Thursday, 14 September 2017

আড্ডাৰ মাজেৰে কিছু সময়ৰ আমেজ...

পুৱা বিশ্ববিদ্যালয়ত ১১ বজাৰ পৰা ১.৩০ বজালৈকে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী অনুষ্ঠান উদযাপন কৰি সহকৰ্মী বন্ধু কেইজনৰ সৈতে একেলগে এসাঁজ খোৱাৰ পৰিকল্পনা কৰিলো... কথা মতেই কাম... মোৰ কোঠাতে খোৱাৰ আয়োজন হল... জীৱন বৃত্তৰ ভিতৰুৱা ৰসাল আৰু ৰহস্যঘন বিভিন্ন কথাৰে জমি উঠিল আমাৰ আড্ডা... বিষয়ৰ পৰা বিষয়ান্তৰলৈ গতি কৰাইটো আড্ডাৰ আচল প্ৰকৃতি... সেই মতেই শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষ্যে স্বতঃস্ফূত ভাৱে আহি উলোৱা শ্ৰীকৃষ্ণৰ বাস্তৱিকতাৰ পৰা আৰম্ভ কৰি আধুনিক পৃথিৱীৰ ব্যস্ত মানুহৰ মাজত ধৰ্মৰ প্ৰাসংগিকতালৈ... ৰামায়ণ - মহাভাৰতৰ মহাকাব্যিকতাত নিহিত হৈ থকা জীৱন বাস্তৱতা আৰু অলৌকিকতা... ইলিয়াড - ওডিছি, বাইবেল - কোৰাণৰ সত্যতাৰ মাজৰ ছায়াময় বাস্তৱিকতাইও আহি স্বাভাৱিকভাৱেই ভুমুকি মাৰিলেহি আড্ডাৰ পৃষ্ঠভূমিত... দ্যা ভিন্সি কোডৰ জনপ্ৰিয়তাৰ আঁৰৰ নতুনত্ব সন্ধানী সম্পৰীক্ষাৰ প্ৰসংগইও আহি ভীৰ কৰিলেহি আড্ডাৰ চৰাঘৰ...


ধৰ্মীয় গোড়ামিৰ মাজেৰে আহি পৰা সমাজৰ বিচ্ছিন্নতাবাদ - সাম্প্ৰদায়িক বিভেদৰ নিত্য-নতুন সম্পৰীক্ষা... এই সকলোবোৰ জানো জীৱশ্ৰেষ্ঠ মানুহৰ নিজা সম্পদ নহয়.... বিভেদকামী শক্তিৰ সন্মুখত প্ৰতিক্ষণ শিৰ নত্ কৰা আধুনিক পৃথিৱীৰ জীৱ শ্ৰেষ্ঠৰ সন্মুখত আজি স্বয়ং সৃষ্টিকৰ্তা আহিলেও যেন অসহায় হৈ পৰিব, তেওঁলোকক সঠিক পথৰ সন্ধান দিয়াত... ইমান জটিলৰ পৰা জটিলতৰ হৈ পৰিছে নে বাৰু আমাৰ পাৰিপাৰ্শ্বিকতা... যত মুকলি মনেৰে এটা মিঠা পুৱাৰ আমেজ লোৱাটোও হৈ পৰিছে এক দুঃসাহসী কাৰ্য...

আধুনিক পৃথিৱীৰ সদা ব্যস্ত মানুহৰ সন্মুখত যেন কেৱল এতিয়া প্ৰতিযোগিতামুখৰ এক নিগনি দৌৰৰহে আয়োজন সকলোতে... কেৱল গতিৰ সমাহাৰ সকলো ফালে... কি জীৱনৰ দৈনন্দিন ব্যস্ততাতেই হওক বা জীৱনৰ স্বাভাৱিক গতি পথৰ বিভিন্ন খলা-বমাবোৰতে হওক...

(১৩ ছেপ্টেম্বৰ ২০১৭ - আমোলাপট্টি, নগাওঁ)

Tuesday, 22 March 2016

কিছু ৰাজনৈতিক ভাৱনা...

ৰাজ্যৰ চৌদিশে এতিয়া ৰাজনীতিৰ বতাহ বলিছে... কিশোৰৰ পৰা বৃদ্ধলৈকে সকলোৰে ষেন এতিয়া আন চিন্তাতকৈ কোনে ৰাজ্যখনত ৫টা বছৰৰ বাবে শাসনৰ বাঘজৰীডাল পাব তাৰহে বেছি চিন্তা... কি বাতৰি-কাকত, কি টেলিভিছন সকলোতে ৰাজনীতিৰেই গৰম খবৰ... কোনো দিনে গৈ নোপোৱা স্থানতো গৈ উলাইছেগৈ সাংবাদিকৰ দল... উমান লৈছে সাধাৰণ ৰাইজৰ ৰাজনৈতিক মনৰ... জগাই তুলিছে ৰাজনৈতিক সচেতনতা... হয় কাৰোবাৰ বদনাম গাবলৈ নহয় কাৰোবাৰ কৰ্মৰ মহান চানেকি ৰাইজৰ আগত দাঙি ধৰিবলৈ... চচিয়েল নেটৱৰ্কিং চাইটসমূহো এইবাৰৰ ৰাজনৈতিক কাৰচাজিৰ পৰা হাত সাৰিব পৰা নাই... ৰাজনৈতিক দলসমূহে প্ৰচাৰৰ বাবে ইয়াক ভালকৈয়ে ব্যৱহাৰ কৰিছে... বিভিন্ন দলৰ গুণমুগদ্ধসকলৰ কথা বাৰু নকলোৱেই... 

মুঠতে চলে-বলে কৌশলে শাসনৰ গাদী দখলৰ এখন যুঁজত অৱতীৰ্ণ হৈছে ৰাজনৈতিক দলসমূহ তথা ইয়াৰ  তাৰ ৰাগীত বলিয়ান হোৱা এচাম লোক... গতানুগতিকতাৰেই চৌপাশে বৈছে প্ৰতিশ্ৰুতিৰ বন্যা... এটা নিৰ্দিষ্ট সময়ত আহি সাধাৰণ খাটি-খোৱা মানুহৰ আগত কোনো দিনে নোহোৱা নোপজা কিছুমান আভুৱা-ভৰা প্ৰতিশ্ৰুতিৰ পোহাৰ মেলা... সপোনৰ চাং ঘৰ সাজি দি আলাসৰ লাডু খোৱাবলৈ অহা এইজাক মানুহেই যে দেশৰ সমস্যাসমূহৰ মূল কাৰক - সেই কথা কিয় আমি সাধাৰণ ৰাইজে বুজি পোৱা নাই আজি স্বাধীনতাৰ ৬৯টা বছৰৰ পিছতো... সেয়েহে বাৰে বাৰে আমি একেখিনি ভুলৰে পুনৰাবৃত্তি কৰা মানুহবোৰকে দেশ তথা ৰাইজৰ শাসনৰ বাবে হাতত তুলি দিছো সাংবিধানিক ক্ষমতাখিনিৰ অপব্যৱহাৰৰ পূৰ্ণ কৰ্তৃত্ব... আৰু তাৰে সুবিধা লৈ সিহঁতে প্ৰতিবাৰেই আমাক আভুৱা ভৰা প্ৰতিশ্ৰুতিৰে কিনা-বেচা কৰিছে ৰাজনীতিৰ ক্ষেত্ৰখনৰ পৰা সামাজিক জীৱন তথা সাংস্কৃতিক ক্ষেত্ৰৰ ভিন ভিন স্থানত... অৰ্থনীতিৰ ক্ষেত্ৰখনটো তেওলোকৰে আঙুলিৰ ঠাৰত নাচে... সাধাৰণ মানুহ হৈ পৰি ইয়াত পণ্য সামগ্ৰী...

এতিয়া অসমৰ পাকঘৰ, শোৱনি কোঠাৰ পৰা চোতালৰ বিয়নি মেল, ৰাইজ মেললৈকে যলৈকে নাযাওক কিয় ৰাজনৈতিক সক্ৰিয়তাৰে উমাল সান্নিধ্য লাভ কৰিব আপুনি... তৰ্ক-বিতৰ্কৰ ক্ষেত্ৰলৈ পৰিণত হৈছে বিভিন্ন কাৰ্যালয় তথা বিদ্যালয়-মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ চৌহদবোৰ... সকলোৱে নিজ নিজ ৰাজনৈতিক মতাদৰ্শৰ সমৰ্থনত নিজৰ মাজতে বিতৰ্কত লিপ্ত হৈছে... অন্ধভাৱে নিজৰ মতাদৰ্শক সমৰ্থন কৰা চামটো আছেই তাৰ মাজত... লাগে তেওঁৰ মতাদৰ্শ সমৰ্থিত প্ৰাৰ্থী যিমানেই কু-কাৰ্যত লিপ্ত হৈ নাথাকক কিয় তেওঁ চকু থাকিও অন্ধ হৈ পৰে কাৰণ তেওঁ যে সেই দল বা আদৰ্শৰ এজন অনুগামী...

আপুনি বা ময়ো আমাৰ ইচ্ছা মতে সমৰ্থন কৰিব পাৰিম নিজৰ পছন্দৰজনক কাৰণ ভাৰতীয় সংবিধান তথা গণতন্ত্ৰই আমাক দিছে মত প্ৰকাশৰ স্বাধীনতা... তদুপৰি বাক-স্বাধীনতা যে আমাৰ সংবিধানৰ মৌলিক আদৰ্শৰ ভিতৰুৱা... গতিকে তৰ্ক-বিতৰ্ক আমাৰ গণতন্ত্ৰৰ এক অংগীভূত কাৰক... কিন্তু সেই বিতৰ্ক যদি দেশ তথা সাধাৰণ ৰাইজৰ সমস্যাবোৰ সমাধানৰ ভাৱে হয় তেন্তে নিশ্চয় দেশৰ সমস্যাবোৰ সমাধানৰ গতি কিছু হলেও খৰতকীয়া হল হয়... ৰাজনৈতিক আলোচনাসমূহত ভাগ লোৱাৰ দৰে যদি সমাজৰ সৰ্বসাধাৰণ লোকসকলেও এই সমস্যাবোৰৰ প্ৰতিও কিছু মনোযোগ দিলে হয় নিশ্চয় দেশত এক সুস্থ সামাজিক বাতাবৰণ গঢ় লৈ উঠিল হয়... যিয়েই চৰকাৰৰ অমনোযোগিতা তথা অদূৰদৰ্শীতাসমূহ দেখুৱাই দি এইবোৰৰ নোহোৱা কৰাত বিশেষ ভূমিকা পালন কৰিব...

পিছে আমাৰে সৌভাগ্য যে আমি নিৰ্বাচন কৰি শাসনৰ ক্ষমতা দিয়াসকলক আকৌ আমিয়েই মনত পেলাই দিব লাগে আমাৰ সমস্যাসমূহৰ বিষয়ে... নিজৰ প্ৰাপ্য আধিকাৰবোৰ সাব্যস্ত কৰিবলৈ আমি কৰিব লগা হয় প্ৰতিবাদ... যাতায়তৰ বাবে দূৰ্গম বাট-পথসমূহৰ মেৰামতিৰ বাবে উলাই আহিব লগা হয় সাধাৰণ জনতা ৰাজপথলৈ... বিলাসী গাড়ীৰে যাত্ৰা কৰি ভিতৰত শীত-তাপ নিয়ন্ত্ৰিত অৱহাৱাত থকা এইসকলেও যে এদিন এনে পথৰ বাবে, এই একেবোৰ সমস্যাৰ বাবে তেওঁৰে পূৰ্বজ এজনক দোষ দি গালি পাৰিছিল সেই কথা কিয় তেওঁলোকে নিজে পাহৰি যায়...


**২২ মাৰ্চ ২০১৬ - তেজপুৰ বিশ্ববিদ্যালয়

Saturday, 5 March 2016

ঈশ্বৰ সম্পৰ্কীয় ভাৱনা

জীৱ শ্ৰেষ্ঠৰ যি সৰ্বসাধাৰণ ভাৱনা তাৰ অনুৰূপে মইও বিশ্বাস কৰো এক অদৃশ্য শক্তিক। নামবিহীন এই অচিন অজানা শক্তিকে ভিন্ন নামেৰে আমিয়ে নামাংকৃত কৰি আহিছো আৱাহমান কালৰে পৰা। কেতিয়া জানো ভগৱান, যীশু, আল্লা, বুদ্ধই আমাৰ পৰা বিচ্ছিন্ন হৈ পৃথক হৈ পৰিছিল এই মানুহ প্ৰজাতিৰ মাজত? মোৰ বাবে যি ভগৱান কৃষ্ণ, বিষ্ণু, ৰাম আদি নামেৰে পৰিচিত সেই একেজন অদৃশ্য শক্তিৰ গৰাকীয়েই অন্য কাৰোবাৰ বাবে হৈ পৰিছে যীশু, আল্লা বা বুদ্ধ।

কিন্তু এই অদৃশ্য শক্তিৰ গৰাকীয়েইচোন আধুনিক বিশ্বত মানৱ জাতিৰ মংগল সাধনত সম্পূৰ্ণ ৰূপেই বিফল হৈছে। বিপৰীতে মতানক্যৰ ফলশ্ৰুতিত সৃষ্টি হৈছে নিজৰ মাজতে ৰক্তক্ষয়ী সংঘৰ্ষৰ৷ নিপাত গৈছে নিৰপৰাধী শিশু, আৱাল বৃদ্ধ, বণিতাৰ পৰা কিশোৰ তথা যুৱকসকল। কোন দায়ী ইয়াৰ বাবে প্ৰকৃততে- মানুহ নিজেই নে মানুহৰ অগাধ বিশ্বাসৰ স্থলী ঐশ্বৰিক শক্তিৰ আধাৰসমূহ? যদি তেওঁৰ সচাঁই অপাৰ মহিমা তেন্তে কিয় তেখেতে এইসমূহৰ নিষ্পত্তিৰ পথ নেদেখুৱাই... ইমানৰ পাছতো আমাৰ বিশ্বাস হেৰাই যোৱা নাই হয় কিন্তু আমিওটো সলনি হব পৰা নাই অলপো। দুখৰ সময়ত অদৃশ্য শক্তিৰ ওচৰত হাত পাতো, দুখবোৰো জাপি দিও তেওঁকে৷ কিন্তু সুখ প্ৰাপ্তিৰ মধুময় সময়খিনিত কেইজনে অন্তৰৰ পৰা সঁচাকৈ নিভাঁজভাৱে তেখেতক মনত পেলাও বাৰু?


(৫ ফেব্ৰুৱাৰী ২০১৬, মাছখোৱা)