Monday, 3 September 2018

ৰেল যাত্ৰা.. বগীবিলৰ সপোন.. ইত্যাদি

যদিওবা বিহুগীতত গোৱা 'ধেমাজি লখিমপুৰ নহয় যে বেছি দূৰ'ৰ গূঢ়াৰ্থটো কি বুজাইহে বুজে.. ঠিক সেইদৰে ধেমাজি লখিমপুৰলৈ অসমৰ বিভিন্ন স্থানৰপৰা যাত্ৰা কৰাসকলেহে বুজে আচলতে কম বা বেছি দূৰত্বৰ এই ঠাই দুখনলৈ উপলব্ধ যোগাযোগ ব্যৱস্থাৰ সুচলতাৰ কথা.. ৰাষ্ট্ৰীয় ঘাইপথৰ নামত এসময়ত থকা খালবোৰ আজিকালি বহু পৰিমাণে কমিছে যদিও খালবোৰ সমূলঞ্চে নোহোৱা হৈ যোৱা নাই..
সুখৰ বতৰা হিচাপে যোৱা দুটামান বছৰৰপৰা ৰেল যোগাযোগে অলপ গা টঙাইছে ইয়াত.. ব্ৰিটিছ যুগৰ মিটাৰ গজ ৰেল লাইনবোৰ ব্ৰড গজলৈ সলনি হৈছে সৌ সিদিনাহে.. তাকো দেশৰ স্বাধীনতাৰ ৭০ বছৰৰ পৰৱৰ্তী কালতো নিৰ্দিষ্ট তিনিখন ৰেল মাত্ৰ ইয়াত চলাচল কৰে.. উত্তৰ-পূব সীমান্ত ৰেলৰ এই খণ্ডৰ শেষ ষ্টেচন ধেমাজি জিলাৰ মুৰ্কংচেলেকৰ পৰা যাত্ৰা আৰম্ভ কৰা এই ৰেলকেইখনে এই খণ্ডৰ মানুহক সংযোগ কৰে তেজপুৰ, ৰঙিয়া আৰু গুৱাহাটীৰ সৈতে.. তথাপি ৭০ বছৰৰ অপেক্ষাৰ অন্তত 'নাই মোমাইতকৈ কণা মোমায়ে ভাল' বোলাই যুগুত আমাৰ বাবে নে কি!!
বগীবিলৰ সপোন বাৰু পৰ্বতত কাছ কণী বিচৰাৰ অনুৰূপ নেকি!!
১৯৯৭ চনতে আৰম্ভ হোৱা উজনি অসমৰ এই সপোনটো বাস্তবায়িত হবলৈ হয়তো আৰু মাত্ৰ দুটা বা তিনিটা মাহ বাকী.. ৰাজনীতিৰ মেৰ-পেচত পৰি ক্ৰমে নিঃশেষ হবলৈ লোৱা সপোনটোৰ উকমুকনিত ব্ৰহ্মপুত্ৰৰ বক্ষ ভেদি ধেমাজি আৰু ডিব্ৰুগড় জিলাক সংযোগ কৰা এই দলংখন আজি নিৰ্মাণৰ প্ৰায় শেষ পৰ্যায়ত বুলিব পাৰি.. নিৰ্মাণৰ শেষ পৰ্যায়ৰ কাম কিছু বাকী আছে.. তথাপি প্ৰশাসন তথা চৰকাৰৰ বক্তব্যৰ পৰা এই বছৰতে দলংখনেৰে যাতায়ত সম্ভৱ হবগৈ যেন বোধ হৈছে..
সপোন দেখিছে ধেমাজি, লখিপুৰৰ জনসাধাৰণে.. উচ্চ শিক্ষাৰ গ্ৰহণৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ ঘৰতে ভাত সাঁজ গ্ৰহণ কৰি কৰা যাত্ৰা.. দিন-ৰাতি নিৰ্বিশেষে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ যাত্ৰা মাত্ৰ কেইটামান ঘন্টাৰ বাট হ'ব.. বাৰিষাৰ বিপদসংকুল ফেৰী যাত্ৰাৰ ভয়ে আৰু কাকো নেখেদিব.. কাৰোৰে খেদ নাথাকি অলপ আগতীয়াকৈ অভিজ্ঞ চিকিৎসকৰ কাষলৈ আত্মীয়জনক আনিব পৰা হলে হয়তো কিবা এটা হ'লহেঁতেন ধৰণৰ হা-হুমুনিয়াহ কঢ়াৰ..
ব্যৱসায়-বাণিজ্যইও নতুন গতি লাভ কৰিব.. ব্যৱসায়ীসকলৰ মাজৰ প্ৰতিযোগিতাৰ লাভ আদায় কৰিব পাৰিব সৰ্বসাধাৰণ গ্ৰাহকে.. কৃষকসকলে কৃষিজাত সামগ্ৰী উচিত মূল্যত বিক্ৰী কৰি আৰ্থিকভাৱে স্বচ্ছল হোৱাৰ সুযোগ আহিব.. এনেবোৰ অযুত তিৰবিৰ সপোনৰ ভিৰ চৌদিশে..
সপোনবোৰ সৈতে অজানা ভয় এটাইও সকলোকে বেঢ়ি ধৰিছেহি.. নগৰীয়া যান্ত্ৰিকতাৰ সঘন কাষৰীয়া সংযোগে গ্ৰামাঞ্চলৰ ৰৈ যোৱা কৃষ্টি-সংস্কৃতিকো বিপদাপন্ন কৰিব নেকি বাৰু!! বাণিজ্যিকীকৰণে সকলোকে পণ্য সামগ্ৰী কৰি তোলা আজিৰ সময়ত কিমান দূৰলৈ সুৰক্ষিত হৈ ৰব আমাৰ গ্ৰাম্য চহা সমাজখন..
সপোনবোৰৰ সৈতে যোগ দিছো আমি আৰু কিছু নতুন আশাক.. বগীবিলৰ কোলাৰেই দ্ৰুত ৰেল যোগাযোগ ব্যৱস্থাই ধেমাজি, লখিমপুৰক অসমৰ অন্যান্য স্থানৰ লগতে সংযোগ কৰিব সমগ্ৰ ভাৰতবৰ্ষৰ সৈতে.. আশা কৰিম দ্ৰুতবেগী ৰেলবোৰে এই অঞ্চলৰ জনসাধাৰণৰ কষ্টকৰ যাতায়তক ব্যৱস্থাক সুচল কৰি তুলিব কম দিনৰ ভিতৰতে..
"ৰাজধানী", "শতাব্দী", "দূৰন্ত" আদিৰ দৰে ভাৰতীয় ৰেলৰ আটাইতকৈ দ্ৰুতবেগী ৰেলবোৰেও স্পৰ্শ কৰি যাব ৰাজ্যখনৰ এই অঞ্চলটোক.. সময়ৰ অপচয় ৰোধৰ লগতে ই কঢ়িয়াই আনিব এক যুগান্তকাৰী পৰিৱৰ্তন আমাৰ মাজলৈ.. আশা দেশৰ চৰকাৰী খণ্ডৰ বিভাগসমূহৰ ভিতৰত সৰ্ববৃহৎ ৰেল বিভাগৰ সুযোগ-সুবিধাসমূহ পলমকৈ হলেও আমি ভালদৰেই উপভোগ কৰিবলৈ পাম অনতিপলমে@

(৩ ছেপ্টেম্বৰ ২০১৮, নগাঁৱমুখী যাত্ৰা কালত ট্ৰেইনত)

No comments:

Post a Comment