Saturday, 11 December 2021

অপ্ৰাসাংগিক

 ক. জীৱন.. সময়... সপোনৰ অগা-ডেৱা...

জীৱনবোৰ গতিশীল বুলি জানিও কিছুমান মুহূৰ্তত চিৰদিনৰ বাবে ৰৈ যোৱাৰ বাসনা জাগে.. মন যায় কিছুমান বিশেষ সময়লৈ ঘূৰি যাবলৈ.. জানো অলীক কল্পনা.. তথাপিচোন বাৰে বাৰে একেই কথা.. একেই হেপাঁহ..

সময়বোৰ ঘূৰাই অনাৰ সময়-যন্ত্ৰটোৰ প্ৰয়োজনীয়তাই লৈ যায় এইছ জি ৱেলছৰ কল্পনাৰ জীৱন্ত উপস্থাপনৰ কাষলৈ.. সময়ৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ সৈতে খোজ মিলাবলৈ গৈ বাৰে বাৰে উজুটি খাই পৰোঁ..

সপোনবোৰে ভুমুকিয়াইহি জীৱনৰ দুৱাৰডলিত সম্ভাৱনীয়তাৰ নতুন দিগন্ত পোহৰাই.. সপোনৰ কলৰোলত উদ্ভাসি উঠে জীৱনৰ এটা নতুন উপত্যকা.. হেপাঁহৰ সেউজীয়াখিনি দিগন্ত প্ৰসাৰিত ব্যাপ্তিৰে বহুৰঙী হোৱাৰ নতুন প্ৰস্তুতি এয়া..

 খ. ভোক... সপোন... ভৱিষ্যত বাৰ্তা...

ভোকৰ সংজ্ঞা আমি যিয়েই নিদিও কিয়.. ভোকে নামানে সম্পদৰ প্ৰাচুৰ্য.. কিম্বা অহংকাৰৰ মিছা অষ্ফালন... ভোকে বিচাৰ নকৰে কেতিয়াও সপোনৰ মাত্ৰাক..

কি আমেৰিকা.. কি ছোমালিয়া.. অসম কিম্বা কোনোবা অচিন পাহাৰৰ নিৰ্জন প্ৰান্তৰ.. সকলোতে কিন্তু ভোকবোৰ সদায় ভোকেই.. স্থান-কাল-পাত্ৰৰ পাৰ্থক্যবোৰে আমাক দেখুৱাই কেৱল ভিন্নতাহে..

প্ৰাচুৰ্যৰ ভোক.. অন্ন-বস্ত্ৰ-বাসস্থানৰ ভোক.. নিৰাপত্তাৰ ভোক.. আত্মীয়তাৰ ভোক..  সম্পত্তিৰ ভোক.. সংস্থাপনৰ ভোক.. কৰ্ম-সন্তুষ্টিৰ ভোক.. আহ!! কিমান যে ভোক আমাৰ.. কিন্তু ভোকবোৰৰ জানো কিবা গূঢ়াৰ্থ থাকেগৈ ছিটাৰ জুইত কিম্বা কবৰ বা কফিনৰ বন্ধ দুৱাৰৰ ভিতৰত..

সপোনবোৰে কঢ়িয়াই আনে নিত্য নতুন বাৰ্তা.. সপোনৰ কোলাত উঠি ভোকৰ সংজ্ঞাবোৰক আওকাণ কৰি জীৱনে নতুন হাঁহিৰে আদৰণি জনায় আমাৰে ভৱিষ্যতক.. ভৱিষ্যতৰ বহুৰঙী সপোনবোৰৰ কোলাতে আকৌ ভোকৰ নীৰৱ নিৰ্জন উপস্থিতি..

 

(২ জুন ২০১৮/ পুৱা ১ বাজি ২৮ মিনিট/ আমোলাপট্টি, নগাঁও)

Tuesday, 16 March 2021

জীৱন জিন্দাবাদ

খন্তেকতে সলনি হয় সময়ৰ ইতিহাস.. সলনি হয় মানৱ সভ্যতাৰ ইতিহাস-ভূগোল.. সলনি হয় পাৰিপাৰ্শ্বিক পৃথিৱীৰ বহু সত্য..

সলনি নহয় মানুহৰ স্বাভাৱিক প্ৰকৃতিৰ.. ব্যক্তিগত আচাৰ-আচাৰণে ৰূপ লয় সমষ্টি বিশেষৰ ৰীতি-পৰম্পৰা হিচাবে.. কিছু পৰম্পৰাৰ যুক্তিহীনতাক উপলব্ধি কৰিও মানৱ সভ্যতাৰ প্ৰগতিয়ে সময়ৰ সৈতে খোজ মিলাবলৈ যেন পাহৰি যায়..নে পাহৰি যোৱাৰ ভুৱা অভিনয় কৰে.. সেয়াও এক উত্তৰবিহীন অসীম প্ৰশ্নৰ মাজৰ এক প্ৰশ্ন হৈয়ে হয়তো ৰৈ যাব মানুহৰ মাজত!! 

আশাৰ নতুন কিৰণ উলাবলৈকে যেন বাট চাই আছে সমগ্ৰ মানৱ ইতিহাসে.. পিছে ইতিহাসো যে পক্ষপাতিত্বৰ সমাধান নোহোৱা অংকৰ মাজতে চিৰ প্ৰৱহমান!! তথাপি ইতিবাচক মন এটাৰ বাবে যে সকলোৰে সংগ্ৰাম.. যি সংগ্ৰাম এই ধৰাত সমাজ সংগঠন ব্যৱস্থা নোহোৱা পৰিস্থিতিৰ পৰা উদ্ভৱ হৈ আজিৰ নেন্ প্ৰযুক্তিৰ অসামান্য বিকাশৰ শেষ পৰ্যায়লৈকে সদা সৰ্বদা বিৰাজমান..

(১৬ মাৰ্চ ২০২১/হাউলী) 

Tuesday, 24 November 2020

তৰুণ গগৈ দেৱৰ মৃত্যুত

ৰাজনীতি ভালকৈ বুজা হোৱাৰে পৰা অসমৰ যিজন মুখ্যমন্ত্রীক চিনি পাইছো সেইজন মানুহ পঞ্চভূতত বিলীন হৈ গ'ল আজি। হয় তৰুণ গগৈ নামৰ ব্যক্তিজনৰ শাৰীৰিক অৱস্থিতি আজিৰে পৰা নোহোৱা হ'ল।

যিকোনো বিষয়তে প্ৰায়ে "বাদ দিয়াহে" বোলা বাক্য শাৰীৰে অসমৰ থলুৱা গ্ৰাম্য মানসিকতাক ৰাজনীতিৰ পথাৰত স্পষ্ট ৰূপত তুলি ধৰা মানুহজনক হেৰুৱাই আজি অসমবাসী ম্ৰিয়মান হৈ পৰিছে। লাহে লাহে সকলোৱে তেখেতৰ অনুপস্থিতি উপলব্ধি কৰিব। পিছে সময়বোৰ যে কাৰোৰে বাবে ৰৈ নাথাকে।
 
৩ বাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱা তৰুণ গগৈ নামৰ ব্যক্তিজনৰ এনে সৰল আৰু স্পষ্টবাদী মন আছিল যে যি মনলৈ আহিছিল তাকে তেখেতে মুকলিকৈ সকলোৰে আগত ব্যক্ত কৰিছিল। তদুপৰি আটাইতকৈ উল্লেখযোগ্য বিষয়টো হ'ল ১৯৭১ চনৰে পৰা সুদীৰ্ঘকাল ৰাজনীতিৰ পথাৰত থকাৰ পিছতো কোনো দিনে দুৰ্নীতিৰ সৈতে সাঙুৰ খাই নপৰা এই ব্যক্তিজন সঁচাই অসমৰ বৰ্তমান আৰু ভৱিষ্যতৰ ৰাজনীতিবিদসকলৰ বাবে আদৰ্শ ব্যক্তি হোৱাতো সময়ৰ দাবী। 

অৰ্থনৈতিকভাৱে জুৰুলা ৰাজ্যখনক, তৰুণ গগৈ দেৱে ২০০১ চনত প্ৰথম বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ যি দক্ষতাৰে প্ৰগতি আৰু শান্তিৰ পথলৈ আনিবলৈ সক্ষম হৈছিল তাতে তেখেতৰ কৰ্ম-দক্ষতা আৰু কাৰ্য-কুশলতা স্পষ্ট ৰূপত প্ৰতিভাত হৈ পৰিছিল। ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধানৰ লগতে আধুনিক অসমক নতুন ৰূপত গঢ় দিয়াত তেখেতৰ অৱদান সদায়ে ভৱিষ্যতত স্মৰণ কৰা হ'ব।


(২৩.১১.২০২০/বৰপেটা)