জীৱনী, আত্মজীৱনী, দিনলিপি, স্মৃতিকথা, জীৱন সোঁৱৰণ
ইত্যাদি
জীৱনী আৰু আত্মজীৱনী- এই দুয়োটাই বর্তমান সাহিত্যৰ উল্লেখনীয় শাখা। উভয়তে ব্যক্তিবিশেষৰ জীৱন চর্যা উন্মোচিত হয়। পিছে সেয়া হ’লেও দুয়োটাৰ মাজত দুটা প্রধান কথাত পার্থক্য আছে। এটা বাহ্যিক, আনটো আন্তৰিক।
বাহ্যিক
পার্থক্যটো হ'ল - জীৱনীত ব্যক্তি বিশেষৰ জীৱনৰ আৰু ব্যক্তিত্বৰ সুবিন্যাস ঘটে অন্য এজন ব্যক্তিৰ হাতত; আনহাতে আত্মজীৱনীমূলক ৰচনা বা আত্মজীৱনীত ব্যক্তি বিশেষৰ জীৱন আৰু ব্যক্তিত্ব অংকিত হয় নিজৰ
হাতত। জীৱনীত আমি যিজন মানুহ দেখা পাঁও সেইজন আমি অন্য এজনৰ চকুৰে দেখা মানুহ, জীৱনীখনৰ জীৱনীকাৰে
দেখুওৱা মানুহ। আত্মজীৱনীত কিন্তু যিজন মানুহ আমি দেখা পাওঁ, সেইজন সেই ব্যক্তিজনৰ নিজৰ দৃষ্টিৰ মানুহ। জীৱনীত জীৱনীৰ নায়কক জীৱনীকাৰে যেনেভাৱে দেখিছিল আৰু বুজিছিল, তেনেভাৱেহে অংকিত হয়। আনহাতে আত্মজীৱনীত লেখকে নিজকে যেনে বুলি ভাবে তেওঁৰ তেনে ছবিহে ফুটি উঠে। গতিকে, এজন মানুহৰ জীৱনীত আমি তেওঁৰ "ব্যক্তিত্ব আৰু চৰিত্ৰৰ যি পৰিচয় পাওঁ,
তেওঁৰ আত্মজীৱনীত সেই পৰিচয় কিছু ভিন্ন হোৱা সম্ভৱ। ইয়াৰ ভিত্তিতেই জীৱনী আৰু আত্মজীৱনীৰ মাজত যে লেখক সম্পর্কীয় বাহিক্য পার্থক্যৰ বাহিৰে প্রকৃতিগত বা আত্মিক পার্থক্যও আছে তাৰ উমান পোৱা যায়।
আত্মিক
পার্থক্য হৈছে - আত্মজীৱনী যিহেতু নিজে নিজৰ বিষয়ে লিখা জীৱনী আৰু ইয়াত তেওঁ নিজকে যেনে বুলি ভাবে নিজৰ জীৱনত ঘটনাবোৰ তেওঁ নিজে যিভাৱে বুজে বা গ্রহণ কৰে সেইভাবেই তাত
প্রকাশিত হয়। গতিকে, আত্মজীৱনীত প্রকাশিত সত্য
এক বস্তুনিষ্ঠ সত্য নহবও পাৰে। কিন্তু জীৱনীৰ ক্ষেত্রত ই প্রযোজ্য নহয়। জীৱনীত বস্তুনিষ্ঠতা আৰু নিৰপেক্ষতা আশা কৰিব পাৰি। সেয়ে, জীৱনী সাধাৰণতে বস্তুনিষ্ঠ (objective),, বিপৰীতে আত্মজীৱনী ব্যক্তিনিষ্ঠ (Subjective)। New
Encyclopedia Britanicaত আত্মজীৱনীৰ সংজ্ঞা দিয়া হৈছে এনেদৰে "Autobiography is a close relative or
special form of biographical literature. It is the life of a man that happen to
have been written by himself.
দিনলিপি, স্মৃতিকথা, জীৱন সোঁৱৰণৰ লগত আত্মজীৱনীৰ সম্পর্ক অতি ওচৰ চপা। এই আটাইবোৰ শাখাই বহন কৰে মানুহৰ জীৱনৰ নানা অভিজ্ঞতাৰ স্বাক্ষৰ। জীৱনৰ পৰা আহৰিত অভিজ্ঞতা আৰু কার্যাৱলীৰ সমষ্টিয়েই এই ধৰণৰ ৰচনাত পুঞ্জীভূত হয়। কিন্তু
অতি সূক্ষ্মভাৱে বিচাৰ কৰিবলৈ হ'লে দিনলিপি, স্মৃতিকথা, জীবন সোঁৱৰণ আৰু আত্মজীৱনীৰ মাজত পার্থক্য বিচাৰি উলিয়াব পাৰি।
দিনলিপি আৰু আত্মজীৱনী -
দিনলিপি
হৈছে মানুহৰ দৈনন্দিন জীৱনৰ ঘটনাৰাজিৰ বর্ণনা। ইয়াত অতি সাধাৰণ ঘটনা বা কার্যাৱলীৰো সন্নিবেশ মন কৰিবলগীয়া। দিনলিপিত
ব্যক্তিজনৰ ৰাতিপুৱা উঠাৰ পাছৰে পৰা সংঘটিত হোৱা কার্যাৱলীৰ বিশদ বিৱৰণ থাকিব পাৰে। কিম্তু এই ধৰণৰ বর্ণনা
আত্মজীৱনীত অন্তর্ভুক্ত হ'ব নোৱাৰে। আত্মজীৱনীত
এই কথাবোৰহে বর্ণনা থাকিব, যিবোৰ অতীব গুৰুত্বপূর্ণ, দিনলিপিৰ প্রতিটো কথাই আত্মজীৱনীৰ বাবে প্রয়োজনীয় নহয়। কিন্তু আত্মজীৱনীৰ
কথাবোৰ আমি দিনলিপিৰ মাজৰ পৰাই বাচি উলিয়াব লাগিব। অর্থাৎ দিনলিপিত আত্মজীৱনীৰ সমল
নিহিত হৈ থাকে। ইয়াৰ উপৰিও দিনলিপিত দিন, বাৰ অনুযায়ী ঘটনাৰ
বিশদ বিবৰণ থকাৰ বিপৰীতে আত্মজীৱনীত জীৱনৰ ঘটনাবোৰৰ সার্বিক উল্লেখ মন কৰিবলগীয়া।
স্মৃতিকথা আৰু আত্মজীৱনী -
স্মৃতিকথা
আৰু আত্মজীৱনীৰ পার্থক্যৰ সীমাৰেখাডাল অতি সহজে আঁকিব নোৱাৰি, দুয়োটাৰ মাজত বস্তুগত আৰু বৈশিষ্ট্যগত সাদৃশ্য পৰিলক্ষিত হয়।
স্মৃতিকথা এনে ৰচনা য'ত ব্যক্তিৰ ৰাজহুৱা জীৱনৰ বর্ণনা
অধিকভাৱে সন্নিবিষ্ট থাকে। ই ব্যক্তিৰ স্মৃতি ৰোমন্থন। গতিকে সেই স্মৃতি ৰোমন্থনৰ
ক্ষেত্রত ব্যক্তিয়ে নিজৰ লগতে ৰাজহুৱা ঘটনাও অধিকভাৱে উল্লেখ কৰিব। কিন্তু আত্মজীৱনীত
ব্যক্তিয়ে নিজৰ ঘটনাৰাজি বর্ণনা কৰাৰ ক্ষেত্রতহে গুৰুত্ব দিয়ে। স্মৃতিকথাত আন
ব্যক্তি বা সামাজিক ৰীতি নীতি, পৰিবেশৰো গুৰুত্ব কম নহয়;
কিন্তু আত্মজীৱনীত ইয়াৰ অৱকাশ নাই; ই
সম্পূর্ণৰূপে ব্যক্তিনিষ্ঠ ৰচনা।
জীৱন সোঁৱৰণ আৰু আত্মজীৱনী -
জীৱন সোঁৱৰণ
আৰু আত্মজীৱনীও ইটো সিটোৰ ওচৰ চপা। জীৱন সোঁৱৰণৰই লগত স্মৃতিকথাৰো সম্পর্ক
মনকৰিবলগীয়া। জীৱন সোঁৱৰণত ব্যক্তিয়ে নির্দিষ্ট ঘটনাৰাজি সাধাৰণভাৱে ৰোমন্থন কৰি
যায়। ইয়াত কোনো এটা ঘটনাৰ তাৰিখ, সময় আদিৰ যথাযথ
বর্ণনা নাথাকিবও পাৰে। কিন্তু আত্মজীৱনীয়ে এই ঘটনাৰ যথাযথ সবিশেষ বর্ণনা দিয়ে।
সেইদৰে জীৱন সোঁৱৰণৰ বর্ণনা অতি স্বাভাৱিক; কিন্তু আত্মজীৱনীত
লেখকৰ সাহিত্যিক সৌন্দর্য্যও প্রকাশিত হয়।
আত্মজীৱনীৰ বৈশিষ্ট্য -
আত্মজীৱনী হৈছে
সম্পূৰ্ণ পাশ্চাত্য সাহিত্যৰ ফচল। Autobiography শব্দৰ পৰা ইয়াৰ অর্থ নিসৃত হৈছে এনেদৰে –
Auto – নিজ, bio- জীৱন, graphy - সোঁৱৰণ
১. আত্মজীৱনীৰ
প্রধান বৈশিষ্ট্য হ'ল – ই এজন মানুহৰ নিজ
জীৱনৰ ঘটনাৱলীৰ বর্ণনা। ইয়াত ব্যক্তিয়ে নিজৰ জীৰনৰ বিভিন্ন ঘটনাৰ বিৱৰণ দাঙি ধৰে।
২. আত্মজীৱনীত
যিহেতু ব্যক্তিয়ে নিজৰ ঘটনা বা নিজৰ কথাই প্রকাশ কৰে, সেয়ে ই সদায় ব্যক্তিনিষ্ঠ। নিজৰ জীৱনৰ বর্ণনা কৰিব নোৱাৰা কথাবোৰ
ইয়াত আওকান কৰি চলিব পাৰি।
৩. আত্মজীৱনীত সমাজ এখনৰ চিত্র প্রতিফলিত হয়। সেই সময়ৰ ৰাজনীতি, অর্থনীতি, মানুহৰ নৈতিক আদর্শ আদি আত্মজীৱনী এখনে প্রতিফলিত কৰে।
৪. আত্মজীৱনী
সাহিত্যৰ সৌন্দর্যৰেও সৌন্দর্যশালী। বিভিন্ন সাহিত্যিক উপাদানৰ সমাহাৰ ঘটা প্রতিভাবান
লেখকৰ আত্মজীৱনীত পোৱা যায়।
৫. আত্মজীৱনীত
ঘটনা একোটাৰ যথাযথ আৰু বিস্তৃত বিৱৰণ পোৱা যায়। দিন-বাৰ, সময়ৰ উল্লেখ আত্মজীৱনীৰ বৈশিষ্ট্য।
৬. আত্মজীৱনী অসম্পূর্ণ ৰচনা। গোটেই জীৱন কালচোৱা ইয়াত প্রকাশৰ
বাবে লেখক অপাৰগ। কাৰণ আত্মজীৱনী লেখকৰ ক্ষেত্ৰত নিজৰ বাল্যকালচোৱাৰ বর্ণনা লোকমুখাশ্রিত
আৰু মৃত্যুৰ সম্ভেদ দিয়াটো অসম্ভৱ।
*******************