ব্যাকৰণগত কথাষাৰ ভাষাৰ কোনো নীতি-নির্ধাৰক কথা নহয়। বৰং ইয়াক ভাষাৰ এক তাত্ত্বিক কথা বুলিহে ক'ব পাৰি। ই ভাষাৰ এটা অর্থবাচক পৰিভাষিক কথাহে। গতিকে ব্যাকৰণত আলোচিত বিষয়কে ব্যাকৰণগত বুলি ধৰিব নোৱাৰি। আচলতে ভাষাৰ গাঁথনিক প্রক্রিয়াটো বিচাৰ কৰাহে ইয়াৰ মূল কথা। সেয়ে আধুনিক ভাষাবিদসকলে ভাষাৰ গাঁথনিক দিশলৈ লক্ষ্য কৰি নতুন তত্ত্ব আবিষ্কাৰ কৰিছে। ইয়াকেই সংযুক্তিবাদ (structuralism) বুলি কোৱা হয়। ব্যাকৰণগত বিষয়টো সংযুক্তিবাদৰ এই দিশ।
ব্যাকৰণগত
বিষয় বা উপাদান মূলতঃ ৰূপতত্ত্বৰ কথা যদিও বাক্যতত্ত্বৰ আধাৰতহে ইয়াৰ ব্যাখ্যা
আগবঢ়াব পাৰি। বাক্যৰ গাঁথনিত পদৰ লগত সমন্বয় সাধনৰ বাবে যিবোৰ ৰূপ বা প্রাকৃতি
অপৰিহাৰ্য বুলি বিবেচিত হয় তেনেবোৰ ৰূপ প্রকাশ কৰা বাক্যৰ গাঁথনিক ব্যাকৰণগত
বিষয় কোনে।
উদাহৰণস্বৰূপে:
অসমীয়া ভাষতে 'মই' কৰ্ত্তা হ'লে তাৰ ক্রিয়ার লগত প্ৰথম পুৰুষৰ
চিন ‘ওঁ’ লাগিবই । যেনে
মই পঢ় + ওঁ (পঢ়ো )
মই লিখা + ওঁ (লিখোঁ )
গতিকে অসমীয়া ভাষাত পুৰুষবাচক চিন ব্যাকৰণগত বিষয়। অসমীয়া ভাষাত পুৰুষবাচক সমন্ধ পদবোৰৰ ক্ষেত্রত এটি সংযুক্তি দেখা যায়। এই সমন্ধ পদবোৰৰ ক্ষেত্রতো পুৰুষ অনুযায়ী সুকীয়া বিভক্তি-প্রত্যয় সংযোগ কৰা হয়। এই বিভক্তি - প্রত্যয়বোৰ যদি পুৰুষবাচক সমন্ধ পদবোৰৰ সলনি ব্যবহাৰ কৰা হয় তথাপিও পুৰুষ অনুযায়ী ব্যবহাৰ হোৱা প্রত্যয়সমূহ কেতিয়াও সলনি নহয়। সেয়ে অসমীয়া ভাষাত পুৰুষবাচক সমন্ধ পদবোৰক ব্যাকৰণগত বিষয় বুলি কোৱা হয় ।
*******

