈকে সকলোৰে ষেন এতিয়া আন চিন্তাতকৈ কোনে ৰাজ্যখনত ৫টা বছৰৰ বাবে শাসনৰ বাঘজৰীডাল পাব তাৰহে বেছি চিন্তা... কি বাতৰি-কাকত, কি টেলিভিছন সকলোতে ৰাজনীতিৰেই গৰম খবৰ... কোনো দিনে গৈ নোপোৱা স্থানতো গৈ উলাইছেগৈ সাংবাদিকৰ দল... উমান লৈছে সাধাৰণ ৰাইজৰ ৰাজনৈতিক মনৰ... জগাই তুলিছে ৰাজনৈতিক সচেতনতা... হয় কাৰোবাৰ বদনাম গাবলৈ নহয় কাৰোবাৰ কৰ্মৰ মহান চানেকি ৰাইজৰ আগত দাঙি ধৰিবলৈ... চচিয়েল নেটৱৰ্কিং চাইটসমূহো এইবাৰৰ ৰাজনৈতিক কাৰচাজিৰ পৰা হাত সাৰিব পৰা নাই... ৰাজনৈতিক দলসমূহে প্ৰচাৰৰ বাবে ইয়াক ভালকৈয়ে ব্যৱহাৰ কৰিছে... বিভিন্ন দলৰ গুণমুগদ্ধসকলৰ কথা বাৰু নকলোৱেই...
মুঠতে চলে-বলে কৌশলে শাসনৰ গাদী দখলৰ এখন যুঁজত অৱতীৰ্ণ হৈছে ৰাজনৈতিক দলসমূহ তথা ইয়াৰ
তাৰ ৰাগীত বলিয়ান হোৱা এচাম লোক... গতানুগতিকতাৰেই চৌপাশে বৈছে
প্ৰতিশ্ৰুতিৰ বন্যা... এটা নিৰ্দিষ্ট সময়ত আহি সাধাৰণ খাটি-খোৱা মানুহৰ আগত
কোনো দিনে নোহোৱা নোপজা কিছুমান আভুৱা-ভৰা প্ৰতিশ্ৰুতিৰ পোহাৰ মেলা...
সপোনৰ চাং ঘৰ সাজি দি আলাসৰ লাডু খোৱাবলৈ অহা এইজাক মানুহেই যে দেশৰ
সমস্যাসমূহৰ মূল কাৰক - সেই কথা কিয় আমি সাধাৰণ ৰাইজে বুজি পোৱা নাই আজি
স্বাধীনতাৰ ৬৯টা বছৰৰ পিছতো... সেয়েহে বাৰে বাৰে আমি একেখিনি ভুলৰে
পুনৰাবৃত্তি কৰা মানুহবোৰকে দেশ তথা ৰাইজৰ শাসনৰ বাবে হাতত তুলি দিছো
সাংবিধানিক ক্ষমতাখিনিৰ অপব্যৱহাৰৰ পূৰ্ণ কৰ্তৃত্ব... আৰু তাৰে সুবিধা লৈ সিহঁতে প্ৰতিবাৰেই আমাক আভুৱা ভৰা প্ৰতিশ্ৰুতিৰে কিনা-বেচা কৰিছে ৰাজনীতিৰ ক্ষেত্ৰখনৰ পৰা সামাজিক জীৱন তথা সাংস্কৃতিক ক্ষেত্ৰৰ ভিন ভিন স্থানত... অৰ্থনীতিৰ ক্ষেত্ৰখনটো তেওলোকৰে আঙুলিৰ ঠাৰত নাচে... সাধাৰণ মানুহ হৈ পৰি ইয়াত পণ্য সামগ্ৰী...
এতিয়া অসমৰ পাকঘৰ, শোৱনি কোঠাৰ পৰা চোতালৰ বিয়নি মেল, ৰাইজ মেললৈকে
যলৈকে নাযাওক কিয় ৰাজনৈতিক সক্ৰিয়তাৰে উমাল সান্নিধ্য লাভ কৰিব আপুনি...
তৰ্ক-বিতৰ্কৰ ক্ষেত্ৰলৈ পৰিণত হৈছে বিভিন্ন কাৰ্যালয় তথা
বিদ্যালয়-মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ চৌহদবোৰ... সকলোৱে নিজ নিজ ৰাজনৈতিক মতাদৰ্শৰ সমৰ্থনত নিজৰ মাজতে বিতৰ্কত লিপ্ত হৈছে... অন্ধভাৱে নিজৰ মতাদৰ্শক সমৰ্থন কৰা চামটো আছেই তাৰ মাজত... লাগে তেওঁৰ মতাদৰ্শ সমৰ্থিত প্ৰাৰ্থী যিমানেই কু-কাৰ্যত লিপ্ত হৈ নাথাকক কিয় তেওঁ চকু থাকিও অন্ধ হৈ পৰে কাৰণ তেওঁ যে সেই দল বা আদৰ্শৰ এজন অনুগামী...
আপুনি বা ময়ো আমাৰ ইচ্ছা মতে সমৰ্থন কৰিব পাৰিম নিজৰ পছন্দৰজনক কাৰণ ভাৰতীয় সংবিধান তথা গণতন্ত্ৰই আমাক দিছে মত প্ৰকাশৰ স্বাধীনতা... তদুপৰি বাক-স্বাধীনতা যে আমাৰ সংবিধানৰ মৌলিক আদৰ্শৰ ভিতৰুৱা... গতিকে তৰ্ক-বিতৰ্ক আমাৰ গণতন্ত্ৰৰ এক অংগীভূত কাৰক... কিন্তু সেই বিতৰ্ক যদি দেশ তথা সাধাৰণ ৰাইজৰ সমস্যাবোৰ সমাধানৰ ভাৱে হয় তেন্তে নিশ্চয় দেশৰ সমস্যাবোৰ সমাধানৰ গতি কিছু হলেও খৰতকীয়া হল হয়... ৰাজনৈতিক আলোচনাসমূহত ভাগ লোৱাৰ দৰে যদি সমাজৰ সৰ্বসাধাৰণ লোকসকলেও এই সমস্যাবোৰৰ প্ৰতিও কিছু মনোযোগ দিলে হয় নিশ্চয় দেশত এক সুস্থ সামাজিক বাতাবৰণ গঢ় লৈ উঠিল হয়... যিয়েই চৰকাৰৰ অমনোযোগিতা তথা অদূৰদৰ্শীতাসমূহ দেখুৱাই দি এইবোৰৰ নোহোৱা কৰাত বিশেষ ভূমিকা পালন কৰিব...
পিছে আমাৰে সৌভাগ্য যে আমি নিৰ্বাচন কৰি শাসনৰ ক্ষমতা দিয়াসকলক আকৌ আমিয়েই মনত পেলাই দিব লাগে আমাৰ সমস্যাসমূহৰ বিষয়ে... নিজৰ প্ৰাপ্য আধিকাৰবোৰ সাব্যস্ত কৰিবলৈ আমি কৰিব লগা হয় প্ৰতিবাদ... যাতায়তৰ বাবে দূৰ্গম বাট-পথসমূহৰ মেৰামতিৰ বাবে উলাই আহিব লগা হয় সাধাৰণ জনতা ৰাজপথলৈ... বিলাসী গাড়ীৰে যাত্ৰা কৰি ভিতৰত শীত-তাপ নিয়ন্ত্ৰিত অৱহাৱাত থকা এইসকলেও যে এদিন এনে পথৰ বাবে, এই একেবোৰ সমস্যাৰ বাবে তেওঁৰে পূৰ্বজ এজনক দোষ দি গালি পাৰিছিল সেই কথা কিয় তেওঁলোকে নিজে পাহৰি যায়...
**২২ মাৰ্চ ২০১৬ - তেজপুৰ বিশ্ববিদ্যালয়