Tuesday, 20 December 2022

অসমীয়া ভাষাৰ কালিকা

 


সমীয়া ভাষাত প্ৰায় একধৰণেৰে উচ্চাৰিত যেন লগা কিন্তু নামমাত্ৰ পাৰ্থক্যখিনি ভালদৰে লক্ষ্য নকৰিলে স্পষ্টকৈ দেখা নোপোৱা, ভিন্ন অৰ্থ প্ৰকাশ কৰা দুটামান শব্দ তলত উল্লেখ কৰা ধৰণৰ -

Ø প্রসাদ - বিতৰণ কৰা নৈবেদ্য; অনুগ্রহ।

Ø প্রাসাদ - অট্টালিকা

 

Ø সহচাৰী - লগত যোৱা লোক।

Ø সহচৰী - লগত যোৱা স্ত্রী; পত্নী।

 

Ø ৰাজপ্ৰসাদ - ৰজাঘৰৰ অনুগ্রহ।

Ø ৰাজপ্রাসাদ - ৰজা থকা অট্টালিকা।

 

Ø অনুদিত - যিহৰ উদয় হোৱা নাই ।

Ø অনূদিত - যিটো অনুবাদ কৰা

 

Ø পুৰা - চাৰি বিঘা (মাটি); প্ৰায় দহ কিঃ গ্ৰাঃ পৰিমাণ (ধান)।

Ø পূৰা - পূৰ্ণ কৰ।

 

Ø কুট - সৰু সৰুকৈ কাট।

Ø কূট - কপটতাযুক্ত।

 

Ø সূত - ৰথৰ সাৰথি; হিন্দু  সম্প্রদায় বিশেষ; জন্ম হোৱা

Ø সুত - পুত্ৰ; ঋণৰ বাবদ দিব লগা ওপৰঞ্চি ধন।

 

Ø কুল -বংশ।

Ø কুল - নৈৰ দাঁতি।

 

Ø পুৰ - নগৰ।

Ø পূৰ  - পূৰ্ণ ।

 

Ø চটা - চেপেটা বস্তু (যেনে - এচটা কামী)।

Ø ছটা - পোহৰৰ জিলিকনি।

 

Ø চন - বছৰ।

Ø ছন - খেতি নকৰাকৈ পৰি থকা (মাটি)।

 

Ø চল - সুযোগ-সুবিধা।

Ø ছল - প্ৰতাৰণা কৰ।

 

Ø চলি - কাঠৰ সৰু চেপেটা খণ্ড

Ø ছলি - ল'ৰা-ছোৱালী।

 

Ø চাট - আঘাত; গৰুবিহুত গৰুৰ গাত মাৰিবলৈ বেঙেনা, কেৰেলা আদিৰ টুকুৰা সী লোৱা বাঁহৰ শলা ।

Ø ছাট - ঢাকি ধৰ।

 

Ø চান্দ - কোনো কাৰ্য কৰিবলৈ সুবিধা বিচাৰ ।

Ø ছান্দ - মেৰিয়াই বান্ধ ৷

 

Ø চাপ - হেঁচা।

Ø ছাপ - সাঁচ; মোহৰ

 

Ø চাৰ - আগবঢ়া; বেছি।

Ø ছাৰ - ঊর্ধ্বতন বিষয়া বা শিক্ষকক কৰা সম্বোধন

 

Ø চাৰি - দুইৰ দুগুণ।

Ø ছাৰি - এৰি ; সলনি।

 

Ø চাল - ঘৰৰ ওপৰৰ আচ্ছাদন; কৌশল।

Ø ছাল - গাৰ বাকলি ৷

 

Ø চালি - এচলীয়া ঘৰ; ৰা চৰাইৰ মেলা পাখি।

Ø ছালি - তামোলৰ লগত খোৱা এবিধ লতাৰ ছাল।

 

Ø চিতা - শৱদাহ কৰিবলৈ সজা মেজি ৷

Ø ছিটা - গাত লগোৱা বসন্ত ৰোগৰ প্ৰতিষেধক।

 

Ø চিৰা - এবিধ জলপান।

Ø ছিৰা - মাহৰ ছেঁই; ঠেক আৰু দীঘলকৈ ফলা খণ্ড।

 

Ø চিৰি - 'শ্রী' শব্দৰ কোমল ৰূপ ।

Ø ছিৰি - তাঁতশালৰ সঁজুলি বিশেষ; খটখটি; ছিৰি - লো।

 

Ø চুটি - দীঘল নোহোৱা।

Ø ছুটী - কামৰপৰা অৱসৰ ।

 

 

Ø চেক - চেকা।

Ø ছেক - ছেকনীৰে সৰকাই পৰিষ্কাৰ কৰ।

 

Ø চেৰা - পনীয়া শৌচ কৰ; পাৰ হৈ যা ।

Ø ছেৰা - এৰি যোৱা (যেনেঃ ছেৰা বোটল)।

 

Ø চেকনি এছাৰি ৷

Ø ছেকনী -  জুলীয়া বস্তু ছেকা যতন।

 

Ø চেকা - দাগ; কলংক।

Ø ছেকা – আনৰ হতুৱাই ছেকনীৰে পৰিস্ৰাৱণ কৰা।

 

Ø চেলা - এবিধ বিষাক্ত কীট।

Ø ছেলা - ছাল গুচা।

 

Ø চৈ - পাণৰ নিচিনা এবিধ লতা।

Ø ছৈ - গৰু-গাড়ী, নাও আদিৰ ওপৰৰ ঢাকনী।

 

 

Ø নিচা - ৰাগি ।

Ø নিছা - ঘৰৰ খেৰ বখলিয়া ।

 

Ø বচা - ৰক্ষা কৰ; এবিধ মাছ।

Ø বছা - পেটু, বাকলি আদি গুচোৱা (মাছ); নির্বাচিত; আনৰদ্বাৰা বাছনি কৰা ৷

 

Ø বাচ - ৰক্ষা পৰ।

Ø বাছ - যাত্রী অনা-নিয়া কৰা যান বিশেষ।

 

Ø বেচন - বেচা কার্য ।

Ø বেছন - দাইলৰ মিহি গুড়ি।

 

Ø ৰছা - জৰী।

Ø ৰচা - ৰচনা কৰা।

 

Ø ৰেচন - পেট চলা ৰোগ।

Ø ৰেছন - ৰচদ-পাতি।

 

 

Ø লেছা - দীঘলীয়া বস্তুৰ কোছা

Ø লেচা - মাটিৰ এটা জোখ

 

Ø ইকান-সিকান - কান্ধ সলোৱা কার্য

Ø ইকাণ-সিকাণ - মুখ বাগৰি প্ৰচাৰ হোৱা কাৰ্য

 

Ø কাণ -  শ্ৰৱণেন্দ্ৰিয়; পাত্ৰৰ দাঁতি

Ø কান - খুঁটাৰ মূৰত কটা খোপ; কান্ধ

 

Ø কাণী - চকুৰে নেদেখা স্ত্রী

Ø কানি - এবিধ ৰাগিয়াল দ্রব্য

 

Ø কোণ - চুক

Ø কোন - পৰিচয় সোধা শব্দ

 

Ø পাণ - তামোলৰ লগত খোৱা এবিধ পাত

Ø পান - পি খোৱা কাৰ্য

 

Ø পাণি - হাত

Ø পানী - তৰল দ্ৰব্য বিশেষ

 

Ø পোণ - তামোল আদিৰ আশীটাৰ সমষ্টি

Ø পোন - সৰল; চিধা

 

Ø ফেণা - সাপৰ ফেঁট; আলু, আদা আদিৰ ঠেঙুলি

Ø ফেনা - মুখেৰে ফেন ওলা; ফেন উলিয়া

 

Ø বাণ - কাঁড়; মন্ত্ৰ; মাছ ধৰিবলৈ পতা কাঠীৰ বেৰ

Ø বান - বাঢ়নী পানী


(২০ ডিচেম্বৰ ২০২২ / সৰভোগ) 

************

 

"ভাৰণ্ড পক্ষীৰ জাক" উপন্যাসখনৰ সাৰাংশ

 ভাৰণ্ড পক্ষীৰ জাক

সুদীৰ্ঘদিন ধৰি সহাৱস্থান কৰি অহা বড়ো আৰু অন্যান্য অসমীয়া ভাষী জনগোষ্ঠীসমূহৰ জীৱনলৈ ক্ৰমে নামি অহা বিভাজনমুখী, ক্ষয়িষ্ণু আৰু অস্থিৰাৱস্থাৰ এক প্ৰতিচ্ছবি অংকন কৰা হৈছে উমাকান্ত শৰ্মাৰ ভাৰণ্ড পক্ষীৰ জাক উপন্যাসখনত। উপন্যাসখনত বৰ্ণিত ছেছাখুলি আৰু ছোনাফালি দুটা বড়ো অধ্যুষিত বৃহৎ অঞ্চল। ছেছাখুলিত বড়োৰ লগতে বৰ্ণহিন্দু, মুছলমান, নেপালী আদি বিভিন্ন সম্প্ৰদায়ৰ মানুহে বাস কৰে। ধৰ্ম, জাত আৰু ভাষা বেলেগ বেলেগ হলেও বড়োসকলৰ ধৰ্মীয় সহনশীলতাৰ বাবে ছেছাখুলিৰ মানুহৰ মাজত সমন্বয় আৰু দৃঢ় একতা দেখা যায়। স্থানীয় হিন্দু মন্দিৰৰ পূজাৰী গৌৰীনাথৰ মতে ছেছাখুলিৰ সমাজ মাত্ৰ এখনেই। আনহাতে স্বাধীনতাৰ বহু বছৰৰ পাছতো বড়োসকলৰ কিবা উন্নতি হোৱাৰ সলনি চাৰিওফালৰ পৰা বিভিন্ন জনগোষ্ঠীৰ হেঁচাত বড়োসকলৰ অস্তিত্ব বিপন্ন হোৱাৰ সম্ভাৱনা দেখি নতুন চাম বড়ো যুৱক-যুৱতী ক্ষুদ্ধ হৈ উঠিছে। ছেছাখুলি-ছোনাফালিৰ বড়ো জনজাতীয় আৱেষ্টনীৰ মাটি বহিৰাগত শৰণাৰ্থীয়ে দখল কৰিছে, অঞ্চলটোৰ অব্যৱহৃত অৰণ্য অঞ্চলৰ হাবি-বন পুৰি মৈমনচিঙীয়া লোকে স্থায়ীভাৱে বসতি আৰম্ভ কৰিছে। বড়োসকলৰ এই বিপদৰ সময়ত ক্ষুদ্ধ যুৱকসকলে ঠায়ে ঠায়ে সংগঠিত হৈ চৰম পন্থা অৱলম্বনৰ যো-যাও চলাইছে। নিজৰ পৰন্পৰাকে সাৱটি সৰ্বস্বান্ত হবলৈ উলোৱা বড়োসকলৰ নতুন চামৰ মাজত এনে জাগৰণ দেখি গৌৰীনাথে সন্তোষ লভিছে। নতুনসকলৰ বিপৰীতে পুৰণিচাম লোক বহিৰাগতসকলৰ আগমনত শংকিত হোৱা নাই। এওলোকৰ মতে পমুৱা মানুহবোৰে এনেয়ে পৰি থকা মাটিত হাবি-জংঘল কাটি খেতি কৰি ভালেই কৰিছে। ছেছাখুলি বজাৰত দোকান-পোহাৰ বাঢ়ি অহাত বয়-বস্তু সহজতে আৰু সস্তাতে পোৱা গৈছে। কিন্তু অলিত-উৰ্মিলাহঁতৰ দৰে নতুন চাম ডেকা-গাভৰুৰ মতে বহিৰাগতৰ এই আগ্ৰাসন আৰম্ভণিতে ৰোধ কৰিব নোৱাৰিলে পাছলৈ সেয়া সম্ভৱ নহবইতিমধ্যে বড়ো আৰু বৰ্ণহিন্দুসকলৰ মাজত বিভিন্ন কাৰণত বিভাজনে মূৰ দাঙি উঠিছে। তাৰে এটা কাৰণ হৈছে অসমৰ ৰাজ্যভাষা অসমীয়া হোৱাটো বড়োসকলেও পোষকতা কৰিছিল কিন্তু তেওলোকৰ সমস্যাৱলী বৰ্ণহিন্দুসকলে কেতিয়াও উপলব্ধি কৰিব নোৱাৰে। 

নতুন চাম যুৱক-যুৱতীয়ে দেখা পায় যে বড়োসকলৰ উন্নতিৰ বাবে লোৱা যিকোনো আচনিৰ সুফল লাভ কৰিছে অ-বড়োসকলেহে। কৃষিজীৱী বড়োৰ উন্নতিৰ আচনিৰ ধনে অ-বড়ো ঠিকাদাৰকহে চহকী কৰিছে। বড়ো বসতিপূৰ্ণ অঞ্চলত পতা শিক্ষানুষ্ঠানতো অ-বড়োয়েহে চাকৰি পায়। ছেছাখুলিত কৰেন্দ্ৰৰ মাটিখিনিত ইটা ভাটা খুলি বলোভদ্ৰ পাঠক কেইবাখনো ট্ৰাকৰ মালিক হৈছে, ব্যৱসায়ী ৰামলালে ছলাহী কথাৰে বহুখিনি চৰকাৰী মাটি দখল কৰি কাৰখানা খুলিছে। ইতিমধ্যে এনেবোৰ কাৰ্য দেখি ক্ষুদ্ধ হৈ পৰা নতুন চাম ডেকা-গাভৰুৰ মাজত মত-বিৰোধ হোৱাত সিহঁত দুটা শিবিৰত বিভক্ত হৈ পৰিছে। তাৰ ভিতৰত ৰণজিলা-ৰণেনৰ দৰে কেইজনমানে দীৰ্ঘকালীন প্ৰস্তুতিৰে বড়োসকলৰ উন্নতিৰ কথা চিন্তা কৰে। আনহাতে অলিত-ঊৰ্মিলাহঁতে বিপ্লৱৰ চৰম পন্থা গ্ৰহণ কৰে। বড়োসকলৰ সৰ্বতোপ্ৰকাৰৰ উন্নতিৰ কথা চিন্তা কৰা অধ্যাপক বকুল দৈমাৰীৰ দৰে ব্যক্তিৰ পৰামৰ্শও সিহতে গ্ৰহণ নকৰে। বড়োসকলৰ সৰ্বাংগীণ উন্নতি কামনা কৰা শিক্ষক ৰমাকান্ত আৰু দেৱকান্ত অ-বড়ো হোৱা বাবেই অলিতহতৰ চৰম বিৰাগভাজন হয়। ইতিমধ্যে ছেছাখুলি-ছোনাফালিৰ চাৰিফালে হিংসা-প্ৰতিহিংসাৰ জুয়ে এক অস্থিৰ অৱস্থাৰ সৃষ্টি কৰে। বৰ্ণহিন্দু অসমীয়াসকলৰ বিৰুদ্ধে বড়ো চৰমপন্থী গোটটোৱে বহিৰাগত পমুৱাহতক কামত লগোৱাৰ চেষ্টা কৰে। ছেছাখুলিৰ ঘৰে ঘৰে অচিনাকি বড়ো ডেকাৰ কেম্প হয়। ইয়াৰে অসৎ চৰিত্ৰৰ ডেকাবোৰে গাৱৰ ছোৱালীৰ সৈতে বেয়া ব্যৱহাৰ কৰিবলৈ ধৰাত স্থানীয় ডেকাৰ সৈতে সিহতৰ মাৰ-পিট আৰু কাজিয়া আৰম্ভ হয়। ক্ৰমাৎ পৰিস্থিতিয়ে জটিল আৰু ভয়াবহ ৰূপ পাই নিয়ন্ত্ৰণৰ সীমা অতিক্ৰম কৰাত চৰমপন্থী গোটৰ আদৰ্শবাদী নেতা অলিতে কেম্পৰ ডেকাহতক বুজনি দিবলৈ যাওতে সিও বেয়াকৈ মাৰ খায়। নিজে সৃষ্টি কৰি লোৱা সমস্যাই এইদৰে নিজকে গ্ৰাস কৰাৰ পাছত ভৱিষ্যতক লৈ হোৱা সংশয়ৰ মাজেৰে অলিতৰ আত্মোপলব্ধিৰ উদয় হোৱাৰ মাজেৰে উপন্যাসখন সামৰা হৈছে।

********

Saturday, 17 December 2022

ৰেগিং, উচ্চতম ন্যায়ালয়, বিশ্ববিদ্যালয় অনুদান আয়োগ, মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় ইত্যাদি (Ragging, Supreme Court, UGC, MHRD etc.)

সৌ সিদিনা ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত ৰেগিঙৰ আতিশয্যত ছাত্ৰাৱাসৰ ওপৰৰ মহলাৰপৰা জঁপিয়াই দিছে এজন ছাত্ৰই - যোৱা দুটামান দিন অসমৰ সকলোতে এই বিষয়টোক কেন্দ্ৰ কৰি ৰেগিংৰ ভয়াবহতাৰ চৰ্চা। এই ঘটনাটোৰ গাত ভেজা দি বৰ্তমান অসমৰ ইখনৰ পাছত সিখনকৈ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত সংঘটিত অনুৰূপ ঘটনাবোৰ জনচক্ষুৰ সন্মুখলৈ হুৰমূৰকৈ সোমাই অহাটো আমি সকলোৱে এইকেইটা দিনত প্ৰত্যক্ষ কৰিছোঁ।

কিন্তু এয়া জানো প্রকৃত সত্যতা!! ৰেগিং কি এই বছৰহে অসমত বেছিকৈ হৈছে? নে ৰেগিঙৰ বিষয়ে অসমৰ মানুহৰ  মাজত সজাগতা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই বিশেষ ঘটনাটোৱেহে গঢ়ি তুলিছো!

আমাৰ সকলোৰে জ্ঞাত যে ইয়াৰ আগতেও স্বাভাৱিকতেই ৰেগিঙৰ ভয়াবহ দিশবোৰৰ প্ৰতি কিছু সংখ্যক মানুহ আমাৰ মাজত সজাগ আছিল। কিন্তু চকুত পৰাকৈ সজাগতা সৃষ্টিৰ প্ৰয়াস হয়তো তেনেকৈ হোৱা নাছিলা৷ এয়াই কি আচলতে আমাৰ বাবে এক সুৱৰ্ণ সুযোগ ৰেগিঙৰ ভয়াবহতাক সমাজৰপৰা সম্পূৰ্ণৰূপে নিৰ্মূলৰ এক দূৰদৰ্শী পদক্ষেপ লোৱাৰ!!!

প্ৰকৃততে কথাটো তেনেকুৱা নহয়। ১৯৯৮ চনত বিশ্ব জাগৃতি মিশন আৰু ২০০৪ চনত কেৰেলাৰ মহাবিদ্যালয় অধ্যক্ষ পৰিষদ বনাম কেৰেলা বিশ্ববিদ্যালয়ে ৰেগিঙৰ বিৰুদ্ধে দাখিল কৰা আবেদন (petition) ৰ ভিত্তিত ২০০৭ চনতে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে মানৱ সম্পদ উন্নয়ন মন্ত্রালয় (MHRD) এ নিয়োগ কৰা ৰাঘৱন সমিতি (Raghvan Committee) এ দেশত ঘটি থকা ৰেগিঙৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ এক বিশেষ প্ৰতিবেদন দাখিল কৰিছিল। ২০০৭ চনতে দাখিল কৰা এই প্ৰতিবেদনৰ ভিত্তিত বিশ্ববিদ্যালয় অনুদানে কার্যকৰী ব্যৱস্থা লোৱা কিন্তু ২০০৯ চনলৈকে দৃষ্টিগোচৰ হোৱা নাছিল। মূলতঃ ২০০৯ চনৰ ৮ মাৰ্চ তাৰিখে আমান কাচৰু নামৰ হিমাচল প্ৰদেশৰ ৰাজেন্দ্ৰ প্ৰসাদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত অধ্যয়ন কৰি থকা চিকিৎসা বিজ্ঞানৰ প্ৰথম বৰ্ষৰ ছাত্ৰজনৰ মৃত্যুৰ পৰৱৰ্তী সময়তহে বিশ্ববিদ্যালয় অনুদান আয়োগে ততাতৈয়াকৈ ২০০৯ চনৰ পৰাই ৰেগিং বিৰোধী আইন প্রণয়ন কৰি সেয়া দেশৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত কাৰ্যকৰী কৰাত গুৰুত্ব প্ৰদান কৰে। সেই ২০০৯ চনৰ আইন আনুসৰিয়েই ভাৰতবৰ্ষৰ যিকোনো বিশ্ববিদ্যালয় বা মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানৰ চৌহদৰ ভিতৰে বাহিৰে যি কোনো প্ৰকাৰৰ ৰেগিং কঠোৰভাৱে নিষিদ্ধ। উচ্চতম ন্যায়ালয়ৰ ৰায়দান আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ আইন অনুসৰিয়েই বর্তমানো নামভৰ্ত্তিৰ সময়তে সকলো ছাত্ৰ-ছাত্ৰীয়ে ৰেগিং বিৰোধী শপতনামা শিক্ষানুষ্ঠানখনৰ মুৰব্বীৰ হাতত দাখিল কৰিব লাগে। সমান্তৰালভাৱে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মেই ৰেগিং ফলত বিপদত পৰা শিক্ষাৰ্থীসকলক সহায় কৰিবলৈ ২০০৯ চনৰ জুন মাহৰ পৰা সপ্তাহৰ ২৪ ঘন্টাই মুকলি থকা ১৮০০-১৮০-৫৫২২ (1800-180-5522) শীৰ্ষক ৰাষ্ট্ৰীয় ৰেগিং বিৰোধী হেল্পলাইনটো বিশ্ববিদ্যালয় অনুদান আয়োগে আৰম্ভ কৰে। ইয়াৰোপৰিও দেশৰ প্ৰতিখন বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়তে ৰেগিঙ বন্ধ কৰাৰ বাবে একোটাকৈ ৰেগিং বিৰোধী কোষ (Anti-Ragging Cell) বাধ্যতামূলকভাৱে  গঠন কৰাৰ হয় ২০০৯ চনৰ আইন অনুসৰি।

কিন্তু ইমানৰ পাছতো আমি কিয় দেশৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ পৰা ৰেগিঙৰ ভয়াবহতা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ সক্ষম হোৱা নাই বাৰু!! আমাৰ বাবে ৰেগিং এতিয়াও সমাজত সততে চলি থকা সামাজিক অৱদমনৰে এক নামান্তৰ হৈ থকা নাইটো! আমাৰ সমাজত আজিও যিদৰে এচাম ক্ষমতাশালী লোকে আর্থিক তথা সামাজিকভাৱে দুৰ্বল আৰু অনগ্ৰসৰ লোকসকলক শোষণ আৰু বঞ্চনা কৰি আছে, ঠিক তাৰেই নামান্তৰ হিচাপে শিক্ষানুষ্ঠান তথা ছাত্ৰাৱাস-ছাত্ৰীনিৱাসৰ জেষ্ঠ্যসকলে কনিষ্ঠসকলৰ ওপৰত হকে বিহকে নিজৰ কৰ্তৃত্ব খটুৱাইছে নেকি? লগতে আমাৰ ভাৰতীয় সমাজৰ বিভিন্ন ক্ষেত্ৰত আজিৰ যুগটো যিদৰে আমি পৰম্পৰাগত ৰীতি-নীতিবোৰ এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ অৱধাৰিতভাৱে প্ৰৱাহিত হৈ থকাতো সকলোৱে বিচাৰো, ঠিক তেনে এক ধাৰণাৰ বশৱৰ্তী হৈয়ে শিক্ষানুষ্ঠান আৰু শিক্ষানুষ্ঠানৰ সৈতে সম্পর্কিত আৱাসসমূহত ৰেগিঙৰ দৰে ভয়াৱহ পৰম্পৰাটো জীয়াই ৰখাত আমিয়েই অগ্ৰাধিকাৰ দিয়া নাইটো!! ৰেগিঙৰ ফলশ্ৰুতিত আমাৰ মাজত আত্মীয়তাৰ সুদৃঢ় বান্ধোনৰ সলনি বিভেদৰ প্ৰাচীৰ এখনহে সৃষ্টি হৈছে নেকি!৷ এনেধৰণৰ বিষয়বোৰ আজিৰ আধুনিক প্ৰযুক্তিবিদ্যাৰ 5G ৰ সৈতে জড়িত হ'বলৈ গৈ থকা আধুনিক প্রজন্মটোৰ প্ৰতিজন প্রতিনিধিয়ে পুঙ্খানুপুঙ্খভাৱে বিচাৰ-বিশ্লেষণ কৰি চোৱাৰ সময় এতিয়া।

হয়, আজিৰ দ্রুত আৰু বহুল ব্যৱহৃত সামাজিক যোগাযোগ মাধ্যম, বাতৰি কাকত, বৈদ্যুতিন মাধ্যমৰ কৃপাত ৰেগিঙৰ সৈতে জড়িত ঘটনাবোৰৰ বিষয়ে আমি খন্তেক সময়ৰ ব্যৱধানত বিস্তৃতভাৱে জানিবলৈ সক্ষম হৈছোঁ। কিন্তু ইমান দ্রুতভাৱে প্ৰচাৰিত খবৰবোৰৰ প্ৰকৃত সত্যতাৰ বিষয়ে বিচাৰ বিশ্লেষণ কৰিবলৈ আমি বাৰু সময় পাওঁ নে সচাঁকৈয়? আধুনিক প্রজন্মই এই খবৰবোৰৰ সত্যাসত্য বিচাৰ কৰাৰ সমান্তৰালভাৱে ৰেগিং নামৰ ব্যাধিটোৰ কাৰকবোৰৰ সন্ধান কৰি ইয়াক কিদৰে সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰি তাৰ সমাধান সূত্ৰৰ উলিওৱাতহে গুৰুত্ব দিয়াটো আজিৰ সময়ৰ দাবী। বর্তমান সকলো ক্ষেত্ৰতে কেৱল প্রতিযোগিতা আৰু নিজকে আনতকৈ যোগ্য হিচাপে প্ৰতিপন্ন কৰাৰ নিগনি দৌৰ। এনে এক পৰিস্থিতিত আমি নিজকে সময়তকৈ এখোজ আগুৱাই যোৱাৰ বাবে প্ৰস্তুত কৰাটোহে বৰ্তমান আটাইতকৈ দৰকাৰী বিষয়।

(১৬ ডিচেম্বৰ ২০২২, সৰভোগ)

*******