Thursday, 23 November 2023

বিজ্ঞান নে পৰম্পৰা..

 বিজ্ঞান নে পৰম্পৰাই আমাক জীৱনৰ প্ৰকৃত অৰ্থ অনুধাৱন কৰাত সহায় কৰে!!

 


ক অন্ধকাৰ ভৱিষ্যতৰ দিশে গৈ থকা নাইনে আমিবোৰ! নে নতুন পোহৰৰ সন্ধান কৰা সকলৰ সফলতালৈ আমি অপেক্ষাৰত!! উত্তৰ কোনে কাক দিব তাৰো কোনো নিশ্চিত উত্তৰ পাবলৈ নাই।

ভাৰতবৰ্ষত এদিন যদি জীৱন্ত অভিযন্তাসকলৰ দিৱস! আন এটা দিনত এচাম সুবিধাবাদী ভণ্ডই বিশ্বকৰ্মা নাম দিয়া এজন কাল্পনিক অভিযন্তাৰ পূজাত দেশ মচগুল। চৰকাৰী বা ব্যক্তিগত যিয়েও নহওক কিয় গৃহ এটা নিৰ্মাণৰ বাবে অভিযন্তাৰ সহায়ত নক্সা বনোৱাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ গৃহ সজাৰ আৰম্ভণিৰ দিনটোৰ বাবে শুভ দিন বাৰ চোৱাৰ লগতে ভূমি পূজন নামৰ নতুন বিশেষণীয় বিশেষণ এবিধৰ উদয় হৈছে সম্প্ৰতি ভাৰত বৰিষত। তাৰ পিছতো আমি বিশ্বৰ ভিতৰতে শক্তিশালী দেশ হিচাপে নিজকে প্ৰতিষ্ঠাৰ বাবে কাম কৰি থকা বোলাতো গছত গৰু উঠাৰ কথাৰ লেখীয়া হৈ পৰে।

আজিৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ সহায় লৈ যেতিয়া দেশৰ প্ৰাচীন কিছু অযুক্তিকৰ হাস্যস্পদ বতৰা সামাজিক মাধ্যমৰ জৰিয়তে বিলাই দিয়া হয়, তেতিয়া বাৰু এবাৰো নিজৰ গাত চিকুটি চোৱাৰ প্ৰয়োজনবোধ নকৰোঁ কিয় আমিবোৰে। আমাৰ দেশৰ ঐতিহ্যপূৰ্ণ প্ৰাচীন পৰম্পৰাই বিজ্ঞানৰ অগ্ৰগতিত শূণ্যটো দিয়াৰ বাহিৰে পৰৱৰ্তী দীৰ্ঘ সময়ত আজিকোপতি এটা বিৰাট শূণ্যতাৰ বাদে একোকে বুটলিবলৈ সক্ষম হোৱা নোহোৱা কথাষাৰ মানি লোৱাৰ সলনি সকলোতে হাস্যৰস সৃষ্টি কৰাৰ প্ৰয়োজন কিয়! ইতিমধ্যেই আমাৰ সাহিত্যৰাজিত হাস্যৰস ভৰপূৰ হৈ আছে।

আনহাতে বিজ্ঞানৰ যুক্তিপূৰ্ণ সত্যতাক মানি লোৱাৰ সলনি আমি যে ব্যস্ত প্ৰাচীন ঐতিহ্যৰ সন্ধানৰ নামত অযুক্তিকৰ পৰম্পৰাৰ জয় গান গোৱাত। এইক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ দায়িত্বও কিমান আৰু কত সেয়া বিচাৰ কৰাতো বৰ্তমান পৰ্বতত কাছৰ কণী বিচৰা লেখীয়া হৈ পৰিছে।

ইমানৰ পিছতো আমাক যেতিয়া ধৰ্মৰ বেপাৰী আৰু নিজকে স্বয়ম্ভূ বিজ্ঞানী বোলোৱা ঠগ-প্ৰবঞ্চকে বেমাৰ পথ্য হিচাপে গৰুৰ গোবৰ কিম্বা গৰুৰ মূত গ্ৰহণ কৰিবলৈ কয় আৰু  এইদৰে কোৱাসকলক চৰকাৰী পৃষ্ঠপোষকতা দিয়া হয়, তাতেই স্পষ্টকৈ প্ৰকট হৈ পৰে দেশৰ ৰাজনৈতিক-প্ৰশাসনিক তথা সমাজিক জীৱনৰ পঁয়া লগা অৱস্থাটো। দেশৰ সাধাৰণ জনতাৰ গৰিষ্ঠ সংখ্যকৰে কৰ্ম তথা চিন্তা-ভাৱনাৰ গঢ়-গতিয়েও স্পষ্ট কৰি তোলে দেশৰ পূতৌলগা শিক্ষা ব্যৱস্থাৰ ছবিখন। প্ৰতি বছৰে চৰকাৰী তথ্যত গঢ় স্বাক্ষৰতাৰ হাৰ বাঢ়িলেও যে দেশত প্ৰকৃত স্বাক্ষৰ লোক কিমান সেয়া নকলেও সকলোৰে নখ দৰ্পণত

তাৰ পিছটো কেৱল কাগজে-কলম আৰু ভাষণবাজীৰে বিশ্বগুৰু হবলৈ যোৱা ভাৰতবৰ্ষৰ বাসিন্দা হিচাপে নিজকে যেতিয়া চুবুৰীয়া থাইলেণ্ড কিম্বা ছিংগাপুৰৰ সাধাৰণ জনতাৰ সৈতে তুলনা কৰি চাবলৈ যাওঁ আপোনা আপুনি হাঁহি উঠে নিজৰ ওপৰতে।

 

 (১৮ ছেপ্টম্বৰ ২০২১)

*************

Sunday, 19 November 2023

ইজৰাইল-পেলেষ্টাইনৰ সংঘাত, তৃতীয় বিশ্বযুদ্ধ ইত্যাদি

ইজৰাইল-পেলেষ্টাইন সংঘাতৰ প্ৰেক্ষাপটত তৃতীয় বিশ্বযুদ্ধৰ প্ৰাসংগিকতা

 



নিজৰ বাসভূমিক চেৰাই মঙ্গল গ্ৰহত মানুহৰ বসতি স্থাপনৰ চেষ্টা যি সময়ত বিকশিত হ'ম চেপিয়েন্সৰ মাজৰ কেৱল এজন ব্যক্তিয়ে কৰিবলৈ সক্ষম হৈছে, সেই সময়তে হ'ম চেপিয়েন্সৰ আদিম প্ৰবৃত্তিয়ে যেন পুনৰ এবাৰ দ্ৰুত ৰূপত প্ৰসাৰ লাভ কৰিছে।

সভ্যতাৰ বিকশিত ৰূপে মানৱক মহাকাশত বিচৰণৰ সুযোগ দিলেও ক্ষমতাৰ খঁক আৰু জোৰ যাৰ মুলুক তাৰ নীতিৰে নিজৰ মাজৰে আন এজনৰ ওপৰত প্ৰভূত্ব খটোৱাৰ পৰম্পৰাতো যেন বন্য জীৱন প্ৰণালীৰ পৰা আমি অতি নিষ্ঠাৰে বহন কৰি আছো। আজিৰ সময়ত এই পৰম্পৰা যেন বেছিকৈহে আত্মস্থ কৰাৰ পৰিণতিতেই ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ সংঘাতৰ ওৰ নৌপাৰোতেই ইজৰাইল-পেলেষ্টাইনৰ সংঘাতে নকৈ মূৰ দাঙি উঠিছে।

এই সংঘাতবোৰৰ আঁৰত ৰাজনৈতিক, অৰ্থনৈতিক, কূটনৈতিক বা অন্য যি কাৰকেই নাথাকক কিয় ইয়াৰ ফলত নিচিহ্ন হৈছে সাধাৰণ জনতাৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি আৰু মৃত্যুৰ মুখত পৰিছে হাজাৰ হাজাৰ নিৰীহ জনতাৰ। আনকি কণ কণ শিশুও ইয়াৰ পৰা হাত সাৰি যোৱা নাই। কাৰণ বোমা আৰু বন্দুকৰ গুলীয়ে মানুহৰ বয়স চিনি পোৱাৰ সক্ষমতা অৰ্জন আজিও কৰা নাই।

আনহাতে সাধাৰণ জনতাৰ ক্ষেত্ৰত সপোন, আশা-আকাংক্ষা, অধিকাৰ, ব্যক্তি স্বাধীনতাৰ দৰে শব্দ আৰু বিষয়ৰ মূল্যহীনতাক লৈ সময় নষ্ট কৰিবলৈ যে কাৰোৰে সময় নাই বৰ্তমান সময়ত!!

এইবোৰৰ মাজত যুদ্ধই প্ৰাণ কাঢ়ি লোৱা পোহনীয়া বা বন্য জীৱ-জন্তুৰ হিচাব ল'বলৈ জীৱশ্ৰেষ্ঠৰ সময়েই বা ক'ত!!

দুখনকৈ বিশ্বযুদ্ধই জুৰুলা কৰা মানৱ সভ্যতাৰ এসময়ত ধাৰণা দৃঢ় হৈছিল যে যুদ্ধৰ ভয়াবহতাৰ পৰা পৃথিৱীখনে প্ৰায় মুক্তি পালে। পাৰমাণৱিক বোমাৰ ভয়বহতাই হিৰোচিমা আৰু নাগাচাকিত সৃষ্টি কৰা অমানৱীয়তা আৰু মৃত্যুৰ কিৰিলিৰ পৰৱৰ্তী সময়ত নিজৰ সুৰক্ষাৰ স্বাৰ্থত বিশ্বৰ বিভিন্ন দেশে মুক্তভাৱে আৰু গোপনে কৰা পাৰমাণৱিক বোমাৰ পৰীক্ষণেও যুদ্ধৰ ভয়াবহতাক তল পেলোৱা বুলি বিশ্বাস জন্মাইছিল। কিন্তু সেই সকলোবোৰ ধাৰণা আৰু বিশ্বাসক মষিমূৰ কৰি যুদ্ধৰ দামামা আকৌ এবাৰ বাজি উঠিল এইখন পৃথিৱীতে।

আনকি মাজতে ইজৰাইলৰ এগৰাকী মন্ত্ৰীয়ে গাজাত হামাছৰ সদস্যসকলক পৰাস্ত কৰাৰ স্বাৰ্থতে পৰমাণু বোমাৰে আক্ৰমণ কৰাৰ বিষয়ে দিয়া মন্তব্যইও বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। সৰ্বোপৰি যুদ্ধ বন্ধ কৰাৰ সলনি  বিশ্বৰ অন্যতম মহাশক্তিধৰ দেশ আমেৰিকাই ইজৰাইলক যুদ্ধত ব্যৱহাৰ কৰাৰ বাবে আগতকৈ কম শক্তিশালী বোমা যোগান ধৰা বিষয়টোও বৰ্তমান আলোচনাৰ বিষয় হৈ পৰিছে। অতি শেহতীয়াকৈ ইজৰাইলী সামৰিক বাহিনীয়ে গাজাৰ আটাইতকৈ ডাঙৰ চিকিৎসালয় AL SHIFAত হামাছৰ গোপন ঠিকনা বিচৰাৰ নামত চলোৱা তাণ্ডৱে বিশ্বৰ গৰিষ্ঠসংখ্যক জনগণৰ চকু কপালত তুলিছে। ইমানৰ পাছতো কিন্তু ৰাষ্ট্ৰসংঘৰ দৰে অনুষ্ঠানেও ইজৰালৰ চৰকাৰ তথা প্ৰশাসনক নাকী লগাব নোৱাৰা বিষয়টোও বহুতো প্ৰশ্নৰ উদয় ঘটাইছে সাধাৰণ জনতাৰ মনত।

আৰু আমিবোৰেই এই সময়ত থিয় দি আকৌ এবাৰ তৃতীয় বিশ্বযুদ্ধ এখনৰ আশংকা কৰিছোঁ। ইতিমধ্যে ইতিহাসৰ পাতত পঢ়িবলৈ পোৱা ১ম আৰু ২য় বিশ্বযুদ্ধৰ ভয়াবহতা নিজ চকুৰে নেদেখা প্ৰজন্মই ৩য় বিশ্বযুদ্ধৰ আশংকা কৰা বিষয়টোৱেই গণ্ডগোলীয়া নহয় নে বাৰু!!

বৰ্তমান চলি থকা যুদ্ধ দুখনৰ বাহিৰেও ২য় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত হোৱা বিভিন্ন ৰাষ্ট্ৰৰ মাজৰ সংঘাতবোৰে সৃষ্টি কৰা ধ্বংসাত্মক পৰিস্থিতিবোৰক আমি বিশ্বযুদ্ধৰ সৈতে তুলনা কৰিব নোৱাৰাৰ কি কাৰণ থাকিব পাৰে!! সভ্যতাৰ বিকশিত ৰূপত ৰাষ্ট্ৰৰ মাজত হোৱা সংঘাতৰ পৰিণতিত হোৱা যুদ্ধৰ ধ্বংসলীলাৰ পৰা হাত সৰাৰ কি একো উপায় নাই আমাৰ হাতত!!

 

*******

Friday, 17 November 2023

এজাক মানুহ এখন অৰণ্যৰ কাহিনী আৰু পটভূমি

এজাক মানুহ এখন অৰণ্য উপন্যাসৰ কাহিনী আৰু পটভূমিঃ

মাৰ আলোচ্য এজাক মানুহ এখন অৰণ্য উপন্যাসখনক উমাকান্ত শৰ্মাৰ সাহিত্যিক জীৱনৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যকৰ্ম হিচাপে আমি উল্লেখ কৰিব পাৰোঁ। অসমৰ চাহবাগিচাৰ জীৱনধাৰাক অতি জীৱন্ত ৰূপত চিত্ৰিত কৰা এই উপন্যাসখনৰ বিষয়ে উপেন্দ্ৰ নাথ শৰ্মাদেৱে সঠিকভাৱেই এইদৰেই কৈছে –

উপন্যাসখনৰ অবিস্মৰণীয় প্ৰথম অধ্যায়কেইটা পঢ়িলে ষ্টাইনবেকৰ গ্ৰেপচ্ অব ৰথ (The Graps of Wrath) উপন্যাসখনলৈ মনত পৰাটো সুনিশ্চিত। দুটা অতুলনীয় পৰিস্থিতিত দেশৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ বনুৱাসকলে প্ৰব্ৰজন কৰিছে। কি আমেৰিকা, কি ভাৰতবৰ্ষ সকলোতে একে কাহিনী। প্ৰলোভনত ভোল যোৱা বনুৱাসকল বাৰে বাৰে লাঞ্ছিত আৰু প্ৰৱঞ্চিত হৈছে। (ঠাকুৰ-সম্পা., ২০০০, পৃ.৪৮০-৪৮১)

এজাক মানুহ এখন অৰণ্যত বৰ্ণিত হৈছে, কিদৰে নিজৰ ঠাইত শোষিত আৰু বঞ্চিত হৈ থকা মাটিহীন দৰিদ্ৰ মানুহ এচামক মিছা প্ৰতিশ্ৰুতিৰে নিজ জন্মভূমি অৰ্থাৎ ভাৰতৰ ভিন ভিন প্ৰান্তৰৰ পৰা ৰেল আৰু জাহাজাৰে অস্বাস্থ্যকৰ পৰিৱেশ আৰু অবৰ্ণীয় অৱস্থাত অসমলৈ অনা হৈছিল। সোণৰ অসমত শান্তিৰে কাম কৰি খাই-বৈ থকাৰ আশাত নিজ জন্মভূমি এৰি অহা এই মানুহজাকে অসমলৈ আহি কিদৰে চাহবাগিচাত কাম কৰিব লগীয়া হৈছিল আৰু এই মানুহখিনিৰ চাহবাগিচাৰ জীৱন যাত্ৰাকে জীৱন্ত ৰূপত অংকন কৰা হৈছে এই উপন্যাসখনত। মূলতঃ বৃটিছ শাসনকালীন অসমলৈ চাহ বাগান প্ৰতিষ্ঠাৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰপৰা মানুহ অনা আৰু তেওঁলোক অসমলৈ আহি সন্মুখীন হোৱা নতুন পৰিৱেশ-পৰিস্থিতি তথা নতুনকৈ আকোঁৱালি লবলৈ বাধ্য হোৱা বনুৱা বা চাহবাগানৰ তথাকথিত কুলি জীৱনৰ ঐতিহাসিক সত্যটোৰ আধাৰতে উপন্যাসখনৰ কাহিনীটো গঢ় লৈ উঠিছে।

পন্যাসখনৰ কাহিনীটোত বৰ্ণিত হৈছে ১৮৮৬ চনৰ ১২ জুনৰপৰা ভাৰতবৰ্ষই বৃটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ আগৰ এছোৱা সময় চাহবাগিচাৰ ধূলি-বালিৰ পৰশেৰে প্ৰাণৱন্ত কিছুমান চৰিত্ৰৰ সমাহাৰেৰে এজাক মানুহ এখন অৰণ্য উপন্যাসখনে লাভ কৰিছে এক জীৱন্ত ৰূপ। ৱানহাৰ নামৰ চৰিত্ৰটোৰ পৰিয়ালক কেন্দ্ৰ কৰি আৱৰ্তিত হোৱা উপন্যাসখনৰ কাহিনীত অসমৰ ৰূপহীজান চাহাবাগিচাত কাম কৰা বনুৱা বা তথাকথিত কুলী সমাজৰ তিনিটা প্ৰজন্মক চিত্ৰিত কৰা হৈছে। এই তিনিটা প্ৰজন্মৰ মাজেদি ঔপন্যাসিকে চাহ বাগিচাত কাম কৰিবলৈ নিজৰ জন্মভূমি এৰি অসমলৈ অহাৰ কষ্টকৰ যাত্ৰা, চৰ্দাৰ আৰু দালালৰ শাসন আৰু শোষণ, বাগিচাৰ মালিক অৰ্থাৎ বৃটিছ বিষয়াসকলৰ বঞ্চনা আৰু প্ৰতাৰণা, আগতে অহা পোৱাসকলৰ কুলীসকলৰ সৈতে নতুনকৈ আহি পোৱা কুলীসকল মিলিত হোৱা, তেওঁলোকৰ সমাজৰ পৰা কিছু নিলগত থকা অসমীয়া সমাজৰ লগত হোৱা আন্তৰিক সম্পৰ্ক আৰু সংঘাত, চাহ বাগিচাৰ বনুৱাসকলৰ সংঘ স্থাপন, চাহ বাগিচাত স্কুল-হস্পিতেল আদি স্থাপনৰ জৰিয়তে অহা পৰিৱৰ্তন, লগতে চাহ বাগিচাৰ বনুৱাসকলৰ মানসিক আৰু সমাজিক উত্তৰণ আদি বিষয়সমূহ বাস্তৱসন্মত ৰূপত ঔপন্যাসিকে অংকন কৰিছে

উপন্যাসখনৰ আৰম্ভণিতে চিত্ৰিত হৈছে চৰ্দাৰসকলে কিদৰে নিজৰ ঠাইত শোষিত আৰু বঞ্চিত হৈ দুৰ্বিসহ জীৱন কটোৱা মাটিহীন এচাম মানুহক ভাৰতৰ বিভিন্ন ঠাইৰপৰা মিছা প্ৰতিশ্ৰুতিৰে ফুচুলাই ৰেলেৰে আনি গোৱালেণ্ড নামৰ ঠাইত কিছুদিন ৰাখিছিল। গোৱালেণ্ডলৈ ৰেলেৰে কিদৰে এই দৰিদ্ৰ মানুহখিনিক ৰেলৰ সৰু সৰু ডবাত মাল-বস্তু ভৰাই অনাৰ দৰে আনিছিল আৰু ৰেলৰ ডবাত এই সংখ্যাধিক মানুহৰ ঘাম আৰু মল-মূত্ৰৰ গোন্ধত যাত্ৰা কিদৰে অসহ্যকৰ হৈছিল তাৰ বৰ্ণনা ঔপন্যাসিকে এইদৰে দিছে –

কান্ধৰপৰা উৰুলৈকে ৰঙা ফিটা ওলোমাই লোৱা দফাদাৰজনে বিকট চিঞৰ আৰু অসভ্য গালি-গালাজ কৰি, হাতৰ লাঠীৰে দই-এটা কোব সোধাই বিভিন্ন ষ্টেছনত শ শ মানুহক ঠেলি গটিয়াই দবাৰ ভিতৰলৈ সোমাই দিছিল...এদিনৰ পাছতে দবাটোৰ ভিতৰত ভেকেটা গন্ধ এটা ওলাইছিল, আৰু ক্ৰমে গোন্ধটো উৎকট আৰু অসহ্য হৈ উঠিছিল। ইমানবোৰ মানুহৰ বাবে মাত্ৰ এটা শৌচাগাৰ নিৰৰ্থক কথা। কিন্তু সেই একেটা মাত্ৰ শৌচাগাৰৰ ভিৰতৰতো মানুহ সোমাই তাক সিহঁতে দখল কৰি লৈছিল। (শৰ্মা, ২০১৬, পৃ.৫)

গোৱালেণ্ড নামৰ ঠাইখনৰপাৰ অসমলৈ ৰেল যোগাযোগ নথকাত সিহঁতক জাহাজাৰে অসমলৈ অনাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু সময়মতে জাহাজৰ ব্যৱস্থা নোহোৱাত জাহাজৰ বাবেও সিহঁতে তাত দীঘলীয়া সময় অপেক্ষা কৰিব লগীয়া হৈছিল অবৰ্ণনীয় দুখ-কষ্টৰ মাজত। গোৱালেণ্ডৰ পাৰৰ টিনৰ চালি আৰু ফুটা টিনৰ বেৰৰ মাজত বোকা আৰু মলিৰে পৰিপূৰ্ণ গৰুৰ গোহালিতকৈও নিকৃষ্ট কুলী ডিপোত সিহঁতক ৰখা হৈছিল, খাবলৈ নামমাত্ৰ চাউল আৰু নিমখৰ যোগান ধৰি। এনে এক পৰিস্থিতিতো ৰক্ষকেই ভক্ষক হৈ সিহঁতক বিচাৰি অনা চৰ্দাৰবোৰে ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ বাহিৰলৈ উলোৱা কুলী গাভৰু আৰু বিয়া হোৱা তিৰোতাকো ওপৰৱালা আৰু অৱস্থাসম্পন্নজনৰ ওচৰত ভেঁটিছেগৈ। সেইবাবেই গোৱালেণ্ডৰপৰা অসমলৈ যাবলৈ জাহাজত উঠাৰ আগতেই ৱানহাৰ ডাঙৰজনী জীয়েক আৰু মাঘোৰ নিচেই কমবয়সীয়া ঘৈণীয়েকৰ শুংসূত্ৰ নোলাল। মাঘোৱে নিজৰ ঘৈণীয়েকক বিচাৰি গৈ ওলোটাই হোটেলৰ মেনেজাৰ, চাকৰ-বাকৰৰ মাৰহে খাইছে। ইমানৰ পিছত যেতিয়া সিহঁতক জাহাজেৰে অসমলৈ নিবলৈ লোৱা হল তেতিয়াও কিন্তু গোটেইখিনি মানুহক দুখন জাহাজত নোজোৰে। কিন্তু সময়ত দুখন জাহাজৰ সলনি এখন সৰু জাহাজহে পোৱা গল আৰু যিখনত কেৱল দুশ মানুহহে কোনোমতে যাব পাৰেকিন্তু তাতে লৰা-ছোৱালী, কেঁচুৱাসহ মুঠ ছশ বিৰাশীজন মানুহ ঠেলি-হেঁচি জোৰ কৰি সোমোৱাই দিয়া হল। এই গোৱালেণ্ডৰ কুলী ডিপোতেই ইতিমধ্যে অসমলৈ নিবলৈ বুলি আনি গোটোৱা মুঠ সাতশ চৌৱন্নজন মানুহৰ মাজৰে ৫০ জনৰ বিভিন্ন কাৰণত মৃত্যু হৈছিল আৰু বাকী সকলৰ কিছু পলাইছিল, কিছু চৰ্দাৰসকলে বিক্ৰী কৰি দিছিলএইদৰে যাত্ৰাৰ আৰম্ভণিতেই সুখ-শান্তিৰ সন্ধানত আপোন মাতৃভূমি এৰি থৈ অসমত কাম কৰিবলৈ বুলি ওলোৱা নিঃকিন মানুহখিনিৰ জীৱনলৈ নতুনকৈ অহা সংঘাত আৰু সংঘৰ্ষক ঔপন্যাসিকে অতি দক্ষতাৰে অংকন কৰিছে।

এইবাৰ দীঘলীয়া জাহাজৰ যাত্ৰাত এখন মাত্ৰ জাহাজত দুখনতকৈ অধিক জাহাজত আহিব লগা অসংখ্য মানুহ আহিব লগাত আৰম্ভ হৈছে অবৰ্ণনীয় যন্ত্ৰণাৰ। পায়খানাৰ অসুবিধা, দূৰ্গন্ধ আৰু অস্বাস্থ্যকৰ পৰিস্থিতিৰ বাবে সিহঁতৰ মাজত আৰম্ভ হৈছে নানান ধৰণৰ বেমাৰৰ। তদুপৰি অনাহাৰ আৰু অনিদ্ৰাৰ বাবেও বহুলোকে জাহাজতে প্ৰাণ হেৰুৱাইছে। এইদৰে মৰা লোকসকলক পানীত পেলাই দিয়া হৈছে। তদুপৰি কিছুমান গাভৰু-ছোৱালী আৰু বোৱাৰীবোৰক যেতিয়া প্ৰলোভন দেখুৱাই চৰ্দাৰবোৰে নি জাহাজৰ খালাচী, কেপ্টেইন আদিৰ প্ৰমোদৰ বাবে যাচিছেগৈ তেতিয়া কুলীবোৰে প্ৰতিবাদ কৰাত ওলোটাই সিহঁতেহে বগাচাহাবৰ চাবুকৰ কোব খাইছে। এইদৰে জীৱন আৰু জীৱিকাৰ সন্ধানত অহা বনুৱাসকলে যাত্ৰাপথতে অসংখ্য আত্মীয় তথা সহযাত্ৰীক এৰি অবৰ্ণনীয় যন্ত্ৰণাৰ অন্তত নিজৰ গন্তব্যস্থল ৰূপহীজান চাহবাগিচা পাইছেহি

সুখ-স্বাচ্ছন্দ্যৰে জীৱন এটাৰ উদ্দেশ্যে আগতলৈ সোণৰ অসমত কাম কৰিবলৈ আহি গোৱালেণ্ডত গোট খোৱা মানুহখিনিৰ মাজৰে ৱানহা নামৰ মানুহজনৰ পৰিয়ালটোক কেন্দ্ৰ কৰি আগবঢ়া উপন্যাসখনত অংকিত হৈছে ৱানহা, ৱানহাৰ পুত্ৰ তুলসী আৰু ৱানহাৰ নাতি তথা তুলসীৰ পুত্ৰ অৰ্জুন -এই তিনিটা পুৰুষৰ জীৱনৰ কথকতা। চাহ বাগিচাত কাম কৰিবলৈ আহি এই মানুহখিনিয়ে ৰূপহীজান চাহবাগিচাত আশ্ৰয় লৈ নিজৰ নতুন কৰ্ম জীৱন আৰম্ভ কৰিছে। বাগিচাত আগৰেপৰা কাম কৰা পুৰণি বনুৱাখিনিৰ সৈতে সামাজিক একতা স্থাপিত হোৱাৰ সমান্তৰালভাৱে ক্ৰমান্বয়ে স্থানীয় মানুহখিনিৰ সংস্পৰ্শলৈও আহিছে তেওঁলোক। এইদৰেই ক্ৰমে গঢ় লৈ উঠিছে থলুৱা অসমীয়া সমাজ আৰু বাগিচাৰ কুলী সমাজৰ মাজত এক সমন্বয়। ঔপন্যাসিকে ৰতন, চিত্ত, তপোধৰ বৰা হাইস্কুলৰ প্ৰধান শিক্ষক, অংকৰ শিক্ষক, ৰূপহীজান প্ৰাথমিক বিদ্যালয়ৰ একমাত্ৰ শিক্ষকজন, বাগানৰ ডাক্তৰ চক্ৰৱৰ্তী আদি চৰিত্ৰসমূহৰ মাজেৰে এই সমাজিক সমন্বয়ৰ বাৰ্তা অতি বাস্তৱসন্মত ৰূপত চিত্ৰিত কৰিছে। ঔপন্যাসিকে ৰতন আৰু চিত্তৰ মুখেৰে সমন্বয়ৰ বাৰ্তা এইদৰে দিছে –

আমি যেনেকৈ আসামত আছোঁ, তহঁতো তেনেকৈ আসামত আছ। সেইবাবে তহঁতেও জানিব লাগে -ৰতনে কয়আমি বুলিলে তহঁতক লৈ, তহঁতক ধৰি, আমি। আমাৰ দুখ হলে, তহঁতৰো দুখ হব। ...এই দেশৰ যদি বিপদ হয়, তহঁতৰো বিপদ হব। (প্ৰাগুক্ত, পৃ.২০৫)

আকৌ চিত্তৰ মুখেৰে কৈছে –

তহঁতেও দেশৰ বিপদ হলে একো এটা কৰিব নোৱাৰ, কিন্তু জানি থব পাৰ। কাৰণ কোনোবা এদিন তহঁত আৰু আমি ওচৰ চাপি আহিম। (প্ৰাগুক্ত, পৃ. ২০৬)

ঔপন্যাসিকে চিত্ত  মুখৰ কোনোবা এদিন তহঁত আৰু আমি ওচৰ চাপি আহিম বোলা কথাষাৰৰ জৰিয়তে ভৱিষ্যতে গঢ় লৈ উঠিব লগীয়া এখন ঐক্যবদ্ধ আৰু শান্তি-সম্প্ৰীতিৰে সমৃদ্ধ অসমীয়া সমাজৰ বিষয়ে ব্যক্ত কৰিছে। ইয়াৰ উপৰিও উপন্যাসৰ কাহিনীত তুলসীহঁতৰ অসুবিধাবোৰ পূৰণৰ বাবে সংঘ এটা স্থাপনৰ যো-যা চলিছে। এইক্ষেত্ৰত চাহ বাগিচাৰ কৰ্তৃপক্ষৰ ফালৰপৰা আহিব পৰা আপত্তিৰ সত্ত্বেও যে সিহঁতৰ সমূহীয়া স্বাৰ্থ পূৰণৰ বাবে এটা সংঘ অতি প্ৰয়োজন সেই বিষয়ে চিত্তই তুলসী, বিষণীহঁতক এইদৰে বুজাইছে –

...এতিয়া দেখা গল যে, দুশ মানুহৰ এই সংঘটোৰ কথা ৰেলৰ চাহাবসকলে মনোযোগেৰে শুনে। এটা-দুটাকৈ ৰেলৰ বনুৱাৰ সমস্যাবোৰৰ কথা এই সংঘটোৱে চাহাবসকলক কোৱাৰ সুবিধা পালে। লাহে লাহে সংঘটোৰ বল বাঢ়ি আছে। যেতিয়া সংঘটোত আৰু দুশ বনুৱাই যোগ দিয়ে তেতিয়া কি হব? - সংঘটোৰ অসম্ভৱ বল বাঢ়িব। শক্তি বাঢ়িলে তই তোৰ কথাবোৰ শক্তিৰে, জোৰেৰে, সাহসেৰে কব পাৰ! হয়নে নহয়? (প্ৰাগুক্ত, পৃ.২৭৪)

অত্যাচাৰ হব পাৰে, -চিত্তই কয়, হবও কিজানি। কিন্তু ধৰি লওঁ যে আমি গোট-পিট নাখালোঁ,, অৰ্থাৎ নিয়মীয়াকৈ গোট-পিট খাই, কিবা সংঘ বা সংগঠন নকৰিলোঁ; -তেতিয়া আমাৰ ওপৰত অত্যাচাৰ নহয়? আজি এশ বছৰ তহঁতৰ কোনো সংঘ নাই। এই এশ বছৰত তহঁতৰ ওপৰত অত্যাচাৰ হোৱা নাই? –তহঁতে মাৰ খোৱা নাই? –জেললৈ যোৱা নাই? –আনকি কেতিয়াবা হঠাৎ মাৰ খাওঁতে কোনোবা মৰি যোৱা নাই! (প্ৰাগুক্ত, পৃ.২৭৫)

চিত্ত আৰু ৰমেনৰপৰা ৰেল মজদুৰ সংঘৰ কথা শুনি শুনি আৰু নিজেই সন্মুখীন হোৱা সমস্যাবোৰৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি তুলসীয়েও ৰূপহীজান চাহবাগিচাত সিহঁতৰ সংঘ এটা গঠন কৰিবলৈ ইচ্ছা কৰে। সেয়েহে তুলসীয়ে মিটিংৰ বাবে মাটি আনি নিজৰ মানুহখিনিক সংঘৰ প্ৰয়োজনীয়তাৰ বিষয়ে এইদৰে কৈছে –

আমি লগ হোৱাটো একো টান কাম নহয় এতিয়া ইয়াত গোট খাইছোঁ, কাইলৈ পৰহিলৈ গোট খাব পাৰিম । কিন্তু সংঘ পতা টান। কাৰণ সংঘ বে-আইনী। সেইবাবে সংঘ পাতিবলৈ কোৱা মানেই শাস্তি। ভাকৰুৱে ঠিকেই ধৰিছে যে আমাৰ দুৰ্গতিৰ সীমা নাইকীয়া হব। আমি আটায়ে যাতনা ভোগ কৰিব লাগিব। আমাৰ দুখ-দুৰ্গতিৰ পিছত কিন্তু আনবিলাকৰ উপকাৰ হব পাৰে। সেই আনবিলাক আমাৰে ল'ৰা-ছোৱালী। তেনেহলে, এতিয়া কি কৰিব? যদি আমি শাস্তিৰ ভয়ত সংঘ নাপাতো, আৰু সদায় গেলা-পচাৰ মাজত থকি সুখ পাওঁ, তেনে বল আমি ঘৰাঘৰি যাওঁ, বা আমাৰ কামলৈ যাওঁ। আমি চিৰদিন কুলী হৈ থাকি যাওঁ বল। মা কুলী, বাবা কুলী, মই কুলী, মোৰ মাইকী কুলী, মোৰ ল'ৰা-ছোৱালী কুলী, তাহাঁতৰ ল'ৰা-ছোৱালীও কুলী। ব, যাওঁগৈ বল। (প্ৰাগুক্ত, পৃ.২৮৮-২৮৯)

তুলসীৰ মুখৰ এই কথাখিনিৰ জৰিয়তে ঔপন্যাসিকে চাহ বাগিচাৰ বনুৱাসকলৰ সমাজখনৰ স্বৰূপ তথা গৰিষ্ঠসংখ্যক বনুৱাৰ মনৰ মাজত ক্ৰিয়া কৰি থকা এক অহেতুক ভয় তথা সংকীৰ্ণতা মানসিকতাকে ব্যক্ত কৰিছে। সেয়েহে তুলসী চৰত্ৰটোক বিপ্লৱী আৰু ভৱিষ্যতৰ বিষয়ে চিন্তা কৰা এজন দূৰদৰ্শী ব্যক্তি হিচাপে অংকণ কৰি ঔপন্যাসিকে বনুৱাসকলৰ জীৱনলৈ ভৱিষ্যতে আহিব লগা পৰিৱৰ্তনৰে ইংগিত দিছে। লগতে বনুৱাসকলৰ মাজত যে নেতৃত্ব দিব পৰা এজন ব্যক্তিৰ প্ৰয়োজন সেই কথাৰো অৱতাৰণা কৰিছে। অৱশেষত তুলসীৰ প্ৰচেষ্টা আৰু মাঘো, বিষণী, কালোন্দী আদিৰ সাহসত ৰূপহীজান চাহবাগিচাত সিহঁতৰ সংঘ স্থাপন হৈছে। কিন্তু তাকে কৰিবলৈ গৈ পুলিচৰ লাঠীৰ কোব খাই তুলসীৰ দুয়োখন ভৰি জীৱনলৈ ঘূণীয়া হৈছে। আনিক সি জেলো খাটিবলগীয়া হৈছে।

চাহ বাগিচাৰ দৈনন্দিন কৰ্মসূচীৰ লগতে তেওঁলোকৰ নানান সমস্যা তথা সুবিধা-অসুবিধাৰ মাজেৰে সময় আগবাঢ়ি যোৱাৰ সমান্তৰালভাৱে বিশেষভাৱে সৰ্বতোপ্ৰকাৰে নিজৰ মানুহখিনিৰ উন্নতি বিচৰা তুলসীৰ লৰা অৰ্জুনে চাহবাগিচাৰ পৰিৱেশৰ পৰাই বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে শিক্ষা সমাপ্ত কৰি ডাক্তৰি পঢ়িবলৈ উলোৱাৰ সময়তে উপন্যাসখনৰ সামৰণি হৈছে এইদৰে অৰ্জুনৰ ব্যক্তিগত উত্তৰণৰ জৰিয়তে ঔপন্যাসিকে তুলসীয়ে নিজৰ সমাজখনৰ উন্নয়নৰ বাবে দেখা সপোন তথা বনুৱাসকলৰ উন্নয়নৰ বাবে নিজৰ সাধ্যৰে কৰা আশাসুধীয়া চেষ্টাই লাহে লাহে বাস্তৱ ৰূপ লাভ কৰাৰে এক ইংগিত দিছে উপন্যাসখনৰ সামৰণিত। উপন্যাসৰ শেষৰ দফাটোৰ জৰিয়তে অসমৰ চাহ বাগিচাসমূহৰ জীৱন পৰিক্ৰমালৈ ক্ৰমে আহিব ধৰা আশাবাদৰে এক সুৰ প্ৰতিধ্বনিত হৈছে –

অৰ্জুনে ৰূমনীৰ হাত এখনত ধৰে। দুয়ো পূবৰ পিনে চাই তেনেকৈ থিয় হৈ থাকে। মেঘৰ মাজেদি, সহস্ৰ ৰশ্মি বিকিৰণ কৰি, পোহৰেৰে গোটেইখন পৃথিৱী উদ্ভাসিত কৰি ওলাই আহে প্ৰভাতৰ সূৰ্য। চাহগছৰ পাতৰপৰা নিয়বোৰ নিগৰি পৰে, পৰি থাকে। (প্ৰাগুক্ত, পৃ.৩৭১)

প্ৰতিনিধিত্বমূলক চৰিত্ৰ হিচাপে লোৱাৰ অৰ্জুনৰ কষ্টকৰ শিক্ষা লাভৰ অন্তত ডাক্তৰ পঢ়িবলৈ পোৱাৰ মাজেৰে ঔপন্যাসিকে বৃটিছে অসমত চাহবাগিচা স্থাপন কৰাৰ পৰা ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়লৈকে উপন্যাসখনত বৰ্ণিত এই সময়ছোৱাত কিদৰে অসমৰ বিভিন্ন চাহ বাগিচাত কাম কৰা বনুৱাসকলৰ বাগিচাৰ কদৰ্যময় পৰিবেশৰ পৰাও এজন দুজনকৈ শিক্ষিত ব্যক্তি উলাইছিল তাৰে এক বাস্তৱ চিত্ৰ অংকণ কৰাৰ প্ৰয়াস কৰা যেন বোধ হয়। যাৰ জৰিয়তে ঔপন্যাসিকে ভৱিষ্যতে চাহ বাগিচাৰ সমাজখনলৈ আহিব লগা ভৱিষ্যতৰ নতুন পোহৰৰ এক ইংগিতময় আভাস দিছে।


গ্ৰন্থপঞ্জীঃ

ঠাকুৰ, নগেন (সম্পা.)। এশ বছৰৰ অসমীয়া উপন্যাস। গুৱাহাটীঃ জ্যোতি প্ৰকাশন। ২০০০। মুদ্ৰিত।

তালুকদাৰ, প্ৰাঞ্জল (সম্পা.)। অসমীয়া সাহিত্যৰ ভিন্ন পৰ্ব। গুৱাহাটীঃ পূৰ্বায়ণ। মাৰ্চ ২০২১। মুদ্ৰিত।

শৰ্মা, উমানকান্ত। এজাক মানুহ এখন অৰণ্য। গুৱাহাটীঃ বাণী প্ৰকাশ মন্দিৰ। দ্বিতীয় প্ৰকাশ, ২০১৬। মুদ্ৰিত।

********