Thursday, 15 February 2024

এফ. আৰ. লিৱিছ

০ এফ. আ লিৱিছ (১৮৯৫-১৯৭৮)

 

এফ. আ. লিৱিছ অৰ্থাৎ ফ্ৰেংক ৰেমণ্ড লিৱিছে সমালোচনা জগতত ভৰি দিছিল আই.এ. ৰিচার্ডছ ব্যবহাৰিক সমালোচনাৰ বক্তৃতাৰ দ্বাৰা অনুপ্রাণিত হৈ। তেওঁ সমালোচনাই পিছলে সংস্কৃতি সম্বন্ধীয় সমালোচনাবোৰত বেছি শুৰুত্ব লাভ কৰিছিল। তেওঁৰ Mass Civilization and Minority Culture (1930), For Continuity (1933) আৰু Culture and Environment (1937) নামৰ কিতাপ কেইখনে ইংৰাজী সাহিত্য অধ্যয়নত শুৰুত্ব আৰোপ কৰে। উদ্যোগীকৰণ (মুখ্যতঃ চলচিত্র উদ্যোগীকণ আৰু বিজ্ঞাপন) আৰু Mass Culture সম্প্রসাৰণে ভেটা দিয়া সংস্কৃতিসোঁতক ৰক্ষা কৰিবলৈ হলে এই সাহিত্য ঐতিহাসিক অধ্যয়ন শুৰুত্বপূর্ণ। 'Scrutiny" নামৰ আলোচনীনত ১৯৩২ চনৰ পৰা ১৯৫৩ চনলৈ ৰিচার্ডছে এনে ধাণা সম্বলিত বহু প্রবন্ধ লিখিছি। তেওঁৰ "New Bearings in English Poetry" (1932) নামৰ কিতাপখনে ইংৰাজী সাহিত্যৰ পৰম্পৰাত পুনৰ পাঠ আম্ভ কৰে। এই পুন পাঠত তেওঁ Hopkins, Eliot, Pound আকে য়েটছক এ আধুনিকতাবাদী ম্পৰাৰ ধ্বজাবাহী হিচাপে চিহ্নিত কৰিছেEliot আৰু আই.এ. ৰিচার্ড ত্ত্বৰ সহায়ত Revaluations (1931) গ্রন্থত এই কাব্য পৰম্পৰাৰ সুন্দ বিশ্লেষণ আগবঢ়ায়। এই বিশ্লেষণত তেওঁ গীতিময়তা (Melody) আৰু বিশিষ্ঠ কাব্য ভাষাক গুৰুত্ব দিছিল। কিতাপখনত তেওঁ গীতিময়তা আৰু কথ্য-ভাষাত মিল্টনৰ দিনৰ পৰা চুইনবার্ণ (Swinburne) দিনলৈকে ফঁহিয়াই চাইছে।

‘The Great Tradition' (1948) নামৰ গ্রন্থত একে ধৰণে ঐতিহাসিক আৰু সমালোচনা দৃষ্টিভংগীৰে সাহিত্য সমালোচনা কৰি চাইছে। John Austin, জর্জ ইলিয়ট, হেনৰী জেমছ আৰু জোছেফ কনৰাডক তেওঁলোকৰ নৈতিকতামূলক বিচা ক্ষমতা বাবে লিৱিছে ভূয়সী প্রশংসা কৰিছে। ইয়াৰ বাহিৰেও তেওঁ 'Dickens the Novelist' (1970) আৰু ' D.H. Lawrence; Novelist' (1930) নামৰ কিতাপ দুখনত তেওঁৰ উপন্যাস কেন্দ্রিক চিন্তা-চর্চাৰ বিষয়ে পোৱা যায়।

লিৱিছে তেওঁৰ সাহিত্য বিচাত তাত্ত্বিক সংজ্ঞা দিবলৈ অস্বীকাৰিছে। ঐতিহাসিকভাৱেবলৈ গলে লিৱি স্থান মেথিউ ৰ্ণল্ড, ৰাস্কিন আদি নৈতিকতাবাদী সমালোচক শাৰীতেই। ইংৰাজী সাহিত্য সম্পর্কে কৰা তেওঁব বিশ্লেষণে সমালোচনা জগতখনক নতুন ধণে দৃষ্টি নিক্ষেপ কৰাৰ কৌশল শিকালে। যাৰ বাবে তেওঁ বিংশ শতিকাৰ এজন উল্লেখযোগ্য সমালোচক হিচাপে স্বীকৃতি পাইছে। 


***************

Wednesday, 14 February 2024

আকৌ এক নতুন কৃষক বিদ্ৰোহ

ভাৰতবৰ্ষত কৃষকৰ প্ৰতিবাদৰ প্ৰাসংগিকতা




দেশৰ জনতাক অন্ন দিওঁতা খেতিয়কসকলে ২০২০ চনৰ নবেম্বৰ মাহৰ প্ৰচণ্ড ঠাণ্ডাকো প্ৰত্যাহ্বান জনাই দেশৰ ৰাজধানী দিল্লীৰ সীমান্তৱৰ্তী এলেকাত কৰা আন্দোলনৰ সন্মুখত দেশৰ সৰ্বশক্তিমান কেন্দ্ৰীয় চৰকাৰখনো নতমস্তক হবলৈ বাধ্য হৈছিল। কৃষক বিদ্ৰোহত অংশগ্ৰহণ কৰা কৃষকসকলৰ নিষ্ঠা, একাগ্ৰতা, সক্ৰিয়তা আৰু সততাৰ ওচৰত দেশৰ সৰ্বস্তৰৰ জনগণে এবাৰলৈ হলেও অজানিতে মূৰ দোঁৱাবলৈ বাধ্য হৈছিল। কৃষক ন্যায্য দাবীৰ সন্মুখত হাৰ মানিয়েই দেশৰ সংসদত কৃষক বিৰোধী আইন বাতিল হৈছিল। কিন্তু সেই আইন বাতিলৰ ৩ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো যেতিয়া কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক সেই সময়ত প্ৰতিশ্ৰুতি দিয়াৰ ধৰণেৰে কাম কৰা নাই, তাতেই যেন আকৌ এবাৰ জাঙুৰ খাই উঠিছে দেশৰ সৰ্বস্তৰৰ কৃষক। অৱশ্যে সৰ্বস্তৰ বোলাতো কিমান দূৰ যুক্তিসংগত সেয়া খবৰ ৰখাসকলে জানেই! কাৰণ ২০২০ চনৰ কৃষক বিদ্ৰোহত যেনেকৈ পঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰেলা কৃষকসকলেহে মূলতঃ অংশগ্ৰহণ কৰিছিল। এইবাৰৰ বিদ্ৰোহতো তাৰ বিপৰীত ছবি এখন এতিয়ালৈকে দৃষ্টগোচৰ হোৱা নাই। ইয়াৰ পৰা এনে এক অনুভৱেও ক্ৰিয়া কৰে যেন দেশৰ বাকী ৰাজ্যসমূহত কৃষক বুলিবলৈ কোনো নাইয়ে নেকি! সময় আগবঢ়াৰ লগে লগে হয়তো দেশৰ সামগ্ৰিক পৰিৱেশ-পৰিস্থিতি সলনি হব! 

পিছে ২০২০ চনত যেনেকৈ কৃষকক দেশৰ আটাইতকৈ ডাঙৰ শত্ৰু জ্ঞান কৰিছিল কেন্দ্ৰীয় চৰকাৰে, এইবাৰো যেন তেওঁলোকক এসেকা দিবলৈহে টঙালি বান্ধি সাজু হৈছে চৰকাৰ তথা চৰকাৰী প্ৰশাসন। কাৰণ ইতিমধ্যে কৃষকসকলে যাতে ৰাজধানী দিল্লীলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে তাৰ বাবে পঞ্জাৱৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথত পূৰ্বৱৰ্তী সময়তকৈ আগতীয়াকৈ তথা অধিত মজুতভাৱে লোহাৰ গজাল, কাঁটা তাঁৰৰ বেৰা দিয়াৰ উপৰিও কংক্ৰীটৰ দেৱালো ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰিছে। কাৰণ আগৰবাৰ কৃষকসকল দিল্লীলৈ আহি কৰা প্ৰতিবাদে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ক্ষুদ্ৰ অংশ আৰু বিশেষভাৱে সামাজিক মাধ্যমৰ জৰিয়তে দেশৰ সাধাৰণ জনতাৰ উপৰিও বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সেয়া যাতে এইবাৰ সম্ভৱ হৈ নুঠে তাৰ বাবে চৰকাৰে আগতীয়াকৈ কাৰ্যপন্থা হাতত লৈছেই ইতিমধ্যে।

এইবোৰলৈ লক্ষ্য ৰাখি এটা কথা খাটাং যে কৃষকৰ প্ৰতিবাদে এইবাৰ আগতকৈ বেছি চৰকাৰী বাধাৰ সন্মুখীন হোৱাতো খাটাং। ইতিমধ্যে কৃষকসকল দেশৰ বিভিন্ন প্ৰান্তৰত চৰকাৰী বাধাৰ সনম্মুখীন হৈছে। ঠায়ে ঠায়ে আনকি ট্ৰেইনত যাত্ৰা কৰা কৃষকসকলকো গ্ৰেপ্তাৰ কৰা দেখা পোৱা গৈছে। কিন্তু ইমানৰ পিছতো কৃষকসকলে নিজৰ মূল দাবী চৰকাৰীভাৱে নিৰ্দিষ্ট কৰা নুন্যতম সমৰ্থন মূল্যৰ নিশ্চয়তা (guaranty of Minimum Support Price) প্ৰদানৰ বিষয়টোৰ সন্দৰ্ভত নিজৰ স্থিতিত অটল হৈ আছে। আনকি কৃষকসকলে প্ৰতিবাদ দীঘলীয়া হোৱাৰ সম্ভাৱনীয়তাৰ প্ৰতি দৃষ্টি ৰাখিয়েই আগতীয়াকৈ খাদ্য-বস্ত্ৰকে আদি কৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহো পৰ্যাপ্ত পৰিমাণে লগত লৈ আহিছে। কৃষকৰ দাবীয়ে কি পৰ্যায়ত পায় গৈ বা চৰকাৰে বিষয়টো কেনেদৰে সমাধান কৰে সেয়া সময়তহে গম পোৱা যাব!!

কিন্তু দেশৰ কৃষকে প্ৰাপ্যৰ দাবীত পুনৰ আৰম্ভ কৰা এই প্ৰতিবাদে এটা কথা সকলোকে যেন সোঁৱৰাই দিছে – নিজৰ প্ৰাপ্য বিছাৰি নিজে হাতে-কামে নালাগিলে আনে মোৰ পাবলগীয়াখিনি, অনলাইন ডেলিভাৰী দিয়া ব্যক্তি এজনে ঘৰৰ দুৱাৰ মুখত দি থৈ যোৱাৰ দৰে দি নাযায়হি! যিটো ব্যৱস্থা বৰ্তমান অনলাইন বজাৰ-সমাৰ তথা আধুনিক ভোগবাদী সমাজখনে আমাৰ দেশৰ কি দৰিদ্ৰ, কি নিম্ন-মধ্যবিত্ত, কি মধ্যবিত্ত সকলো শ্ৰেণীৰ লোকৰ বাবে অতি সহজে হাতত পোৱা কৰি দিয়াত আমি সকলো তাতেই অভ্যস্ত হৈ পৰিছোঁ। কৃষকসকলে  আমাৰ সকলোৰে চকু মুকলি কৰি দিছিল আজিৰ পৰা চাৰি বছৰৰ আগতেই। কিন্তু আমি লাহে লাহে আমাৰ পৃথিৱীখনৰ বাস্তৱ সত্যতাৰ পৰা আঁতৰি যাবলৈ লোৱাত যেন পুনৰাই কৃষকসকলে ককাঁলত টঙালি বান্ধি লৈছে জনতাৰ সেৱকৰ ভাও ধৰাসকলৰ মুখাৰ আঁৰৰ মুখবোৰ সকলোৰে আগত খুলি দিবলৈকে।

 

(সৰভোগ, ১৪ ফেব্ৰুৱাৰী ২০২৪)

************


Tuesday, 23 January 2024

জীৱনী, আত্মজীৱনী, জীৱন সোঁৱৰণ আদিৰ বিষয়ে চমুকৈ

 

জীনী, আত্মজীনী, দিনলিপি, স্মৃতিকথা, জীৱন সোঁৱৰণ ইত্যাদি

 

জীনী আৰু আত্মজীনী- এই দুয়োটাই বর্তমান সাহিত্য উল্লেখনীয় শাখা। উভয়তে ব্যক্তিবিশেষ জীন চর্যা উন্মোচিত হয়। পিছে সেয়া হলেও দুয়োটাৰ মাজত দুটা প্রধান কথাত পার্থক্য আছে। এটা বাহ্যিক, নটো আন্তৰিক।

বাহ্যিক পার্থক্যটো হ' - জীৱনীত ব্যক্তি বিশেষ জীৰ আৰু ব্যক্তিত্বৰ সুবিন্যাস ঘটে অন্য এজন ব্যক্তি হাতত; আনহাতে আত্মজীনীমূলচনা বা আত্মজীনীত ব্যক্তি বিশেষৰ জীৱন আৰু ব্যক্তিত্ব অংকিত হয় নিজৰ হাতত। জীনীত আমি যিজন মানুহ দেখা পাঁও সেইজন আমি অন্য এজনৰ চকুৰে দেখা মানুহ, জীৱনীখনৰ জীৱনীকাৰে দেখুওৱা মানুহ আত্মজীনীত কিন্তু যিজন মানুহ আমি দেখা পাওঁ, সেইজন সেই ব্যক্তিজন নিজৰ দৃষ্টিৰ মানুহ। জীৱনীত জীনী নায়কক জীনীকাৰে যেনেভাৱে দেখিছিল আৰু বুজিছিল, তেনেভাৱেহে অংকিত হয়। আনহাতে আত্মজীনীত লেখকে নিজকে যেনে বুলি ভাবে তেওঁৰ তেনে ছবিহে ফুটি উঠে। গতিকে, এজন মানুহৰ জীনীত আমি তেওঁৰ "ব্যক্তিত্ব আৰু চৰিত্ৰৰ যি পৰিচয় পাওঁ, তেওঁ আত্মজীনীত সেই পৰিচয় কিছু ভিন্ন হোৱা সম্ভ। ইয়াৰ ভিত্তিতেই জীনী আৰু আত্মজীনীৰ মাজত যে লেখক সম্পর্কীয় বাহিক্য পার্থক্য বাহিৰে প্রকৃতিগত বা আত্মিক পার্থক্যও আছে তাৰ উমান পোৱা যায়।

আত্মিক পার্থক্য হৈছে - আত্মজীনী যিহেতু নিজে নিজৰ বিষয়ে লিখা জীনী আৰু ইয়াত তেওঁ নিজকে যেনে বুলি ভাবে নিজৰ জীৱনত ঘটনাবোৰ তেওঁ নিজে যিভাৱে বুজে বা গ্রহণ কৰে সেইভাবেই তাত প্রকাশিত হয়। গতিকে, আত্মজীৱনীত প্রকাশিত সত্য এ স্তুনিষ্ঠ সত্য নহবও পাৰে। কিন্তু জীৱনীৰ ক্ষেত্রত ই প্রযোজ্য নহয়। জীৱনী বস্তুনিষ্ঠতা আৰু নিপেক্ষতা আশা কৰিব পাৰি। সেয়ে, জীৱনী সাধাৰণতেস্তুনিষ্ঠ (objective),, বিপৰীতে আত্মজীৱনী ব্যক্তিনিষ্ঠ (Subjective)। New Encyclopedia Britanicaত আত্মজীৱনীৰ সংজ্ঞা দিয়া হৈছে এনেদৰে "Autobiography is a close relative or special form of biographical literature. It is the life of a man that happen to have been written by himself.

 

দিনলিপি, স্মৃতিকথা, জীন সোঁৱৰণৰ লগত আত্মজীনী সম্পর্ক অতি ওচ চপা। এই আটাইবোৰ শাখাই বহন কৰে মানুহৰ জী নানা অভিজ্ঞতা স্বাক্ষৰ। জীৱনৰ পৰা আহৰিত অভিজ্ঞতা আৰু কার্যালীসমষ্টিয়েই এই ধৰণৰ ৰচনাত পুঞ্জীভূত হয়। কিন্তু অতি সূক্ষ্মভাৱে বিচাৰ কৰিবলৈ হ'লে দিনলিপি, স্মৃতিকথা, জীবন সোঁৱৰণ আৰু আত্মজীনীৰ মাজত পার্থক্য বিচাৰি উলিয়াব পাৰি।

দিনলিপি আৰু আত্মজীনী -

দিনলিপি হৈছে মানুহৰ দৈনন্দিন জীৱনৰ ঘটনাৰাজি বর্ণনা। ইয়াত অতি সাধাণ ঘটনা বা কার্যাৱলীৰো সন্নিবেশ মন কৰিবলগীয়া। দিনলিপিত ব্যক্তিজনৰ ৰাতিপুৱা উঠাৰ পাছৰে পৰা সংঘটিত হোৱা কার্যালী বিশদ বিৱৰণ থাকি পাৰে। কিম্তু এই ধৰণৰ বর্ণনা আত্মজীৱনীত অন্তর্ভুক্ত হ'ব নোৱাৰে। আত্মজীৱনীত এই কথাবোৰহে বর্ণনা থাকিব, যিবোৰ অতীব গুৰুত্বপূর্ণ, দিনলিপিৰ প্রতিটো কথাই আত্মজীৱনীৰ বাবে প্রয়োজনীয় নহয়। কিন্তু আত্মজীৱনীৰ কথাবোৰ আমি দিনলিপিৰ মাজৰ পৰাই বাচি উলিয়াব লাগিব। অর্থাৎ দিনলিপিত আত্মজীৱনীৰ সমল নিহিত হৈ থাকে। ইয়াৰ উপৰিও দিনলিপিত দিন, বাৰ অনুযায়ী ঘটনাৰ বিশদ বিবৰণ থকাৰ বিপৰীতে আত্মজীৱনীত জীৱনৰ ঘটনাবোৰৰ সার্বিক উল্লেখ মন কৰিবলগীয়া।

স্মৃতিকথা আৰু আত্মজীৱনী -

স্মৃতিকথা আৰু আত্মজীৱনীৰ পার্থক্যৰ সীমাৰেখাডাল অতি সহজে আঁকিব নোৱাৰি, দুয়োটাৰ মাজত বস্তুগত আৰু বৈশিষ্ট্যগত সাদৃশ্য পৰিলক্ষিত হয়। স্মৃতিকথা এনে ৰচনা য'ত ব্যক্তিৰ ৰাজহুৱা জীৱনৰ বর্ণনা অধিকভাৱে সন্নিবিষ্ট থাকে। ই ব্যক্তিৰ স্মৃতি ৰোমন্থন। গতিকে সেই স্মৃতি ৰোমন্থনৰ ক্ষেত্রত ব্যক্তিয়ে নিজৰ লগতে ৰাজহুৱা ঘটনাও অধিকভাৱে উল্লেখ কৰিব। কিন্তু আত্মজীৱনীত ব্যক্তিয়ে নিজৰ ঘটনাৰাজি বর্ণনা কৰাৰ ক্ষেত্রতহে গুৰুত্ব দিয়ে। স্মৃতিকথাত আন ব্যক্তি বা সামাজিক ৰীতি নীতি, পৰিবেশৰো গুৰুত্ব কম নহয়; কিন্তু আত্মজীৱনীত ইয়াৰ অৱকাশ নাই; ই সম্পূর্ণৰূপে ব্যক্তিনিষ্ঠ ৰচনা।

জীৱন সোঁৱৰণ আৰু আত্মজীৱনী -

জীৱন সোঁৱৰণ আৰু আত্মজীৱনীও ইটো সিটোৰ ওচৰ চপা। জীৱন সোঁৱৰণৰই লগত স্মৃতিকথাৰো সম্পর্ক মনকৰিবলগীয়া। জীৱন সোঁৱৰণত ব্যক্তিয়ে নির্দিষ্ট ঘটনাৰাজি সাধাৰণভাৱে ৰোমন্থন কৰি যায়। ইয়াত কোনো এটা ঘটনাৰ তাৰিখ, সময় আদিৰ যথাযথ বর্ণনা নাথাকিবও পাৰে। কিন্তু আত্মজীৱনীয়ে এই ঘটনাৰ যথাযথ সবিশেষ বর্ণনা দিয়ে। সেইদৰে জীৱন সোঁৱৰণৰ বর্ণনা অতি স্বাভাৱিক; কিন্তু আত্মজীৱনীত লেখকৰ সাহিত্যিক সৌন্দর্য্যও প্রকাশিত হয়।

আত্মজীৱনীৰ বৈশিষ্ট্য -

আত্মজীৱনী হৈছে সম্পূৰ্ণ পাশ্চাত্য সাহিত্যৰ ফচল। Autobiography শব্দৰ পৰা ইয়াৰ অর্থ নিসৃত হৈছে এনেদৰে –

Auto – নিজ,        bio- জীৱন,          graphy - সোঁৱৰণ

১. আত্মজীৱনীৰ প্রধান বৈশিষ্ট্য হ'ল – ই এজন মানুহৰ নিজ জীৱনৰ ঘটনাৱলীৰ বর্ণনা। ইয়াত ব্যক্তিয়ে নিজৰ জীৰনৰ বিভিন্ন ঘটনাৰ বিৱৰণ দাঙি ধৰে।

২. আত্মজীৱনীত যিহেতু ব্যক্তিয়ে নিজৰ ঘটনা বা নিজৰ কথাই প্রকাশ কৰে, সেয়ে ই সদায় ব্যক্তিনিষ্ঠ। নিজৰ জীৱনৰ বর্ণনা কৰিব নোৱাৰা কথাবোৰ ইয়াত আওকান কৰি চলিব পাৰি।

৩. আত্মজীনীত সমাজ এখনৰ চিত্র প্রতিফলিত হয়। সেই সময়ৰ ৰাজনীতি, অর্থনীতি, মানুহৰ নৈতিক আদর্শ আদি আত্মজীৱনী এখনে প্রতিফলিত কৰে।

৪. আত্মজীৱনী সাহিত্যৰ সৌন্দর্যৰেও সৌন্দর্যশালী। বিভিন্ন সাহিত্যিক উপাদানৰ সমাহাৰ ঘটা প্রতিভাবান লেখকৰ আত্মজীৱনীত পোৱা যায়।

৫. আত্মজীৱনীত ঘটনা একোটাৰ যথাযথ আৰু বিস্তৃত বিৱৰণ পোৱা যায়। দিন-বাৰ, সময়ৰ উল্লেখ আত্মজীৱনীৰ বৈশিষ্ট্য।

. আত্মজীৱনী অসম্পূর্ণ ৰচনা। গোটেই জীৱন কালচোৱা ইয়াত প্রকাশৰ বাবে লেখক অপাৰগ। কাৰণ আত্মজীৱনী লেখকৰ ক্ষেত্ৰত নিজৰ বাল্যকালচোৱাৰ বর্ণনা লোকমুখাশ্রিত আৰু মৃত্যুৰ সম্ভেদ দিয়াটো অসম্ভৱ।

*******************