Thursday, 19 September 2019

চিন্তাৰ চাকনৈয়া

জীৱনে ক'ৰ পৰা ক'লৈ নিয়ে আমাক.. সপোনৰ পিছত দৌৰাৰ দিনবোৰ শেষ নহয়.. তথাপি মনৰ মাজত যে বাৰ্ধক্যৰ আঁচোৰ পৰে অজানিতে..

খেল আৰু ধেমালিৰ মাজৰ সীমাৰেখাডাল ক'ব নোৱৰাকৈয়ে মনৰ মাজত দৃঢ়ৰ পৰা দৃঢ়তৰ হৈ আহে.. ভাল লগা এটা সপোন মনৰ মাজতে লীন যায়.. বিলুপ্তপ্ৰায় জগত এখনৰ কাল্পনিক দৃশ্যাৱলীত অধিক উজ্জীবিত উঠে জীৱনৰ স্বকীয়তাখিনি..

প্ৰাপ্তিৰ মাদকতাইও কেতিয়াবা চুব নোৱাৰে ত্মীয়তাৰ আব্দাৰবোৰক.. জীৱনমুখী বিচিত্ৰ গতিৰ দ্ৰুততাত ভাল লগা, ভালপোৱাৰ সংজ্ঞা সলনি হৈ আহে..

পৰিকল্পিত শৃংখলিত জীৱনটো আঁউল লাগে.. সপোনবোৰ মুখ ঠেকেচা খাই পৰেহি যাত্ৰাৰ জন্মলগ্নতে..

তাৰ পাছতো জীৱনক ভালপোৱাৰ, জীৱনক উদযাপনৰ স্বাৰ্থত জীৱনে আমাক দিয়ে জীৱন যাপনৰ অনন্য মধুৰ অভিজ্ঞতা..

(জালুকবাৰী/১৯ ছেপ্টেম্বৰ ২০১৯/পুৱতি নিশা ১ বাজি ১৫ মিনিট)

Thursday, 20 June 2019

ৰাভা দিৱসৰ চিন্তা

বহুমুখী প্ৰতিভাৰ অধিকাৰী এজন আপোনভোলা তথা সৰ্বসাধাৰণ জনতাৰ হিয়াৰ আমঠু আছিল  বিষ্ণুপ্ৰসাদ ৰাভা।  মোৰ ব্যক্তিগত চেতনাৰে ঢুকি পোৱাৰ ভিতৰত বৰ্তমান অসমৰ সমাজ জীৱনৰ অন্যতম প্ৰাসংগিক ব্যক্তিজনেই হ'ল বিষ্ণুপ্ৰসাদ ৰাভা।

যাৰ বিস্তৃত তথা অধ্যয়নলব্ধ কৰ্মৰাজিৰ অনুপ্ৰেণাৰে আমি দিঠকতেই গঢ়িব পাৰোঁ আমাৰ কল্পিত সাম্য-মৈত্ৰীৰ সমাজখন। অসম তথা এতিয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ বহুধা বিভক্ত সমাজ জীৱনক একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ কৰা ৰাভা দেৱৰ কৰ্ম আৰু চিন্তাই তেতিয়াই ঢুকি পাইছিল আজিৰ সমাজত গা কৰি উঠিব পৰা বিশৃংখলতা আৰু কেৰোণবোৰৰ ভয়াবহতাক।

সমাজৰ কৃষক-বনুৱাৰ সমঅধিকাৰৰ বাবে দেহে-কেহে খটা কমৰেড ৰাভাৰ উপস্থিতিয়ে প্ৰশাসনৰ যিদৰে চকুৰ টোপনি নোহোৱা কৰিছিল সেইদৰে সাধাৰণ জনতাই বিচাৰি পাইছিল তেওঁৰ মাজত আস্থা আৰু বিশ্বাসৰ এক নতুন ঠিকনা।

Saturday, 11 May 2019

অপ্ৰাসংগিক

অপ্ৰাসংগিকঃ

নিৰ্বাচনী ধুমুহা-বতাহ কিবাকৈ শাম কাটিছে অসম মুলুকত। মাজতে অৱশ্যে এজাক প্ৰাকৃতিক ধুমুহাই উৰিষ্যা, নমস্কাৰ পশ্চিমবঙ্গৰ লগতে অসমকো অলপকৈ চুই গল। নিৰ্বাচনী ধুমুহাজাকৰ এটা পৰ্ব দেশত পিছে বাকী আছেগৈ। আচল ঘূৰ্ণী বতাহজাকলৈ মাজত এতিয়াও ১১ দিন বাকী আছেগৈ। তাকে লৈ কিমানৰ যে কিমান দিন টোপনি খতি তাৰ হিচাপ কোনে ৰাখে!! সেয়া যি নহওক ৰাস্তাই-ঘাটে নাচি-বাগি, লৰি ঢাপৰি, যুক্তিৰ কটা-কটিৰ লগে লগে  সন্মুখ সমৰত লিপ্ত হৈ মেলি আজৰি হৈ সাধাৰণ জনতা এতিয়া খন্তেক বিশ্ৰামত। আনফালে নিৰ্বাচনৰ ফলাফলকেন্দ্ৰিক ভৱিষ্যতবাণীৰ বজাৰখন ৰাইজৰ মাজত এৰা ধৰাকৈ চলি থকাৰ বিপৰীতে প্ৰাৰ্থী তথা নেতা-পালিনেতাসকল ভৱিষ্যতৰ হিচাব-নিকাচত বৰ ব্যস্ত।

নিৰ্বাচনৰ লগে ভাগে অহা ৰঙালী বিহুৰ উলাহ পিছে চলিয়েই আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। বিহু কমিটিবোৰৰ মাজৰ প্ৰতিযোগিতাখন জমি আছে সকলোতে। কোনো কোনো কমিটিৰ অতিথি শুশ্ৰূষাৰ ৰাজকীয় খাদ্য তালিকাই চকু কপালত উঠাইছে আমাৰ দৰে সাধাৰণ নৰমনিচৰ। বিহু মেলা বা বহাগী উৎসৱখনৰ খৰছৰ বাজেটখন দেখিলোতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰে উপক্ৰম ঘটে। তথাপি বিহুৰ উদযাপনত ৰাইজে ক্ৰটি বিচ্যুতি ঘটিবলৈ দিয়া নাই কেতিয়াও। ঐতিহ্যপূৰ্ণ বিহুবোৰৰ কথা বাদ দিলেও আজিকালি ২০_৩০ ঘৰ মানুহৰ বসতি থকা অঞ্চলতো ১খন বিহু মেলাই ঠাইখনৰ লগতে মানুহখিনিৰ সন্মানটো কেনেকৈ বচাব! ! গতিকে অতি কমেও দুই-তিনিখনমান বিহু মেলাৰ আয়োজন। এইবোৰত ৰাইজৰো সহযোগিতা তথা দান-বৰঙণি চকুত লগা। তাতে যদি আপুনি বিষয়-বাব পালে তেন্তে আপোনাৰ হাতখন মুক্ত হস্তে দান কৰিবলৈ উদ্বাউল।

দুখজনক বা সুখজনক যিয়ে নোবোলক আপুনি, নিজৰ ঠাইৰ গৌৰৱৰ বাবে তিনি চাৰিখন বিহু উদযাপনৰ বাবেও দেহে কেহে খটা তেনেবোৰ অঞ্চল (যিটো কথা বৰ্তমান সমগ্ৰ অসমতে প্ৰযোজ্য) ৰ সৰহভাগতে এটা ৰাজহুৱা পুথিভঁৰাল বা ৰাজহুৱা উন্নয়নমূলক কামৰ বাবে সামাজিক সংস্থা এটাৰ উপস্থিতি শূণ্যৰ ঘৰত বুলিলে অলপো বঢ়াই কোৱা নহয়। সমাজ,  সভ্যতা ৰসাতলে গলেও আমাৰ বাবে বৰ্তমান সন্মান আৰু গৌৰৱতকৈ সমাজ-সংস্কৃতিৰ ভৱিষ্যতৰ চিন্তা কেতিয়াও দৰকাৰী বিষয় হ'ব নোৱাৰে। তাতে এনেবোৰ অনুষ্ঠান আয়োজনৰ জৰিয়তে ব্যক্তিগত লাভৰ চিন্তা কৰা সকলতো আছেই। ৰাইজৰ কাৰণে কৰা কষ্টৰ প্ৰতিদান নলবলৈ সকলোতো দাতাকৰ্ণ নহয়
গতিকে যাওঁক সমাজ সংস্কৃতি জহন্নামে, তাত আপোনাৰ বা মোৰ কি আহে যায়!! এয়াই আজিৰ অসমীয়া বিহু উদযাপন কমিটিবোৰৰ গৰিষ্ঠ সংখ্যক বিষয়-ববীয়াৰে মনৰ কথা। গণতন্ত্ৰত যিহেতু সংখ্যাগৰিষ্ঠৰে জয় গতিকে দুই চাৰিজনৰ ব্যতিক্ৰমী চিন্তাই ইয়াত থাউনি নাপায় কৰবাত লুকাই পৰে।


(ঘৰমুৱা নৈশবাছ যাত্ৰাত/ ১০ মে' ২০১৯)