"মিকচিজিলি = চকুলো"
অসমীয়া জনজাতীয় সমাজ জীৱনৰ ভেটিত ৰচনা কৰা উপন্যাস সমূহৰ ভিতৰত এখন উল্লেখযোগ্য উপন্যাস হল মিচিং সকলৰ আৰ্থ-সামাজিক জীৱনক লৈ ৰচনা কৰা যতীন মিপুনৰ মিকচিজিলি। সত্তৰৰ দশকত নিজৰ গৱেষণাৰ ক্ষেত্ৰ অধ্যয়নৰ বাবে বিভিন্ন মিচিং গাৱলৈ যাওতে ঔপন্যাসিকে লাভ কৰা অভিজ্ঞতাৰ ফচল এই উপন্যাসখন। শিৱসাগৰ জিলাৰ উত্তৰে দিচাং আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলত অৱস্থিত এক বৃহৎ মিচিং অধ্যুষিত অঞ্চল হল দিচাংমুখ। এই স্থানত মিচিং লোকসকলে কেইবা পুৰুষৰপৰা বসতি কৰি আহিছে। ঔপন্যাসিকে এই দিচাংমুখৰে ঘাইকৈ কৃষিজীৱী লোকৰ বসতি মাহফলা নামৰ মিচিং গাৱখনক উপন্যাসৰ পটভূমি হিচাপে বাচি লৈছে। আধুনিক শিক্ষা আৰু সভ্যতাৰ ছেগা-ছোৰোকা পোহৰ পৰা এই মাহফলা গাৱৰ এখিনি সহজ-সৰল মানুহে কেনেকৈ সুখে-দুখে জীৱন অতিক্ৰম কৰিছে তাকে উপন্যাসিকে ইয়াত অংকন কৰিছে। আধুনিক আমোলাতান্ত্ৰিক সমাজৰ শোষণ, ভণ্ড ৰাজনীতিকৰ ফুলজাৰি, প্ৰাকৃতিক দুৰ্যোগ, স্বজাতিৰ অবিচাৰ, শিক্ষাৰ অভাৱ আৰু সৰলতাই মিচিং মানুহখিনিক কেনেকৈ দুখৰ অথাই সাগৰত পেলাই আহিছে তাৰে জীৱনালেখ্য মিকচিজিলি।
ব্ৰহ্মপুত্ৰৰ বানে বছৰি দুৰ্যোগৰ সৃষ্টি কৰা দিচাংমুখৰ মাহফলা গাৱৰ গাওবুঢ়া বলোৰাম য়েইন অঞ্চলটোৰ ভিতৰতে প্ৰভাৱশালী ব্যক্তি। ঢকুৱাখনা, ঘিলামৰা, ধেমাজি, লখিমপুৰ, শিৱসাগৰ আদি বিভিন্ন ঠাইৰ মানুহৰ লগত বন্ধুত্ব থকা বলোৰাম য়েইন দিচাংমুখৰ এজন নামজ্বলা আৰু সা-সম্পত্তিৰে প্ৰতিপত্তিশালী লোক। তেখেতৰ মাটি-বাৰীৰ লেখ-জোখ নাই, কেইবাশ খীৰতী মহ আৰু তিনি-চাৰিটা চাকৰ-নাকৰেৰে বলোৰাম অঞ্চলটোৰ ভিতৰতে চহকী। তেওলোকৰ গাওখনকো বানপানীয়ে জুৰুলা কৰে যদিও তেওৰ ওখ চাংঘৰক বানপানীয়ে স্পৰ্শ কৰিব নোৱাৰে। চহৰৰ হাকিম, পুলিচ বিষয়া, বিধায়ক, ইঞ্জিনিয়াৰ, চাপ্লাই ইন্সপেক্টৰ, লাটমণ্ডল আদিক মাঘ-বহাগ বিহুত মহৰ এঠা দৈ, মাছ-মাংস খুৱাই হাত কৰি ৰখাত সিদ্ধহস্ত এই বলোৰামৰ মহখুটিৰপৰাই দিনৌ শিৱসাগৰ চহৰত শ শ লিটাৰ পানী মিহলি গাখীৰ যোগান ধৰা হয়। সোঁৱে-বাৱে টকা ঘটি চহকী আৰু ক্ষমতাশালী হোৱা বলোৰাম য়েইনৰ চৰিত্ৰ সম্পৰ্কে গাঁৱত বহুতো বদনাম। একমাত্ৰ ধন-সম্পত্তিৰ জোৰতে তেখেতে বিয়াৰ আগতে আৰু পৰৱৰ্তী কালতো বিভিন্ন নাৰীৰ লগত সম্পৰ্ক ৰাখি নিজৰ গাৱতো যৌনতাৰ এক বেহা নিৰ্বিবাদে চলাই আছিল। নিজৰ দুজনী পত্নী থকাৰ উপৰিও তেও শ্বিলঙত এজনী খাচিয়া উপ-পত্নীও ৰাখিছে। এনে সম্পৰ্কৰ বাবেই তেওৰ বিয়াৰ পূৰ্বেই কাংকান নামৰ গাভৰুজনীৰ ফালৰপৰা দেউৰামৰ জন্ম হয়। ৰলোৰামে কিন্তু নিজৰ প্ৰতিপত্তিৰ জোৰত মাক-পুতেক দুয়োকে প্ৰতাৰণা কৰিলে। কাংকানকো তেও বিয়া নকৰালে আৰু দেউৰামকো পিতৃ-মাতৃৰ পৰিচয় নিদিলে। বলোৰামৰ বিবাহিতা পত্নী দুগৰাকীৰ ভিতৰত প্ৰথম গৰাকী কাবুলীৰ লৰা দুটা – জয়ন্ত আৰু অনন্ত আৰু সৰুমাইৰ এজনী ছোৱালী অৰুণা। তদুপৰি খাছিয়াজনীৰ ফালৰপৰা হোৱা লৰা এটাও শ্বিলঙতে থাকে। এইদৰে বিভিন্ন দোষৰ সমাহাৰ ঘটা বলোৰামৰ সকলো কীৰ্তি-কলাপৰ কথা মাহফলা গাৱৰ লোকেই নহয় সমগ্ৰ দিচাংমুখবাসীয়েই জানে, কিন্তু মুখ খুলি প্ৰতিবাদ কৰিব নোৱাৰে। কাৰণ-
বলোৰাম য়েইনৰ
প্ৰতিপত্তিত আঘাত হানিব পৰা কথা বা কাম কৰি নিজৰ বিপদ চপাই লোৱাৰ সাহস বা ইচ্ছা
কাৰো নাই। (মিপুন, ১৯৯৩, পৃ.
৪)
সময় আগবঢ়াৰ লগে লগে দেউৰামক তেৱেই
নিজৰ মহখুটিৰ ৰখীয়া হিচাপে ৰাখিলে আৰু সময়ত ধুমধামেৰে দিখৌমুখৰ ৰাংঢালী ছোৱালী
মনেশ্বৰীৰ লগত বিয়াখনো পাতি দিলে। কিন্তু চৰিত্ৰহীন বলোৰামে দেউৰাম খুটিত থাকোতে নিশা
মনেশ্বৰীৰো সৰ্বনাশ কৰিলে। মনৰ দুখতে দেউৰাম বানপানীত উটি গৈ মৃত্যু মুখত পৰিল।
মনেশ্বৰীয়ে পুতেক দীপকৰ মুখলৈ চাই আৰু বলোৰাম দ্বিতীয় পত্নী সৰুমাইৰ মৰমতে
দুখে-কষ্টে জীয়াই থাকিল। বলোৰামৰ প্ৰতিপত্তি সময়ৰ পাকচক্ৰত পৰি আৰু বানপানীৰ ফলত
ক্ৰমে কমি আহিবলৈ ধৰিলে। দেউৰামৰ মৃত্যু পাছত তেওৰ মহখুটি আৰু খেতি-বাতিৰ অৱস্থা
বেয়ালৈ আহিল। তেও জীৱনত কৰি যোৱা ভুলবোৰৰ প্ৰতিফলন পাছলৈ পুতেক জয়ন্ত, অনন্ত আৰু
জীয়েক অৰুণাৰ চৰিত্ৰত ঘটিছে। জয়ন্ত আৰু অনন্তই পঢ়া-শুনা এৰি ৰং-ৰহইচ আৰু ছোৱালীৰ
পিছে পিছে ঘূৰি ফুৰিছে। অৰুণা জিলাত পঢ়ি থাকোতেই গৰ্ভৱতী হৈছে। মনৰ দুখতে অৰুণাৰ
মাক সৰুমায়ে আত্মহত্যা কৰিছে। বলোৰামৰো মন আৰু স্বাস্থ্য লাহে লাহে পৰি আহিল। শেষৰ
ফালে গাৱত পতা পঃৰাগ উৎসৱ খাই মনেশ্বৰীৰ পো-বোৱাৰীয়েও চহৰলৈ বিদায় ললে। তেওলোকক
বিদায় দি উঠি মনটো উদং উদং লগাত মনেশ্বৰীয়ে লুইচৰ পাৰলৈ গৈ দেউৰামক প্ৰথমবাৰ বিদায়
দিয়াৰ স্মৃতি ৰোমন্থন কৰি চকুলো টুকি বুকুভৰা হুমুনিয়াহ কঢ়াৰ মাজেৰে উপন্যাসখনৰ
সামৰণি পৰিছে।
**********

No comments:
Post a Comment