Sunday, 26 February 2023

ডাষ্টবিন আৰু স্বচ্ছ ভাৰত অভিযানৰ ইতিকথা..

সম মুলুকৰ সৰু-বৰ চহৰবোৰৰ ব্যস্ত পদপথবোৰ গাতে লাগি থকা অৱস্থাত নাইবা গলিবোৰত নতুবা তিনিআলি-চাৰিআলিবোৰত নাইবা দুই-চাৰিঘৰ মানুহৰ মাজত থকা পেলনীয়া জাবৰ-জোঁথৰ পেলোৱা ডাষ্টবিনবোৰ দেখা পোৱাৰ সৌভাগ্য নিশ্চয় আপোনাৰ হৈছে!! আপুনি বাৰু দেখা পাইনে ৰাজহুৱা স্থানবোৰৰ চাফ-চিকুণতাৰ বাবে থকা এই ডাষ্টবিনৰ কৰুণ দৃশ্যবোৰ!! নাকত ৰুমাল বা দোপাট্টাখন দি নাইবা উশাহটো বন্ধ কৰি চকু-কাণ মুদি দৈনিক যেতিয়া ডাষ্টবিনটোৰ কাষেৰে বা ডাষ্টবিন হিচাপে ব্যৱহৃত ঠাইখিনি পাৰ হৈ যায় তেতিয়া আপোনাক বাৰু চিন্তিত কৰি তোলেনে আমাৰ সামাজিক ব্যৱস্থাৰ ফোঁপোলা স্বৰূপটোৱে!!

আপুনি বাৰু নিজৰ ঘৰখন দিনটোত কেইবাৰ পৰিষ্কাৰ কৰে বা ঘৰৰ চৌহদটো নিয়মীয়াকৈ পৰিষ্কাৰ কৰে নে বুলি প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে জানো!! নিশ্চয় গৰিষ্ঠসংখকৰে মনলৈ আহিব যে নিজৰ ঘৰখন এবাৰো দিনটোত পৰিষ্কাৰ নকৰা সকল বা নিয়মীয়াকৈ ঘৰৰ চৌহদ পৰিষ্কাৰ নকৰা সকল নিশ্চয় লেতেৰা বা এলেহুৱা মানসিকতাৰ ব্যক্তিয়েই হব লাগিব!

কিন্তু অনুৰূপে আমাৰ ঘৰখন অৱস্থিত চুবুৰীটো, গাঁওখন বা চহৰৰ ৱাৰ্ডটো নতুবা ওচৰৰ গলিটো পৰিষ্কাৰ কৰি ৰখাত আপোনাৰ কৰণীয়খিনি আপুনি ঠিকমতে কৰে নে বুলি প্ৰশ্ন কৰিলেই নিশ্চয় আপুনি-মই সাত জাঁপ মাৰি উঠোঁ!! কাৰণ ইয়াৰ সপক্ষে এটাই যুক্তি সকলোৰে যে দেশ তথা ৰাজ্যৰ গাঁও, চহৰৰ পাৰিপাৰ্শ্বিকতাক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে এখন নিৰ্বাচিত চৰকাৰ আৰু চৰকাৰৰ নিৰ্দিষ্ট বিভাগবোৰ থকাৰ পিছতো আপুনি-মই কিয় নিজৰ মন-মগজুক কষ্ট দিব লাগে!!

কথাতো নোহোৱাও নহয় একেবাৰে। কিন্তু নিৰ্বাচিত চৰকাৰ আৰু চৰকাৰৰ নিৰ্দিষ্ট বিভাগবোৰো আপোনাৰ মোৰ মাজৰপৰা যোৱা ব্যক্তিৰ সমষ্টিয়েই নহয় জানো! ধৰি লোৱা হওঁক তেওঁলোকে নিজৰ দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰি আছে। কিন্তু আপোনাৰ-মোৰ মাজৰ কিমানে এইক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা কৰিছোঁ!! হয়তো আপোনাৰ বুজাত অসুবিধা হব পাৰে কাৰণ আপুনি-মইচোন সম্পূৰ্ণ সহযোগিতা কৰি আছো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত। হয়তো যোৱা বছৰৰ ১৫ আগষ্ট আৰু বহাগী বিদায় আদিত আয়োজিত সামূহিক চাফাই অভিযানত ঝাড়ু মাৰোঁতে হাতত পানী জ্বলা ফুটা নাচিল জানো!!

ইয়াৰোপৰি কেন্দ্ৰীয় চৰকাৰৰ অতি জনপ্ৰিয় স্বচ্ছ ভাৰত অভিযানত পৰিষ্কাৰ ৰাজহুৱা স্থানতে গছৰ পাত কেইখিলামান নতুবা পলিথিন-কাগজৰ টুকুৰা কেইটামান দলিয়াই দি কিমান ঠাইত যে ঝাড়ু মাৰিলে তাৰ জানো হিচাপ আছে আপোনাৰ বা মোৰ হাতত!! হয়তো বাতৰি-কাকতত পিছদিনাখন প্ৰকাশ পোৱা ফটোখনৰ নামত বন্ধুবৰ্গক চাহ খোৱাবলগীয়াও হৈছিল আপুনি!!


*******

(সৰভোগ, ২৫ ফেব্ৰুৱাৰী ২০২৩)

Sunday, 5 February 2023

অনুৰাধা এই পৃথিৱীৰ নাৰী হয়নে বাৰু!!!

 অনুৰাধাৰ দেশ পঢ়াৰ অনুভৱ

সমীয়া উপন্যাস সাহিত্যৰ অভিলেখ সৃষ্টিকাৰী প্রেমৰ উপন্যাস ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ 'অনুৰাধাৰ দেশ' পঢ়িলোঁ কিছু পলমকৈ হ'লেও। প্রেমক এক স্বকীয়তাৰে, নিজস্ব কলমেৰে গতানুগতিকাৰ পৰা ফালৰি উপস্থাপন কৰাত ঔপন্যাসিক সচাঁই সফল হৈছে। অৰুণাভ চৌধুৰীয়ে সমুদ্র গৰ্ভত তেলৰ সন্ধান কৰিবলৈ গৈ উৰিষ্যাৰ ভূবনেশ্বৰ, পাৰাদ্বীপ বন্দৰ আৰু বংগোপসাগৰৰ 'পেলিকান' ৰিগত সন্মুখীন হোৱা বিচিত্র অভিজ্ঞতাৰাজি তথা কলেজীয়া বান্ধৱী অনুৰাধাৰ সৈতে থকা অকৃত্রিম বন্ধুত্ব আৰু শেষত পৰিস্থিতিৰ মেৰপাক তথা প্ৰেমৰ সন্ধানত সদা উন্মুখ হৃদয়ৰ স্বতঃস্ফূট সহাঁৰিত অনুৰাধকে নিজৰ হিচাপে আকোঁৱালি লোৱাৰে সামৰণি পৰা উপন্যাসখন সচাঁই এখন হৃদয় আলোড়িত কৰা তথা জীৱনৰ সন্ধান থকা উপন্যাস। কাহিনীৰ গতিময়তাত আহি পৰা ডেনিছ, মেহৰা চাহাবকো আমি কোনো ক্ষেত্রতে এৰি চলিব নোৱাৰোঁ । তেওঁলোকৰ জীৱনৰ অতীত স্মৃতিবোৰ সঁচাই বেদনা গধুৰ বিষণ্নতাৰ যেন একোখন আন্দোলিত মেঘৰ কলা আকাশ। তাতো যে এচমকা ৰদৰ পোহৰে সাতোৰঙী ৰামধেনুৰ বোলেৰে জীৱন মহীয়ান কৰাৰ কৌশল ভাৰতীয় সকলতকৈ বিদেশী লোক এজনৰ বেছি নিজৰ তথা আয়ত্বাধীন – তাৰ উজ্জ্বল উদাহৰণ ডেনিছ। যি পূৰ্বৰ পত্নী জেৰিনৰ বিচ্ছেদৰ শোক ডালভিৰ ছায়াত পাহৰি এক পূর্ণ জীৱন আৰম্ভ কৰিছে। মৃত স্বামীৰ শোকত এক নিঃসংগ একাকী জীৱন পাৰ কৰা ডালভিকো ডেনিছে দিছে এক সজীৱ- সতেজ জীৱন চর্যা, নিজৰ পত্নী হিচাপে স্বীকৃতি দি।

আনহাতে মেহেৰা চাহাবৰো এলিনা আৰু ঋত্বিককলৈ থকা বেদনা গধুৰ স্মৃতিৰ পাহাৰ প্রমাণ বোজাৰ মাজতো থকা কর্তব্যনিষ্ঠাৰ যি নিদর্শন সেয়া ভাৰতীয় সমাজত দুর্লভ। আৰু সেই ভাৰতীয় সমাজৰে পৰম্পৰাত অতিষ্ঠ হৈ পত্নী এলিনাই মেহৰা চাহাবক শূণ্য কৰি গুছি গৈছিল জন্মভূমি ইংলেণ্ডলৈ আৰু লগত লৈ গৈছিল মেহৰা চাহাবৰ জীৱনৰ এচোৱা পুত্র ঋতুকো... এতিয়া কর্তব্যনিষ্ঠা আৰু পানীয়ই মেহৰা চাহাবৰ একমাত্ৰ সংগী।

ঔপন্যাসিক দেৱচৌধুৰীয়ে অনুৰাধাক যি এক উজ্জ্বল তথা মহীয়ান ৰূপত অথচ এজনী সর্বসাধাৰণ ছোৱালী হিচাপে উপন্যাসখনত অংকন কৰিছে সেয়া প্রশংসনীয়। সঁচা অর্থ তেনে এজনী ছোৱালী যদি লেখকে প্রত্যক্ষ কৰিছে তেনেহলে ক'বলগীয়া নাই কিন্তু ভালদৰে অনুধাৱন কবি চাবলৈ গলে তেনে এগৰাকী বিশেষ নাৰীৰ অস্তিত্ব পৃথিৱীত নাই যেনেই বোধ হয়। সেই ফালৰ পৰা উপন্যাসখনৰ শেষৰ শাৰী বাক্য --

"অনুৰাধাৰ কোনো দেশ নাই; অনুৰাধা এই পৃথিবীৰ নাৰী 

অর্থ আমি ধৰি লব পাৰোঁ যে অনুৰাধা এই পৃথিৱীৰ সমূহ নাৰীৰে এক প্রতীকি প্রকাশ। মানি ললোঁ অনুৰাধা সচাঁই এই পৃথিৱীতে আছে, আপোনাৰ মেৰে ওচৰে-পাজৰেই বিচৰণ কৰিছে তাই - আপোনাৰ কথা নাজানো, মহ হ'লে তাইক একান্তই নিজৰ কৰিবলৈ বদ্ধপৰিকৰ...

উপন্যাসখন পঢ়ি সাগৰত তেল খনন কার্যৰ এক সম্যক আভাস, উৰিষ্যাৰ ভূবনেশ্বৰৰ মন্দিৰসমূহৰ চমু আভাস তথা পাৰাদ্বীপ বন্দৰ অঞ্চলৰ জীৱন-যাত্রাৰ বিষয়ে বহুখিনি আমি ধাৰণা কৰিব পাৰোঁ অৰুণাভৰ অনুভৱৰ মাজেৰে। অনুৰাধাৰ বাদামী চুলিৰ বতাহত উৰা বেণীৰ লয়লাসেৰে তথা নিষ্পাপ চঞ্চলতাৰে। খাৰ খোৱা অসমীয়াইও সাগৰৰ ৰেহ-ৰূপ, জীৱন প্রণালীক অনুধাৱন কৰিব পাৰোঁ। সাগৰৰ বিশালতা তথা সৌন্দর্যৰ কল্পনাত মছগুল হওঁ... বিদেশীসকলৰ কর্তব্য পৰায়নতা, জীৱন উপভোগেৰ কৌশল, কর্মনিষ্ঠা তথা সাহসৰ বিষয়ে জানিব পাৰোঁ - অনুভৱ হয় আমাৰ নিজৰ অৰ্কমণ্যতাৰ কাৰণেই কোটি কোটি টকা খৰচ কৰি বিদেশৰ মানুহ, সামগ্ৰী আনি আজি আমি ঘৰৰ কাম কৰিব লগা হৈছে। ফলত দেশৰ টকা বাহিৰলৈ যাব লাগিছে অবাধ গতিত। নিজেই নিঠৰুৱা হৈছো নিজৰ দায়িত্বশীলতা নোহোৱাৰ গুণতে আমিবোৰে। আজিও আধুনিক প্রযুক্তিৰ দিশত যেন বহু পৰিমাণে আমি আজোককাৰ দিনতে কলমটিয়াই আছো...


লেখকে অৰুণাভৰ মুখেৰে, অনুৰাধাৰ মুখেৰে, ডেনিছৰ মুখেৰে, মেহেৰা চাহাবৰ মুখেৰে উপন্যাসসনৰ বিভিন্ন স্থানত আমাৰ ব্যক্তিজীৱনৰ একান্তই চৰম সত্যক সুন্দৰভাৱে প্রকাশ কৰিছে আৰু ই আমাৰ হৃদয়তন্ত্রীত কম্পন তোলাত সফল হৈছে। তেনেবোৰ সত্যক যে অনবৰতে আমি লগত লৈ ফুৰোঁ কিতাপখন পঢ়িলেই অনুভূত হয় মন-মগজুত। তেনে কিছু সত্যতাকে আমি অনুভল কৰি থাকিও সমাজৰ সীমাবদ্ধতা তথা বিশ্বাস আৰু প্রত্যয়ৰ অভাৱতে স্বীকাৰ কৰিবলৈ সাহস নকৰোঁ। যিবোৰ সত্যক প্রকাশ কৰিলে আমাৰ মাজত থকা বহুখিনি সীমাবদ্ধতা নোহোৱা হব আৰু সমাজখন উত্তৰণৰ দিশত আগবাঢ়িব আমাৰ হাতে-হাত ধৰি। এইখিনিতে লিখকৰ সূক্ষ্ম বিচাৰ-বিবেচনা, দৃষ্টি শক্তি আৰু প্রকাশভংগীৰ সাৱলীলতা সচাঁই প্রশংসনীয়।

মোৰ ব্যক্তিগত অনুভৱে কৈছে - 'অনুৰাধাৰ দেশ উপন্যাসখনত অনুৰাধাৰ নিষ্পাপ সৰলতা, চঞ্চলতা আৰু মহানুভৱতাৰ কাষত যেন অৰুণাভৰ অনুশোচনাৰে দগ্ধ মন তথা পৌৰষত্বৰ পৰাজয় হৈছে অৱশ্যাম্ভীভাৱেই।।

(প্রেমৰ ক্ষেত্ৰত থকা মোৰ নিজৰে বহুখিনি নিজক বুজাব নোৱাৰা চঞ্চলতা আৰু অনুভৱ শান্ত হৈছে অনুৰাধা দেশৰ মাজেৰে - কিয় বা কিমান সময়লৈ নাজানো)

 

(২০ ফেব্ৰুৱাৰী ২০০৮/গুৱাহাটী)

**********

Saturday, 4 February 2023

ব্যাকৰণগত বিষয় (Grammatical Category)...

ব্যাকৰণগত কথাষাৰ ভাষাৰ কোনো নীতি-নির্ধাৰক কথা নহয়। বৰং ইয়াক ভাষাৰ এক তাত্ত্বিক কথা বুলিহে ক'ব পাৰি। ই ভাষাৰ এটা অর্থবাচক পৰিভাষিক কথাহে। গতিকে ব্যাকৰণত আলোচিত বিষয়কে ব্যাকৰণগত বুলি ধৰিব নোৱাৰি। আচলতে ভাষাৰ গাঁথনিক প্রক্রিয়াটো বিচাৰ কৰাহে ইয়াৰ মূল কথা। সেয়ে আধুনিক ভাষাবিদসকলে ভাষাৰ গাঁথনিক দিশলৈ লক্ষ্য কৰি নতুন তত্ত্ব আবিষ্কাৰ কৰিছে। ইয়াকেই সংযুক্তিবাদ (structuralism) বুলি কোৱা হয়। ব‍্যাকৰণগত বিষয়টো সংযুক্তিবাদৰ এই দিশ।

ব্যাকৰণগত বিষয় বা উপাদান মূলতঃ ৰূপতত্ত্বৰ কথা যদিও বাক্যতত্ত্বৰ আধাৰতহে ইয়াৰ ব্যাখ্যা আগবঢ়াব পাৰি। বাক্যৰ গাঁথনিত পদৰ লগত সমন্বয় সাধনৰ বাবে যিবোৰ ৰূপ বা প্রাকৃতি অপৰিহাৰ্য বুলি বিবেচিত হয় তেনেবোৰ ৰূপ প্রকাশ কৰা বাক্যৰ গাঁথনিক ব্যাকৰণগত বিষয় কোনে।

উদাহৰণস্বৰূপে: অসমীয়া ভাষতে 'মই' কৰ্ত্তা হ'লে তাৰ ক্রিয়ার লগত প্ৰথম পুৰুষৰ চিন ওঁ লাগিবই । যেনে

মই পঢ় + ওঁ (পঢ়ো )

মই লিখা + ওঁ (লিখোঁ )

গতিকে অসমীয়া ভাষাত পুৰুষবাচক চিন ব্যাকৰণগত বিষয়। অসমীয়া ভাষাত পুৰুষবাচক সমন্ধ পদবোৰৰ ক্ষেত্রত এটি সংযুক্তি দেখা যায়। এই সমন্ধ পদবোৰৰ ক্ষেত্রতো পুৰুষ অনুযায়ী সুকীয়া বিভক্তি-প্রত্যয় সংযোগ কৰা হয়। এই বিভক্তি - প্রত্যয়বোৰ যদি পুৰুষবাচক সমন্ধ পদবোৰৰ সলনি ব্যবহাৰ কৰা হয় তথাপিও পুৰুষ অনুযায়ী ব্যবহাৰ হোৱা প্রত্যয়সমূহ কেতিয়াও সলনি নহয়। সেয়ে অসমীয়া ভাষাত পুৰুষবাচক সমন্ধ পদবোৰক ব্যাকৰণগত বিষয় বুলি কোৱা হয় ।

*******