জীৱনে ক'ৰ পৰা ক'লৈ নিয়ে আমাক.. সপোনৰ পিছত দৌৰাৰ দিনবোৰ শেষ নহয়.. তথাপি মনৰ মাজত যে বাৰ্ধক্যৰ আঁচোৰ পৰে অজানিতে..
খেল আৰু ধেমালিৰ মাজৰ সীমাৰেখাডাল ক'ব নোৱৰাকৈয়ে মনৰ মাজত দৃঢ়ৰ পৰা দৃঢ়তৰ হৈ আহে.. ভাল লগা এটা সপোন মনৰ মাজতে লীন যায়.. বিলুপ্তপ্ৰায় জগত এখনৰ কাল্পনিক দৃশ্যাৱলীত অধিক উজ্জীবিত উঠে জীৱনৰ স্বকীয়তাখিনি..
প্ৰাপ্তিৰ মাদকতাইও কেতিয়াবা চুব নোৱাৰে আত্মীয়তাৰ আব্দাৰবোৰক.. জীৱনমুখী বিচিত্ৰ গতিৰ দ্ৰুততাত ভাল লগা, ভালপোৱাৰ সংজ্ঞা সলনি হৈ আহে..
পৰিকল্পিত শৃংখলিত জীৱনটো আঁউল লাগে.. সপোনবোৰ মুখ ঠেকেচা খাই পৰেহি যাত্ৰাৰ জন্মলগ্নতে..
তাৰ পাছতো জীৱনক ভালপোৱাৰ, জীৱনক উদযাপনৰ স্বাৰ্থত জীৱনে আমাক দিয়ে জীৱন যাপনৰ অনন্য মধুৰ অভিজ্ঞতা..
(জালুকবাৰী/১৯ ছেপ্টেম্বৰ ২০১৯/পুৱতি নিশা ১ বাজি ১৫ মিনিট)
No comments:
Post a Comment