সামাজিক মাধ্যমৰ জৰিয়তে হোৱা বিভিন্নজনৰ পৰ্যালোচনা, বাতৰি কাকতৰ সাম্প্ৰতিক খবৰবোৰ আৰু চিনাকী দুই এজনৰ মুখৰপৰা শুনি অৱশেষত শ্ৰীৰঘূপতি চিনেমাখন আজি ভাইটি জানমণি আৰু তেওঁৰ সহধৰ্মিনীৰ সৈতে উপভোগ কৰিলোঁগৈ। বৰপেটা জিলাত এটা আধুনিক সা-সুবিধা থকা ভাল চিত্ৰগৃহৰ অভাৱ বুলি মই নকৈ বৰপেটাত বসবাস কৰা ব্যক্ত এজনক কোৱাৰ প্ৰয়োজন নাই নিশ্চয়। সেয়েহে বৰ্তমান কৰ্মসূত্ৰে বৰপেটা জিলাৰ সৰভোগ অঞ্চলৰ বাসিন্দা হোৱাত নিচেই কাষৰীয়া জিলা বঙ্গাইগাঁৱৰ জিলা সদৰত অৱস্থিতি ইউনিভাৰ্চেল চিত্ৰগৃহত চিনেমাখন উপভোগ কৰিবলগীয়া হ'ল।
একাষাৰতে ক'বলৈ হলে বিনোদনধৰ্মী
অসমীয়া চিনেমা হিচাপে শ্ৰীৰঘূপতি পৰিয়াল এটাৰ সকলোৱে মিলি একেলগে উপভোগ কৰিব পৰা এখন চিনেমা। বিদূৰ ভাই শীৰ্ষক ৱেব
চিৰিজৰ পৰিচালনাৰে অসমবাসীৰ অতিকে চিনাকী হৈ পৰা সুব্ৰত কাকতীয়ে প্ৰথম পৰিচালনা
কৰা এই চিনেমাখনৰ ক্ষেত্ৰত নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।
চিত্ৰগ্ৰহণ, সংলাপ, ডাবিং আৰু অভিনয়ৰ দিশত
সততে অসমীয়া বিনোদন চিনেমাৰ ক্ষেত্ৰত দেখা দিয়া দূৰ্বলতাসমূহ ইয়াত সতকাই চকুত
নপৰে। অসমীয়া চিনেমা উদ্যোগৰ দুজনমান চিনাকী প্ৰবীণ অভিনেতা-অভিনেত্ৰী আৰু বৰ্তমান সম্প্ৰচাৰিত হৈ থকা অসমীয়া ধাৰাবাহিকসমূহত কৰা অভিনয়ৰ জৰিয়তে নিজৰ দক্ষতাৰ পৰিচয় দিয়া দুগৰাকীমান অভিনেতা-অভিনেত্ৰীৰ সমাহাৰেৰে শ্ৰীৰঘূপতি অভিনয়ৰ দিশত বহু পৰিমাণে সফল বুলিব পাৰি। চিনেমাখনৰ চৰিত্ৰসমূহৰ বাবে অভিনেতা-অভিনেত্ৰীৰ নিৰ্বাচনো সঠিক হোৱা বুলিয়েই আমি ক'ব
পাৰোঁ।
চিনেমাখনৰ মূল নায়ক ৰবি শৰ্মাৰ
অভিনয়ৰ সম্পূৰ্ণতাক একাষৰীয়া কৰিও বিশেষভাৱে সকলোৱে আলোচনা কৰি থকা বিষয়টো হ'ল প্ৰবীণ অভিনেতা অৰুণ
নাথৰ চৰিত্ৰৰ নতুনত্বটো। এই বয়সতো অগতানুগতিক তথা তেখেতে এতিয়ালৈকে অভিনয় কৰা
চৰিত্ৰসমূহৰ লেখেৰে ইয়াত চিত্ৰায়িত কৰা সম্পূৰ্ণ নতুন ধৰণৰ এই চৰিত্ৰটোৰ অভিনয়
সচাঁই প্ৰশংসনীয়। অভিনয়ৰ ক্ষেত্ৰত বয়স যে প্ৰতিবন্ধকতা হ'ব নোৱাৰে সেয়া অৰুণ
নাথৰ অভিনয়ে প্ৰমাণ কৰি দেখুৱাইছে। ইয়াৰোপৰি সাজ-পোছাকৰ পৰা আৰম্ভ কৰি চৰিত্ৰটোৰ
সৈতে সংপৃক্ত ধৰণ-কৰণত থকা নতুনত্বই তেখেতৰ আগৰ চিৰিয়া অভিনয়ত অভ্যস্ত দৰ্শক
মাত্ৰৰ বাবেই অভিনয়ৰ এক নতুন খোৰাক যোগাইছে। আনহাতে 'বেহাৰবাৰী আউটপষ্ট' শীৰ্ষক জনপ্ৰিয়
অসমীয়া ধাৰাবাহিকখনৰ এক শক্তিশালী আৰু এৰাব নোৱাৰা চৰিত্ৰ 'কেকে'ৰ জৰিয়তে অসমবাসীৰ
মাজত চিনাকী হৈ পৰা অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ অভিনয়েও চিনেমাখন এক বিশেষ মাত্ৰা
দিছে। চিনেমা এখনৰ কাহিনীত ব্যংগাত্মক অভিনয় কৰি থকা অভিনেতা এজনে হঠাতে দৰ্শকৰ
চকুলৈ চকুপানী আনি দিব পৰাৰ সক্ষমতা সকলো অভিনেতাৰে নাথাকে। যিটো সিদ্ধাৰ্থ শৰ্মাই
নিজৰ চৰিত্ৰটোৰ বাবে নিৰ্দিষ্ট খুব কম পৰিসৰতে নিজৰ অভিনয় দক্ষতাৰে এই চিনেমাখনত
কৰি দেখুৱাবলৈ সক্ষম হৈছে।
সৰ্বোপৰি চিনেমাখনৰ এটা শক্তিশালী দিশ হ'ল সংলাপ। চৰিত্ৰবোৰৰ মুখত দিয়া উপযুক্ত আৰু সময়োপযোগী সংলাপে দৰ্শকক চৰিত্ৰটোৰ সৈতে একাত্ম হৈ যোৱাৰ লগতে দৰ্শক মাত্ৰৰে মন-মগজুত এবাৰলৈ হলেও চিন্তাৰ লহৰ নোতোলাকৈ যে নাথাকে সেয়া খাটাং। মোৰ দৃষ্টিত আন সংলাপবোৰলৈ নগলেও, বিশেষকৈ জনপ্ৰতিনিধি এজন আৰু তেওঁৰ সৈতে হাত মিলাই দুষ্কাৰ্যত পৰোক্ষভাৱে সহায় কৰা উচ্চ বিষয়াসকলৰ বিৰুদ্ধে নায়কে কৰা প্ৰতিবাদৰ সময়ত তেখেতৰ মুখত দিয়া সংলাপ আৰু নায়কৰ ভনীয়েকক ধৰ্ষণ কৰি হত্যা কৰাৰ পাছত নাৰী এগৰাকীৰ ধৰ্ষণৰ দৰে গুৰুতৰ বিষয় এটাৰ সম্পৰ্কে পৃষ্ঠভূমিত দিয়া সময়োপযোগী তথা প্ৰাসংগিক সংলাপে মানবীয় আৱেগ-অনুভূতি থকা দৰ্শক মাত্ৰৰে মন-মগজুক খন্তেকলৈ হলেও চিন্তাৰ খোৰাক যোগাবলৈ সক্ষম হ'ব যে সেয়া নিশ্চিত।
সামগ্ৰিকভাৱে বৰ্তমান আমাৰ ভাৰতীয় সমাজত ব্যৱস্থাত তথাকথিত জনপ্ৰতিনিধি তথা ৰাজনৈতিক নেতাসকলৰ নিজকে ৰাইজৰ ৰজা বুলি দাবী কৰাৰ যি এক নতুন প্ৰৱণতা ক্ৰমে গাঢ়ৰ পৰা গাঢ়তৰ হৈ গৈ আছে তাৰ ক্ষুদ্ৰ ছবি এখন দেখুওৱাৰ সমান্তৰালভাৱে দক্ষ তথা সাহসী চৰকাৰী বিষয়া এজনেও যে সমগ্ৰ ব্যৱস্থাটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব পাৰে তাৰো প্ৰতিচ্ছবি এখন দাঙি ধৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস চিনেমাখনত দেখা পোৱা গৈছে।
চিনেমাখনৰ শক্তিশালী দিশসমূহৰ লগতে দুটামান দুৰ্বলতাও দৃষ্টিগোচৰ নোহোৱাকৈ নাথাকিল। বিশেষকৈ আৰম্ভণিতে নায়িকাৰ উপস্থিতিক দৰ্শকৰ আগত দাঙি ধৰিবলৈ সংযোজন কৰা গানটোৰ প্ৰাসংগিকতা অনুধাৱন কৰিবলৈ মোৰ দৰে সাধাৰণ দৰ্শক সক্ষম নহ'লোঁ। বিনোদন চিনেমা মানেই যে নায়ক-নায়িকাৰ মাজৰ ৰোমান্টিকতা দেখুৱাবলৈ সংগীত আৰু নৃত্যৰ প্ৰয়োজন, সেয়া বৰ্তমান সলনি কৰাৰ সময় হৈছে। আৰু সেই অনুৰূপে বৰ্তমান বহু ভাৰতীয় চিনেমা ৰোমান্টিক সংগীত নোহোৱাকৈয়ে দৰ্শকে আকোঁৱালি লৈছে। মূল চিনেমাখনত থকা বাকী কেইটা গীত প্ৰসংগৰ সৈতে বৰ সুন্দৰকৈ মিলি গৈছে। কিন্তু শ্ৰী ৰঘূপতিৰ আৰম্ভণিৰ এই গানটোহে অপ্ৰয়োজনীয়ভাৱে সংযোগ কৰাৰ দৰে হ'ল।
দ্বিতীয়তে চিনেখনৰ গতিময়তাইও
পৰম্পৰাগত অসমীয়া চিনেমাৰ লেহেমীয়া গতিক যে বহু দূৰলৈ ঠেলি পঠিয়াছে সেয়া নিশ্চিত। কিন্তু চিনেমাখনৰ কাহিনীটোত ঘটনাৰ পাকচক্ৰত
পৰি নায়িকাৰ সৈতে হোৱা নায়কৰ বিচ্ছেদৰ পাছত সংযোগবশতঃ পুনৰ দুয়োৰে মিলনৰ
দৃশ্যাংশত এই গতিময়তা বহুখিনি ব্যাহত হৈছে। মোৰ দৃষ্টিত এই পৰিৱৰ্তিত গতি ননাকৈও চিনেমাখনৰ কাহিনীয়ে পূৰ্ণতা পালেহেঁতেন।
(২৫ মাৰ্চ ২০২৩/ সৰভোগ)
********
No comments:
Post a Comment