Monday, 1 April 2024

‘ইলেক্টৰেল বণ্ড’ৰ ইটো-সিটো

 ভাৰতবৰ্ষৰ ইলেক্টৰেল বণ্ডৰ ইটো-সিটো


 

ভাৰতবৰ্ষৰ ন্যায়পালিকাৰ সৰ্বোচ্চ সংস্থা উচ্চতম ন্যায়ালয়ৰ কিছু সজাগ-সতৰ্ক দৃষ্টি তথা ক্ষিপ্ৰ কৰ্ম পদ্ধতিৰ বাবে কেন্দ্ৰ চৰকাৰে ৰাজনৈতিক দলসমূহৰ সুবিধাৰ বাবে বিশেষভাৱে প্ৰৱৰ্তন কৰা এক প্ৰকাৰৰ চুৰি কাৰ্য দেশৰ জনতাৰ দৃষ্টিলৈ সৌ সিদিনা আহিছে। যিখন দেশত এজন সাধাৰণ চাকৰিয়ালে বছৰৰ প্ৰতিটো মাহত কৰা নিৰ্দিষ্ট পৰিশ্ৰমৰ বিনিময়ত লাভ কৰা নিজৰ মাহেকীয়া বেতনৰ প্ৰতিটো পইচাৰ হিচাব কেন্দ্ৰীয় চৰকাৰৰ আয়কৰ বিভাগক বছেৰেকৰ মূৰত দিব লাগে, সেইখন দেশতে ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে কোটি কোটি টকাৰ আয়কৰ ফাঁকি আজিও দি আছে। তাতোকৈ ডাঙৰ কথা এনে বৃহৎ উদ্যোগপতি তথা নামী-বেনামী ব্যৱসায়ৰ মালিকসকলে চৰকাৰৰ পৰা নিজৰ সুবিধাসমূহ আদায় কৰাৰ লগতে অবৈধ উপায়েৰে আহৰণ কৰা কলা টকাসমূহ নিকা কৰাৰ বাবে প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে চৰকাৰ গঠন কৰা ৰাজনৈতিক দলটোক বিশেষভাৱে আৰু লগতে দেশৰ অন্যান্য ৰাজনৈতিক দলসমূহক টকা-সিকা দান কৰাৰ উপায় উলিয়াই দিছে ভাৰতববৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে ২০১৮ চনৰপৰা। ইলেক্টৰেল বণ্ড নামৰ এই বিশেষ পদ্ধতিটোৰ জৰিয়তে দেশৰ যিকোনো এজন ব্যক্তিয়ে ১০০০ ৰ পৰা আৰম্ভ কৰি নিজে দিব পৰা পৰিমাণৰ বৈধ-অবৈধ টকা সম্পূৰ্ণ গোপনীয়ভাৱে ৰাজনৈতিক দলসমূহলৈ দান হিচাপে আগবঢ়োৱাৰ ব্যৱস্থাটোকে আমি সাধাৰণ ভাষাত দিন-ডকাইতি আখ্যা দিব পাৰো নিশ্চয়। কাৰণ যিখন দেশত সাধাৰণ চৰকাৰী চাকৰিয়ালৰ প্ৰতিজনৰে কষ্টোপাৰ্জিত ধনৰ প্ৰতিটো পইচাৰ হিচাপ দেশৰ আয়কৰ বিভাগে লয়, সেই একেখন দেশৰে ৰাজনৈতিক দলসমূহক দিয়া দানবোৰ আয়কৰৰ আওতাৰ পৰা বাহিৰত থকাৰ উপৰিও কি এনে বিশেষ কাৰণত গোপন কৰা হৈছে সাধাৰণ জনতাৰ পৰা! আনকি ন্যায়পালিকাৰ পৰাও বিষয়টো সম্পূ্ৰ্ণ আঁতৰাই ৰখাৰ অন্তৰালৰ কাৰণটো কি!!

আনকি এইখন ভাৰতবৰ্ষতে এজন সাধাৰণ মধ্যবিত্ত লোকে বেংকৰ পৰা লোৱা ঋণ বিশেষ অসুবিধাৰ বাবেও নিৰ্দষ্ট সময়ত পৰিশোধ কৰিব নোৱাৰিলে বেংকৰ বিষয়াই আহি ব্যক্তিজনৰ ঘৰ-মাটি আদি স্থাৱৰ সম্পত্তি পৰ্যন্ত বাজেয়াপ্ত কৰি লয়। অথচ একেখন দেশতে বৃহৎ পুঁজিপতিসকলে লাখ-লাখ কোটি টকা বেংকৰ পৰা ঋণ লৈ সময়ত ঘূৰাই দিয়াৰ সলনি এওঁলোকে দেশ এৰি বিদেশত স্থায়ীভাৱে আশ্ৰয় লৈছেগৈ। কিন্তু এইক্ষেত্ৰত বেংকতো বাদেই কেন্দ্ৰীয় চৰকাৰ তথা চৰকাৰৰ সংশ্লিষ্ট বিভাগে উপযুক্ত পদক্ষেপ লবলৈ সাহস নকৰাতোৱেই স্পষ্ট কৰে দেশৰ চৰকাৰ আৰু পুঁজিপতিৰ মাজত থকা গোপন বুজা-পৰা আৰু অদৃশ্য আত্মিক-সম্পৰ্কৰ প্ৰকৃত প্ৰতিচ্ছবিখন। যত দেশ সেৱাৰ নামত চৰকাৰে চলাই অবৈধ অৰ্থ সংগ্ৰহৰ এখন ৰমৰমীয়া বেপাৰ।

ইমানৰ পিছতো আপুনি মই কেনেকৈ আশা কৰিব পাৰোঁ যে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিলে বুলিয়েই ইলেক্টৰেল বণ্ডৰ দৰে এটা স্পৰ্শকাতৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰে নিজৰ ভুলৰ বিষয়ে বিতংকৈ বিৱৰি ৰাইজক অৱগত কৰিব!!বলৈ গলে লুকাই-চুৰকৈ ডকাইতি আৰম্ভ কৰি এতিয়া দিন ডকাইতিত নমা এটা পাকৈত চোৰৰ দলে যেনেকৈ স্বীকাৰ নিজকে আমিয়েই প্ৰকৃত চোৰ বুলি মানি লবলৈ টান পাই ঠিক তেনে এক দৃশ্যপটৰে যেন ৰূপান্তৰ ঘটিবলৈ লৈছে ভাৰত বৰিষত!! তাৰ সলনি আত্মসন্তুষ্টি লভাৰ সময় এয়া যে, আমি নহয় আমাতকৈ ডাঙৰ চোৰৰ গল এইখন দেশতে আছে, গতিকে আমিতো তেওঁলোকৰ তুলনাত ধোৱা তুলসীৰ পাত।

অতি সাধাৰণভাৱে বিশ্লেষণ কৰিলেও দেখা যায় যে ভাৰতবৰ্ষত বৰ্তমান মাহে ৪০-৫০ হেজাৰ টকাৰ বেতন লাভ কৰা চৰকাৰী কৰ্মচাৰী এজনে নিজৰ ২৫-৩০ বছৰীয়া চাকৰি কালত অতি বেছিতকৈও বেছি ৩ ৰ পৰা ৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হব বুলি আমি ধৰি লব পাৰোঁ। সেইখন ভাৰততে বৰ্তমান জনতাৰ মাজত চৰ্চাত থকা ইলেক্টৰেল বণ্ডৰ নামত ৩০ কোটিৰ পৰা আৰম্ভ কৰি ১০০০ কোটি টকাৰ ইলেক্টৰেল বণ্ড এটা মাত্ৰ কোম্পানীয়ে ক্ৰয় কৰা কথাটোৱেও কাকো বৰ বেছি চিন্তিত কৰিব পৰা নাই যেন লাগে! সমান্তৰালভাৱে এনে বণ্ড ক্ৰয় কৰা ঔষধ নিৰ্মাতা দেশীয়া প্ৰতিষ্ঠানসমূহৰ অংকটোলৈ গলেই বহু কথা স্পষ্ট হৈ পৰে। মানুহৰ জীৱন ৰক্ষা কৰা ঔষধ নিৰ্মাতা এই প্ৰতিষ্ঠানবোৰে কোটি কোটি টকাৰ বণ্ড কিনিছে তাত আমাৰ চিন্তা কৰিবলগীয়া বা কব লগীয়াও একো নাই। কিন্তু তেওঁলোকে প্ৰস্তুত কৰা ঔষধবোৰৰ যে বছৰৰ ভিতৰতে দুই-তিনিবাৰকৈ মূল্যবৃদ্ধি হৈছে আৰু এনে এটা গুৰুত্বপূৰ্ণ বিষয়ত কিয় চৰকাৰৰ বৰমূৰীয়াসকল তথা ইয়াৰ সৈতে জড়িত সংশ্লিষ্ট চৰকাৰী বিভাগসমূহৰ কোনো ধৰণৰ কাণসাৰ নাই!! বিষয়টো মোৰ বাবে বৰ আকৰ্ষণীয় হৈ পৰিছে এই বাবেই যে যিখন দেশত এসময়ত পেট্ৰল-ডিজেল আৰু ৰন্ধন গেছৰ মূ্ল্য কেইটকামান বৃদ্ধি হলেই সাধাৰণ নাগৰিকে বিক্ষোভ-আন্দোলন প্ৰদৰ্শন কৰিবলৈ ৰাজপথলৈ উলাই আহিছিল, সেইখন দেশতে বৰ্তমান ৰাজনৈতিক দলৰ পুঁজিলৈ বেংকৰ জৰিয়তে গোপনে বিভিন্ন কোম্পানীয়ে কোটি কোটি টকা দান-বৰঙণি যোগাইছে ইলেক্টৰেল বণ্ড নামৰ বক্ৰ পথ এটাৰে। আৰু এই বণ্ড কিনোতাসকলেই আকৌ সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাই তেওঁলোকৰ দান-বৰঙণিৰ টকাসমূহৰ সংগ্ৰহ কৰি আছে আপোনাৰ-মোৰ পৰাই নিজৰ ব্যৱসায়ৰ জৰিয়তে। বৰ্তমান আগৰ দ-বিছ টকাৰ মূল্যবৃদ্ধিয়েও ইতিহাসৰ পাতত অৱস্থান কৰি সাধাৰণ জনতাৰ বাবে বাট মুকলি কৰি দিছে পৰিৱৰ্তনৰ সন্মুখীন হবলৈকে। বৰ্তমান কোটিৰ ঘৰত এনেদৰে মুকলিকৈ লুট-পাট চলাৰ পিছতো কি চৰকাৰৰ আত্মীয় সংবাদ মাধ্যম, কি বঁটা-বাহনেৰে সন্মানিত সমাজৰ সচেতন গণ্য-মান্য ব্যক্তি, সমাজৰ তথাকথিত সচেতন সাহিত্যিক-শিল্পীৰ দল - সকলো মূকবধিৰ হৈ পৰিছে। আনকি অলপ-অচৰ এই বিষয়বোৰৰ গম ৰখা সৰ্বসাধাৰণ জনতাও সম্পূৰ্ণ মৌন হৈ পৰিছে সম্প্ৰতি।

হয়তো এনেকুৱাও হব পাৰে বৰ্তমানৰ পৰিৱৰ্তিত ভাৰতত আপোনাৰ- মোৰ অজ্ঞাতে একে ৰাতিতে সাধাৰণ জনতাৰ এশ-এবুৰি সমস্যাৰ সকলো সমস্যাই সমাধান হৈ গল! কাৰণ বৰ্তমান সমগ্ৰ ভাৰতত, পৌৰাণিক গ্ৰন্থত বৰ্ণিত সেই যে লৰালি কালৰ অবোধ দিনবোৰত আপোনাৰ মন নগলেও মোৰ কোনোবা মুহূৰ্তত খাবলৈ মন যোৱা কাল্পনিক দ্ৰব্য অমৃতৰ সৈতে সম্পৰ্কিত অমৃত কাল চলি আছে! নে কি কয় ৰাইজ!!!

 

************

Monday, 18 March 2024

ছপা সংবাদ-মাধ্যম আৰু বিজ্ঞাপনৰ অংক

 

 ছপা সংবাদ-মাধ্যম আৰু বিজ্ঞাপনৰ অংক


 

পুৱাৰ চাহ কাপ হাতত লৈ দৈনিক বাতৰি কাকত এখন মেলি দেশ-বিদেশৰ ন ন খবৰ-বাতৰিৰ লগতে আপোনাৰ আপোন চুবুৰীটোৰো খবৰ পঢ়ি থকা চিনাকী-অচিনাকী ছবিবোৰ অ'ত ত'ত দেখি তথা গল্প-উপন্যাসতো পঢ়াৰ পৰা এটা ধাৰণা সৰুতেই গঢ় লৈছিল যে এইদৰে পুৱাতে বাতৰি কাকতখন পঢ়িবলৈ পোৱাতো কম সৌভাগ্যৰ কথানে!! এনে সৌভাগ্য পঢ়া-শুনা কৰি থকা দিনবোৰত ঘৰত নহ'লেও পুৱাই হোষ্টেলৰ কৰিডৰত টনা-আঁজোৰা লগা বাতৰি কাকতখন পঢ়িবলৈ পাইছিলো শিক্ষা লাভৰ বাবে ঘৰৰ আঁতৰি আহিহে। কাৰণ মোৰ দৰে অসমৰ বহু ভিতৰুৱা অঞ্চলত দৈনিক বাতৰি কাকতখন ৰাতিপুৱাৰ সলনি পিছবেলা বা কেতিয়াবা পিছদিনাহে গৈ গ্ৰাহকৰ হাতত পৰিছিল গৈ। গতিকে সেই অঞ্চলবোৰত পুৱাৰ চাহৰ সৈতে বাতৰি কাকত পঢ়াতো এক প্ৰকাৰৰ চৌখিনতাই আছিল। তদুপৰি সামাজিক পাৰিপাৰ্শ্বিকতাৰ দৃষ্টিভংগীৰেও মোৰ শৈশৱ-কৈশোৰৰ সময়খিনিত অসমৰ গ্ৰামাঞ্চলৰ জনসাধাৰণৰ বাবে পুৱাৰ ঘৰুৱা কাম-কাজৰ ব্যস্ততাৰ মাজত বাতৰি কাকত পঢ়াৰ বাবে যে আজৰিৰ সময় আছিল সেয়াই বিশ্বাস কৰিবলৈ টান। শুই উঠিয়েই পুৰুষে পথাৰলৈ যোৱা নতুবা বাৰীৰ শাক-পাচলিৰ যত্ন লোৱা, গোহালিৰ গৰু কেইটাৰ গাখীৰ খিৰোৱাৰ পৰা পথাৰলৈ মেলি দি গোবৰ-জাবৰ পেলোৱা। আনহাতে মহিলাসকলে চোতাল-ঘৰ সৰা, ৰন্ধা-বঢ়া কৰা আৰু তাঁত-সূতত ব্যস্ত থকাৰ মাজত ৰাতিপুৱাই বাতৰি কাকতখনত চকু ফুৰাবলৈ যে হাতত সময়ৰ অভাৱ হৈছিল সেয়া খাতাং।

 

ধৰি লৈছো মোৰ অঞ্চলত হোৱাৰ দৰে ৰ্তমান সেই অসুবিধাবোৰ সমগ্ৰ অসমতে নোহোৱা হৈছে। কিন্তু যোগাযোগ মাধ্যমৰ খৰতকীয়া গতিত আগতে আপুনি পুৱাৰ বাতৰি কাকতত অধীৰ আগ্ৰহেৰে জানিবলৈ  অপেক্ষা কৰি থকা বাতৰিবোৰ আজিকালি ছপা হৈ প্ৰকাশ হোৱালৈকে পুৰণি হৈ পৰে। তাৰ ঠাইত বহু নতুন খবৰে পুৱাই ভীৰ কৰেহি জনতাৰ মন-মগজুত। যোগাযোগ মাধ্যমৰ দ্ৰুত বিকাশ আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰে আমাৰ বাবে খবৰ সংগ্ৰহৰ নানানটা উপায় হাততে পোৱা কৰি তুলিছে। ইমানৰ পিছতো কিন্তু সাধাৰণ জনতাই ছপা ৰূপত ওলোৱা বাতৰি কাকতখনৰ মোহ এৰা নাই আজিও। ছপা আখৰকেইটা পঢ়াৰ আমেজকণ আমাৰ বাবে আজিও আটাইতকৈ প্ৰিয় হৈ আছে। 


পিছে সাধাৰণ জনতাৰ প্ৰিয় এই ছপা সংবাদ মাধ্যমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় পৃষ্ঠাটোৱেই হল প্ৰথম পৃষ্ঠা। এই পৃষ্ঠাটোৰ শিৰোনামৰ বাবেই বহু সময়ত বাতৰি কাকত এখনে গ্ৰাহকক সন্তুষ্ট কৰাৰ লগতে সংবাদ জগতৰো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখা যায়। কিন্তু দৈনিক বাতৰি কাকতখনৰ এই প্ৰথম পৃষ্ঠাটোতে যেতিয়া বাতৰিৰ সলনি গোটেই পৃষ্ঠা আৱৰা এটা বিজ্ঞাপন প্ৰকাশিত হয় তেতিয়া নিয়মীয়া গ্ৰাহক এজনে কি কৰিব!! তাতে এনে বিজ্ঞাপন যেতিয়া সঘনাই প্ৰথম পৃষ্ঠাটোত প্ৰকাশ পাবলৈ ধৰে তেতিয়া গ্ৰাহকৰ অৱস্থা কেনে হ'ব ধাৰণা কৰাৰ দায়িত্ব আপোনালৈ এৰিলোঁ। দৈনিক নিৰ্দিষ্ট মূল্যৰ বিনিময়ত ক্ৰয় কৰি থকা এজন গ্ৰাহকৰ দৃষ্টিভংগীৰে এনে সময়ত বাতৰি কাকতখনক একেষাৰতে নিজে প্ৰস্তুত কৰা সামগ্ৰীৰ প্ৰচাৰৰ বাবে বৃহৎ কোম্পানীয়ে লোৱা ভিন্ন ব্যৱস্থা তথা নগৰ-চহৰত সৰু সুৰা বয়-বস্তুৰ বিজ্ঞাপনৰ বাবে বজাৰ অঞ্চলত বাটৰুৱাক বিলাই থকা ৰঙ-বিৰঙী কাগজবোৰৰ সৈতে একেশাৰীৰে যেন বোধ হয়।

ইয়াৰ পিছত যেতিয়া বাতৰি কাকতৰ সম্পাদক এজনে তেখেতৰ কাকতৰ প্ৰথম পৃষ্ঠাত বিজ্ঞাপন প্ৰকাশ কৰাৰ সপক্ষে যুক্তি দিবলৈ যায় আৰু এইক্ষেত্ৰত যুক্তিৰ খাতিৰত তেখেতে যুক্তি দিবলৈ যায় তেতিয়াই সংবাদপত্ৰৰ প্ৰতি বাছি থকা শেষ ভাৰসাখিনিও নোহোৱা হৈ পৰে। এনে বিয়াগোম সাংবাদিক তথা সম্পাদকসকলক অন্নদাতা সংবাদগোষ্ঠীৰ মালিকসকলক সুধিবলৈ মন যায় কিয় তেওঁলোকে প্ৰথম পৃ্ষ্ঠাটোকো কেইটমান টকাৰ বাবে বিক্ৰী কৰি দিয়ে বৃহৎ কৰ্পৰেট খণ্ড আৰু চৰকাৰৰ হাতত। বিশেষকৈ দেশত বা ৰাজ্যত নিৰ্বাচনৰ বতৰ আহিলেতো কথাই নাই। এনেবোৰ দিনত বিজ্ঞাপনৰ নামত সংবাদগোষ্ঠীৰ মালিকৰ লগতে সম্পাদক তথা সাংবাদিকসকলৰ একেবাৰে গাখীৰতে মহৰ খুঁটি হৈ পৰে। দেশৰ বিভিন্ন প্ৰান্তৰৰপৰা প্ৰকাশিত দুই এখন বাতৰি কাকতক বাদ দি গৰিষ্ঠসংখ্যক দৈনিক বাতৰি কাকতেই যেন এইকেইটা দিন কেৱল চৰকাৰী বিজ্ঞাপনৰ জৰিয়তে চৰকাৰৰ জয়গান গাবলৈকে প্ৰকাশ কৰা হয়।

 (৯ মাৰ্চ ২০২৪ – সৰভোগ)

****************

Friday, 23 February 2024

দায়বদ্ধতা, অহমিকা, আত্মসন্মানবোধ ইত্যাদি..

আমাৰ সকলোৰে চিনাকী 'মিছাইল মানৱ' খ্যাত আব্দুল কালামদেৱে কৈছিল - "মোৰ অৱসৰৰ দিনটোত তোমালোকে বন্ধ ঘোষণা নকৰিবা। তাৰ সলনি এদিন বেছিকৈ কাম কৰিবা।"

এই সৰু কথাষাৰেই আমাক বুজাই দিয়ে কালামদেৱৰ দৰে ব্যক্তিয়ে নিজৰ কৰ্তব্যৰ প্ৰতি থকা দায়বদ্ধতা আৰু কৰ্মস্পৃহাক মানি চলাৰ সমান্তৰালভাৱে আনেও ইয়াক সমানে মানি চলাতো তেখেতে বিচাৰিছিল।

কিন্তু সময়ৰ কি যে পৰিহাস! দায়বদ্ধতা আৰু কৰ্তব্যবোধৰ সলনি কেৱল বাহ্যিক প্ৰদৰ্শনকামীতাই এতিয়া আমাৰ দেশৰ চৌপাশ আগুৰি ধৰিছে। আমাৰো যেন ৰাজনৈতিক নেতা-মন্ত্ৰীৰ ভুৱা আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ অনুৰূপে সকলো ক্ষেত্ৰতে নিজকে বেলেগৰ আগত মিছাকৈ হ'লেও জাহিৰ কৰাতোহে মূল কথা হৈ পৰিছে।

আনকি সমাজৰ পৰিৱৰ্তনে এনে পৰ্যায় পাইছেগৈ যে এজন ব্যক্তিৰ দুষ্কাৰ্য আৰু চাৰিত্ৰিক দিশৰ সকলো কথা জানিও আপুনি-মই চকু মুদা কুলীৰ ভাও ধৰিবলৈ লৈছোঁ।

আনকি এনেকুৱা অভিজ্ঞতাইও কেতিয়াবা আমাৰ মন-মগজুক জোকাৰি যায় যে আমি বাৰু সচাঁই মানুহে নে বুলি নিজকে সুধিবলগীয়া হয়!!

ব্যক্তিগত পৰ্যায়ত এনে ঘটনাৰ সৈতে সংস্পৰ্শিত হৈছো, যিয়ে মানুহৰ স্বাৰ্থপৰতা তথা আত্মকেন্দ্ৰিকতাক প্ৰয়োজনতকৈ বেছি মুকলিকৈ উদঙাই দিয়ে। এনে এক ঘটনাৰ অন্যতম মূল চৰিত্ৰ হ'ল মানৱ সমাজক নতুন দিনৰ বাট দেখুওৱাসকলৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ জনসমষ্টি শিক্ষক সমাজৰে এজন।

এনে শিক্ষক প্ৰতিনিধি এজনে যেতিয়া অৱসৰৰ আগতে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ সভা আয়োজন কৰি নিজৰ অৱসৰৰ দিনটোত জকমকীয়া অনুষ্ঠান আয়োজন কৰাৰ বাবে কাৰ্যপন্থা হাতত লয়, তেতিয়াই আকৌ এবাৰ যেন মানৱতাই "জোৰ যাৰ মুলুক তাৰ নীতি"লৈ আৰু এখোজ আগুৱাই যায়। ইয়াৰোপৰি শিক্ষকজনে যেতিয়া নিজৰ অৱসৰৰ উপলক্ষ্যে আয়োজিত হ'বলগীয়া সাম্ভাৱ্য সভাখনৰ বাবে ঘৰে ঘৰে গৈ নিজে দান-বৰঙণি উঠাই ফুৰে তেতিয়া আৰু ক'বলৈ কিবা বাকী থাকেগৈ নে!! কিন্তু টকা-শিকাৰ ব্যৱস্থা সম্পূৰ্ণ হোৱাৰ পিছতো সন্তুষ্ট নোহোৱা শিক্ষকজনে নিজা পৰিকল্পনাৰে প্ৰস্তুত কৰে তেখেতৰ কৰ্ম জীৱনৰপৰা আনুষ্ঠানিকভাৱে অৱসৰৰ উদ্দেশ্যে আয়োজিত সভাখনৰ প্ৰতিটো কাৰ্যসূচী। এই সচাঁ ঘটনাটোৰ সৈতে জড়িত শিক্ষকজন এহাতে ক্ষমতাত থাকোতে সকলো নিজৰ ইচ্ছামতে পৰিচালনা কৰা এজন ক্ষমতালিপ্সু, অহংকাৰী আৰু কিছুপৰিমানে নিজে খুজি কিল খোৱা ব্যক্তি। আনহাতে তেখেতক আপোনপেটীয়া বুলি কলেও নিশ্চয় ভুল নহ'ব।

ঘটনাটোৰ সৈতে জড়িত শিক্ষকজনৰ বিপৰীতে একেই ৰাজনীতিবিদৰ দৰে আজীৱন ক্ষমতাৰ খঁক পুহি ৰখা আৰু অতিমাত্ৰা বেপেৰুৱা স্বভাৱৰ এচাম নোমটেঙৰ আৰু সিয়ান শিক্ষকো আমাৰ সমাজত আছে। যিয়ে সন্মান একপ্ৰকাৰে খুজিয়েই লয়। কিন্তু মগজুত অলপ বেছিকৈ থকা বুদ্ধিখিনিক, এনে ব্যক্তিয়ে আন দুজন সততে তেখেতৰ সৈতে উঠা-বহা কৰা শিক্ষক বা আন প্ৰভাৱশালী ব্যক্তিৰ জৰিয়তে এনেকৈ ব্যৱহাৰ কৰে যাতে তেখেতে খুজি লোৱা সন্মানখিনি সহজতে আন দহজনৰ দৃষ্টিত ধৰা নপৰে। কিন্তু হাঁহ চোৰৰ লক্ষণ যেনেকৈ পাখিত বুলি এষাৰ অসমীয়া প্ৰবাদ আছে ঠিক তেনেকৈ যিমান সিয়ান মানুহ হলেও যিকোনো কামতে সকলোৰে কিবা নহয় কিবা এটা প্ৰমাণ থাকি যায়।

কিন্তু ইমানৰ পিছতো যেতিয়া তেওঁতকৈ অলপ সিয়ান ব্যক্তি বা ব্যক্তি সমষ্টিৰ দ্বাৰা তেখেত অপমানিত বা উপেক্ষিত হোৱা যেন তেখেতে অনুভৱ কৰে, ঠিক তেতিয়াই তেখেতৰ আত্মসন্মানবোধ জাগি উঠে। এনে ব্যক্তিৰ আত্মসন্মানবোধ বা অহমিকাত আঘাত লাগিলেই পাহৰি যায় যে আন ব্যক্তিৰো তেখেতৰ দৰেই একেই আত্মসন্মান থাকে।

আৰু এই অহমিকা বা ইংৰাজীত EGO বস্তুটো বৰ গণ্ডগোলীয়া। কাৰণ এনে অৱস্থাত যিকোনো এজন ব্যক্তিয়ে পৰিৱেশ-পৰিস্থিতি পাহৰি নকৰিবলগীয়া বহু কিবা কিবি এই কৰি পেলোৱা সততে দৃষ্টিগোচৰ হয়।

এনেবোৰ ঘটনা সমাজৰ কোনো এজন ব্যক্তিৰ ক্ষেত্ৰতে হোৱাতো আমাৰ কাম্য নহয়। কিন্তু এই নহ'বলগীয়াবোৰেই যেতিয়া মানৱ সম্পদ বিকাশৰ জৰিয়তে সমাজ গঢ়াৰ গুৰু দায়িত্বত থকা শিক্ষক সমাজৰ ক্ষেত্ৰত ঘটা পৰিলক্ষিত হয় তেতিয়া সমাজৰ যিকোনো এজন সচেতন ব্যক্তি মাত্ৰেই চিন্তিত হৈ পৰাতো স্বাভাৱিক। আৰু তাতে আপুনি যদি শিক্ষক সমাজৰ এজন হয় তেন্তে এনেবোৰ ঘটনা যাতে আপোনাৰ পাৰিপাৰ্শ্বিকতাত নঘটে তাৰ প্ৰতি সদা সৰ্তক হৈ থকাতো অতি জৰুৰী।


***********