Monday, 5 October 2020

উত্তৰ প্ৰদেশৰ হাথ্ৰছ কাণ্ডৰ পৰৱৰ্তী চিন্তা

মাৰ দেশৰে অন্ধপ্ৰদেশৰ শ্ৰীহৰিকোটা সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা বহুকেইটা সফল মহাকাশ অভিযান হৈছে দেশৰে বিজ্ঞানীসকলৰ প্ৰচেষ্টাত.. চন্দ্ৰৰ লগতে মংগল গ্ৰহলৈও মহাকাশ যান পঠোৱা হৈছে.. নতুন নতুন পৰিকল্পনাৰ মতে প্ৰতিদিনে দৈনন্দিন কাম-কাজবোৰ পূৰ্ণ গতিত চলি আছে তাত.. 

দেশত প্ৰতিষ্ঠিত ২৩ খন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানো নিতৌ নানান বিষয়ত গৱেষণাৰ কামত নিয়োজিত হৈ আছে..

দেশৰ ভূ-খণ্ডৰ ভিতৰত থকা কেন্দ্ৰীয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ লগতে অন্যান্য উচ্চ-শিক্ষাৰ প্ৰতিষ্ঠানবোৰ আৰু বিভিন্ন গৱেষণা প্ৰতিষ্ঠানবোৰেও গৱেষণাৰ কামবোৰ নিয়াৰিকৈ কৰি আছে.. তদুপৰি বিভিন্ন সামাজিক-সাংস্কৃতিক সংগঠন তথা বেচৰকাৰী সংগঠনসূহেও কম-বেছি পৰিমাণে দেশৰ গৱেষণাৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াই আছে..

তাৰ পিছতো দেশৰ এনে দুৰৱস্থাৰ বাবে দায়ী কোন!! আন সকলোবোৰ সমস্যাকে একাষৰীয়াকৈ খন্তেকলৈ বাদ দি আজি দেশৰ প্ৰায় ৭৫ শতাংশ মানুহ স্বাক্ষৰ হোৱা বুলি তথ্যই কোৱাৰ পিছতো এইখিনি মানুহকো

#জাতিভেদ_প্ৰথা
#বৰ্ণবাদ
#সাম্প্ৰদায়িকতা
#লিংগ বৈষম্য
#পুৰুষতান্ত্ৰিক_মানসিকতা

নামৰ বিশেষ শব্দকেইটাই আজিও চৌপাশৰপৰা আগুৰি ধৰি থাকিব পাৰিছে কেনেকৈ!! 

উপৰোক্ত শব্দকেইটাই #ভাৰতীয়_সমাজ_ব্যৱস্থাৰ অতিকে আপোন হোৱাটোৱেও দেশৰ প্ৰগতিৰ এক অন্যতম অন্তৰায় নহয় নে বাৰু!!

(৪ অক্টোবৰ ২০২০/হাউলী) 

1 comment:

  1. The Casino Game Craze Is Now Legal in Connecticut
    The state has launched its own casino game craze, 인천광역 출장마사지 with the state 경주 출장안마 offering 광명 출장샵 a new craze called craze craze craze craze craze craze craze 김해 출장샵 craze 수원 출장마사지 craze craze craze craze craze craze

    ReplyDelete