“২০১৮ –
প্ৰত্যেকেই একোজন নায়ক” উপভোগ আৰু কিছু ব্যক্তিগত অনুভৱ
২০২৩ চনৰ ৫ মে’ত মুক্তি পোৱা বহু প্ৰতীক্ষিত ২০১৮ শীৰ্ষক মূল মালায়ালম ভাষাৰ চিনেমাখন যোৱা ৭ জুন তাৰিখে অনলাই প্লেটফৰ্মত হিন্দীত ভাষাত উপভোগ কৰিলো চালোঁ। মালায়ালম ভাষাৰ সৈতে চিনাকী নোহোৱা বাবে হিন্দী ভাষাতে উপভোগ কৰিবলৈ বাধ্য হলো। যিকোনো এক প্ৰাকৃতিক বিপৰ্যয়ক লৈ চিনেমা নিৰ্মাণ কৰাতো যে সহজ নহয় সেয়া প্ৰাকৃতিক বিপৰ্যয়ৰ প্ৰত্যক্ষভাৱে সন্মুখীন হোৱা দৰ্শক এজনৰ লগতে এই বিষয়ে অলপ মনোযোগ দিয়া ব্যক্তি এজনকো নিশ্চয় বহলাই কোৱাৰ প্ৰয়োজন নাই। মই উপভোগ কৰা এই চিনেমাখন নিৰ্মাণ কৰা হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ আগবঢ়া এখন ৰাজ্য কেৰেলাত ২০১৮ চনত হোৱা বানপানীৰ ভয়াবহতাক লৈ। প্ৰাকৃতিক বিপৰ্যয়ক লৈ এতিয়ালৈকে উপভোগ কৰা ভাৰতীয় চিনেমাসমূহৰ ভিতৰত এইখনকে মই ব্যক্তিগতভাৱে শ্ৰেষ্ঠ চিনেমা বুলিম।
এই চিনেমাখনৰ অভিনয়ৰপৰা আৰম্ভ কৰি পৰিচালনালৈকে প্ৰতিটো দিশেই মোৰ দৰে সাধাৰণ দৰ্শকৰ বাবে নিখুঁত বুলিব পাৰি। সৰ্বোপৰি এই চিনেমাখন উপভোগ কৰিবলৈ যোৱা প্ৰতিজন দৰ্শকক পৰিচালকে চিনেমাৰ মাধ্যমেৰে ২০১৮ চনত কেৰেলাত হোৱা প্ৰলয়ংকাৰী বানপানীৰ বাস্তৱিকতাক অনুধাৱন কৰাবলৈ সক্ষম হৈছে। বানপানীৰ ভয়াবহতাক আমি বাতৰি-কাকত বা দূৰদৰ্শনৰ মাধ্যমেৰে প্ৰায়ে প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰোঁ। কিন্তু প্ৰতি বছৰে হোৱা সাধাৰণ বানপানীতকৈ যেতিয়া ৰুষ্ট প্ৰকৃতিৰ বাবে হোৱা অতিমাত্ৰা বৰষুণৰ ফলত স্বাভাৱিক বানপানীয়ে হঠাতে অতি ভয়াবহ ৰূপ ধাৰণ কৰে তেতিয়া মানুহ কিদৰে প্ৰকৃতিৰ সন্মুখত অসহায় হৈ পৰে তাৰ এক জীৱন্ত প্ৰতিফলন ২০১৮ চিনেমাখনত দৃশ্যমান হৈছে। বানপানীৰ বাস্তৱিক দৃশ্যায়নত পৰিচালকক আমি একেষাৰতে সফল বুলি ক'ব পাৰোঁ।
আটাইতকৈ উল্লেখযোগ্য বিষয়টো
হল কেৰেলাত হৈ যোৱা এই ভয়াৱহ পৰিস্থিতিৰ বাবে সেই বছৰৰ অতিমাত্ৰা বৰষুণৰ সমান্তৰলভাৱে
বিদ্যুৎ উৎপাদনৰ বাবে স্থাপন কৰা কেৰেলাৰ জলবিদ্যৎ প্ৰকল্পসমূহ সমানে দায়ী সেই
বিষয়টোও সুচতুৰভাৱে পৰিচালকে উপস্থাপন কৰিছে।
কিন্তু পৰিচালকৰ সফলতা
তথা এটা সুন্দৰ কাহিনীৰ প্লট থকাৰ পাছতো চিনেমাখনৰ যিটো দিশে মোক বেছিকৈ আকৰ্ষিত
কৰিলে সেইটো চিনেমাখনৰ নামটোৰ সৈতে সংপৃক্ত হৈ থকা "প্ৰত্যেকেই একোজন
নায়ক" শীৰ্ষক বাক্যশাৰীৰ চিনেমাখনৰ আৰম্ভণিৰপৰা শেষলৈকে থকা নিবিড় সম্পৰ্কটোৱেহে।
আনহাতে এই বাক্যশাৰীৰ দৰেই চিনেমাখনত অভিনয় কৰা প্ৰায় প্ৰতিটো চৰিত্ৰই যেন বাস্তৱিক
অভিনয়ৰ দিশেৰে একো একোজন নায়ক হৈ উঠিছে। তথাকথিত ভাৰতীয় ধাৰাৰ চিনেমাবোৰত থকাৰ দৰে
ইয়াত কোনো নিৰ্দিষ্ট নায়ক-নায়িকা বা ভিলেইনৰ চৰিত্ৰৰ স্থান নাই। বা কোনোবা এটা
চৰিত্ৰকো বিশেষভাৱে গুৰুত্ব দি চিনেমাখনৰ কাহিনীটো আগবঢ়া নাই। সকলোৰে ঐক্যবদ্ধ
প্ৰচেষ্টাতহে চিনেমাখনৰ কাহিনীটোৱে পূৰ্ণতা পাইছে।
সততে বাস্তৱ পৰিস্থিতি
এটা চিনেমাৰ মাধ্যমেৰে প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে বহু সময়ত কল্পনাপ্ৰৱণতাই অধিক স্থান
অধিকাৰ কৰা দেখা যায়। কিন্তু ২০১৮ চিনেমাখন উপভোগ কৰি থাকোতে কোনো ঠাইতে পৰিচালকে
অতিকথা বা কল্পনাপ্ৰৱণতাৰ আশ্ৰয় লোৱা যেন বোধ নহয়। বিশেষকৈ নিজেই শৈশৱৰ পৰা বানপানীৰ
সৈতে চিনাকী হোৱা সূত্ৰে চিনেমাখনৰ বহু দিশ উপস্থাপন কৰোতে পৰিচালকে কৰা কষ্টখিনি
বুজি উঠাতো সহজ হৈছে। যদিও মই ব্যক্তিগতভাৱে সন্মুখীন হোৱা বানপানীৰ পৰিস্থিতি আৰু
চিনেমাখনত চিত্ৰিত কৰা কেৰেলাৰ বানপানীৰ প্ৰেক্ষাপট সম্পূৰ্ণ সুকীয়া তথাপি
বানপানীৰ ফলত ঘৰৰ ভিতৰত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰা, ঘৰৰপৰা আঁতৰি অস্থায়ী আশ্ৰয় শিবিৰত
আশ্ৰয় লোৱা, খাদ্য আৰু পানীৰ বাবে হোৱা হাহাকাৰ পৰিস্থিতি, চিকিৎসা আৰু চিকিৎসকৰ
সমস্যা তথা শিশুসকলক লৈ হোৱা সমস্যাবোৰ কিন্তু প্ৰেক্ষাপট বেলেগ হলেও একেধৰণেৰে
আহে মানুহৰ মাজলৈ। আৰু সেই সমস্যাখিনিৰ জীৱন্ত উপস্থাপনত পৰিচালক সম্পূৰ্ণৰূপে সফল
হৈছে।
সৰ্বোপৰি মোৰ দৃষ্টিৰে
চিনেমাখন যিটো দিশৰ বাবে আমি উপভোগ কৰিব লাগে আৰু যাৰ বাবে চিনেমাখন সাধাৰণ দৰ্শক
মাত্ৰেই আকোঁৱালি লব সেয়া হল বানপানীৰ সময়ত জনতাই হাতে হাত ধৰি ইজনে সিজনক আগবঢ়োৱা
সহায়ৰ হাত। প্ৰাকৃতিক বিপৰ্যয়ৰ সময়ত যেতিয়া চৰকাৰ তথা প্ৰশাসনৰ ফালৰপৰা হঠাতে সহায়
কৰাৰ কোনো নিৰ্দিষ্ট উপায় নাথাকে সেই সময়ত স্থানীয় জনসাধাৰণে সহজতে পৰিস্থিতিৰ
সৈতে মোকাবিলা কৰাৰ উপায় উলিয়াবলৈ সক্ষম হোৱাতো মানৱ সভ্যতাৰ তেনেই চিনাকী পৰিঘটনা।
সেই বিষয়টোৰে এই চিনেমাখনত পৰিচালকে কেৰেলাৰ সাগৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলত থাকি সাগৰত
মাছ ধৰি জীৱন নিৰ্বাহ কৰা লোকসকলে কিদৰে বিপৰ্যয়ৰ সয়মত নিজৰ জীৱনকো তুচ্ছ কৰি আৰ্তজনক
সহায়ৰ হাত আগবঢ়াইছে সেয়া উপস্থাপন কৰিছে অতি সংবেদনশীলতাৰে। চিনেমাখনৰ কাহিনী অনুসৰি
হঠাতে অস্বাভাৱিকভাৱে বাঢ়ি অহা বানপানীত ৰাতিৰ সময়ছোৱাত প্ৰশাসনৰ ফালৰপৰা সহায়
কৰিবলৈ কোনো বিকল্প ব্যৱস্থা হাতত নাছিল সেই সময়ত বানাপানীত আৱদ্ধ লোকসকলক উদ্ধাৰৰ
লগতে সকলো প্ৰকাৰৰ সহায় কৰিবলৈ ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিছে সাগৰত মাছ ধৰি জীৱন
নিৰ্বাহ কৰা লোকসকল। যিসকল লোকক সততে সমাজৰ উচ্চ শ্ৰেণীৰ লোকে হেয় দৃষ্টিৰে চোৱা
দৃষ্ঠিগোচৰ হয় সেইসকলেই বিপদৰ সময়ত সহায়ৰ হাত হৈছে সকলোৰে বাবে। এইদৰে ভয়াবহ
প্ৰাকৃতিক দুৰ্যোগৰ সময়ত চৰকাৰ তথা প্ৰশাসনেও কোনো নিশ্চিত উপায় উলিয়াব নোৱাৰাৰ
সময়তে সাধাৰণ জনতাই একগোট হৈ স্বেচ্ছামূলকভাৱে বিপদত পৰা সকলক বিপদৰপৰা উদ্ধাৰ
কৰাৰ দায়িত্ব কান্ধ পাতি লৈছে। চিনেমাখনৰ জৰিয়তে পৰিচালকে সাধাৰণ জনতালৈ দিব বিচৰা
বাৰ্তাবোৰৰ ভিতৰত প্ৰধান বাৰ্তাটোৱেই হল যে প্ৰাকৃতিক দুৰ্যোগসমূহৰ সৈতে যুঁজ
দিয়াৰ বাবে সাধাৰণ জনতাই ঐক্যবদ্ধ হৈ নিঃস্বাৰ্থভাৱে যুঁজ দিয়াতোৱেই আটাইতকৈ দৰকাৰী
কথা। কেৱল প্ৰাকৃতিক দুৰ্যোগৰ সময়তে নহয় আমাৰ সমাজৰ অন্যান্য যিকোনো
সমাজিক-সাংস্কৃতিক সমস্যাৰাজিৰ সৈতে মোকাবিলা কৰি জয়ী হবলৈ প্ৰয়োজনীয় বিষয়টোৱেই হল
জনতাৰ ঐক্যবদ্ধতা আৰু নিঃস্বাৰ্থ সেৱাৰ মনোবৃত্তি।
**********

No comments:
Post a Comment