মানুহ -
শিক্ষক -
পৰিৱৰ্তিত সময়ৰ প্ৰেক্ষাপটত এবিধ অদ্ভুট প্ৰাণীলৈ ক্ৰমবিকাশ ঘটিছে এওঁলোকৰ.. এসময়ত সমাজৰ সকলো স্তৰৰ মানুহৰে ভয় আৰু সন্মান মিহলি শ্ৰদ্ধা থকা এই বিশেষ শ্ৰেণীটোৱে আগৰ গৰিমা ৰক্ষা কৰাত বৰ্তমান ব্যৰ্থ হৈছে.. সমাজ ব্যৱস্থাৰ লগতে ইয়াৰ বাবে দায়ী এওঁলোক নিজেও..
মানুহক ব্যতিব্যস্ত কৰাটোৱেই মূল কাম হৈ পৰিছে.. নিজকে সৰ্বজ্ঞানী বুলি ভবা কথাটোৱেই সকলো অনৰ্থৰ মূল হিচাপে বৰ্তমান সময়ে দাবী কৰে..ছাত্ৰ ছাত্ৰীৰ গৰিষ্ঠসংখ্যককে একো নজনা বুলি ভবা.. আভুৱা ভৰা কথাৰে জ্ঞান জাহিৰ কৰা.. নিজৰ সীমিত অধ্যয়নৰে জনা কথাবোৰেই শেষ কথা বুলি ভবা আদিবোৰেই যেন আজিৰ বেছিভাগ শিক্ষকৰ ক্ষেত্ৰতে খাটে.. দুই চাৰিজন ব্যতিক্ৰম এইেক্ষেত্ৰটো নথকা নহয়.. কিন্তু এপাচি শাকত এটা জলকীয়াৰ দৰে হৈ পৰে এয়া..
পাঠিক্ৰমৰ বাহিৰৰ বিষয়লৈ নোযোৱাৰ প্ৰৱণতা এটা জন্মগতভাৱেই যেন লগত লৈ আহে এওঁলোকে.. ই সোঁচৰে প্ৰজন্মৰপৰা প্ৰজন্মলৈ..
বাস্তৱ সমাজৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নথকা শিক্ষক এজনে ছাত্ৰক কি শিক্ষা দিব জীৱনৰ জগতৰ..
শিক্ষকৰ মাজত সোঁচৰা কুম্ভীলক প্ৰৱণটোৱে মাতি আনিছে শিক্ষা ব্যৱস্থালৈ এক অশনি সংকেত.. নতুন জ্ঞানৰ বাৰ্তা বিলোৱাত নিয়োজিতজনেই যদি পুৰণিটোকে নতুন বুলি প্ৰচাৰ কৰে তেন্তে নতুন কি শিকিব ছাত্ৰসকলে.. ভুল পথেৰে পৰিচালিত ছাত্ৰ সমাজৰ শিক্ষাৰ আৰম্ভণিতে লগা কেৰোণটোৰ বাবে দায়ী কোন হ'ব..
++++
অনুষ্ঠান-প্ৰতিষ্ঠানৰ মূৰব্বীসকল...
অনুষ্ঠান এটাৰ মূল মানুহজনেই যদি নতুনৰ প্ৰতি আগ্ৰহী নহয় তেন্তে কেনেকৈ আগুৱাব বাকী সকল.. জনাটোকে যদি পুনৰাবৃত্তি কৰি থাকে তেতিয়া মানুহ বিতুষ্ট হোৱাটো স্বাভাৱিক হৈ পৰে.. লগতে উদং কৰি দিয়ে তেখেতৰ জ্ঞানৰ বিস্তৃতিৰ মাপকাঠীক..
নিজকে প্ৰতিটো ক্ষেত্ৰতে শ্ৰেষ্ঠ হিচাপে বিচাৰ কৰাটো জানো মানসিক বিকৃতিৰ পৰিচায়ক নহয়.. নিজৰ মতকে সৰ্বশুদ্ধ বোলা মানুহ এজনক নতুনকৈ জানো কিবা ক'ব লগা শিকাব লগা থাকে..
নতুনকৈ কিবা এটা কৰিব বিচৰাজনকো যদি মুৰব্বীজনে ক্ষমতাৰ অপব্যৱহাৰেৰে শলঠেকত পেলাবলৈ উদ্যত হয় তেন্তে নতুনৰ আৰম্ভণি কেনেকৈ হ'ব.. নিজৰ সীমাবদ্ধতাক ঢাকিবলৈ যদি সৰ্বস্তৰত মান্যতা প্ৰাপ্ত হোৱা কৰ্মচাৰী এজনৰ শুদ্ধতালৈ আঙুলি টোৱাই তেন্তে কৰ্ম সংস্কৃতি গঢ়ি উঠিবনে কেতিয়াবা!!!
শূণ্যৰ পৰা আৰম্ভ হোৱা জীৱন শূণ্যতে বিলীন হৈ যায় কথাষাৰৰ মৰ্মাৰ্থ উপলব্ধি কৰাতেই নিহিত হৈ আছে জীৱনৰ প্ৰাপ্তি..
(৮ জুন ২০১৮)

No comments:
Post a Comment