Tuesday, 31 January 2023

সপোন জীৱনৰ...

থৰুৱা বোকা গচকা কৈশোৰে মেলানি মাগি যৌৱনৰ প্রথম খোজকেইটা সহজ সৰল তথা তথা নিজৰে জ্ঞানৰ নির্দিষ্ট পৰিমণ্ডলত ব্যাপ্ত আছিল। বুজি উঠাই নাছিলোঁ মোৰ পৰিয়াল তথা গাঁৱৰ সৰল প্ৰাণৰ মানুহখিনিৰে আগুৰা জ্ঞান-বুদ্ধিৰ পৰিসৰৰ বাহিৰত অৱস্থিত সমাজখনৰ সামগ্ৰিকতা মোৰ বুদ্ধিৰ পৰিসীমাৰ বহু বাহিৰত!! তেওঁলোকৰ বাবে সময়ৰ বৰ নাটনি মোৰ প্রাণৰ – আকুল আহ্বান শুনাৰ বাবে... পৰিস্থিতিৰ মেৰপেঁচত পৰি ক্ৰমে মোৰ সময়ে বুজাইছিল সময়ক মূল্যায়ন কৰাৰ বাবে প্রকৃত পদক্ষেপ লবলৈ সময়ে হাৰ মানিবলৈ বাধ্য হৈছিল মোৰ সপোনৰ দিগন্ত প্রসাৰিত ব্যস্ততাত...

সপোনবোৰ বাস্তৱৰ কঠিনতাত আচাৰ খাই পৰক বা নপৰক দেখাততো কোনো বাধা নাই!! সপোনৰো সঠিক মূল্যায়নৰ বাবে প্রথম প্রয়োজনীয় চর্ত - ৰূঢ় বাস্তবৰ স'তে বিচৰাবোৰৰ সমিল-মিলেবে নিজৰ ভেঁটি মজবুত কৰাতে হাতে-কামে লাগিব লাগে।

দিগন্ত প্রসাৰিত সপোন আৰু সীমিত বাস্তৱতাৰ মাজত এক সমন্বয়ৰ সেতু গঢ়িব লাগিব আমিবোৰে নিজেই। সাপোন আৰু বাস্তৱৰ মাজত থকা ব্যৱধান কমাই এটা বাস্তৱিক সপোনেৰে জীৱন জীপাল কৰিব লাগিবই আমি নিজেই।।

জীৱন কেৱল জীবলৈ নহয়, আমি জীৱন জীয়াবলৈ সকলোৱে হাতে-হাত মিলাই আগবাঢ়ো আহক।।

(২ আগষ্ট ২০০৭/গুৱাহাটী)

Thursday, 26 January 2023

সাহিত্য আৰু উৎসৱৰ কিছু বিমূৰ্ত ভাৱনা

ফালে সমাজত সত্য তথা ন্যায় প্ৰতিষ্ঠাৰ বাবে জীৱন পাত কৰাৰ কিম্বদন্তিৰে পূৰ্ণ আমাৰ লোককাহিনীৰ মেটমৰা বোজা। কিম্বদন্তিপূৰ্ণ লোককাহিনীত সজীৱ এনে বীৰ গাথাবোৰে আমাক আমাৰ ঐতিহ্যৰ প্ৰতি কৰি তোলে অধিক সক্ৰিয় আৰু সজাগ। আমি উগ্ৰ হৈ উঠো খন্তেকতে, এনে একোটা কিম্বদন্তিমূলক কাহিনীৰ চুলিমানো বিচ্যুতিত। আমাৰ উৰ্বৰ মস্তিষ্কত বাস কৰা সামাজিক চেতনাৰ এই বিশেষ অংশটোৱে আমাক যুক্তিবাদৰ আধাৰত সমাজখনক নতুনকৈ চোৱাত প্ৰতিটো খোজতে প্ৰতিবন্ধতাৰ সৃষ্টি কৰে। সাম্প্ৰতিক সময়ত লোককাহিনীক বাদ দিলেও আধুনিক সাহিত্যৰ গল্প, উপন্যাস আদিৰ দৰে বিভিন্ন আংগিকত বীৰ গাথা, সামাজিক ন্যায় প্ৰতিষ্ঠা, অন্যায়ৰ প্ৰতি কৰা বিদ্ৰোহ আৰু সততাৰে জীৱনক মহীয়ান কৰা কাহিনী ভৰপূৰ মাত্ৰাত আমাৰ বাবে উপলব্ধ। এনেবোৰ কাহিনীৰ মাজেৰে সমাজ-বাস্তৱতাক ওচৰৰ পৰা অংকন কৰাৰ প্ৰয়াস দেখা পোৱা যায়। কিন্তু উত্তৰ পুৰুষৰ ভৱিষ্যতৰ স্বাৰ্থত হ'লেও এই কাহিনীবোৰত যুক্তিবাদী দৃষ্টিভংগী আৰু বিজ্ঞানমস্কতাক বিশেষ গুৰুত্ব প্ৰদান কৰা দৃষ্টিগোচৰ নহয়। আমাৰ কিম্বদন্তি আশ্ৰিত লোককাহিনীৰ এক পৰোক্ষ প্ৰভাৱ আধুনিক সাহিত্যৰ মাজত আজিও কম-বেছি পৰিমাণে থকাৰ ফলশ্ৰুতিতে যে পৃথিৱীৰ অন্যান্য প্ৰান্তৰ আধুনিক সাহিত্যৰ সৈতে আমাৰ দেশৰ সাহিত্যই ফেৰ মাৰিব পৰা নাই বুলিলে বঢ়াই কোৱা নহ'ব নিশ্চয়!!

আনফালে দেশৰ প্ৰেক্ষাপট বাদ দিলেও আমাৰ অসম মুলুকতে দুষ্কৃতিক বিনাশ কৰাৰ উদ্দেশ্যে আয়োজিত বাৰ মাহত তেৰটা উৎসৱৰ আলোড়ন আমাৰ চৌদিশে। উৎসৱৰ আতিশয্যত আমাৰ জীৱনৰ বহু মূল্যৱান সময় কেৱল আনন্দ-ফূৰ্তিৰ নামতে উছৰ্গিত হয় নিজৰ জ্ঞাতে-অজ্ঞাতে। তৃতীয় বিশ্বৰ উন্নয়শীল দেশৰ প্ৰান্তীয় ৰাজ্য এখনৰ বাসিন্দা হিচাপে আমাৰ বাবে জীৱনৰ অভাৱ-অভিযোগবোৰ খন্তেকলৈ পাহৰাই ৰখাৰো এক নতুন কৌশল হৈ পৰিছে উৎসৱ আয়োজনৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাত চলোৱা বিজ্ঞাপনবোৰ। এনে বিজ্ঞাপনৰ গইনা লৈয়ে ক্ৰমান্বয়ে এখন নতুন বজাৰ গঢ়ি উঠে আমাৰ অলক্ষিতে। আমাৰ পৰম্পৰাগত উৎসৱবোৰ কাৰোবাৰ বাবে হৈ উঠে পণ্য সামগ্ৰীৰ নামান্তৰ। আমিবোৰেই হাত উজান দিওঁ এই বজাৰবোৰৰ সমৃদ্ধিত। এনেদৰেই আমাৰ জ্ঞাতে কিম্বা অজ্ঞাতে ডিজিটেল যুগৰ প্ৰযুক্তিবিদ্যা নিৰ্ভৰ জীৱন-চৰ্যাত অতিমাত্ৰা উৎসৱৰ আনন্দই কাঢ়ি নিছে আমাৰ সামাজিক অভাৱ-অভিযোগবোৰৰ বাবে আমি নিজে সংঘবদ্ধ হৈ কৰিব লগা প্ৰতিবাদ তথা আন্দোলনৰ স্বৰূপ আৰু বৈচিত্ৰ্যক। ক্ৰমান্বয়ে যেন অতি উন্নত প্ৰযুক্তিবিদ্যাৰ সন্মুখত গুৰুত্বহীন হৈ আহিছে মানুহ আৰু মানুহেৰে সংগঠিত সমাজখনৰ স্বাৰ্থত কৰা প্ৰতিবাদ আৰু আন্দোলনৰ প্ৰাসংগিকতা।

(সৰভোগ/২৫ জানুৱাৰী ২০২৩)

******

Thursday, 19 January 2023

ভোগালীৰ নষ্টালজিয়া আৰু সাম্প্ৰতিক চিন্তা..

 

ভোগালীৰ নষ্টালজিয়া আৰু সাম্প্ৰতিক চিন্তা

 

ভোগালী বিহু বুলিলেই মনলৈ আহে স্কুলীয়া দিনবোৰলৈ। যিবোৰ সময়ত বিহুৰ এমাহ মান আগৰেপৰা আমিবোৰ সাজু হৈছিলো বিহুৰ প্ৰস্তুতিৰ বাবে। আমাৰ বাবে বিহুৰ প্ৰস্তুতি মানে স্কুলৰপৰা আহিয়েই ভাত বা জলপান যি পাওঁ তাৰে দুটামান নাকে-মুখে গুজি পথাৰলৈ বা কাষৰে কোনোবা এখন হাবিলৈ দৌৰ মাৰিছিলোঁ।

এই দৌৰৰ অন্তৰালত সেই কেইটামান দিনত মাত্ৰ দুটাই চিন্তাই ক্ৰিয়া কৰি আছিল আমাৰ মন-মগজুত। আমাৰ প্ৰথম চিন্তাটো আছিল ওচৰে পাজৰে ধান দোৱাৰ পিছত থাকি যোৱা পথাৰৰ নৰাৰ মাজৰপৰা বিচাৰি দীঘল আৰু ভাল নৰাবোৰ যিমান পাৰি সিমান বেছিকৈ কাটি থোৱা। কাৰণ উৰুকাৰ নিশাটো কটাবলৈ বনাব লগীয়া ভেলাঘৰটো যাতে নৰা কম হোৱাৰ বাবে বনোৱাত খেলি-মেলি নালাগে। লগতে সেইদিনা সন্ধিয়াৰপৰা ৰাতি শুৱালৈকে মাটিত পাৰিবলৈও বুজন পৰিমাণৰ নৰাৰ প্ৰয়োজন হব আমাক। গতিকে আনে কটাৰ আগতে ভাল নৰাবোৰ কাটিব লাগিব। ভাল নৰা মানে ইতিমধ্যে ধান দোৱা কেতিয়াবাই শেষ হোৱাত ৰ'দ-বৰষুণৰ লগতে উদঙীয়া গৰু-ছাগলীয়ে পথাৰত ঘাঁহ বিচাৰি নৰাবোৰ খাই-মহতিয়াই নষ্ট কৰাৰ মাজৰপৰা বিচাৰি উলিওৱা নৰাবোৰৰ কথাহে কোৱা হৈছে।

দ্বিতীয় চিন্তাটো হ',

গাঁৱৰে হাবি এডৰাত সোমাই মেজিৰ বাবে খৰি কটা। আমাৰ শৈশৱ কৈশোৰৰ দিন বোৰত আমাৰ গাঁৱৰ চৌপাশে পুৰণা ডাঙৰ ডাঙৰ গছৰ আকাল নথকা বাবে কোনোবা দুই-তিনিজোপা গছৰ কেইটামান ডালেৰেই মূল মেজিটোৰ বাবে পৰ্যাপ্ত খৰি হৈও দুই তিনিটা সৰু সৰু মেজিৰ উপৰিও উৰুকাৰ ৰাতিৰ ভোজ ৰন্ধা আৰু ৰাতিটো জুই পুঁৱাবলৈও বেলেগকৈ খৰিৰ প্ৰয়োজন হোৱা নাছিল।

উৰুকাৰ দিনা মেজি জ্বলোৱাৰ আগতে কাউৰীয়ে কা নকৰোঁতেই টোপনিৰপৰা উঠি পুহ মাহৰ ঠেঁটুৱৈ ধৰা ঠাণ্ডাতে নদীত জোবোৰা এটা মাৰি গা-ধোৱাৰ যি হেপাঁহ সেয়া ভাষাৰ বৰ্ণোৱা বৰ্তমান মোৰ বাবে অসম্ভৱ মেজিৰ জুইতে পুৰি খোৱা গৰম গৰম মিঠা আলু, মোৱা আলু, কাঠ আলুৱে শৈশৱ-কৈশোৰত তালু পুৰি নিয়াৰ আনন্দকণ যে আজি মোৰপৰা বহু যোজন নিলগত যেন কিয় লাগে বাৰু!! এতিয়াওটো মই একেই মেজিৰ জুইত পুৰি মিঠ আলু আৰু কাঠ আলুকে ধৰি বিবিধ আলুৰ সোৱাদ নোলোৱাকৈ থকা নাইকিন্তু ক'তা আগৰ দৰেচোন মাদকতা আৰু আগ্ৰহ এটাও বিচাৰি নাপাওঁ মই।

বিহুৰ এমাহ মানৰ আগৰে পৰা নৰা কাটি নিজে সাজি উলিওৱা ভেলাঘৰটো পুৱা পৰম্পৰা ৰক্ষাৰ নামত জ্বলাই দিয়াৰ সময়ত মনটোত বিষাদবোধৰ উদয় নোহোৱাকৈ থকা নাছিল। কিন্তু সেই সময়ত আমি দুখন চালি দি তম্বু আকৃতিৰে বা বাঁহ-খেৰেৰে নিৰ্মিত সৰ্বসাধাৰণ ঘৰ এটাৰ দৰে নৰাবোৰ বাঁহত বেত নতুবা তমালেৰে বান্ধি সাধাৰণভাৱে বনোৱা ভেলাঘৰটো জ্বলাই দিয়াৰ সময়ত আজিৰ দৰে ভেলাঘৰ জ্বলোৱাক লৈ ৰাজ্যৰ কোনো স্থানত বিতৰ্কৰ সূত্ৰপাত হোৱা বুলি সেই সময়ত শুনা কিন্তু মনত নপৰে। কাৰণ তেতিয়া সাজি উলিওৱা ভেলাঘৰবোৰৰ আকৃতি সাম্প্ৰতিক সময়ৰ দৰে কোনো এক স্থায়ী সাংস্কৃতিক, ধৰ্মীয় বা অন্য ঘৰৰ আৰ্হিৰে নিৰ্মাণ কৰাৰ প্ৰতিযোগিতা এখন সৃষ্টি হোৱাৰ পৰিৱেশ এটা আমাৰ মাজত নাছিল। উৰুকাৰ ৰাতিটো থাকি পুৱাই জ্বলাব লগীয়া মেজিটো পহৰা দিয়াৰ পৰম্পৰাটো ৰক্ষাৰ কৰ্তব্য পালনৰ লগতে সৰু-ডাঙৰ মিলি এৰাতি নিৰ্ভেজাল আনন্দ-ফূৰ্তি কৰাতোতেই যেন ভেলাঘৰটো নিৰ্মাণৰ উদ্দেশ্য নিহিত আছিল তেতিয়া। অন্য দিশত নহলেও এনেবোৰ দিশত আমাৰ শৈশৱ-কৈশোৰত ওচৰ চুবুৰীয়া গাঁওবোৰ কিন্তু ভোগালী আছিল বুলি কলেও বঢ়াই কোৱা নহ'ব নিশ্চয়।

কিন্তু সময় সলনি হোৱাৰ লগে লগে আমাৰ শৈশৱ-কৈশোৰৰ ভোগালী বিহুৰ নিভাঁজ আনন্দখিনিও ব্যৱসায়ীক পণ্যলৈ ৰূপান্তৰিত হল। আজি আপুনি মই বিহুৰ বতৰত অসমৰ গ্ৰামাঞ্চলত বিহুৰ পিঠা-পনা, জা-জলপান সকলোৰে ঘৰত পাব যে তাৰ নিশ্চয়তা নাই। ভেলাঘৰ আৰু মেজিৰ আয়োজনো আগৰ দৰে সকলো গাঁৱতে সুলভ নহয়। কিন্তু অসমৰ প্ৰতিখন সৰু-বৰ চহৰতে ভোগালী মেলাৰ জাক-জমকীয়া আয়োজন প্ৰতি বছৰে আগৰ বছৰতকৈ চকুত লগা হৈ আহিছে। গাঁওবোৰো আকৌ কিছুমান ক্ষেত্ৰত আধুনিকতাৰ সৈতে ফেৰ মৰাত পিছপৰি ৰোৱা নাই। বৰ্তমান কেৱল প্ৰতিযোগিতাৰ নামত আৰু দূৰদৰ্শন, বাতৰি-কাকতত নিজকে প্ৰচাৰ কৰাৰ স্বাৰ্থতে কোনে কিমান ওখকৈ মেজিটো সাজিব পাৰে আৰু কাৰ ভেলাঘৰটো সকলোতকৈ আটক ধুনীয়া কৰি দহজনৰ প্ৰশংসা বুটলিব পাৰে তাৰে এক অঘোষিত প্ৰতিযোগিতা চলিছে অসমৰ গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত। ইয়াৰে গইনা লৈ সাজি উলিওৱা ভেলাঘৰবোৰে সেয়েহে আগৰ সাধাৰণ ৰূপ এৰি আধুনিক ৰূপত উদ্ভাসিত হৈ উঠিছে ৰংঘৰ, কাৰেংঘৰ, হোৱাইট হাউছ, কুতুবমিনাৰ কিম্বা কোনোবা প্ৰখ্যাত মঠ-মন্দিৰৰ আৰ্হিত। এনে ভেলাঘৰত উৰুকাৰ আগৰাতিটো ৰাইজ থাকক নাথাকক দূৰদৰ্শনৰ বাতৰি নাইবা বাতৰি-কাকতৰ পৃষ্ঠাত কিন্তু ই ঠিকেই স্থান পাইছে। সেয়ে হয়তো উৰুকাৰ পুৱা পৰম্পৰা মানি মেজি জ্বলোৱাৰ সমান্তৰালভাৱে বিভিন্ন আৰ্হিৰ এই ভেলাঘৰবোৰো জ্বলাই দিয়াৰ লগে লগে আৰম্ভ হৈছে বিভিন্ন তৰ্ক-বিতৰ্কৰ। এনে তৰ্ক-বিতৰ্ক কৰি থকাসকলৰ বহুতে কেতিয়াও হয়তো ভেলাঘৰত এৰাতি কটোৱাৰ মাদকতা পোৱা নাই। কিন্তু তেওঁলোকে ভেলাঘৰটো জ্বলাই দিব লাগে নে নালাগে, সেই বিষয়ৰ একো একোজন বিশেষজ্ঞ হৈ দূৰদৰ্শনৰ অনু্ষ্ঠান আৰু সামাজিৰ মাধ্যমৰ বতাহ গৰম কৰি আছে!!

(১৫ জানুৱাৰী ২০২৩/গোলাঘাট)