Tuesday, 2 May 2023

মে’ দিৱসৰ ১ মিনিটীয়া চিন্তা

 মে দিৱসৰ ১ মিনিটীয়া চিন্তা

মগ্ৰ বিশ্বৰ শ্ৰমিকসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত এটা বছৰত মাত্ৰ ১টা দিন উৎসৰ্গা কৰা হয়, বিশ্বাস কৰিবলৈ মন নগলেও মানুহৰ পৃথিৱীত আজিকোপতি সেয়াই সত্য। সেই দিনটোৱেই হল গ্ৰেগৰিয়ান কেলেণ্ডাৰত থকা আজিৰ তাৰিখটো।

কিন্তু আমি কেইজনে শ্ৰমিকৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা অন্তঃকৰণেৰে বুজিবলৈ চেষ্টা কৰিছোঁ!

শ্ৰমিকসকলৰ ন্যায্য প্ৰাপ্তিৰ বাবে বিভিন্ন সময়ত হোৱা আন্দোলন-ধৰ্ণাবোৰলৈ আমাৰ আকুন্ঠ সঁহাৰি জানো সঁচাই আছে!!

অন্য ঠাইলৈ নগৈ আমি অসম মুলুকতে যদি সাধাৰণভাৱে চকু দিওঁ তেন্তে দেখা পাওঁ যে, সাধাৰণ দোকান এখনৰপৰা কিনি অনা যিকোনো এপদ বস্তু কিম্বা হোটেল-ৰেষ্টুৰেন্টত খোৱা খাদ্যৰ দামটো আমি কোনো ওজৰ-আপত্তি নোহোৱাকৈ সঠিকভাৱেই দিওঁ। কিন্তু দিনটো আপোনাৰ-মোৰ ঘৰত কাম কৰা শ্ৰমিক এজনৰ লগত আমি প্ৰায়ে মাহটোৰ বা দিনটোৰ বাবে দিবলগীয়া প্ৰাপ্যখিনিৰ বাবে দৰ-দাম নকৰাকৈ কেইজনে থাকোঁ!!

আনহাতে ভাৰতবৰ্ষৰ যিকোনো এখন ৰাজ্যৰ সুদৃশ্য শ্বপিং মল কিম্বা অভিজাত দোকানৰপৰা কিনা পণ্য এবিধৰ মূল্য যি লিখা থাকে নতুবা বিক্ৰেতাজনে কোৱা মূল্যটোকে আমি দিবলৈ বাধ্য হওঁ। তেনেক্ষেত্ৰত সাধাৰণতেই আমাৰ কোনো ওজৰ-আপত্তি নাথাকে নাইবা আমাৰ আত্মসন্মাবোধৰ বাবেই দৰ-দাম কৰিবলৈ আমি অপাৰগতা প্ৰকাশ কৰোঁ। কিন্তু সেই একেজন মানুহে যেতিয়া দৈনিক বজাৰ এখনলৈ যায় তেতিয়া পাচলিৰ দোকানীজন নতুনা মাছ-মাংসৰ বজাৰ মাছ-মাংস বিক্ৰেতা এজনৰ লগত দৰ-দাম কৰাত অলপো ইতস্ততঃবোধ নকৰে।

এইখনেই আমাৰ দেশ আৰু ৰাজ্যসমূহত শ্ৰমৰ মূল্য বুজা আৰু শ্ৰমৰ মূ্ল্য দিব জনাৰ সাম্প্ৰতিক সময়ৰ বাস্তৱ ছবি। আৰু সেইখন দেশতে গতানুগতিকতাৰে আগৰ বছৰৰ দৰেই এই বছৰো আজিৰ দিনটো পালন কৰা হল চৰকাৰী বন্ধৰ দিন।


(১ মে' ২০২৩)

*******

Sunday, 30 April 2023

মিচিং আৰু অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনিৰ এক তুলনামূলক আলোচনা

মিচিং আৰু অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনিৰ এক তুলনামূলক আলোচনা-

মিচিং আৰু অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনিসমূহৰ তুলনামূলক আলোচনা কৰিলে আমি তলত উল্লেখ কৰা ধৰণৰ বৈসাদৃশ্য আৰু সাদৃশ্য কিছুমান দেখা পাওঁ -

বৈসাদৃশ্যসমূহ -

ক. অসমীয়া ভাষাৰ ২৩ টা বিশিষ্ট ব্যঞ্জন ধ্বনিৰ বিপৰীতে মিচিং ভাষাত অ-বিতৰ্কিত ভাবে ১৫ টা ব্যঞ্জন ধ্বনিৰ ব্যৱহাৰ পোৱা যায়। ইয়াৰ লগত বৰ্তমান হ , শ, ঝ আৰু ৱ ধ্বনি ৪ টা মিচিং ভাষাত যোগ দিয়া দেখা যায়। ইয়াৰে হ ধ্বনিটো মিচিং ভাষাৰ কিছুমান স্থানীয় উপভাষাত চ ৰ সলনি ব্যৱহাৰ হোৱা দেখা যায়। অন্য তিনিটা ধ্বনি কিছুমান বিশেষ ধ্বনিতাত্ত্বিক পৰিবেশ আৰু ৰূপ-ধ্বনিতাত্ত্বিক পৰিবৰ্তনত শব্দৰ মধ্যৱৰ্তী স্থানত প্ৰয়োগ হোৱা বাবে মিচিং ব্যঞ্জন বৰ্ণৰ তালিকাত ইহঁতক স্থান দিয়া হৈছে। এইকেইটা যোগ দি মিচিং ভাষাৰ ব্যঞ্জন ধ্বনি মুঠতে ১৯ টা।

খ. অসমীয়া ভাষাত প্ৰয়োগ হোৱা মহাপ্ৰাণ ধ্বনিৰ উপস্থিতি মিচিং ভাষাত দেখা পোৱা নাযায়। অসমীয়া ভাষাত প্ৰয়োগ হোৱা সঘোষ মহাপ্ৰাণ ধ্বনি কেইটা মিচিং ভাষাত উচ্চাৰিত নহয়। এই ধ্বনিকেইটা ধ্বনি পৰিবৰ্তনৰ নিয়ম অনুসৰি অল্পপ্ৰাণীভৱন হৈ উচ্চাৰিত হয় –

                >ব, ফ>প, খ>ক, ঘ>গ, থ>ত, ধ>

গ. অসমীয়া ভাষাত উচ্চাৰিত ম,ন আৰু ঙ - এই ৩টা নাসিক্য ধ্বনিৰ পৰিবৰ্তে মিচিং ভাষাত ৪টা নাসিক্য ধ্বনিৰ উপস্থিতি দেখা যায়। সেয়া – ম, ন, ঙ আৰু ঞ।

ঘ. মিচিং ভাষাত ঞ ধ্বনিটো বিশিষ্ট ধ্বনি যিটো ধ্বনি আমি অসমীয়া ব্যঞ্জন ধ্বনিৰ তালিকাত নাপাওঁ।

ঙ. অসমীয়া ভাষাৰ তালব্য অৰ্দ্বস্বৰ য় ধ্বনিটো শব্দৰ আদ্য স্থানত প্ৰয়োগ নহয়, কিন্তু মিচং ভাষাত ইয়াৰ আদ্য স্থানত প্ৰয়োগ হয়।

চ. একেদৰেই অসমীয়া ভাষাৰ পশ্চতালব্য নাসিক্য ধ্বনি ঙ শব্দৰ আদি স্থানত প্ৰয়োগ নহয়। কিন্তু মিচিং ভাষাত এই ধ্বনিটোৰ প্ৰয়োগ শব্দৰ আদ্য স্থানত হোৱা দেখা যায়।

ছ. অসমীয়া ভাষাৰ তালব্য উষ্ম শ ধ্বনিটো মিচিং ভাষাত উচ্চাৰিত নহয়। ইয়াৰ সলনি মিচিং ভাষাত ই আৰু অ ধ্বনি দুটাহে উচ্চাৰিত হয় –

                শিয়াল – ইয়াল

জ. অসমীয়া ভাষাৰ দন্তমূলীয়া উষ্ম চ, জ ধ্বনি দুটা মিচিং ভাষাত তালব্য ঘৃষ্ট ধ্বনি হিচাপে উচ্চাৰিত হয়।

সাদৃশ্যসমূহ -

অসমীয়া আৰু মিচিং ভাষাৰ ব্যঞ্জন ধ্বনিসমূহৰ মাজত কিছুমান বৈসাদৃশ্য দেখা পোৱাৰ উপৰিও তলত উল্লেখ কৰা ধৰণৰ সাদৃশ্য কিছুমানো দেখা পোৱা যায় -

.অসমীয়া আৰু মিচিং উভয় ভাষাতে ব্যঞ্জন ধ্বনিৰ তালিকাত থকা  স ধ্বনিটোৰ শুদ্ধ উচ্চাৰণ নহয়। সংস্কৃত ভাষাত স ধ্বনিটো দন্ত্য উষ্ম অঘোষ হিচাপে উচ্চাৰণ হোৱাৰ বিপৰীতে অসমীয়া ভাষাত তালব্য উষ্ম ধ্বনি ৰূপে উচ্চাৰিত হয়। মিচিং ভাষাত স ধ্বনিটো উচ্চাৰণ নহয়।

খ. সংস্কৃত ভাষাক দন্ত্য আৰু মূৰ্ধন্য ধ্বনিকেইটা অসমীয়া ভাষাত দন্তমূলীয় ৰূপত উচ্চাৰিত হোৱাৰ দৰে মিচিং ভাষাতো দন্তমূলীয় হিচাপে উচ্চাৰিত হয়।

গ. অসমীয়া আৰু মিচিং উভয় ভাষাতে ৱ আৰু য় অৰ্দ্ধস্বৰৰ প্ৰয়োগ পোৱা যায়।

ঘ. অসমীয়া ভাষাৰ দন্তমূলীয় পাৰ্শ্চিক ল ধ্বনিটো মিচিং ভাষাতো একে ৰূপত উচ্চাৰিত হয়।

ঙ. অসমীয়া ভাষাৰ স্পৰ্শ অল্পপ্ৰাণ ধ্বনিকেইটা মিচিং ভাষাতো একে ধৰণেৰে উচ্চাৰিত হয়।

চ. একেদৰেই অসমীয়া ভাষাৰ দন্তমূলীয় কম্পিত ৰ ধ্বনিটো মিচিং ভাষাতো দন্তমূলীয় কম্পিত ধ্বনি ৰূপেই উচ্চাৰিত হয়।

******

Monday, 20 March 2023

ছেবা, অসমৰ শিক্ষা ব্যৱস্থা, কৃত্ৰিম বুদ্ধিমত্তা ইত্যাদি..

ছেবা, অসমৰ শিক্ষা ব্যৱস্থা, কৃত্ৰিম বুদ্ধিমত্তা ইত্যাদি

সমৰ বিদ্যালয় শিক্ষাৰ একেবাৰে শেষৰ গুৰুত্বপূৰ্ণ বুলি আজিও সমাজ জীৱনে গণ্য কৰা পৰীক্ষাটোৱেই হল হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ সকলোৰে চিনাকী মেট্ৰিক পৰীক্ষা। এই পৰীক্ষাটোৱেই ২০২৩ চনতো অসম মুলুকত সুকলমে অনুষ্ঠিত কৰিব পৰাৰ সক্ষমতা নাইজিৰ প্ৰযুক্তিবিদ্যাৰ ইমানখিনি সুবিধা থকাৰ পিছতো। যি সময়ত ইলন মাস্কৰ দৰে এজন ব্যক্তিয়ে নিজা প্ৰচেষ্টাৰে নিকট ভৱিষ্যতে মংগল গ্ৰহত মানুহৰ বসতি স্থাপনৰ বিষয়ে চিন্তা কৰিছে, সেই সময়ত অসম মুলুকত এটা সাধাৰণ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব পৰা নাই আমি!!

ইয়াৰ বাবে পৰীক্ষা আয়োজন কৰা ছেবা নামৰ পৰীক্ষা আয়োজন কৰা অনুষ্ঠানটো যিমানদূৰ জগৰীয়া, সিমানেই জগৰীয়া আমাৰ সমাজ ব্যৱস্থাও। এজন ব্যক্তিৰ ভুলৰ বাবেই কেৱল প্ৰশ্নকাকত ফাদিল যে নহয় সেয়া নিশ্চয় বহলাই ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। ছেবাৰ ভুলৰ বাবেই হওক বা বৰ্তমান আৰক্ষী, চিআইডিৰ অনুসন্ধানত ধৰা পৰা শিক্ষক-ছাত্ৰসকলেই প্ৰশ্নকাকত পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগতেই ফাদিল হোৱাৰ বাবে জগৰীয়া নহওক কিয়, সকলোৱেই এই ব্যৱস্থাটোৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত যে তাত সন্দেহ নাই!!

কিন্তু নিৰপেক্ষ দৃষ্টিভংগীৰে সূক্ষ্মভাৱে যদি আমি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ লগতে আমাৰ চৌপাশৰ ঘটন-পৰিঘটনাবোৰলৈ লক্ষ্য কৰোঁ তেন্তে দেখা পাওঁ যে বৰ্তমান সময়ত আমাৰ মন-মগজুত এনে কিছুমান কাৰকে ক্ৰিয়া কৰিবলৈ লৈছে যে আমি প্ৰতিমুহূৰ্ততে চৌপাশৰ পাৰিপাৰ্শ্বিকতাৰপৰা কেৱল নিজৰ সুবিধাখিনিহে আদায় কৰাৰ চেষ্টাতহে ব্ৰতী হওঁ। মোৰ নিজৰ বাবে চিন্তা কৰি কৰা কাৰ্যটোৱে যে সমাজত কিবা নেতিবাচক তৎমুহূৰ্ততে নহলেও ভৱিষ্যতে যে প্ৰভাৱ পেলাব পাৰে পাৰে তালৈ ঘূৰি চাবলৈ বৰ্তমান সময় নাই আমাৰ। ইমানেই ব্যক্তিকেন্দ্ৰিক আৰু চৰম সুবিধাবাদী হৈ পৰিছে আমাৰ সমাজ ব্যৱস্থাটো।

সৰ্বোপৰি পুঁজিবাদৰ আগ্ৰাসন আৰু অতিমাত্ৰা প্ৰযুক্তিবিদ্যা নিৰ্ভৰতাই আমাক দিনক দিনে অৰ্কমণ্য আৰু একোটা জীৱন্ত ৰবটলৈ পৰ্যবসিত কৰি তুলিছে। কিন্তু ভালকৈ বিচাৰ কৰিলে দেখা পাম যে ৰবটবোৰ আমাতকৈ যথেষ্ঠ বিশ্বাসী আৰু নিয়মানুৱৰ্তী। কাৰণ বৰট এটাক যি কামেই কৰিবলৈ দিয়া নহওকিয় সি নিয়াৰিকৈ আৰু নিখুঁতভাৱে সময়মতে কাম এটা সম্পন্ন কৰিব। কিন্তু মানুহ এজনে কাম এটা নিখুঁতভাৱে কৰিলেও হয়তো সময়মতে হৈ নুঠে নাইবা সময়মতে কামটো হৈ উঠিলেও কৰবাত খুঁ থাকি যায়। সেয়েহে বৰ্তমান প্ৰযুক্তিবিদ্যা নিৰ্মিত অত্যাধুনিক ৰবটৰ সৈতেও মানুহৰ তুলনা কৰাতো কঠিন হৈ পৰিছে।

আনহাতে বৰ্তমান কৃত্ৰিম বুদ্ধিমতাৰ ব্যৱহাৰেৰে প্ৰযুক্তিবিদ্যাৰ পৃথিৱীখন ইমানেই আগবাঢ়ি গৈছে যে সমাজৰ একেবাৰে সাধাৰণ স্তৰৰ জনসাধাৰণৰ বাবে সি কল্পনাৰো অগোচৰ। ChatGPT, Bard AI, Bing AIৰ দৰে বৰ্তমান আলোচনাৰ কেন্দ্ৰবিন্দুত থকা কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহৃত প্ৰযুক্তিবিদ্যাৰ বিষয়ে ভাৰতবৰ্ষৰ কেইজন চহা খেতিয়ক বা খাটি খোৱা মানুহে জানে!! সেয়েহে প্ৰযুক্তিবিদ্যাৰ নিজা জগতখনৰ উত্তৰণ অনুপাতে মানৱ সভ্যতাৰ সকলো স্তৰতে উন্নয়ন এতিয়াও সমানে হোৱা বুলি আমি কব পৰা হোৱাগৈ নাই। ইয়াৰোপৰি সভ্যতাৰ অগ্ৰগতিৰ লগে লগে বিভিন্ন পাৰিপাৰ্শ্বিক তথা সামাজিক কাৰকৰ বাবেও মানুহৰ কৰ্মস্পৃহা আৰু কাম এটা কৰোতে থাকিব লগা সততা আৰু নিষ্ঠাখিনি মানৱ সভ্যতাৰ সকলো স্তৰতে সমানে বঢ়াৰ সলনি বিশেষকৈ মধ্যবিত্ত শ্ৰেণীটোৰ মাজত কমিবলৈ আৰম্ভ কৰাটোও বৰ্তমান সময়ত এক লক্ষ্যণীয় দিশ হিচাপে পৰিগণিত হৈছে। ইয়াৰ বাবে দায়ী কোন প্ৰকৃততে!! নিশ্চয় সমগ্ৰ সমাজিক ব্যৱস্থাটো আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন প্ৰসংগ-অনুসংগবোৰ নহয় জানো!!

 

(২০.০৩.২০২২/সৰভোগ)