সৌ সিদিনা ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত ৰেগিঙৰ আতিশয্যত ছাত্ৰাৱাসৰ ওপৰৰ মহলাৰপৰা জঁপিয়াই দিছে এজন ছাত্ৰই - যোৱা দুটামান দিন অসমৰ সকলোতে এই বিষয়টোক কেন্দ্ৰ কৰি ৰেগিংৰ ভয়াবহতাৰ চৰ্চা। এই ঘটনাটোৰ গাত ভেজা দি বৰ্তমান অসমৰ ইখনৰ পাছত সিখনকৈ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত সংঘটিত অনুৰূপ ঘটনাবোৰ জনচক্ষুৰ সন্মুখলৈ হুৰমূৰকৈ সোমাই অহাটো আমি সকলোৱে এইকেইটা দিনত প্ৰত্যক্ষ কৰিছোঁ।
কিন্তু এয়া জানো প্রকৃত সত্যতা!! ৰেগিং কি এই বছৰহে অসমত বেছিকৈ হৈছে? নে ৰেগিঙৰ বিষয়ে অসমৰ মানুহৰ মাজত সজাগতা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই বিশেষ ঘটনাটোৱেহে গঢ়ি তুলিছো!আমাৰ সকলোৰে জ্ঞাত যে ইয়াৰ আগতেও
স্বাভাৱিকতেই ৰেগিঙৰ ভয়াবহ দিশবোৰৰ প্ৰতি কিছু সংখ্যক মানুহ আমাৰ মাজত সজাগ আছিল।
কিন্তু চকুত পৰাকৈ সজাগতা সৃষ্টিৰ প্ৰয়াস হয়তো তেনেকৈ হোৱা নাছিলা৷ এয়াই কি
আচলতে আমাৰ বাবে এক সুৱৰ্ণ সুযোগ ৰেগিঙৰ ভয়াবহতাক সমাজৰপৰা সম্পূৰ্ণৰূপে নিৰ্মূলৰ এক দূৰদৰ্শী পদক্ষেপ লোৱাৰ!!!
প্ৰকৃততে কথাটো তেনেকুৱা নহয়।
১৯৯৮ চনত বিশ্ব জাগৃতি মিশন আৰু ২০০৪ চনত কেৰেলাৰ মহাবিদ্যালয় অধ্যক্ষ পৰিষদ বনাম
কেৰেলা বিশ্ববিদ্যালয়ে ৰেগিঙৰ বিৰুদ্ধে দাখিল কৰা আবেদন (petition) ৰ ভিত্তিত ২০০৭
চনতে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে মানৱ সম্পদ উন্নয়ন মন্ত্রালয় (MHRD)
এ নিয়োগ কৰা ৰাঘৱন সমিতি (Raghvan Committee) এ দেশত ঘটি থকা ৰেগিঙৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ এক বিশেষ প্ৰতিবেদন দাখিল
কৰিছিল। ২০০৭ চনতে দাখিল কৰা এই প্ৰতিবেদনৰ ভিত্তিত বিশ্ববিদ্যালয় অনুদানে
কার্যকৰী ব্যৱস্থা লোৱা কিন্তু ২০০৯ চনলৈকে দৃষ্টিগোচৰ হোৱা নাছিল। মূলতঃ ২০০৯ চনৰ ৮ মাৰ্চ তাৰিখে আমান
কাচৰু নামৰ হিমাচল প্ৰদেশৰ ৰাজেন্দ্ৰ প্ৰসাদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত
অধ্যয়ন কৰি থকা চিকিৎসা বিজ্ঞানৰ প্ৰথম বৰ্ষৰ ছাত্ৰজনৰ মৃত্যুৰ পৰৱৰ্তী সময়তহে
বিশ্ববিদ্যালয় অনুদান আয়োগে ততাতৈয়াকৈ ২০০৯ চনৰ পৰাই ৰেগিং বিৰোধী আইন প্রণয়ন
কৰি সেয়া দেশৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত কাৰ্যকৰী কৰাত গুৰুত্ব প্ৰদান কৰে।
সেই ২০০৯ চনৰ আইন আনুসৰিয়েই ভাৰতবৰ্ষৰ যিকোনো বিশ্ববিদ্যালয় বা মহাবিদ্যালয় আদি
শিক্ষানুষ্ঠানৰ চৌহদৰ ভিতৰে বাহিৰে যি কোনো প্ৰকাৰৰ ৰেগিং কঠোৰভাৱে নিষিদ্ধ।
উচ্চতম ন্যায়ালয়ৰ ৰায়দান আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ আইন অনুসৰিয়েই
বর্তমানো নামভৰ্ত্তিৰ সময়তে সকলো ছাত্ৰ-ছাত্ৰীয়ে ৰেগিং বিৰোধী শপতনামা
শিক্ষানুষ্ঠানখনৰ মুৰব্বীৰ হাতত দাখিল কৰিব লাগে। সমান্তৰালভাৱে উচ্চতম
ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মেই ৰেগিং ফলত বিপদত পৰা শিক্ষাৰ্থীসকলক সহায় কৰিবলৈ ২০০৯
চনৰ জুন মাহৰ পৰা সপ্তাহৰ ২৪ ঘন্টাই মুকলি থকা ১৮০০-১৮০-৫৫২২ (1800-180-5522)
শীৰ্ষক ৰাষ্ট্ৰীয় ৰেগিং বিৰোধী হেল্পলাইনটো বিশ্ববিদ্যালয় অনুদান
আয়োগে আৰম্ভ কৰে। ইয়াৰোপৰিও দেশৰ প্ৰতিখন বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়তে
ৰেগিঙ বন্ধ কৰাৰ বাবে একোটাকৈ ৰেগিং বিৰোধী কোষ (Anti-Ragging Cell) বাধ্যতামূলকভাৱে গঠন কৰাৰ হয় ২০০৯ চনৰ আইন অনুসৰি।
কিন্তু ইমানৰ পাছতো আমি কিয় দেশৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ পৰা ৰেগিঙৰ ভয়াবহতা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ সক্ষম হোৱা নাই বাৰু!! আমাৰ বাবে ৰেগিং এতিয়াও সমাজত সততে চলি থকা সামাজিক অৱদমনৰে এক নামান্তৰ হৈ থকা নাইটো! আমাৰ সমাজত আজিও যিদৰে এচাম ক্ষমতাশালী লোকে আর্থিক তথা সামাজিকভাৱে দুৰ্বল আৰু অনগ্ৰসৰ লোকসকলক শোষণ আৰু বঞ্চনা কৰি আছে, ঠিক তাৰেই নামান্তৰ হিচাপে শিক্ষানুষ্ঠান তথা ছাত্ৰাৱাস-ছাত্ৰীনিৱাসৰ জেষ্ঠ্যসকলে কনিষ্ঠসকলৰ ওপৰত হকে বিহকে নিজৰ কৰ্তৃত্ব খটুৱাইছে নেকি? লগতে আমাৰ ভাৰতীয় সমাজৰ বিভিন্ন ক্ষেত্ৰত আজিৰ যুগটো যিদৰে আমি পৰম্পৰাগত ৰীতি-নীতিবোৰ এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ অৱধাৰিতভাৱে প্ৰৱাহিত হৈ থকাতো সকলোৱে বিচাৰো, ঠিক তেনে এক ধাৰণাৰ বশৱৰ্তী হৈয়ে শিক্ষানুষ্ঠান আৰু শিক্ষানুষ্ঠানৰ সৈতে সম্পর্কিত আৱাসসমূহত ৰেগিঙৰ দৰে ভয়াৱহ পৰম্পৰাটো জীয়াই ৰখাত আমিয়েই অগ্ৰাধিকাৰ দিয়া নাইটো!! ৰেগিঙৰ ফলশ্ৰুতিত আমাৰ মাজত আত্মীয়তাৰ সুদৃঢ় বান্ধোনৰ সলনি বিভেদৰ প্ৰাচীৰ এখনহে সৃষ্টি হৈছে নেকি!৷ এনেধৰণৰ বিষয়বোৰ আজিৰ আধুনিক প্ৰযুক্তিবিদ্যাৰ 5G ৰ সৈতে জড়িত হ'বলৈ গৈ থকা আধুনিক প্রজন্মটোৰ প্ৰতিজন প্রতিনিধিয়ে পুঙ্খানুপুঙ্খভাৱে বিচাৰ-বিশ্লেষণ কৰি চোৱাৰ সময় এতিয়া।
হয়, আজিৰ দ্রুত আৰু বহুল ব্যৱহৃত সামাজিক যোগাযোগ মাধ্যম, বাতৰি কাকত, বৈদ্যুতিন মাধ্যমৰ কৃপাত ৰেগিঙৰ সৈতে জড়িত ঘটনাবোৰৰ বিষয়ে আমি খন্তেক সময়ৰ ব্যৱধানত বিস্তৃতভাৱে জানিবলৈ সক্ষম হৈছোঁ। কিন্তু ইমান দ্রুতভাৱে প্ৰচাৰিত খবৰবোৰৰ প্ৰকৃত সত্যতাৰ বিষয়ে বিচাৰ বিশ্লেষণ কৰিবলৈ আমি বাৰু সময় পাওঁ নে সচাঁকৈয়? আধুনিক প্রজন্মই এই খবৰবোৰৰ সত্যাসত্য বিচাৰ কৰাৰ সমান্তৰালভাৱে ৰেগিং নামৰ ব্যাধিটোৰ কাৰকবোৰৰ সন্ধান কৰি ইয়াক কিদৰে সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰি তাৰ সমাধান সূত্ৰৰ উলিওৱাতহে গুৰুত্ব দিয়াটো আজিৰ সময়ৰ দাবী। বর্তমান সকলো ক্ষেত্ৰতে কেৱল প্রতিযোগিতা আৰু নিজকে আনতকৈ যোগ্য হিচাপে প্ৰতিপন্ন কৰাৰ নিগনি দৌৰ। এনে এক পৰিস্থিতিত আমি নিজকে সময়তকৈ এখোজ আগুৱাই যোৱাৰ বাবে প্ৰস্তুত কৰাটোহে বৰ্তমান আটাইতকৈ দৰকাৰী বিষয়।(১৬ ডিচেম্বৰ ২০২২, সৰভোগ)
*******


No comments:
Post a Comment