হত্যা-হিংসা আদিৰ পৰা আঁতৰি যুক্তিবাদ আৰু মানৱতাবাদৰ সহাৱস্থানেৰে এখন শান্তিৰ পৃথিৱীৰ বাসিন্দা হোৱাৰ মন
Monday, 3 September 2018
ৰেল যাত্ৰা.. বগীবিলৰ সপোন.. ইত্যাদি
Sunday, 2 September 2018
ভাৱনাত সময় আৰু নষ্টালজিয়াত ৰাজনীতি
Thursday, 30 August 2018
লক্ষ্যাভিমুখী যাত্ৰাৰ মাদকতা
অজিত বৰুৱাৰ 'জেংৰাই ১৯৬৩' আওঁৰোৱাৰ বহু আগতেই জেংৰাইমুখৰ সৈতে চকুৰ চিনাকী..
সংস্থাপনৰ জৰিয়তে আৰম্ভ হোৱা এই যাত্ৰাৰ পম খেদি পৰৱৰ্তী সময়ত জীৱনৰ বিভিন্ন উপলক্ষ্যত উপস্থিত হৈছিলোগৈ জেংৰাইমুখ চাৰিআলিত..
জীৱনৰ অতি গুৰুত্বপূৰ্ণ এছোৱা সময়ত জেংৰাইৰ বুকুৱেদি পাৰ হৈ গৈছিলো অতি ব্যস্ততাৰে.. বহুদিন এপলক পিছলৈ ঘূৰি নোছোৱাকৈও যাত্ৰা কৰিবলগীয়া হৈছিল জেংৰাইৰ বক্ষইদি..
লক্ষ্যাভিমুখী যাত্ৰাবোৰত জেংৰাইত কিমান পেট্ৰল পুৰিল আৰু মটৰ চাইকেলৰ টায়াৰ ক্ষয় গল তাৰ হিচাবো সময়ৰ গতিত হেৰাই থাকিল.. মাথো থাকি গল জেংৰাই সংযোগী পথৰ দাঁতিৰ আজাৰ, শিমলু ফুলৰ ৰঙীণ মাদকতাবোৰহে..
খেৰকটীয়াৰ ধূলিৰে জেংৰাইৰ আকাশ ছানি ধৰাৰ খবৰ আজি কোনোবাই জানো ৰাখে..
নদী দ্বীপ হিচাপে মাজুলীৰ অস্তিত্ত্ব বৰ্তি থকা খেৰকটীয়াই যেন মাজে মধ্যে জেংৰাইমুখক আত্মস্থ কৰিব খোজে দুয়োপাৰ উপচা পানীৰ ঢলেৰে.. শীতৰ সময়ত জীৰ্ণ শীৰ্ণ হৈ পৰা খেৰকটীয়াৰ বাৰিষাৰ পকনীয়াবোৰে জেংৰাইক হাত বাউলি মাতে বুকুৰ মাজলৈ..
এনে পকনীয়াত হয়তো কেতিয়াবাই বুৰ গল অজিত বৰুৱাই সোৱণশিৰীত মেলা ৰাতিৰ নাওখনৰ অস্তিত্ত্ব.. আজিও জেংৰাইমুখত চলে সংস্কৃতিৰ নতুন প্ৰসাৰণ.. সমাহৰণ আৰু সম্প্ৰীতিৰ বিচিত্ৰতাৰে আজিও চহকী জেংৰাইৰ সমাজ-সংস্কৃতি..
গাহৰি আৰু আপংৰ জুতি লবলৈ এতিয়াও মুকলি জেংৰাইৰ কোনো মিচিং ককাই-ভাই বা বাই-ভনীৰ চাংঘৰৰ মজিয়া বিশ্বাসী প্ৰতিজন আপোনৰ বাবে.. ক্ৰমে সেই আপোনজনৰ আত্মীয়তাত হেঙাৰ হৈ দেখা দিছে আধুনিক সভ্যতা-সমস্কৃতিৰ অগ্ৰগামী গতি..
তথাপিচোন জেংৰাই নামটোৱে কঢ়িয়াই আনে এক অনামী মাদকতা@