Tuesday, 24 November 2020

তৰুণ গগৈ দেৱৰ মৃত্যুত

ৰাজনীতি ভালকৈ বুজা হোৱাৰে পৰা অসমৰ যিজন মুখ্যমন্ত্রীক চিনি পাইছো সেইজন মানুহ পঞ্চভূতত বিলীন হৈ গ'ল আজি। হয় তৰুণ গগৈ নামৰ ব্যক্তিজনৰ শাৰীৰিক অৱস্থিতি আজিৰে পৰা নোহোৱা হ'ল।

যিকোনো বিষয়তে প্ৰায়ে "বাদ দিয়াহে" বোলা বাক্য শাৰীৰে অসমৰ থলুৱা গ্ৰাম্য মানসিকতাক ৰাজনীতিৰ পথাৰত স্পষ্ট ৰূপত তুলি ধৰা মানুহজনক হেৰুৱাই আজি অসমবাসী ম্ৰিয়মান হৈ পৰিছে। লাহে লাহে সকলোৱে তেখেতৰ অনুপস্থিতি উপলব্ধি কৰিব। পিছে সময়বোৰ যে কাৰোৰে বাবে ৰৈ নাথাকে।
 
৩ বাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱা তৰুণ গগৈ নামৰ ব্যক্তিজনৰ এনে সৰল আৰু স্পষ্টবাদী মন আছিল যে যি মনলৈ আহিছিল তাকে তেখেতে মুকলিকৈ সকলোৰে আগত ব্যক্ত কৰিছিল। তদুপৰি আটাইতকৈ উল্লেখযোগ্য বিষয়টো হ'ল ১৯৭১ চনৰে পৰা সুদীৰ্ঘকাল ৰাজনীতিৰ পথাৰত থকাৰ পিছতো কোনো দিনে দুৰ্নীতিৰ সৈতে সাঙুৰ খাই নপৰা এই ব্যক্তিজন সঁচাই অসমৰ বৰ্তমান আৰু ভৱিষ্যতৰ ৰাজনীতিবিদসকলৰ বাবে আদৰ্শ ব্যক্তি হোৱাতো সময়ৰ দাবী। 

অৰ্থনৈতিকভাৱে জুৰুলা ৰাজ্যখনক, তৰুণ গগৈ দেৱে ২০০১ চনত প্ৰথম বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ যি দক্ষতাৰে প্ৰগতি আৰু শান্তিৰ পথলৈ আনিবলৈ সক্ষম হৈছিল তাতে তেখেতৰ কৰ্ম-দক্ষতা আৰু কাৰ্য-কুশলতা স্পষ্ট ৰূপত প্ৰতিভাত হৈ পৰিছিল। ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধানৰ লগতে আধুনিক অসমক নতুন ৰূপত গঢ় দিয়াত তেখেতৰ অৱদান সদায়ে ভৱিষ্যতত স্মৰণ কৰা হ'ব।


(২৩.১১.২০২০/বৰপেটা) 

No comments:

Post a Comment